মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গেষ্ট্ৰাইতিজ বা অম্লপিত্ত ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গেষ্ট্ৰাইতিজ বা অম্লপিত্ত ৰোগ :

গেষ্ট্ৰাইতিজ বা অম্লপিত্ত ৰোগৰ বিষয়ে লিখা হৈছে ।

 

আমি খোৱা খাদ্যসমূহ পৰিপাক হয় পেটৰ আভ্যন্তৰৰ পৰা নিঃসৰীত হোৱা পিত্ত ৰসৰ সহায়ত।এই পিত্তৰস যেতিয়া আম্লিক বা টেঙা হৈ পৰে তেতিয়া অম্লপিত্ত নামৰ এবিধ ৰোগৰ সৃষ্টি হয়।খাদ্যৰ পৰিপাক প্ৰক্ৰিয়া মুখৰ ভিতৰৰ পৰা আৰম্ভ হয় লেলাৱতীৰ সহায়ত।

পাকস্থলী পৰা নিঃসৰীত হাইড্ৰক্লৰিক এচিড, পিত্তস্থানৰ পৰা বাইল, আৰু পেংক্ৰিয়াছত বা অগ্ন্যাশয়ৰ পৰা নিঃসৰীত পেংক্ৰিয়েটিক ৰসৰ সহায়ত।খাদ্যৰ বিশংগতি বা কেতবোৰ মানসিক কাৰণৰ কাৰণে অত্যাধিক অম্ল ৰসৰ নিঃসৰিত হলে যি ৰোগৰ সৃষ্টি হয় তাক অম্লপিত্ত বোলে। অম্লৰসে পাকস্থলীৰ কোষৰ কলা সমূহক উত্তেজিত কৰিলে তাক আধুনিক চিকিৎসা বিজ্ঞানে গেষ্ট্ৰাইতিজ বুলি কয়।

এই ৰোগ পৰিবৰ্দ্ধিত হৈ পাকস্থলীত ঘাঁ হলে তাক গেষ্ট্ৰিক আলচাৰ বুলি কোৱা হয়।আয়ুৰ্বেদত এই ৰোগৰ ফলত পেটৰ বিষ হলে অন্নদ্ৰৱশুল আৰু পৰিনাম শূল বুলি কোৱা হয় আৰু এই অম্লৰস যেতিয়া মলৰ সৈতে নিৰ্গত হয় তেন্তে তাক অধোগ অম্লপিত্ত আৰু বমিৰ সৈতে ওলাই গলে উৰ্ধগ অম্লপিত্ত বোলে।

গেষ্ট্ৰাইতিজ ৰোগৰ কাৰণ -

১)অত্যাধিক বিদাহী অন্ন যেনে ধৰক জ্বলা, টেঙা, ভজা, পোৰা আৰু উষ্ণ তীক্ষ্ণ গুণসম্পন্ন খাদ্য সেৱন কৰা।

২)সময়মতে আহাৰ গ্ৰহণ নকৰা।নতুবা দুঃসাজ অন্নৰ মাজত অধিক ব্যৱধান ৰখা।

৩)শৰীৰৰ অসাত্ম্য বা অখাদ্য গ্ৰহণ কৰা।

৪)অত্যাধিক মদ্যপান, চাধা, ধূম্ৰপান, গুটকা, তামোলপান সেৱন কৰা।

৫)মানসিক উত্তেজনাত ভোগা বা অত্যাধিক চিন্তা, শোক, ক্ৰোধ, দুখ, ভয়ত ভুগিলে এই ৰোগত ভুগিব পাৰে।

৬)বিৰুদ্ধ অন্ন সেৱন কৰিলে।

মূলতঃ

পিত্ত দোষ প্ৰকোপ হোৱা খাদ্য গ্ৰহণ কৰিলে অম্লপিত্ত বা গেষ্ট্ৰাইতিজ ৰোগ হব পাৰে।

ৰোগৰ লক্ষণ -

১)খাদ্য খোৱাৰ পিছত পেটটো ফুলি থাকিব পাৰে।

২)টেঙা টেঙা উগাৰ আহিব পাৰে।

৩)ওপৰ পেটৰ বিষ হব পাৰে।

৪)কেতিয়াবা বমি বমি লাগিব পাৰে বা বমিও হব পাৰে।

৪)আভোকৰ সৃষ্টি হব পাৰে ।

গেষ্ট্ৰাইতিজ ৰোগৰ উপদ্ৰৱ:

১)বৰ্ধিত অৱস্থাত পাকস্থলীত ঘাঁৰ সৃষ্টি হব পাৰে।

২)ঘাঁ বোৰৰ পৰা ৰক্ত নিঃসৰীত হৈ ৰক্ত বমি বা মেলিনা হব পাৰে।

৩)ঘাঁ বোৰ ফাটি গলে পেৰিটোনাইতিজ নামৰ এক ভয়ংকৰ ৰোগৰ সৃষ্টি হব পাৰে।

পৰিত্রাণৰ উপায় -

১)যিসমূহ কাৰণ ওপৰত উল্লেখ কৰা হৈয়ে সেই আটাইবোৰ পৰিত্যাগ কৰক।

২)আয়ুৰ্বেদত এনে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ অসাত্ম্য আহাৰ পৰিত্যাগ কৰা, অত্যাধিক ভোজন নকৰা, আৰু অকাল ভোজন অৰ্থাৎ অটাইমত ভোজন গ্ৰহণ কৰাৰ অভ্যাস টো পৰিত্যাগ কৰাৰ কথা কৈছে।

৩)ৰাতিপুৱা খালি পেটত দুগিলাছ মান কুহুমীয়া গৰম পানী খাব লাগে।আৰু ভোজনৰ আধাঘণ্টা আগত আৰু ভোজনৰ ঠিক পিছত পানী খাব নালাগে।খাদ্য খোৱাৰ মাজত অকন অকন পানী খোৱাটো বাঞ্ছনীয়।

বনৌষধিৰ চিকিৎসা:

১)আমলখি যদিও টেঙা হয় কিন্তু ইয়াৰ বিপাক মধুৰ বাবে অম্লপিত্ত ৰোগৰ ই মহৌষধ।

২)শিলিখাৰ গুৰি ব্যৱহাৰ কৰিব পৰা যায়।

৩)আমলখি, শিলিখা আৰু ভোমোৰাৰ সংমিশ্ৰণ যাক ত্ৰিফলা বুলি কোৱা হয় এই ত্ৰিফলা সেৱন কৰিব পাৰে।

৪)শতমুলৰ ৰস তথা যষ্টি মধু ব্যৱহাৰ কৰিব পাৰে।

কেতবোৰ উপযোগী ঔষধ -

ওপৰোক্ত বনৌষধিৰ উপৰিও কেতবোৰ যৌগিক আয়ুৰ্বেদিক ঔষধি অতি ফলপ্ৰদ হয় অম্ল পিত্ত ৰোগত। যেনে-

*ভৃংগৰাজ চূৰ্ণ,

*মধুজষ্টি চূৰ্ণ,

*ত্ৰিবৃট চূৰ্ণ,

*দ্ৰাক্ষদি চূৰ্ণ,

*অভিপত্তিকৰ চূৰ্ণ,

*সুতশেষৰ ৰস,

*লীলাবিলাশ ৰস,

*শঙ্খ ভষ্ম,

*নাৰিকল লৱন ইত্যাদি ঔষধ চিকিৎসকৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব পাৰে।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং-8638211711

2.78947368421
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top