মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গেষ্ট্ৰিক আছে নেকি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গেষ্ট্ৰিক আছে নেকি?

গেষ্ট্ৰিক আছে নেকি? সেই বিষয়ে লিখা হৈছে ।

গেষ্ট্ৰিক সকলোৰে পৰিচিত এটা সাধাৰণ ৰোগ। প্ৰত্যাহিক জীৱনত খোৱা-বোৱা, চলন-ফুৰণত চূড়ান্ত বিড়ম্বনাৰ কাৰণ হৈ পৰা এই ৰোগবিধক বেছিভাগ লোকেই বৰ বেছি গুৰুত্ব দিব নিবিচাৰে। অথচ ই জীৱনযাত্ৰাক থানবান কৰি পেলায়।

উদাহৰণ হিচাপে আপুনি বিয়াঘৰলৈ গৈছে। আপোনাৰ সন্মুখত বিধে বিধে সুস্বাদু খাদ্যসম্ভাৰ। অথবা সাপ্তাহিক ছুটীৰ দিনা প্ৰিয়জনৰ সৈতে নিজৰ ঘৰতে এসাঁজ খাওঁ বুলিয়ে আয়োজন কৰিছে। কিন্তু আপোনাৰ মনটো বেয়া লাগিছে। কাৰণ আপোনাৰ পেটটো ভোকত বিষাবলৈ লৈছে।

নতুবা এগৰাহ খোৱাৰ লগে লগে পেটটো ফুলি উঠিব, পেট ভৰা যেন লাগিব অথবা অৰুচি হ’ব বুলি আপুনি ভাবি আছে। গতিকে গেচৰ টেবলেট এটা খাব লগাত পৰিছে। হয়তো এনেকুৱাও হ’ব পাৰে যে আপুনি খোৱা টেবলেটটো কোনো কৰ্তৃত্বশীল চিকিৎসকে খাবলৈ পৰামৰ্শ দিয়া নাছিল।

কথাষাৰ এইবাবে ইয়াত উল্লেখ কৰিব লগা হ’ল আমাৰ সমাজৰ ব্যাপক সংখ্যক লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে দিনৰ পাছত দিন, মাহ-বছৰ ধৰি নিজৰ ইচ্ছা মতে আৰু বহুক্ষেত্ৰত আনৰ মুখত শুনি বা বিজ্ঞাপনৰ দ্বাৰা প্ৰভাৱিত হৈ গেচৰ টেবলেট খায়।

এনে ঔষধ গ্ৰহণ কৰি সাময়িকভাৱে হয়তো সকাহো পোৱা যায়। কিন্তু চিকিৎসা বা জধে-মধে ঔষধ গ্ৰহণৰ পৰিণতি যে ভয়ংকৰ হ’ব পাৰে সেই বিষয়ে ভাবি নাচায়।

উপযুক্ত চিকিৎসা গ্ৰহণ নকৰি জধে-মধে গেষ্ট্ৰিকৰ দৰব সেৱন কৰাৰ পৰিমাণস্বৰূপে গেষ্ট্ৰিক ৰোগ পাকস্থলীৰ ঘালৈ ৰূপান্তৰিত হ’ব পাৰে। যাক গেষ্ট্ৰিক আলচাৰ বুলি কোৱা হয়। গেষ্ট্ৰিক আলচাৰ বা পাকস্থলীৰ ঘা আকৌ কেন্সাৰৰ ৰূপত দেখা দিব পাৰে।

আলচাৰৰ কাৰণ -

অনিয়মীয়া আহাৰ গ্ৰহণ গেষ্ট্ৰিক আলচাৰ হোৱাৰ এটা সাধাৰণ কাৰণ। দীৰ্ঘ সময় ধৰি আহাৰ গ্ৰহণ নকৰিলে বা একেলেথাৰিয়ে তিনি-চাৰি ঘন্টাতকৈ অধিক সময় খালী পেটত থাকিলে আমাৰ পাকস্থলীৰ আৱৰণ বা মিউকাছ মেমব্ৰেইনত ঘাৰ সৃষ্টি হয়।

গেষ্ট্ৰিক আলচাৰ নামৰ এই ঘাবিধে মিউকাছ মেমব্ৰেইনৰ তলৰ আৱৰণৰো ক্ষতি কৰে। সি যি কি নহওক, অনিয়মীয়া আহাৰ গ্ৰহণৰ উপৰি অত্যধিক মচলাযুক্ত খাদ্য গ্ৰহণ, নিচাজাতীয় বস্তু যেনে-

  • মদ,
  • বিড়ি,
  • চিগাৰেটকে আদি কৰি ধঁপাত জাতীয় বস্তু গ্ৰহণ,
  • অত্যধিক তামোল-পাণ খোৱা,
  • ভজা-পোৰা,
  • ফাষ্টফুড, জাংকফুড গ্ৰহণ,
  • নিদ্ৰাহীনতা আদি গেষ্ট্ৰিক আলচাৰৰ কাৰক হিচাপে চিহ্নিত হৈছে।

আনহাতে দীৰ্ঘদিন গেষ্ট্ৰিকৰ চিকিৎসা গ্ৰহণ নকৰিলে যিদৰে গেষ্ট্ৰিক আলচাৰ হ’ব পাৰে, সেইদৰে কিছুমান দৰবেও এই ৰোগ সৃষ্টি হোৱাত অৰিহণা যোগায়।

  • নন-ষ্টেৰয়ড ইন্টিইনফ্লেমটৰী ড্ৰাগছৰ অতিমাত্ৰা সেৱন,
  • পেৰাচিটামল,
  • এছপিৰিনি জাতীয় ঔষধ গ্ৰহণ আৰু কিছুমানৰ ক্ষেত্ৰত জেনেটিক আৰু অটই’মিডন ৰোগৰ বাবে গেষ্ট্ৰিক আলচাৰ হ’ব পাৰে।

তদুপৰি দূষিত পানীৰ সেৱনেও এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে গেষ্ট্ৰিক আলচাৰ দুই প্ৰকাৰৰ। সহজভাগ ক্ষেত্ৰত দেখা দিয়া আলচাৰে সাধাৰণ ঘা অৰ্থাৎ বিনাইল। কিন্তু কিছুসংখ্যকৰ আলচাৰ মাৰাত্মক কেন্সাৰলৈ ৰূপান্তৰ হয়।

গৱেষণাৰ পৰা দেখা গৈছে যে হেলিকৱেকটাৰ পাইলৰী নামৰ এবিধ বেক্টেৰিয়া সংক্ৰমণজনিত গেষ্ট্ৰিক আলচাৰ পাছলৈ কেন্সাৰৰ ৰূপ লয়। মন কৰিবলগীয়া যে দীৰ্ঘদিন চিকিৎসা গ্ৰহণ নকৰিলে গেষ্ট্ৰিক আলচাৰ কেন্সাৰলৈ ৰূপান্তৰ হয়।

লক্ষণ -

সকলো ৰোগৰ দৰেই গেষ্ট্ৰিক আলচাৰৰো কেতবোৰ লক্ষণ বা উপসৰ্গ আছে। যেনে-

  • আভোক,
  • কিবা অলপ খালেই পেট ভৰা যেন লগা,
  • পেটত জ্বলা-পোৰা,
  • বমিৰ ভাব বা বমি হোৱা,
  • তেজ বমি,
  • ক’লা শৌচ(মেলিনা),
  • শৌচ কঠিন হোৱা,
  • শৌচদ্বাৰ জ্বলন বা ঘা ইত্যাদি।

নিৰ্ণায়ক পদ্ধতি -

চিকিৎসকে প্ৰথমতে ৰোগীয়ে ভুগি থকা সমস্যাবোৰৰ উমান লয়। অভিজ্ঞ চিকিৎসকে ৰোগীৰ মুখৰ পৰা লক্ষণবোৰ শুনিয়ে ৰোগ সম্পৰ্কে প্ৰাথমিক ধাৰণা কৰে আৰু প্ৰয়োজন সাপেক্ষে এণ্ডোস্কপিক পৰীক্ষাৰ পৰামৰ্শ দিয়ে।

এই পৰীক্ষাটোৰ দ্বাৰা কেন্সাৰৰ কাৰক হেলিকৱেকটাৰ পাইলাৰী নামৰ বেক্টেৰিয়াৰ উপস্থিতি-অনুপস্থিতি নিৰ্ধাৰণ কৰা হয়। লগতে পাকস্থলীৰ ক্ষত স্থান বা পেটৰ যিকোনো স্থানৰ পৰা ক’লা টিছু সংগ্ৰহ কৰি কেন্সাৰ হোৱা-নোহোৱা সম্পৰ্কেও এই পৰীক্ষাটোৰ দ্বাৰাও নিশ্চিত হ’ব পৰা যায়। তদুপৰি আলচাৰৰ পূৰ্বাৱস্থা আৰু পৰ্যায় জানিবলৈ দেহৰ পাকস্থলী গেষ্ট্ৰ’স্কপী পৰীক্ষাৰো প্ৰয়োজন হ’ব পাৰে।

আনহাতে যিবিলাক হাস্পতালত অত্যাধুনিক পৰীক্ষা ব্যৱস্থা নাই, তাত ৰেডিয়াম এক্সৰে কৰা হয়। অৱশ্যে এণ্ডোস্কপী বা গেষ্ট্ৰ’স্কপীৰ তুলনাত ৰেডিয়াম এক্সৰে কম নিৰ্ভৰযোগ্য।

চিকিৎসা ব্যৱস্থা -

গেষ্ট্ৰিক আলচাৰ নিৰাময়ৰ বাবে কেইবাবিধো ঔষধ আৱিষ্কাৰ হৈছে। অভিজ্ঞ চিকিৎসকে ৰোগীৰ ইতিহাস আৰু পৰ্যায় বিশ্লেষণ কৰি সেই মতে চিকিৎসাৰ নিদান দিয়ে।

চিকিৎকৰ পৰামৰ্শ আখৰে আখৰে পালন কৰি ঔষধ আৰু খাদ্য গ্ৰহণ কৰিলে এই ৰোগৰপৰা নিস্তাৰ পোৱা যায়। কেন্সাৰৰ ক্ষেত্ৰত পৰ্যায় অনুসৰি অস্ত্ৰোপচাৰৰ চিকিৎসাকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।

সাৱধানতা -

সাৱধানীৰ মৰণ নাই বুলি কথা এষাৰ আছে। আনহাতে চিকিৎসা শাস্ত্ৰই ৰোগ নিৰাময়তকৈ প্ৰতিৰোধেই উত্তম ব্যৱস্থা বুলি কৈছে।

আপ্তবাক্যত পৰিণত হোৱা দুয়োটা কথাৰে সাৰমৰ্ম হ’ল এই যে যিবোৰ কাৰণত আমাৰ ৰোগ-ব্যাধি হয়, সেই কাৰণবোৰৰ পৰা আঁতৰি থকা।

গেষ্ট্ৰিক আলচাৰৰ পৰা হাত সাৰি থাকিব খুজিলে আপুনি-

১)পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব।

২)পুৱাৰ জলপানৰ পৰা নৈশ আহাৰলৈ প্ৰতিদিনে তিনি বাৰলৈকে মূল আহাৰ আৰু কমেও দুবাৰ সাধাৰণ আহাৰ গ্ৰহণ কৰিব। চাৰে তিনি ঘন্টাতকৈ অধিক সময় খালী পেটে থাকিব নালাগে।

৩)ভেজাল খাদ্য গ্ৰহণ নকৰিব। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে তৈয়াৰী থলুৱা খাদ্যক বিশেষ অগ্ৰাধিকাৰ দিব।

৪)গেষ্ট্ৰিক ৰোগীয়ে গাখীৰ আৰু গাখীৰ চাহ নোখোৱাই ভাল। পুৱাৰ ভাগত দৈ খোৱাটো ভাল।

৫)ঔষধ গ্ৰহণৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈহে গ্ৰহণ কৰিব।

লেখিকা: ডাঃ অঞ্জন শইকীয়া(নিয়মীয়া বাৰ্তা)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top