বহুদিন বৰষুণ হোৱাৰ পিছত বৰ্তমান অতিপাত গৰমে দৈনন্দিন কাম-কাজ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। এই অভাৱনীয় গৰমে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰটো প্ৰভাৱ পেলাইছে। গৰমৰ দিনত বদহজমে অসুবিধাত পেলায়। বেছি জলা, মছলা আৰু তেল বা ঘিউ বেছিকৈ ব্যৱহাৰ কৰা খাদ্য সোৱাদ লগা হয় যদিও ই শৰীৰৰ বাবে উপকাৰী নহয়। এনে খাদ্য অত্যধিক পৰিমাণে গ্ৰহণ কৰিলে বদহজম হয় আৰু টেঙা উগাৰ আহে। পেটত গেছ হয়। গৰমত কষ্ট দিয়ে। সকলোৰে বদহজমৰ পৰিমাণ সমান নহয়।
কিছুমান ব্যক্তিয়ে যিকোনো বস্তু খালেই বদহজম হয় আৰু গেছ হয়। ইয়াৰ কাৰণ হ’ল- এইসকল ব্যক্তিৰ পাকস্থলীৰ বেৰত ‘হেলিকোবেক্টাৰ পাইলৰি’ নামৰ বেক্টেৰীয়া থাকে। এইবিধ বেক্টেৰীয়াই গেছ, বদহজমৰ সৃষ্টি কৰে।
বদহজম হোৱাত বিভিন্ন ধৰণৰ খাদ্যই সহায় কৰে। নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিলেও খাদ্য হজম নহয়। কেতিয়াবা বিষ নিৰাময় কৰিবলৈ খোৱা ঔষধেও বদহজম কৰিব পাৰে। তদুপৰি সকলোৰে বদহজমৰ কাৰণ বেলেগ বেলেগ। কাৰোবাৰ যদি টেঙা খালে বদহজম হয়, কাৰোবাৰ মিঠা খালে বদহজম হয়। বহুতে শুকান ৰুটি খাব নোৱাৰে, গেছ হয়। আজিকালি মানুহে ব্যস্ততাৰ বাবে নাইবা সোৱাদৰ বাবে ফাষ্টফুড ব্যৱহাৰ কৰে। সঘনাই ফাষ্টফুড খোৱা ব্যক্তি সহজে বদহজমৰ চিকাৰ হয়।
বদহজমৰপৰা ৰক্ষা পাবলৈ গৰমৰ দিনত যিমান পৰা যায় শাক-পাচলি, ছালাড, দাইল আদি খাব লাগে। মাছ, মাংখ আৰু কণীৰ ব্যৱহাৰ কমকৈ কৰিব লাগে। বেছি মছলাযুক্ত বা তেল বা ঘিউ অধিক ব্যৱহাৰ কৰা খাদ্য কমাই খাব লাগে। চাহ বা কফি সেৱনতকৈ ফলৰ ৰস বেছিকৈ খাব লাগে। ৰাস্তাৰ দাঁতিত থকা, বহু সময় আগেয়ে কটা ফল অৱশ্যে খাব নালাগে। এই ফলত বীজাণু থকাৰ আশংকা থাকে। এনেয়ো বহু সময়ৰ আগেয়ে কটা ফল শৰীৰৰ বাবে উপকাৰী নহয়।
গৰমত বহুতে শৰীৰ চেঁচা কৰিবলৈ বজাৰত পোৱা ক’লড ড্ৰিংকছ খায়। ই শৰীৰৰ বাবে ঘাতক আকৌ গুৰুপাকী খাদ্য খোৱাৰ পিছত ক’লড ড্ৰিংকছজাতীয় পানীয় খাই হজম কৰিব বিচাৰে। কিন্তু এই পানীয়ই নিজেই বদহজম সৃষ্টি কৰাৰ গুৰি। গতিকে এনে ধৰণৰ পানীয় সেৱন কৰাৰ সলনি ডাবৰ পানী খোৱাহে উচিত। ই শৰীৰ শীতল কৰাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী।
লেখক: ললিতা শৰ্মা লহকৰ(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 2/22/2024