মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গুপ্তঘাটক ডায়েবেটিচ ৰোগৰ ধংসকাৰী প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গুপ্তঘাটক ডায়েবেটিচ ৰোগৰ ধংসকাৰী প্ৰভাৱ :

গুপ্তঘাটক ডায়েবেটিচ ৰোগৰ ধংসকাৰী প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।

 

ডায়েবেটিচ ৰোগীৰ তেজত ৰক্ত শৰ্কৰা(blood sugar)ৰ পৰিমাণ খালি পেটত 100mg/dl তকৈ আৰু খাদ্য খোৱাৰ দুঘণ্টা পিছত 140mg/dl তকৈ বেছি থাকিব নালাগে। এই পৰিমাণ খিনি সকলো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য। এতিয়া কথা হ'ল ডায়েবেটিচত ভোগা বেছিভাগ ৰোগীৰেই উক্ত পৰিমানতকৈ চুগাৰ বেছি থকা দেখা যায়।

শাৰীৰিক ভাবে ৰোগীজনে একো বিশেষ অসুবিধাৰ সন্মুখীন নহয় কাৰণেই বিশেষ গুৰুত্ত দিয়া দেখা নাযায়। এই সময়ৰ অমনযোগীতাই শৰীৰৰ ভিতৰখন নষ্ট কৰিব পাৰে। আহকচোন কি কি অসুবিধা হয় জানি লওঁ:

আমেৰিকান ডায়েবেটিছ এছোচিয়েছনৰ তথ্য অনুসৰি যেতিয়া ৰোগীজনৰ খালিপেতৰ চুগাৰ 100mg/dl ৰ পৰা 125mg/dl ৰ মাজত থাকে তেতিয়া ইয়াক কোৱা হয় impaired fasting glucose আৰু খাদ্য খোৱাৰ দুঘণ্টা পিছত চুগাৰৰৰ পৰিমাণ যদি 140mg/dl ৰ পৰা 199mg/dl লৈ থাকে তেতিয়াহলে ইয়াক কোৱা হয় impaired glucose tolerence।

এই সময়খিনিত ৰোগীজনে বিশেষ অসুবিধা অনুভৱ নকৰে যদিও ৰোগৰ উপদ্ৰৱৰ পৰ্ব সমূহৰ প্ৰাৰম্ভ হয়।

লগাতকৈ চুগাৰৰ পৰিমাণ বেছি থাকিলে শৰীৰৰ চৰ্বী তথা ফেটৰ নিয়ন্ত্ৰণ, তথা ৰোগ প্ৰতিৰোধ ক্ষেমতা হেৰুৱাব ধৰে যাৰ ফলত ৰক্ত নলিকা সমূহত চৰ্বি জমা হবলৈ ধৰে। ইয়াৰ ফলত দুই ধৰনে অসুবিধাৰ সৃষ্টি হয়। যেনে:

১)ডাঙৰ ৰক্তনলিকাৰ দ্বাৰা উপদ্ৰৱৰ উৎপত্তি(macro angiopathy)।

২)সূক্ষ্ম নলিকাৰ বিকৃতৰ ফলত উপদ্ৰৱৰ উৎপত্তি(micro angiopathy)।

ডাঙৰ ৰক্ত নলিকাৰ ফলত উৎপন্ন হোৱা উপদ্ৰৱ -

হৃদয়ৰ ধমনিৰে বিকৃতি(coronary arterial disease):

হৃদয়লৈ ৰক্ত সংবহন কৰা নলীবোৰক coronary artery বুলি কোৱা হয়। অনিয়ন্ত্ৰিত চুগাৰৰ ফলত এই ধমনি সমূহৰ ভিতৰত চৰ্বি জমা হয় যাক কোৱা হয় athero sclerosis।

ইয়াৰ ফলত হৃদয়ৰ কোষ সমূহত ৰক্ত চলাচল বন্ধ হবলৈ ধৰে আৰু কোষসমূহে অক্সিজেন বিচাৰি হাহাকাৰ কৰে।

ফলস্বৰূপে তীব্ৰ বুকুৰ বিষ হৈ হৃদযন্ত্ৰ বিকল হৈ ৰোগীজনত মৃত্যু ও হব পাৰে। ইয়াক কোৱা হয় myocardial infarction অথবা angina pectoris। কিছুমান ৰোগীৰ ডায়েবেটিচ ৰোগৰ ফলত নাৰ্ভ সমূহৰ সংবেদনশীলতা কমি যোৱাৰ ফলত কোনো বিষ নোহোৱাকৈও মৃত্যু হব পাৰে যাক কোৱা হয় silent M I

মস্তিষ্কৰ ধমনিৰে বিকৃতি(cerebral arterial disease):

মস্তিস্কলৈ যোৱা ধমনি সমূহটো চৰ্বি জমা হোৱাৰ ফলত মস্তিষ্কৰ কোনো অংশত তেজ চলাচল বন্ধ হয়। মনত ৰখা উচিৎ যে মস্তিষ্কৰ সকলো সূক্ষ্ম সূক্ষ্ম অংশই আমাৰ অংগদমূহক নিয়ন্ত্ৰণ কৰে। তেজ চলাচল বন্ধ হোৱা অংশই কাম কৰিব নোৱাৰা হয় যাৰ ফলত পেৰালাইছিছ ৰোগৰ লক্ষণ দেখা দিয়ে।

বাহ্যিক ধমনিৰে বিকৃতি(periferal arterial disease)-

শৰীৰৰ মাংসপেশী বোৰত সিঁচৰতি হৈ থকা ধমনি সমূহত চৰ্বী জমা হোৱাৰ ফলত তথা বৰ্ধিত ৰক্ত শৰ্কৰাৰ ফলত ধমনি সমূহ দুৰ্বল হৈ পৰে। যাৰ ফলত তেজ চলাচলত বাধা প্ৰাপ্ত হয়। এনে প্ৰক্ৰিয়াৰ ফলত শৰীৰৰ দূৰৱৰ্তী এলেকা যেনে ভৰিৰ আঙুলি আদি তেজ আৰু অক্সিজেনৰ অভাৱত ভোগে আৰু কালক্ৰমত অংগ সমূহত ঘাঁ হবলৈ ধৰে।

এই ঘাঁ বোৰ বাঢ়ি গলে অংশ সমূহ পঁচি যাবলৈ ধৰে এনেদৰেই যে সময়ত ভৰিৰ আঙুলি অথবা ভৰিখনেই কাটিব লগত পৰে। এই অসুবিধা সমূহক কোৱা হয় diabetic foot ulcer।

সৰু ৰক্ত নলিকাৰ বিকৃতিৰ ফলত উদ্ভৱ হোৱা উপদ্ৰৱ:

চকুৰ ৰেটিনাৰ ৰক্ত নলিকাৰ বিকৃতি -

ৰেটিনাখন হৈছে আমাৰ দৃষ্টি শক্তিৰ উৎস। ৰেটিনালৈ অসংখ্য সৰু সৰু ৰক্ত নলিকা প্ৰবাহিত হয়। এই নলিকা সমূহ অনিয়ন্ত্ৰিত ডাইবেটিছৰ ফলত বিকৃত হবলৈ ধৰে আৰু ৰেটিনালৈ তেজ চলাচলত বিশংগতিয়ে দেখা দিয়ে।

ক্ৰমান্নয়ে ৰেটিনাখন শুকাবলৈ ধৰে যাৰ ফলত দৃষ্টি শক্তি লোপ পাবলৈ ধৰে। তথ্য অনুসৰি অনিয়ন্ত্ৰিত ডায়েবেটিছ ৰোগীৰ ৭ বছৰত retinopathy দেখা দিয়ে।

নাৰ্ভ লৈ যোৱা ৰক্ত নলিকাৰ বিকৃতি:

আমাৰ নাৰ্ভ বোৰটো সৰু সৰু ৰক্ত নলিকাৰ দ্বাৰা তেজ চলাচল হয়। অনিয়ন্ত্ৰিত ডায়েবেটিচ ৰোগীৰ নাৰ্ভবোৰত তেজ চলাচলত ব্যাঘাত জন্মে।

ফলত নাৰ্ভ সমূহ নষ্ট হবলৈ ধৰে। ইয়াৰোপৰি তেজত ৰক্ত শৰ্কৰা বাঢ়ি থাকিলে নাৰ্ভ নষ্ট কাৰী কেতবোৰ তত্ত্বৰ আবিৰ্ভাৱ হয় যাৰ ফলত নাৰ্ভবোৰে নষ্ট হবলৈ ধৰে।

নাৰ্ভ বোৰৰ সংবেদনশীলতা কমি আহিবলৈ ধৰে যাৰ ফলত শৰীৰত জলা পোৰা অনুভৱ হয়। কেতিয়াবা সংজ্ঞাহীনতাও হোৱা দেখা যায়। সংজ্ঞাহীনতাৰ ফলত ভৰিত ঘাঁ হোৱাৰ প্ৰৱণতা বাঢ়ি যায়। তথ্য অনুসৰি অনিয়ন্ত্ৰিত এইবিধ ৰোগত ১০ বছৰত এই উপদ্ৰৱৰ লক্ষণ দেখা দিয়ে।

বৃক্কলৈ যোৱা সৰু ৰক্ত নলিকাৰ বিকৃতি -

বৃক্কটো তেজ চলাচল কমি যায় লগতে বৃক্ক নষ্টকাৰী তত্ত্বৰ অবিৰ্ভাৱত তাৰ কোষ নেফ্ৰণ সমূহৰ বিকৃতি হবলৈ আৰম্ভ কৰে।

প্ৰথম অৱস্থাত পেচাব অধিক হবলৈ ধৰে যদিও শেষলৈ পেচাব কমি গৈ মানুহজন মৃত্যু মুখত পৰে যাক কোৱা হয় diabetic nephropathy leads to renal failure।

সংক্ষেপতে অনিয়ন্ত্ৰিত চুগাৰে কেনে ধৰণৰ বিপদক আমন্ত্ৰণ জনাব পাৰে তাৰেই এক আভাষ দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ।

পৰিসংহাৰ -


অন্তিমত এটা কথাই ডায়েবেটিক ৰোগী সকলে মনত ৰাখিব যে খালি পেটত কৰা ৰক্ত শৰ্কৰা যদি 100mg/dl তকৈ বেছি থাকে আৰু খাদ্য খোৱাৰ দুঘণ্টা পিছৰ ৰক্ত শৰ্কৰা যদি 140 mg/dl তকৈ বেছি থাকে তেন্তে আপোনাৰ অগোচৰে শৰীৰৰ অভ্যন্তৰত বিভিন্ন উপদ্ৰৱৰ আৰম্ভণি হব ধৰিছে।

ইয়াৰোপৰি আন এটি কথা মনত ৰাখিব যে ৰক্ত শৰ্কৰা কেতিয়াবা অনিয়ন্ত্ৰিত আৰু কেতিয়াবা নিয়ন্ত্ৰিত হৈ থাকিলেও উপদ্ৰবে শিপাবলৈ ধৰে। সেয়েহে শৰ্কৰাৰ নিয়ন্ত্ৰণ সদায় নিয়মিত হৈ থাকিলেহে উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰিব।

তদুপৰি এটা কথা মনত ৰাখিব যে উক্ত উপদ্ৰৱ সমূহ এবাৰ আৰম্ভ হলে সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰি।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোনং নং-8638211711

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top