মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গ্ৰহণী ৰোগৰ হোমিঅ’ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰহণী ৰোগৰ হোমিঅ’ চিকিৎসা

গ্ৰহণী ৰোগৰ হোমিঅ’ চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

গ্ৰহণী (Dysentery)  ৰোগ সাধাৰণতে ঋতু পৰিৱৰ্তনৰ ফলত হোৱা ৰোগ। গৰমৰ পৰা ঠাণ্ড, ঠাণ্ডাৰ পৰা গৰমলৈ বতৰ পৰিৱৰ্তন হ’লে শৰীৰত বেছি ঠাণ্ডা বা গৰম সোমালে অতিৰিক্ত মদ, বাঁহী মাছ-মাংস, শাক-পাচলি, গৰম মছলা বা মাটিৰ তলত হোৱা খাদ্য দ্রব্য আদি অতিৰিক্ত মাত্ৰাত খালে ডিচেন্ট্রি বা গ্ৰহণী হয়।

গ্ৰহণী দুই প্রকাৰৰ –

 

(ক) বেচিলাৰী ডিচেন্ট্ৰি আৰু

(খ) এমিবিক ডিচেণ্ট্ৰি।

  • বেচিলাৰী ডিচেণ্ট্ৰি জটিল ধৰণৰ ৰোগ আৰু সহজে আৰোগ্য কৰা টান হৈ পৰে।
  • এমিবিক ডিচেণ্ট্ৰি ৰোগৰ লক্ষণ হিচাপে ঔষধ প্রয়োগ কৰিলে শীঘ্ৰে আৰোগ্য হয়।

লক্ষণ

 

দুয়োবিধ ৰোগৰ লক্ষণ প্রায় একেই। বেচিলাৰী ডিচেণ্ট্ৰিত ৰোগৰ তীব্রতা অধিক থাকে আৰু নাড়ীত ঘা হয়। এমিবিক ডিচেণ্ট্ৰিত ৰোগৰ তীব্রতা কম থাকে আৰু নাড়ীত ঘা নহয়।

ডিচেণ্ট্ৰিৰ লক্ষণ হ’ল

 

সঘনাই শৌচ হোৱা, জোৰ দি বহি থাকিবলগীয়া হোৱা, সামান্য শৌচ হোৱা, শৌচৰ লগত শাওঁ পৰা, তেজ ওলোৱা, ২৪ ঘণ্টাত দুই-চাৰিবাৰৰ পৰা ২০/২৪ বাৰলৈকে শৌচ হোৱা। কেতিয়াবা লগত জ্বৰ থাকে, পেটত বিষ হয়, কেতিয়াবাহে পেটত বিষ নাথাকে।

সাংঘাতিক ধৰণৰ ডিচেণ্ট্ৰিত নাড়ীৰ ঘা লিভাৰলৈকে বিস্তাৰিত হৈ লিভাৰত ডাঙৰ ফোঁহাৰ উৎপত্তি হয়। পাকস্থলীলৈ বিস্তাৰিত হৈ “গেষ্ট্রিক আলচাৰ” হয়।

এলোপেথিকৰ মতে বেচিলাৰী ডিচেন্ট্ৰি এক ধৰণৰ বীজাণুৰ সংক্ৰমণৰ ফলত হয়।

এমিবিক ডিচেন্ট্ৰিত এমিবা নামৰ একধৰণৰ এককোষী পৰজীৱী বীজাণুৰ সংক্ৰমণৰ ফলত হয়। ডিচেণ্ট্ৰি ৰোগ পুৰণি হ’লে প্রায় গোটেই জীৱনটো ৰোগীয়ে কষ্ট ভোগ কৰিব লগীয়া হয়।

চিকিৎসা

Aconite nap

এই ঔষধ গৰমৰ পৰা ঠাণ্ডা, ঠাণ্ডাৰ পৰা গৰম সোমোৱাৰ সময়ত, দিনত গৰম, ৰাতি ঠাণ্ডা বতৰ হ’লে, অতিৰিক্ত গৰম বা ঠাণ্ডা লাগি ডিচেন্ট্ৰি হ’লে প্ৰথম অৱস্থাত এই ঔষধ ব্যৱহাৰ কৰিব লাগে। একোনাইট ব্যৱহাৰ হোৱা ৰোগীৰ প্ৰায়ে পেটত বিষ থাকে। জ্বৰে থাকিব পাৰে।

Mercurius sol

ঋতু পৰিৱৰ্তনৰ সময়ত ৰাতি ঠাণ্ডা, দিনত গৰম শাওঁ পৰা বন্ধ কৰাৰ ক্ষমতা নাই। সময়ত ৰাতি ঠাণ্ডা, দিনত গৰম বা অতিৰিক্ত ঠাণ্ডা দিনত ডিচেণ্ট্ৰি হলে এই ঔষধ বিশেষভাৱে ব্যৱহাৰ হয়। Merc. Sol ব্যৱহাৰ কৰা প্ৰধান লক্ষণ হ’ল- পেটত সকলো সময়তে বিষ থাকে। শৌচ কৰাৰ আগত, সময়ত আৰু পিছত এই তিনিটা অৱস্থাতে বিষ থাকে আৰু সময়ে সময়ে শৰীৰৰ ভিতৰত গৰম অনুভৱ হয়।

Nux-vomica

ডিচেণ্ট্ৰিত এই ঔষধটো ব্যৱহাৰ হোৱা ৰোগীৰ ৰোগৰ লক্ষণ আন ঔষধতকৈ অধিক পোৱা যায়। এই ঔষধ ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল- সঘনাই শৌচ কৰিব লাগে, সামান্য পৰিমাণে পায়খানা হয় আৰু শৌচৰ ভাব অনবৰতে থাকে। কেতিয়াবা শৌচ কৰোতে জোৰ দি বহি থাকিব লাগে।

Coocynthis

পাঁচ-দহ মিনিট অন্তৰে অন্তৰে সঘনাই শৌচ কৰিব লাগিলে, নাভিৰ ওচৰত বিষ থাকিলে প্রথমে এই ঔষধ ব্যৱহাৰ কৰিব লাগে৷

Ferrum phos

এই ঔষধ ডিচেণ্ট্ৰিৰ প্রথম অৱস্থাত সাধাৰণতে ব্যৱহাৰ হয় । Ferrum phos য়ে তেজ ওলোৱা বন্ধ কৰিব পাৰে। কিন্তু শাওঁ পৰা বন্ধ কৰাৰ ক্ষমতা নাই।

Mercurius cor

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ শাওঁতকৈ তেজ অধিক ওলায়। কিছুমানৰ কেৱল তেজহে পৰে। এই ঔষধ ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল ডিচেন্ট্ৰিৰ লগতে প্ৰস্ৰাৱৰো ৰোগ হয়। প্ৰস্ৰাৱত জ্বলা-পোৰা কৰে, সঘনাই প্ৰস্ৰাৱ হয় কিন্তু কম পৰিমাণে হয়। প্ৰস্ৰাৱ, শৌচ কৰোতে জোৰ দিব লগা হয়।

Aloe sole

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ শাওঁৰ পৰিমাণ অধিক থাকে, শৌচ হঠাৎ লাগে, পিন্ধি থকা কাপোৰ খুলিবলৈ সময় নোপোৱাৰ দৰে হয়। কেতিয়াবা বায়ু ওলাওঁতেই শৌচ ওলায়। শৌচ কৰোতে অধিক বায়ু যায়। শৌচৰ আগত পেটৰ ভিতৰত কল্‌ কল্‌, গৰ্‌ গৰ্‌ শব্দ কৰে।

Rhus tox

প্রথম অৱস্থাত ঔষধবোৰ প্রয়োগ কৰি ৰোগৰ উপশম নহ’লে বা আংশিক আৰোগ্য হৈ সম্পূর্ণ আৰোগ্যৰ ফালে নাহিলে Rhus tox প্রয়োগ কৰিব লাগে। Rush tox য়ে সকলো ধৰণৰ আৰু সকলো অৱস্থাতে ডিচেন্ট্ৰিৰ কাৰণে হোৱা পেটৰ বিষ আৰোগ্য কৰিব পাৰে।

Sulphur

ডিচেণ্ট্ৰিৰ আৰম্ভণিতে শৌচ কৰাৰ পিছত বহুত সময়লৈকে পেটত বিষ থাকিলে বা গুহ্যদ্বাৰত বিষ বা জ্বলা-পোৰা থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

Nitric Acid

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীয়ে শৌচ কৰোঁতে জোৰ দি বহি থাকিব লাগে। শৌচ প্ৰায়ে নহয়। কেৱল তেজ ওলায়। শৌচ কৰাৰ সময়ত পেটত ছুৰীৰে কটাৰ দৰে বিষ প্ৰায়ে থাকে। শৌচ কৰাৰ পিচত বহুত সময়লৈকে কটা-ছিঙা কৰাৰ দৰে বিষ থাকে।

Argent nitricum

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ পেটত কটা-ছিঙা কৰাৰ দৰে বিষ থাকে। নাড়ীত ঘা লাগে। খোৱাৰ লগে লগে পেটটো গধুৰ হৈ আহে, উশাহ-নিশাহ লোৱাত কষ্ট হয়। আহাৰ খোৱাত সময় অনিয়মিত হ’লে পেটৰ ভিতৰত অসুখ বাঢ়ে। প্ৰায়ে খোৱাৰ পিছতেই শৌচ কৰিব লাগে।

Hepair sulphur

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ পেটৰ ভিতৰত নানা ধৰণৰ অশান্তি থাকে৷ৰাতি শুলে ভাত উতলাৰ দৰে পেটৰ ভিতৰত শব্দ হয়। পেট খালী হ’লে বিষ ধৰে, আকৌ পেট ভৰাই খালে অশান্তি বাঢ়ে।

লেখিকা: ডা: এলিজা বেগম ইউছুফ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.2380952381
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top