মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গ্ৰীষ্মকালৰ ৰোগ আৰু ল’বলগীয়া সতৰ্কতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালৰ ৰোগ আৰু ল’বলগীয়া সতৰ্কতা

গ্ৰীষ্মকালৰ ৰোগ আৰু ল’বলগীয়া সতৰ্কতাৰ বিষয়ে লিখা হৈছে

সাধাৰণতে এপ্ৰিল মাহ সোমোৱাৰ লগে লগে গ্ৰীষ্মকাল আৰম্ভ হয় আৰু এনে জহৰ দিন কমেও ৪টা মাহ থাকে ।জাৰকালিৰ তুলনাত গ্ৰীষ্মকালত ৰোগৰ প্ৰাৰ্দুভাৱ বেচি ।

জহকালৰ ৰোগসমূহক নিম্নলিখিত ভাগত ভগাব পাৰোঁ-



(১) পানীৰ যোগেদি বিয়পা ৰোগ সমূহ- ডিচেন্ট্ৰি, ডায়েৰিয়া, টাইফয়েড, জণ্ডিচ (হেপাটাইটিচ), শ্বিগেলা, জিয়াৰডিয়া, কৃমি আদি ।
(২) মহৰ যোগেদি বিয়পা ৰোগসমূহ- মেলেৰিয়া, ডেংগু, চিকেনগুনিয়া ।
(৩) গৰমৰ ফলত হোৱা ৰোগসমূহ- ডিহাইড্ৰেচন, হিটষ্ট্ৰোক, মূৰৰ বিষ, নাকৰ ৰক্তক্ষৰণ ।
(৪) চকুৰ অসুখ- কনজাংটভাইটিচ, কেটেৰেক্ট, ৰেটিনাৰ ক্ষতিসাধন ।
(৫) গ্ৰীষ্মকালৰ চৰ্মৰোগ- যেনে বসন্ত, মিজলচ, এলাৰ্জি আদি ।
(৬) সান মিহলি- প্ৰসাবৰ সংক্ৰমণ হোৱা, কুকুৰে কমোৰা আদি ।

প্ৰদূষিত পানীগ্ৰহণ কৰাৰ ফলত মানুহৰ দেহত বেক্টেৰিয়া, ভাইৰাচ বা আন পৰাশ্ৰয়ী জীৱৰ প্ৰবেশ ঘটে যাৰ ফলত ব্যক্তিজন ৰোগক্ৰান্ত হয় । ভালকৈ উতলোৱা, পৰিস্কাৰ পাত্ৰত ভালদৰে ৰখা, ফিল্টাৰ কৰা পানী সেৱন কৰি এই ৰোগসমূহৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি । লগতে খোৱা বস্তু মাখিয়ে যাতে স্পৰ্শ কৰিব নোৱাৰে তালৈকো চকু দিয়াটো বাঞ্চনীয় । গৰম কালত বাহী খাদ্য পৰাপক্ষ্যত গ্ৰহণ নকৰাই মংগলজনক । কৃমি, জিয়াৰদিয়া, টাইফয়েড আদি ৰোগ আকৌ পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱতো বিয়পে । ৰোগক্ৰান্ত এজন ব্যক্তিয়ে শৌচ কৰি ভালদৰে চাবনেৰে হাত-মূখ ভৰি নুধুই আনৰ খোৱা জল বা খাদ্য স্পৰ্শ কৰিলে তেওঁৰ ৰোগ আনলৈ বিয়পাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিয়ে । মহৰ যোগেদি বিয়পা ৰোগসমূহো বিপদজনক । এডিচ মহে চিকেনগুনিয়া ভাইৰাচ সুস্থ মানুহৰ শৰীৰলৈ বিয়পাই চিকেনগুনিয়া ৰোগ কৰে । এই ৰোগত জ্বৰৰ ওপৰিও ভীষণ গাঠিৰ বিষ, ছালত বসন্তৰ দৰে সৰু সৰু ৰঙীন পানীজ্বলা উঠা, মূৰ বিষ বমি আদি লক্ষণে দেখা দিয়ে । অসমত চিকেনগুনিয়া ৰোগী দেখা পোৱা হোৱা নাই । কিন্তু আজিৰ জেট যুগত ৰোগ ইঠাইৰ পৰা সিঠাইলৈ বিয়পিব সময় নালাগে । মালদ্বীপত কৰ্মৰত অৱস্থাত এই লিখকৰো এবাৰ চিকেনগুনিয়া, এবাৰ ডেংগু ৰোগত ভোগাৰ অভিজ্ঞতা হৈছিল । ডেংগু হৈ মোৰ তেজত বিপদজনকভাবে প্লেটলেট কমি যোৱাত সহকৰ্মী পাকিস্তানী ডাক্তৰ ইমৰাণ হাচানে ৰক্তদান কৰি মোৰ জীৱন ৰক্ষা কৰিছিল । সুসম্পৰ্ক বৰ্তাই ৰখা ডা° ইমৰাণ এতিয়াও মালদ্বীপৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত । মহৰ যোগেদি বিয়পা ৰোগসমূহত সময়মতে চিকিৎসা নাপালে ৰোগী মৃত্যুমুখীও হব পাৰে । অসমতো আজিকালি ডেংগুৰোগৰ প্ৰাৰ্দূভাৱ বৃদ্ধিপোৱা পৰিলক্ষিত হৈছে । চৰকাৰী জনস্বাস্থ্য সুৰক্ষা আঁচনিৰ ব্যৰ্থতা, নগৰপালিকাৰ নলা-নৰ্দমা পৰিস্কাৰ কৰি ৰখাত ব্যৰ্থতা আদি মূল কাৰণতেই এনে হৈছে । লগতে যিকোনো ৰোগ নিৰ্মূল কৰিবলৈ স্বাস্থ্যশিক্ষাৰো অতি প্ৰয়োজনীয়তা আছে । মেলেৰিয়া আৰু ডেংগুৰ ওপৰত আগতে অকবত লিখা মেলা হোৱা হেতুকে সদ্যহতে তাৰ বিতং চৰ্চা বাদ দিলোঁ । গ্ৰীষ্মকালত চকুৰ অসুখ জয়বাংলা অতি কমন, একেলগে পৰিয়ালৰ বা চুবুৰীৰ কেইবাজনকো আক্ৰান্ত হোৱা দেখা যায় । চকুৰ অসুখ নিবিয়পিবলৈ একেবাৰে সহজ উপায় হ’ল- হাতখন ভালকৈ ধুই পৰিস্কাৰ নকৰাকৈ কোনো কাৰণতে নিজৰ চকু স্পৰ্শ নকৰিব । চকুৰ অসুখ হোৱা ৰোগীৰ কাপোৰ, কিতাপ, চচমা বা আন কোনো বস্তুৱেই নুচুব ।

কেৱল গৰমৰ যোগেদি হোৱা ৰোগসমূহৰ বিষয়ে কিছু চৰ্চা আগবঢ়াম-

 

মানৱ দেহত ৭২শতাংশ পানীৰে গঠিত । দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত পুৰুষে তিনি লিটাৰ আৰু মহিলাই আঢ়ৈ লিটাৰ পানী খোৱাটো আৱশ্যকীয় । আমাৰ শৰীৰৰ পৰা পানী সচৰাচৰ নিৰ্গত হয় মল মূত্ৰ, ঘাম আৰু চৰ্মৰ মাধ্যমেৰে । কিন্তু বহুত সময় গৰমকালৰ ৰ’দত শ্ৰম কৰিলে ডিহাইড্ৰেচন হব পাৰে । ডিহাইড্ৰেচনৰ মূল কাৰণসমুহ হল- ডায়েৰিয়া বা হাগনি, বমি, বেছিকৈ ঘমা, বহুমূত্ৰ বা ডায়েবেটিজ, জুইত দগ্ধ হোৱা, পৰিস্থিতিবশতঃ পানী কমকৈ খোৱা । ডিহাইড্ৰেচনৰ ঘাই লক্ষণ সমূহ হল- পিয়াহ বেছিকৈ লগা, প্ৰসাৱ কমকৈ হোৱা আৰু ছাল মুখ শুকাই যোৱা । ডিহাইড্ৰেচনৰ চিকিৎসা হল বিশুদ্ধ পানী আৰু অৰেল ৰিহাইড্ৰেচন পাউদাৰ (ORS)। মদ বা কেফেইনযুক্ত পদাৰ্থ (চাহ, কফি) কেতিয়াও ইয়াৰ বিকল্প হব নোৱাৰে । ডাবৰ পানী, চেনি নিমখ মিহলোৱা নেমু-কমলাৰ ৰস ৰিহাইড্ৰেচন পাউদাৰৰ বিকল্প হব পাৰে । ডিহাইড্ৰেচনৰ ফলত হব পৰা জটিলতা সমূহ হল : কিডনি বিকল হোৱা, ক’মা বা শ্বক, হিট-ষ্ট্ৰোক, ইলেকট্ৰলাইটৰ অনিয়ম হোৱা । গৰমত পৰ্যাপ্ত সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈ কাম কৰিলে পোনতে মাংসপেশী বিষ (Heat-cramp) হব । ইয়াৰ পৰবৰ্তী পৰ্য্যায়ত হিট এস্কাষ্টচন (Heat Exhaustion) আৰু হিট ষ্ট্ৰোক (Heat Stroke) হব পাৰে । হিট এস্কাষ্টচনৰ লক্ষণ হল – শৰীৰৰ তাপমাত্ৰা ৪০ডিগ্ৰী চেন্টিগ্ৰেড (১০৪ ডিগ্ৰী ফাৰেনহাইট) লৈ বৃদ্ধি পোৱা, হৃদগতি ক্ষিপ্ৰ হোৱা, উশাহ নিশাহত কষ্ট হোৱা, ঘাম শুকাই বা নোলোৱা, অস্বাভাৱিক ব্যৱহাৰ (যেনে ভ্ৰম, ৰাগ হোৱা, হেল্যুচিনেচন হোৱা আদি), ফিট হোৱা বা মূৰ্চ্ছা যোৱা । চৰম অৱস্থাত হিট ষ্ট্ৰোক হোৱাৰ সময়ত দেখা যাব শৰীৰৰ তাপমান ১০৫ ডিগ্ৰী ফাৰেনহাইট হোৱা সত্বেও ঘাম নোলায়, অতিপাত মূৰৰ বিষ, মূৰঘুৰণি, ওকালি আৰু বমি, কষ্টকৰ নিশ্বাস আৰু সংজ্ঞা হেৰোৱা । হিট-ষ্ট্ৰোক হল এক অতি জৰুৰীকালিন অৱস্থা ।

ডিহাইড্ৰেচনলৈ দীঘলীয়া সময়ৰ বাবে গৰম বতৰত কৰ্মৰত হ’লে মস্তিষ্কই কাম নকৰা হৈ পৰে, শৰীৰৰ শীত তাপ নিয়ন্ত্ৰণ কৰা ব্যৱস্থাটো বিকল হৈ পৰে আৰু খৰতকীয়াকৈ উপযুক্ত চিকিৎসা নাপালে ৰোগী মৃত্যু মুখত পৰে । এম্বুলেঞ্চ নহালৈকে ৰোগীৰ লবলগীয়া ব্যৱস্থাসমূহ হল – ৰোগীজনক ভৰি ওখ কৰি ৰাখি শুৱাই দিয়ক, ফেন বা বিচনিৰে বতাহ দিয়ক, চেচা তিতা কাপোৰেৰে গা মচি থাকক, সম্ভৱপৰ হলে কাষলতি, ডিঙি, কৰঙণ আদিত বৰফৰ পেক দিয়ক ।
গ্ৰীষ্মকালত পৰাপক্ষ্যত গাত লিপিত খাই নধৰা পাতল ৰঙৰ পাতল কপাহী কাপোৰ পিন্ধিব । ছাতি, টুপী, ছানগ্লাচ আদি পৰাপক্ষ্যত ব্যৱহাৰ কৰিব । বাহিৰলৈ ওলোৱাৰ আধা ঘন্টাৰ আগতে শৰীৰৰ উন্মুক্ত অংশত চান স্ক্ৰীণ লোচন ঘঁহিলে ছালখনে যথেষ্ট পৰিমাণে সকাহ পাব । গ্ৰীষ্মকালৰ খাদ্য পৰাপক্ষ্যত কিছু লঘু আহাৰ স্বাস্থ্যৰ বাবে উপযোগী । তাপ উৎপন্ন কৰা খাদ্য যেনে মাংস, কণী, গৰম মছলাৰ ব্যৱহাৰ কমাব । আমিষ ভোজীসকলে এই সময়ছোৱাত মাছক (বিশেষকৈ সৰু কমতেলী মাছ) নিজৰ খাদ্যত তালিকাভুক্ত কৰিব পাৰিলে ভাল । দৈ, লচ্চী, চৰবত, আদি বতৰৰ উপযোগী খাদ্য । ৰসাল ফল তৰমুজ, চিৰাল, তিঁয়হ, আম, অমিতা আদি ডিহাইড্ৰেচন ৰোধ কৰাত সহায়ক হয় । প্ৰকৃতিয়ে দিয়া বতৰৰ ফল লেতেকু, পনিয়ল, বগৰী, আমলখি, মধুৰি, ডালিম, নাচপতি আদিয়ে শৰীৰ শীতল ৰাখে । এই সময়ত ধৰিত্ৰীত মৰীচা, খুতুৰা, মানিমুনি, জিলমিল, মাটিকান্দুৰী, টেঙেচি, ঢেকীয়া আদি শাক প্ৰচুৰ পৰিমাণে উপলব্ধ হয় । বতৰৰ বতৰা বুজি প্ৰকৃতিৰ এই অমূল্য অৱদান সমূহ গ্ৰীষ্মকালৰ নিয়মীয়া খাদ্যৰ তালিকাৰ অন্তভুৰ্ক্ত কৰিব লাগে । এই শাক সমূহত প্ৰচুৰ ভিটামিন, লাগতিয়াল ট্ৰেচ এলিমেন্ট, এন্টি অস্কিডেন্ট, লৌহ পদাৰ্থ আদি থাকে । শৰীৰৰ ইমিউনিটি বঢ়োৱাত এইদৰে বতৰৰ শাক পাচলি সমূহ সহায়ক হয় ।
পৰিবেশ শুদ্ধ কৰি ৰাখিবলৈ ঘৰৰ পৰিষদৰ ভিতৰত অন্ততঃ এজোপা মহা নীমগছ থাকিলে ভাল । এনেয়ো বাতাবৰণৰ শীতলতা বজাই ৰাখিবলৈ ঘৰৰ আশেপাশে গছ-গছনিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। নীমপাত উতলোৱা পানীৰে বসন্ত বা আন গ্ৰীষ্মকালীন চৰ্মৰোগত ভোগাসকলে গা ধোৱাটো উপকাৰী ।

লেখক-ডা০ ভূপেন শইকীয়া

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top