মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ঘূৰণীয়া পেলুৱে কৰিব পাৰে সৰ্বনাশ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘূৰণীয়া পেলুৱে কৰিব পাৰে সৰ্বনাশ :

ঘূৰণীয়া পেলুৱে কৰিব পাৰে সৰ্বনাশৰ বিষয়ে লিখা হৈছে ।

 

আমি নভবা-নিচিন্তাকৈ থকা অৱস্থাত ঘূৰণীয়া পেলুবিধে শৰীৰৰ বিভিন্ন কোষ্ঠত মনে মনে প্রৱেশ কৰি সর্বনাশ সাধে। ঘূৰণীয়া পেলু হৈছে মানুহৰ শৰীৰত আশ্রয় গ্রহণ কৰা পৰজীৱী। ই শৰীৰত প্ৰৱেশ কৰাৰ লগে লগেই ৰোগ উৎপত্তি নকৰে। ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিহে পৰজীৱী সংক্রমিত হয়। সেয়েহে একে পৰিৱেশত একে জাতীয় পৰজীৱী থকা সত্ত্বেও সকলো ব্যক্তি ঘূৰণীয়া পেলুৰ দ্বাৰা আক্রান্ত নহয়।

ঘূৰণীয়া পেলু (Roundworm) দেখাত কেঁচুৰ দৰে, বগা বৰণৰ আৰু প্রায় ৪-১২ ইঞ্চি দীঘল। শৌচ কৰোঁতে শৌচৰ লগত এই ঘূৰণীয়া পেলুৰ কণী বাহিৰলৈ ওলাই আহে। এই কণীৰ পৰা সংক্রমণ নহয়। মাটিত থকা নিষোচিত কণীবোৰ ২-৩ সপ্তাহৰ পাছত ফাটি শূক (Larvae) ওলাই আহে। উশাহ-নিশাহৰ সময়ত দূষিত বতাহত থকা শূকবোৰ আৰু কেতিয়াবা দূষিত অহাৰ খাওঁতে শূকবোৰ ভিতৰলৈ প্ৰৱেশ কৰি ক্ষুদ্রান্তৰ ডিঅ’ডেনামত থিতাপি লয়। শূকবোৰ ক্ৰমান্বয়ে ক্ষুদ্রান্তৰ বেৰৰ মাজেৰে গতি কৰি তেজৰ লগত মিলি হাঁওফাঁওলৈ গতি কৰে আৰু প্রায় ৮-১০ দিন তাতেই থাকে। পাছত পুনৰ খাদ্য নলীৰে বগাই আহি খাদ্য নলীৰে অন্ত্রলৈ প্ৰৱেশ কৰে। অন্ত্রত সূক্ষ্ম শূকবোৰ ডাঙৰ হৈ পূৰঠ পেলুলৈ পৰিৱর্তন হয়।

ঘূৰণীয়া পেলুৰ শূকবোৰৰ অধিকাংশ অন্ত্ৰত থিতাপি লয়। আৰু কিছুসংখ্যকে এপেণ্ডিক্স, গলব্লাডাৰ, লিভাৰ, পেংক্রিয়াছ, হাঁওফাঁওত থিতাপি লৈ ৰোগীৰ অৱস্থা শোচনীয়া কৰে।

ঘূৰণীয়া পেলুৰ স্থিতিভেদে তলত বর্ণনা কৰা হ’ল -

অন্ত্ৰত থিতাপি ল’লে -

ঘূৰণীয়া পেলুৰ শূকবোৰ আহি অন্ত্ৰত থিতাপি লোৱাৰ পাছত ডাঙৰ আৰু পূৰঠ হ’বলৈ ধৰিলে কিছুমান লক্ষণ প্রকাশ পায়। পেলুৰ কাৰণে পেট ফুলে আৰু বিষায়, ওকালি, বমি, অৰুচি, অজীৰ্ণতা, মুখেৰছ পানী ওলোৱা, দাঁত কৰকৰাই থকা বা হঠাতে জিকাৰ খাই উঠা, নাক আৰু গুহ্যদ্বাৰ পিৰপিৰাই থকা, উশাহ-নিশাহত দুৰ্গন্ধ পোৱা, এলার্জি, ৰক্তহীনতা আদি লক্ষণ দেখা পোৱা যায়। অন্ত্ৰৰ বেৰ কামুৰি তেজ শোষণ কৰা বাবে সঘনাই ৰক্তহীনতা হয়। কেতিয়াবা ৰোগীক তেজ দিবলগীয়া হয়। কিন্তু তেজ দিয়াৰ দুদিনমান পাছতে পুনৰ ৰক্তহীনতা হয়। তদুপৰি অন্ত্ৰৰ অন্তৰ্ৱতী বেৰ কামুৰি ক্ষত-বিক্ষত কৰাৰ পৰিপ্ৰেক্ষিতত ৰক্তক্ষৰণ হৈ শৌচৰ লগত তেজ মিহলি হয় বাবে মেলিনা হোৱা বুলি ভাবে। পেলুৰ দেহৰ পৰা নিঃসৰণ হোৱা দূষিত পদার্থ তেজৰ লগত মিহলি হোৱাৰ ফলত এলাৰ্জি আৰু খজুৱতি হয়। বেছিকৈ পেলু থাকিলে অন্ত্ৰ অৱৰোধ কৰি ৰোগীৰ অৱস্থা জটিল কৰে। শৌচৰ লগত পূৰঠ পেলু নিৰ্গত হয়, কেতিয়াবা নাকে-মুখেৰে বাহিৰ হয়।

এপেণ্ডিক্সত থিতাপি ল’লে –

ঘূৰণীয়া পেলুৰ শূক উপাংগ বা এপেণ্ডিক্সত প্ৰৱেশ কৰি থিতাপি ল’লে এপেণ্ডিচাইটিছৰ লক্ষণ দেখা পোৱা যায়। প্রথম পর্যায়ত এপেণ্ডিক্স ফুলি বিষাবলৈ আৰম্ভ কৰে। দ্বিতীয় পর্যায়ত এপেণ্ডিক্সৰ ভিতৰত থকা শূকবোৰে কলা কামুৰি ক্ষত-বিক্ষত কৰি তেজ শোষণ কৰাৰ ফলত ঘা উৎপন্ন হয়। তৃতীয় পর্যায়ত এপেণ্ডিক্সৰ পচন আৰম্ভ হয় বাবে অন্ত্ৰাৱৰণ কলা, অন্ত্ৰ আৰু তলপেটৰ বেৰ আদি আঠা খাই লাগি ধৰে। কেতিয়াবা ব্ৰণৰ বাবে এপেণ্ডিক্সত ফুটা হয়। এই ফুটাইদি ৰোগৰ বীজাণু, মল, পূঁজ আদি অন্ত্ৰাৱৰণ কলালৈ প্ৰৱেশ কৰি অন্ত্রৱাৰণ কলা শোথ উৎপন্ন কৰে। নাভি আৰু সোকৰংগৰ ওচৰত বিষায়, স্পর্শ কৰিলে বিষ বাঢ়ে। আভোক, অৰুচি, কোষ্ঠকাঠিন্য, বমি, জিভা শুকোৱা, নাড়ীগতি বৃদ্ধি, জ্বৰ ভাৱ বা জ্বৰ, এলার্জি বা খজুৱতি আদি লক্ষণ দেখা পোৱা যায়।

 

অগ্নাশয়ত থিতাপি ল’লে -

ঘূৰণীয়া পেলুৰ শূকবোৰ অগ্নাশয় বা পেংক্রিয়াছত প্ৰৱেশ কৰিলে অগ্নাশয় ফুলি বিষাবলৈ ধৰে। ইয়াক পেঙক্রিয়াটাইটিছ বোলা হয়। আহাৰ খোৱাৰ পাছত বগা বৰণৰ হয়, খোৱাৰ প্ৰতি অনিচ্ছা, দুর্বল, অৱশ, ওপৰ পেটৰ সোঁকাষত বিষ, উশাহ-নিশাহত যকৃতৰ বিষ বাঢ়ে, হালধীয়া পেছাব, সামান্য জ্বৰ আৰু কামলা বা জণ্ডিচৰ লক্ষণ দেখা যায়।

 

পিত্তাশয়ত থিতাপি ল’লে -

ঘূৰণীয়া পেলুৰ শূকবোৰ পিত্তনলীৰে পিত্তাশয় বা গলব্লাডাৰত প্ৰৱেশ কৰাৰ পাছত পিত্তাশয় শোথ (Cholecystitis) হয়। ওপৰ পেটত সোঁফালে বিষ হয়, ক্ৰমে এই বিষ পিঠি আৰু কান্ধলৈকে বিস্তাৰিত হয়। বিষ কেতিয়াবা কম আৰু কেতিয়াবা বেছিকৈ হয়। বুকু জ্বলা-পোৰা কৰে, পেট ফুলে, ওকালি আৰু বমি হয়, খোৱা বস্তু হজম নহয়, টেঙা পানী আহে, ঠাণ্ডা অনুভৱ হোৱাৰ উপৰি নাড়ীৰ গতি দুর্বল হয়। এই ৰোগৰ লক্ষণসমূহ গলব্লাডাৰ ষ্টনৰ সৈতে এক। সেয়েহে ৰোগ নির্ণয়ৰ বাবে আলট্ৰা ছন’গ্ৰাফী কৰিব লাগে। পিত্তাশয়ত ঘূৰণীয়া পেলু থাকিলে ভুলতে গলব্লাডাৰ ষ্টনৰ অস্ত্রোপচাৰ কৰাৰ সম্ভাৱনা থাকে।

হাঁওফাঁওত থিতাপি ল’লে -

ঘূৰণীয়া পেলুৰ শূকবোৰ হাঁওফাঁওৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত এলভিঅলাত থিতাপি লয়। স্থানৰ অভাৱৰ কাৰণে ডাঙৰ হ’বলৈ সুবিধা নাপায়। শূকবোৰৰ দেহৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদার্থৰ বাবে এলাৰ্জি, খজুৱতি আদি হোৱাৰ উপৰি কাহ, শ্বাসকষ্ট, উশাহ-নিশাহৰ সময়ত বাঁহীৰ মাতৰ দৰে শব্দ হাঁওফাঁও অথবা শ্বাসনলীত উৎপত্তি হয়। জ্বৰ ভাব থাকে আৰু মাজে-সময়ে জ্বৰ উঠে। এই লক্ষণ বিশিষ্ট পর্যায়ক এছকাৰিছ নিউমোনাইটছ (ascaris pneumonitis) বোলা হয়। ইয়াৰ পাছৰ পৰ্যায়ত শূকবোৰে হাঁওফাঁওৰ বায়ুকোষৰ (alveoli) বেৰৰ পৰা তেজ শুহি খাবলৈ আৰম্ভ কৰে। ফলস্বৰূপে বায়ুকোষৰ বেৰ ক্ষত-বিক্ষত হৈ তেজ ওলায়। ৰোগীৰ স্বাস্থ্যৰ অৱনতি হয়। কাহ মাৰিলে তেজ মিহলি কফ ওলায়। যক্ষ্মা ৰোগৰ সৈতে এই ৰোগৰ সাদৃশ্য প্ৰায়েই একে। পৰীক্ষা কৰিলে যক্ষ্মা ৰোগীৰ কফত যক্ষ্মা বীজাণু পোৱা যায় আৰু তেজৰ ই এছ আৰ বাঢ়ে। আনহাতে, হাঁওফাও ঘূৰণীয়া পেলুত আক্রান্ত ৰোগীৰ কফত শূক পোৱা যায় আৰু তেজৰ ই অচিন ’ফিল বাঢ়ে। হাঁওফাঁওত ঘূৰণীয়া পেলু হোৱা ৰোগীক কেতিয়াবা ভুলতে যক্ষ্মা ৰোগৰ চিকিৎসা কৰা হয়।

আহাৰ-বিহাৰ -

সদায় ভালদৰে হাত-মুখ ধুই আহাৰ খাব লাগে। কেঁচা শাক-পাচলি ৰন্ধাৰ আগতে ভালদৰে ধুই ল’ব লাগে। দূষিত মাছ, মাংস নাখাব আৰু মাজে-সময়ে তিতা খাব লাগে। তিতাকেৰেলা, সোকোতা তিতা, তিতা ভেকুৰী, তিতা ফুল, শেৱালি পাত খাব লাগে। চিৰতা, মদাৰ গছৰ বাকলি আৰু মহানিমৰ বাকলি সমপৰিমাণে প্রায় ১০ গ্রাম এগিলাচ গৰম পানীত ডুবাই ৰাখি ৰাতিপুৱা খালে পেলু মৰাৰ উপৰি তেজ পৰিষ্কাৰ হয়, এলাৰ্জি আৰু খজুৱতি উপসম হয়। আনাৰস গছৰ কুমলীয়া পাতৰ ৰস দুচামুচকৈ দিনে দুবাৰ তিনি দিন খালে পেলু মৰে। ছমাহৰ অন্তৰত এবাৰ সকলোৱে পেলুৰ ঔষধ খোৱাটো বাঞ্ছনীয়।

আয়ুৰ্বেদিক ঔষধ -

বিৰংগাদি লৌহ: দুটাকৈ দিনে তিনিবাৰ এসপ্তাহ খালে পেলু মৰাৰ উপৰি তেজ পৰিষ্কাৰ নোহোৱা হয়।

কৃমি কুঠাৰ নাইবা কৃমি মুদ্‌গৰ ৰস— দুটাকৈ দিনে তিনিবাৰ এসপ্তাহ খাব।

 

লিখক: ডা: মনোজ কুমাৰ শইকীয়া, দৈনিক জনমভূমি।

2.95454545455
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top