মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গ্ৰহণী বা ডিচেন্ত্ৰী ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰহণী বা ডিচেন্ত্ৰী ৰোগ :

গ্ৰহণী বা ডিচেন্ত্ৰী ৰোগৰ বিষয়ে লিখা হৈছে ।

 

আমি খোৱা খাদ্য সমূহ মুখৰ ভিতৰত দাঁতেৰে চোৱাই খাওঁতে লালাগ্ৰন্থীৰ পৰা নিৰ্গত লালাস্ৰাৱৰ সহায়ত কিছু পৰিমানে শিথিল হয়।

ইয়াৰ পিছত পাকস্থলীৰ অম্ল ৰসৰ সংস্পৰ্শলৈ আহে খাদ্য সমূহ। যত খাদ্যসমূহ টেঙা হৈ পৰে আৰু প্ৰটিন তথা কাৰ্বোহাইড্ৰেট সমূহ সূক্ষ্ম কনালৈ ৰূপান্তৰিত হয়।

পিছলৈ এই খাদ্য সমূহ পাকস্থলীৰ পিছৰ অংশ গ্ৰহনীলৈ প্ৰবাহিত হয় য'ত পিত্তস্থলীৰ পৰা নিৰ্গত পিত্তৰসৰ সংস্পৰ্শলৈ আহে আৰু মুখ্যতঃ চৰ্বি জাতীয় খাদ্য সমূহ সুক্ষ্ম কনালৈ ৰূপান্তৰীত হয়।

গ্ৰহনীত আমাৰ খাদ্য সমূহে আমাৰ পেটৰ মধ্য অংশত থকা পেংক্ৰিয়াছ গ্ৰন্থিৰ পৰা নিৰ্গত ৰসৰ সংস্পৰ্শলৈ আহে যাৰ ফলত আমি খোৱা প্ৰটিন সমূহ সূক্ষ্ম কনালৈ ৰূপান্তৰিত হয়।

ইয়াৰ পিছত খাদ্য সমূহ ক্ষুদ্ৰ আন্ত্ৰলৈ প্ৰবাহিত হয় য'ত পৰিপাক প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ লাগতিয়াল খাদ্য অংশ শোষিত হৈ যকৃতলৈ প্ৰবাহিত হয় আৰু যকৃতত এক প্ৰক্ৰিয়াৰে পৰিপাক হৈ কাৰ্বোহাইড্ৰেট সমূহ গ্লুকোচ লৈ, চৰ্বী সমূহ ফেটি এচিডলৈ, আৰু প্ৰতিনসমূহ এমিনো এচিডলৈ ৰূপান্তৰিত হৈ হৃদয়লৈ যায় আৰু তাৰ পৰা গোটেই শৰীৰৰ কোষবোৰলৈ গতি কৰে।

এনেদৰেই কোষবোৰ সন্তুলিত হয়। অলাগতিয়াল খাদ্য অংশ মলদ্বাৰেৰে মল হিচাপে আৰু মূত্ৰ মার্গেৰে মূত্ৰ হিচাবে বিষৰ্জিত হয়।

পেটৰ এই সমূহ পাচন প্ৰক্ৰিয়া সম্পন্ন কৰা ৰস সমূহক আয়ুৰ্বেদিক শাস্ত্ৰই অগ্নি নামেৰে নামাকৰণ কৰিছে।

এই অগ্নি যেতিয়া সঠিকভাৱে কাম কৰি থাকে তেন্তে পৰিপাক প্ৰক্ৰিয়া ঠিকেই থাকে আৰু অলাগতিয়াল বিষাক্ত দ্ৰব্যৰ উৎপত্তি নহয় আৰু শৰীৰ সুস্থ হৈ থাকে।

আৰু অগ্নি বৈষম্য হলে পৰিপাক প্ৰক্ৰিয়াৰ বিশংগতি হয় যাৰ ফলত ৰোগীজনে-

*পেট কামোৰনী,

*পাতল মলত্যাগ,

*কোষ্ঠ বদ্ধতা আদি বিভিন্ন সমস্যাত ভুগিব ধৰে। এই সমস্যা সমূহত গ্ৰহণী ৰোগ বা ডিচেন্ত্ৰী বুলি কোৱা হয়।

অগ্নি বৈষম্য হলে কি হব পাৰে?

মহৰ্ষি বাঘভট্ট ই তেওঁৰ দ্বাৰা লিখিত অষ্টাঙ্গ সংগ্ৰহত উল্লেখ কৰিছে যে এই অগ্নি যেতিয়া দুৰ্বল হয় তাৰ ফলত পৰিপাক প্ৰক্ৰিয়াৰ বিসঙ্গতি হৈ এবিধ বিষাক্ত দ্ৰব্যৰ সৃষ্টি কৰে যাক আম বুলি কোৱা হয়।

আম হৈছে এবিধ বিজলুৱা দ্ৰব্য যিয়ে শৰীৰত বিভিন্ন বিসঙ্গতিৰ সৃষ্টি কৰিব পাৰে। মহৰ্ষি চৰকে তেওঁৰ দ্বাৰা লিখিত চৰক সংহিতাত আমক ঘোৰ অন্ন বিষ বুলি বৰ্ণনা কৰি কৈছে যে যদিহে এই বিষাক্ত দ্ৰব্য শোষিত হৈ ৰক্তৰ লগত মিহলি হয় তেন্তে নানান ৰোগৰ সৃষ্টি হব পাৰে।

গ্ৰহণী ৰোগৰ কাৰণ -

*অত্যাধিক পানী সেৱন

যধে মধে অত্যাধিক পানী সেৱন কৰিলে পেটৰ পৰিপাক প্ৰক্ৰিয়াৰ বিশংগতি হয়। অগ্নি অৰ্থাৎ পাঁচক ৰস সমূহ হ'ল আগ্নেয় প্ৰকৃতিৰ।

জুইত পানী ঢালিলে যেনেকৈ জুইকুৰা নুমাই যায় ঠিক তেনেকৈ অত্যাধিক পানী সেৱনে পেটৰ অগ্নি দুৰ্বল কৰে যাৰ ফলত হজম শক্তি ঠিক নহয় আৰু বিষাক্ত আমৰ প্ৰাদুৰ্ভাৱ হয়।

*আভোজন(ভোজন কমকৈ কৰিলে)।

*অজীৰ্ণত ভোজন।

আগৰ খাদ্য হজম নহওতেই পুনৰ খাদ্য গ্ৰহণ কৰা। গুৰু ভোজন খোৱাৰ মাজত কমেও ছয় সাত ঘণ্টামান বিৰতি হব লাগে।

*অতি ভোজন

অত্যাধিক ভোজন কৰিলে সম্যক পৰিমাণত ক্ষৰিত হোৱা পাঁচক ৰসে খাদ্য সমূহ সঠিকভাৱে পৰিপাক কৰিব নোৱাৰে। যাৰ ফলত আমৰ সৃষ্টি হয়।

*অসাত্ম্য ভোজন

শৰীৰৰ প্ৰতিকূল খাদ্য গ্ৰহণ কৰা তথা যিবোৰ খাদ্য অপকাৰী তেনেবোৰ খাদ্য সেৱন কৰা

*অতি গুৰু ভোজন, অতি শীত ভোজন, অতি শুকান খাদ্য, সংক্ৰমিত খাদ্য সেৱন।

*চিকিৎসা বিভ্ৰাত

চিকিৎসকৰ হাতত উচিত চিকিৎসা নাপালে বা চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াৰ ফলটো আমৰ সৃষ্টি হব পাৰে।

*দেশ অনুপাতে খাদ্য গ্ৰহণ নকৰা

প্ৰকৃতিয়ে আমাৰ শৰীৰ সুস্থ কৈ ৰাখিবলৈ আমাৰ আশে পাশে বিভিন্ন ফল মূল, শাক পাচলী, খাদ্য দ্ৰব্যৰ যোগান ধৰি আহিছে।

বৰ্তমান বিশ্বয়ানৰ যুগত অন্য ঠাইৰ খাদ্য আমাৰ ওচৰতে উপলব্ধ যি আমাৰ শৰীৰৰ কাৰণে উপযোগী নহয় আমাৰ বসতি স্থান অনুসৰি।

উদাহৰণ স্বৰূপে গৰমৰ দিনত বিলাহী, বন্ধকবি গাজৰ আদি খোৱা তথা ঠাণ্ডাৰ দিনত জিকা, ভোল আদি খোৱা মানেই আমৰ প্ৰাদুৰ্ভাৱ হোৱা।

*কাল অনুসৰি ভোজন নকৰা

যিকোনো খাদ্য যিকোনো সময়ত খাব নোৱাৰি। দিন ৰাতি তথা সময় অনুসৰি খাদ্য তালিকা ভিন্ন।ইয়াৰ বিশংগতিয়ে পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়।

*বেগ ধাৰণ

উগাৰ, হাচি, অধো বায়ু, মূত্ৰ প্ৰবৃত্তি, মল প্ৰবৃত্তি ইত্যাদি হৈছে নিয়মিত বেগ। এনে বেগ ধাৰণ কৰিলেও গ্ৰহণী ৰোগ হব পাৰে।

গ্ৰহণী ৰোগৰ লক্ষণ -

১)খোৱা খাদ্য হজম নহব।কেতিয়াবা পনীয়া পাইখানা হব। আকৌ কেতিয়াবা মল বদ্ধ হব পাৰে।

২)খাদ্য খোৱাৰ পিছত পেটকামোৰনী হৈ শৌচ হব পাৰে।

৩)খোৱা খাদ্য পৰিপাক নোহোৱাৰ ফলত পেটটো ফুলি থাকিব পাৰে।

৪)হজম নোহোৱা ধৰণৰ টেঙা বা তিতা উগাৰ আহিব পাৰে।

৪)ইয়াৰোপৰি-

*বাতিক গ্ৰহনীত ঘনাই ঘনাই কম মাত্ৰাত শৌচ হোৱা,

*পৈত্তিক গ্ৰহনীত ভিন্নৰঙৰ শৌচ হোৱা,

*কফৰ গ্ৰহনীত বেছি পৰিমানে কফ যুক্ত শৌচ হোৱা,

*ত্ৰিদোষ গ্ৰহনীত ওপৰোক্ত আটাইবোৰ লক্ষণ পোৱা,

*ঘটিযন্ত্ৰ গ্ৰহনীত অতি শব্দ কৰি অকন অকন শৌচ হোৱা,

*সংগ্ৰহ গ্ৰহনীত আকৌ বহুদিনলৈ কোষ্ঠ বদ্ধতা হৈ এদিন অত্যাধিক শৌচ হোৱা আদি লক্ষণ পোৱা যায়।

৫)বৰ্ধিত অৱস্থাত-

*ৰোগীজন ক্ষীনাই যাব,

*শৰীৰ ফুলিব পাৰে,

*হাঁড়ৰ বিষ,

তথা জ্বৰত ভুগিব পাৰে।

আৰু বহুদিনলৈ এই ৰোগত ভুগি থাকিলে মানসিক চাপ বৃদ্ধি হৈ IBS নামৰ আন এবিধ ৰোগত ভুগিব পাৰে।

পৰিত্রাণৰ উপায় -

ওপৰত উল্লেখ কৰা এই ৰোগৰ কাৰণ সমূহ পৰিত্যাগ কৰিলেই গ্ৰহণী ৰোগৰ পৰা মুক্তি পাব পাৰি।

খাদ্য খাওঁতে সাৱধান হৈ চলিলে কোনোদিনেই এনে ৰোগত ভুগিব লগা নহয়। ইয়াৰোপৰি মানসিক ভাৱে সবল ব্যক্তিয়েও এনে ৰোগত নুভূগে।

চিকিৎসা -

১)গ্ৰহণী ৰোগত যদি দোষ পেটত থকা বুলি গম পোৱা যায় তেন্তে ৰোগীজনে পোন প্ৰথমে খোৱা খাদ্য কিছু পৰিমানে কমকৈ খাব লাগে যাক লঙ্ঘন বুলি কোৱা হয়।

এনে কৰিলে পেটৰ অগ্নি তথা পাঁচক ৰস পৰ্য্যাপ্ত পৰিমানে নিঃসৰিত হৈ হজম প্ৰক্ৰিয়া সঠিক কৰি তোলে।

২)কেতবোৰ বনৌষধিয়ে অগ্নি বৃদ্ধি বৃদ্ধিত সহায় কৰে। যাক দীপন পাচন ঔষধি বুলি কোৱা হয়। যেনে-

*আদা,

*জালুক,

*পিপ্পলী,

*হিং,

*চিত্ৰক, আদি।

এনে দ্ৰব্যৰ গুৰি চিকিৎসকৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব পাৰে।

৩)ইয়াৰোপৰি কেতবোৰ বনৌষধি এই ৰোগৰ মহৌষধ। যেনে কূটজ গছৰ ছালৰ গুৰি ছয় গ্ৰামকৈ দিনত দুবাৰ খাব পাৰে।

*বেলৰ ফলৰ ৰস বা চূৰ্ণ,

*আহিফেন,

*জীৰা,

*অজৱাইন,

*ইচ্ছবগল আদি ঔষধি দ্ৰব্য অতি উপযোগী।

৪)ইয়াৰোপৰি-

*চিত্ৰকাদি বতি,

*কুবেৰা্ক্ষাদী বতী,

*গ্ৰহনিকপাত ৰস,

*পিজুছবল্লী ৰস,

*নৃপতি বল্লভ ৰস,

*কূটজাৰিষ্ট,

*জীৰকাদ্যৰিষ্ট,

*মুষ্টকাৰিষ্ট আদি বিভিন্ন আয়ুৰ্বেদিক ঔষধি উপলব্ধ।

যিকোনো আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰহণী ৰোগ নিৰ্মূল কৰিব পাৰি।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638211711

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top