মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গ্ৰীষ্মকালৰ সাধাৰণ অসুখ-বিসুখ আৰু আয়ুৰ্বেদিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালৰ সাধাৰণ অসুখ-বিসুখ আৰু আয়ুৰ্বেদিক চিকিৎসা

গ্ৰীষ্মকালৰ সাধাৰণ অসুখ-বিসুখ আৰু আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

গ্ৰীষ্মকালৰ অত্যধিক ৰ’দ আৰু বৰষুণৰ ফলত উষ্ণতা বৃদ্ধিৰ তাৰতম্য সঘনাই হয়। সেয়ে প্রায়বোৰ মানুহকে সৰু-ডাঙৰ অসুখে আক্রান্ত কৰি দুৰ্বল কৰে। গোলকীয় উষ্ণতা, প্ৰদূষণ আৰু অন্যান্য কাৰকেও মানুহৰ সাধাৰণ স্বাস্থ্যত প্ৰভাৱ পেলায়। কিছুমান ৰোগে ঠাই বিশেষে ভয়াৱহ ৰূপ লৈ মানুহৰ মৃত্যুপর্যন্ত ঘটায়। প্রাকৃতিক দুর্যোগ, যেনে— বানৰ পাছৰ পৰিৱেশ আৰু অধিক প্ৰদূষিত হৈ ৰোগ বৃদ্ধিত অৰিহণা যোগায়।

যিকোনো ৰোগ হ’লে তাৰ চিকিৎসাৰো প্রয়োজন হয়। সঞ্চিত ৰোগৰ বাহিৰে গ্রীষ্মকালৰ অন্য ৰোগবোৰ, যেনে— জ্বৰ, কাহ, মূৰৰ বিষ, চৰ্মৰোগ, অতিসাৰ, গ্রহণী আদিৰ চিকিৎসা কৰিলে আৰোগ্য হয়। মেলেৰিয়া ৰোগীকো প্রাচীন পদ্ধতিৰে চিকিৎসা কৰিলে কম দিনৰ ভিতৰতে সুস্থ কৰি তুলিব পাৰি। তথাপি ৰোগ হ’লে চিকিৎসা কৰাতকৈ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা আৰু পথ্যনীতি তথা খাদ্যাভ্যাসৰ সালসলনি কৰাতহে যথাসাধ্য গুৰুত্ব দিয়া উচিত। এজন লোকৰ স্বাস্থ্য, বয়স আৰু বংশগত কাৰণবোৰৰ ওপৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু পৰিৱেশ প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতা পূর্বতকৈ বহুখিনি হ্রাস পাইছে।

আয়ুর্বেদিক চিকিৎসা পদ্ধতিত প্রায়বোৰ ৰোগৰে চিকিৎসা নির্দেশনা আছে আৰু ইয়াৰ সুপ্রয়োগে ৰোগ আৰোগ্য কৰাৰ লগতে ৰোগ প্রতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। আয়ুর্বেদিক ঔষধত যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা গছ-লতিকা, ফল-মূল আদিত অতিৰিক্ত ভিটামিন থাকে। যদিও কোনো পাৰ্শ্বক্রিয়া নাথাকে। গৰমৰ দিনত মানুহে সাধাৰণতে আক্রান্ত হোৱা ৰোগত আয়ুৰ্বেদীয় ‘মুষ্টিযোগ’ অর্থাৎ সহজতে পোৱা, বিশেষকৈ গছ-লতাৰ ঔষধ ব্যৱহাৰে সুফল দিয়ে। নিজৰ ঘৰখনৰ চৌপাশে গজি উঠা গছ-বনবোৰো আমাৰ কাৰণে অতি উপকাৰী আৰু ইয়াৰে কিছুমান বহু ৰোগৰ মহৌষধ। উদাহৰণস্বৰূপে এজন লোকৰ জ্বৰ নাইবা ডায়েৰিয়া হ’লে সহজলভ্য বনদৰবেও সুফল দিয়ে। বর্ষাকালত উজ্জীৱিত হৈ উঠা প্রকৃতি প্রদত্ত গছ-বনৰ পৰা প্রস্তুত কৰা ঔষধ ৰোগ প্ৰতিৰোধক আৰু প্ৰচুৰ ভিটামিনযুক্ত। গতিকে অতীজৰে পৰা কৈ অহা এই কথা সত্য যে পৃথিৱীত এবিধ গছ নাই, যি মানুহৰ বাবে উপকাৰ নহয়।

গৰমৰ দিনত শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক পানীলগা আৰু জ্বৰ-কাঁহত আক্ৰান্ত হোৱা দেখা যায়। জ্বৰ কোনো ৰোগ নহয় যদিও ই ৰোগৰ উপসর্গ। সকলোবোৰ লোকৰে জ্বৰৰ লক্ষণ একে নহয়। বিভিন্ন জ্বৰৰ চিকিৎসা ব্যৱস্থা এনেধৰণৰ-

  • জ্বৰৰ তাপমাত্ৰা অধিক হ’লে আৰু লগতে কাঁহ-চর্দি আৰু মূৰৰ বিষ হ’লে শেৱালি পাতৰ ৰস চাৰি চামুচৰ লগত মৌজোল আৰু দুটা মহালক্ষ্মীবিলাস বড়ি মিহলাই দিনে দুবাৰকৈ খাব। সৰু ল’ৰা-ছোৱালীৰ বাবে আধা পৰিমাণৰ।
  • সঘনাই জ্বৰ উঠা-নমা কৰিলে মহালক্ষ্মীবিলাস বড়ি পাণৰ ৰসৰ লগত খাব।
  • চৰ্দি, কাঁহ বেছি হৈ জ্বৰ উঠিলে শ্ৰীচন্দ্ৰামৃত ৰস তুলসী পাত, আদা আৰু মৌজোল মিহলাই দিনে দুই-তিনিবাৰ খাব।
  • শুকান কাঁহ হৈ ডিঙি আৰু বুকুৰ বিষ হ’লে পূণর্ণৱা শাকৰ ৰস তিনি চামুচ গৰম পানীৰ লগত দিনে দুবাৰ খাব।
  • কাঁহ, কফ অধিক হ’লে আৰু বুকুত কফ জমা হ’লে “দ্রাক্ষাৰিষ্ট’ আৰু ‘তালিশাদি চূৰ্ণ’ দিনে দুবাৰকৈ খাব।
  • বহুদিনলৈকে কাহ হৈ থাকিলে আধা চামুচ শুকান বৃহতী ফল এক চামুচ মৌৰ লগত খোৱাৰ পাছত একাপ গৰম পানী খাব।
  • বুকুৰ বিষ আৰু অলপতে ভয় ভাব হ'লে “অৰ্জুন চাল চুৰ্ণ” গাখীৰৰ লগত খাব।
  • টনচিল আৰু ফেৰিনজাইটিছৰ অসুখ হৈ জ্বৰ উঠিলে চন্দ্ৰামৃত ৰস আৰু খাদিৰাদি বটি দিনে এটাকৈ দুবাৰ বা তিনিবাৰ মৌৰ লগত খাব।
  • শুকান কাহ বহুদিনলৈকে হৈ থাকিলে সৰু চামুচেৰে এক চামুচ ‘অশ্বগন্ধা চূৰ্ণ’ একাপ গৰম পানীৰ লগত ব্যৱহাৰ কৰিব।
  • কাঁহ-জ্বৰ হৈ শৰীৰ দুৰ্বল হ’লে তুলসী পাতৰ ৰসৰ লগত গৰম গাখীৰ মিহলাই খাব।
  • জণ্ডিচ বা কমলা ৰোগত আক্রান্ত হ’লে গুৰুপাকী আহাৰ ত্যাগ কৰি সিজোৱা শাক-পাচলি, মগুদাইল, ভাত আদি খাব। পূণর্ণৱা, ভৃংগৰাজ, পদিনা, কুঁহিয়াৰ ৰস এই ৰোগৰ সুপথ্য। আয়ুর্বেদিক ঔষধৰ ভিতৰত লিভাৰ সুস্থ ৰখাৰ ঔষধ, যেনে- “আৰোগ্য বৰ্দ্ধিনী ৰস’, ‘কুমাৰিয়াসৱ’ বা “ৰোহিতকাৰিষ্ট’ ব্যৱহাৰ কৰিলে সুফল দিয়ে।
  • গ্রীষ্মকালত এলাৰ্জিজনিত চৰ্মৰোগত “হৰিদ্ৰাখণ্ড’ আৰু খৰ-খজুৱতিত নিমপাত, কেঁচা হালধিৰ ৰস, গুলঞ্চলতা শাস্ত্রীয় ঔষধ খাদিৰাৰিষ্ট, চাৰিবাদ্যৰিষ্ট অতি উপকাৰী ঔষধ— যিবোৰ লক্ষণ অনুযায়ী ব্যৱহাৰ কৰিলে ৰোগ পুনৰায় হোৱাৰ সম্ভাৱনা নাথাকে।

গ্রীষ্মকালত বহুতো লোক পেটৰ নানাবিধ অসুখত ভোগা দেখা যায়। সঠিক সময়ত খাদ্য গ্ৰহণ কৰিব নোৱাৰিলে আৰু অতিশয় জ্বলা-মচলাযুক্ত আহাৰ খালে পেটৰ অসুখ বৃদ্ধি পায়। অনিয়মিত খাদ্য গ্রহণে কোষ্ঠবদ্ধতাৰ সৃষ্টি কৰে- যি বহু ৰোগৰ এটা মূল কাৰণ। তদুপৰি খাদ্যগুণ নথকা সুস্বাদু আহাৰ গ্ৰহণ কৰিলে শৰীৰ দুৰ্বল হোৱাৰ লগতে ৰোগৰো সৃষ্টি হয়। শীতল পানীয়, প্ৰদূষিত ঠাইৰ ফলৰ ৰসেও পেটৰ অসুখৰ সৃষ্টি কৰে। সেয়ে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। পেটৰ অসুখৰ লক্ষণ অনুযায়ী তলত দিয়া মতে ঔষধ ব্যৱহাৰ কৰিলে সুফল পাব।

  • কোষ্ঠবদ্ধতা হৈ পেটৰ বিষ হ’লে ৰাতি শোৱাৰ আগত দুই চামুচ ত্রিফলা চূৰ্ণ গৰম পানীৰ লগত খাব।
  • পেটত গেছ হ’লে শুকান আমলখি চূৰ্ণ, ষষ্ঠিমধু চূৰ্ণ সৰু চামুচেৰে দুয়োটাৰে এক চামুচকৈ চেঁচাপানীৰ লগত মিহলাই দুসপ্তাহ খাব।
  • কিছুমান লোকৰ খোৱা-বোৱাৰ সামান্য অনিয়ম হ’লেই পেটৰ অসুখ হয়। এনেধৰণৰ লোকে পুনর্নৱাৰ ৰস দুই বা তিনি চামুচকৈ খালী পেটত সপ্তাহত তিনিদিন খাব।
  • পেটৰ অসুখৰ লগতে অৰুচি হ’লে নাৰিকলৰ গাখীৰ আধাকাপৰ লগত মিচিৰি মিহলাই দহদিনমান খাব।
  • সঞ্চিত গ্ৰহণী ৰোগীৰ ডায়েৰিয়া সদৃশ ৰোগ হ’লে চাৰি চামুচ কুটজাৰিষ্ট, এটা নাগাৰ্জুন বড়ি, এটা ভুৱনেশ্বৰ ৰসৰ লগত চেঁচাপানী মিহলাই দিনে দুবাৰকৈ ভাত খোৱাৰ পাছত খাব।
  • এচিডিটি আৰু আভোক হ’লে আমলখি ৰসায়ন আৰু অভিপত্তিকৰ চূৰ্ণ ব্যৱহাৰ কৰিব।
  • পেটচলা বা অতিসাৰ ৰোগৰ সুপথ্য হিচাপে মানিমুনি, মছন্দৰি, ভেদাইলতা, বেলৰ ৰস, ডাবৰ পানী খাব।
  • জলশূন্যতা নহ’বৰ কাৰণে প্ৰচুৰ পৰিমাণে পানী খাব।

অসমীয়াত এষাৰ কথা আছে বাছি খাবা জাগি শুবা। খোৱা-বোৱাৰ বাছ-বিচাৰৰ লগতে থলুৱা খাদ্যবোৰৰ খাদ্যগুণ জনাটো সকলোৰে বাবে প্রয়োজনীয়। গ্রীষ্মকালৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰিব পৰা বনৌষধিবোৰ সহজলভ্য আৰু ৰোগ সৃষ্টি নহ’বৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে—

  • দীর্ঘ ভ্ৰমণ কৰিলে মূৰৰ বিষ আৰু বমি ভাব হ’লে মৰাণ আদা এটুকুৰা চোবাই খালে ভাল হয়।
  • পেচাবৰ জ্বলন-পোৰণ হ’লে গেছ আৰু এচিডিটিৰ ঔষধৰ লগতে দুপৰটেঙাৰ পাতৰ ৰস খালে সুফল পোৱা যায়।
  • গাৰ বিষত পচতীয়া পাত আৰু ভেদাইলতা সুপথ্য।
  • দীঘলীয়া যাত্ৰাৰ পাছত নাইবা শাৰীৰিক পৰিশ্রম কৰিলে ভাগৰ অনুভৱ কৰিলে কল আৰু এঁৱা গাখীৰ ভাতৰ লগত খালে ভাগৰ দূৰ হয়।
  • বতৰৰ ফল-মূল যেনে— আম, কঁঠাল, থাকিলে শৰীৰৰ ভিটামিনৰ অভাৱ দূৰ হয়।
  • আমৰ ৰস গাখীৰৰ লগত খাব পাৰি।
  • কঠাল খালে কোষ্ঠবদ্ধতা দূৰ হয়।
  • জামুৰ ৰস মাজে মাজে খালে মুত্ৰনলীৰ পাথৰ বাহিৰ হোৱাত সহায় কৰে। ই বহুমূত্র ৰোগীৰ বাবেও অতি উত্তম পথ্য।
  • বজাৰত পোৱা শীতল পানীয়তকৈ ডাবৰ পানী, কুঁজি থেকেৰাৰ চৰ্ব্বত, বেলৰ চৰ্ব্বত, কুঁহিয়াৰৰ ৰস খোৱা উচিত।

আমাৰ মূল খাদ্য ভাতৰ লগত বনৌষধি শাকৰ জোল মাজে-সময়ে খাই থাকিলে পেটৰ ৰোগ সংক্ৰমণত বাধা দিয়ে। ভাতৰ লগত নিমপাত অথবা শুকুটা খালে শৰীৰ শীতল কৰে আৰু পেটৰ অসুখ ভাল হোৱাত সহায় কৰে। অৱশ্যে পুৰণি অম্লপিত্ত ৰোগীয়ে তিতা খোৱা উচিত নহয়। শৰীৰৰ কেলছিয়ামৰ অভাৱ দূৰ কৰিবৰ বাবে নৰসিংহ, শাকৰ জোল, ৰক্তহীনতাৰ কাৰণে আদিৰ তৰকাৰী আহাৰৰ লগত খাব। আমাৰ থলুৱা খাদ্য শৰীৰৰ বাবে যিমান উপকাৰী, অন্যবোৰ নহয়। সেয়ে গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ ঔষধিযুক্ত ফল-মূল আৰু শাক-পাচলি খোৱাত সকলোৱে গুৰুত্ব দিয়া উচিত। পুৰণি ৰোগত ভুগি থকা ৰোগীয়েও আয়ুর্বেদিক চিকিৎসকৰ পৰামর্শ লৈ ঔষধ আৰু খাদ্য নির্বাচন কৰিলে সুফল পাব।

লিখক: অচিন্ত্য প্রতিম মহন্ত, দৈনিক জনমভূমি।

 

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top