মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ঘূৰণীয়া পেলুৱে কৰিব পাৰে সৰ্বনাস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘূৰণীয়া পেলুৱে কৰিব পাৰে সৰ্বনাস :

ঘূৰণীয়া পেলুৱে কৰিব পাৰে সৰ্বনাসৰ বিষয়ে লিখা হৈছে ।



আমি নভবা নিচিন্তাকৈ থকা অৱস্থাত ঘূৰণীয় পেলুবিধে শৰীৰৰ বিভিন্ন কোষ্ঠত মনে মনে প্ৰবেশ কৰি সৰ্বনাস সাধে।এই ঘূৰণীয়া পেলু হৈছে মানুহৰ শৰীৰত আশ্ৰয় গ্ৰহণ কৰা পৰজীৱি। ই শৰীৰত প্ৰৱেশ কৰাৰ লগে লগেই ৰোগ উৎপত্তি নকৰে।ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিহে পৰজীৱি সংক্ৰমনিত হয়‌। সেয়েহে একে পৰিবেশত একে জাতীয় পৰজীৱি থকা সত্ত্বেও সকলো ব্যক্তি ঘূৰণীয়া পেলুৰ দ্বাৰা আক্ৰান্ত নহয়।
ঘূৰণীয়া পেলু (Round worm) দেখাত কেঁচুৰ দৰে , বগা বৰণৰ আৰু প্ৰায় ৪-১২ ইঞ্চি দীঘল।শৌচ কৰোঁতে শৌচৰ লগত এই ঘূৰণীয়া পেলুৰ কণী বাহিৰলৈ ওলাই আহে। এই কণীৰ পৰা সংক্ৰমন নহয়। মাটিত থকা নিষেচিত কণীবোৰ ২-৩ সপ্তাহৰ পিছত ফাটি শূক (Larvae) ওলাই আহে। উশাহ-নিশাহৰ সময়ত দূষিত বতাহত থকা শূকবোৰ আৰু কেতিয়াবা দূষিত আহাৰ খাওতে শূকবোৰ ভিতৰলৈ প্ৰৱেশ কৰি ক্ষুদ্ৰান্ত্ৰৰ ডিওডেনামত থিতাপি লয়। শূকবোৰ ক্ৰমান্বয়ে ক্ষুদ্ৰান্ত্ৰৰ বেৰৰ মাজেৰে গতি কৰি তেজৰ লগত মিলি হাওঁফাওঁলৈ গতি কৰে আৰু প্ৰায় ৮-১০ দিন তাতেই থাকে। পিছত পুণৰ খাদ্য নলীৰে বগাই আহি খাদ্য নলীৰে অন্ত্ৰলৈ প্ৰৱেশ কৰে। অন্ত্ৰত সুক্ষ্ম শূকবোৰ ডাঙৰ হৈ পুৰথ পেলুলৈ পৰিৱৰ্তন হয়।
ঘূৰণীয়া পেলুৰ শূকবোৰৰ অধিকাংশ অন্ত্ৰত থিতাপি লয় আৰু কিছু সংখ্যাকে এপেণ্ডিক্স, গলব্লাডাৰ,লিভাৰ, পেঙৃক্ৰিয়াছ,হাওঁফাওঁত থিতাপি লৈ ৰোগীৰ অৱস্থা শোচনীয় কৰি তোলে। তলত ঘূৰণীয়া পেলুৰ স্হিতিভেদে বৰ্ণনা কৰা হল।
(১)পেলু অন্ত্ৰত থিতাপি ললে

ঘূৰণীয়া পেলুৰ শূকবোৰ আহি অন্ত্ৰত থিতাপি লোৱাৰ পিছত ডাঙৰ আৰু পূৰঠ হ'বলৈ ধৰিলে কিছুমান লক্ষ্যণ প্ৰকাশ পায়। পেলুৰ কাৰণে পেট ফুলে আৰু বিষায়, ওকালি, বমি, অৰুচি ,অজীৰ্ণতা, মুখেৰছ পানী ওলোৱা ,পাতল শৌচ ,ৰাতি শুই থাকোতে দাঁত কৰকৰাই থকা বা হঠাতে জিকাৰ খাই উঠা , নাক আৰু গুহ্যদ্বাৰয পিৰপিৰাই ৰকা , উশাহ-নিশাহত দূৰ্গন্ধ পোৱা, এলাৰ্জী , ৰক্তহীনতা আদি লক্ষণ দেখা পোৱা যায়। অন্ত্ৰ বেৰৰ কামূৰি তেজ শোষণ কৰা বাবে সঘনাই ৰক্তহীনতা হয় । কেতিয়াবা ৰোগীক তেজ দিবলগীয়া হয়। কিন্তু তেজ দিয়াৰ দুদিনমান পিছতে পুণৰ ৰক্তহীনতা হয়। তাৰোপৰি অন্ত্ৰৰ অন্তৱৰ্তী বেৰ কামুৰি ক্ষত-বিক্ষত কৰাৰ পৰিপ্ৰেক্ষিতত ৰক্তক্ষৰণ হৈ শৌচৰ লগত তেজ মিহলি হয় বাবে মেলিনা হোৱা বুলি ভাবে। পেলুৰ দেহৰ পৰা নিসৰণ হোৱা দূষিত পদাৰ্থ তেজৰ লগত মিহলি হোৱাৰ ফলত এলাৰ্জী আৰু খজূৱতী হয় । বেছিকৈ পেলু থাকিলে অন্ত্ৰ অৱৰোধ কৰি ৰোগীৰ অৱস্থা জটিল কৰি তোলে। শৌচৰ লগত পূৰঠ পেলু নিৰ্গত হয় , কেতিয়াবা নাকে-মুখেৰে বাহিৰ হয় ।
(২) পেলু এপেণ্ডিক্সত থিতাপি ললে

ঘূৰণীয়া পেলুৰ শূক উপাঙ্গ বা এপেণ্ডিক্সত প্ৰবেশ কৰি থিতাপি ললে এপেণ্ডিছাইটিছৰ লক্ষণ দেখা পোৱা যায়। প্ৰথম পৰ্যায়ত এপেণ্ডিক্স ফুলি বিষাবলৈ আৰম্ভ কৰে। দ্বিতীয় পৰ্যায়ত এপেণ্ডিক্সৰ ভিতৰত থকা শূকবোৰে কলা কামূৰি ক্ষত-বিক্ষত কৰি তেজ শোষণ কৰাৰ ফলত ঘা‌ উৎপন্ন হয়। তৃতীয় পৰ্যায়ত এপেণ্ডিক্সৰ পচন আৰম্ভ হয় বাবে অন্ত্ৰাৱৰণ কলা , অন্ত্ৰ আৰু তলপেটৰ বেৰ আদি এঠাখাই লাগি ধৰে। কেতিয়াবা ব্ৰণৰ বাবে এপেণ্ডিক্সত ফুটা হয়। এই ফুটাইদি ৰোগৰ বীজাণু, মল, পূজ আদি অন্ত্ৰাবৰণ কলালৈ প্ৰবেশ কৰি অন্ত্ৰাবৰণ কলা শোথ(peritonitis) উৎপন্ন কৰে। নাভি আৰু সোকৰঙ্গৰ ওচৰত বিষাই ,স্পৰ্শ কৰিলে বিষ বাঢ়ে । আভোক, অৰুচি, কোষ্ঠকাঠিন্য , বমি, জিভা শুকুৱা ,নাড়ীগতি বৃদ্ধি, জ্বৰ ভাৱ বা জ্বৰ ,এলাৰ্জী বা খজূৱতী আদি লক্ষণ সমূহ দেখা পোৱা যায়।
(৩) পেলু অগ্ণাশয়ত থিতাপি ললে

ঘূৰণীয়া পেলূৰ শূকবোৰ অগ্ণাশয় বা পেঙৃক্ৰিয়াছত প্ৰৱেশ কৰিলে অগ্ণশয়ত ফুলি বিষাবলৈ ধৰে। ইয়াক পেঙক্ৰিয়াটাইটিচ বোলাহয়। আহাৰ খোৱাৰ পিছত উচ পিচনি লাগে , ৰাতিপুৱাই ভৰদি শৌচ কৰিব লাগে , প্ৰায়েই কোষ্ঠকাঠিনতা হৈ থাকে যদিও মাজে সময়ে পাতল।শৌচ হয় । খোৱা খাদ্য হজম নহয় , এলাৰ্জি, পেটত খামুচিয়া বিষ , খোৱাৰ প্ৰতি অনিচ্ছা, বমিভাৱ ইত্যাদি লক্ষণ দেখা যায়।
(৪) পেলু যকৃতত থিতাপি ললে

ঘূৰণীয়া পেলুৰ শূকবোৰ ৰক্তসঞ্চালনৰ জৰিয়তে যকৃতত থিতাপি লোৱাৰ পিছত যকৃত আক্ৰান্ত হয়। কেতিয়াবা লক্ষণ সমূহ তীব্ৰধৰণৰ আৰু কেতিয়াবা লক্ষণ সমূহ লাহে লাহে প্ৰকাশ পায়‌। যকৃত বাঢ়িবলৈ ধৰে , ওকালি, বমিভাৱ, পাতল শৌচ , শৌচ কলা আৰু মাজে সময়ে বগা বৰণৰ হয়, খোৱাৰ প্ৰতি অনিচ্ছা, দূৰ্বল , অৱশ, ওপৰ পেটৰ সোকাষত বিষ,উশাহ-নিশাহত যকৃতৰ বিষ বাঢ়ে, হালধীয়া পেচাব , সামান্য জ্বৰ , আৰু কামলা বা জণ্ডিচ লক্ষণ দেখা যায়।
(৫) পেলু পিত্তাশয়ত থিতাপি ললে

ঘূৰণীয়া পেলুৰ শূকবোৰ পিত্তনলীৰে পিত্তাশয় বা গলব্লাডাৰত প্ৰৱেশ কৰাৰ পিছত পিত্তাশয় শোথ (cholecystitis) হয়। ওপৰ পেটত সোফালে বিষ হয় , ক্ৰমে এই বিষ পিঠি আৰু কান্ধলৈকে বিস্তাৰিত হয়। বিষ কেতিয়াবা কম আৰু কেতিয়াবা বেছিকৈ হয়। বুকু জ্বলা-পোৰা কৰে, পেট ফুলে ,ওকালি আৰু বমি হয়, খোৱা বস্তু হজম নহয়, টেঙা পানী আহে , ঠাণ্ডা অনুভৱ হোৱাৰ উপৰিও নাড়ী গতি দূৰ্বল হয়। এই ৰোগৰ লক্ষণসমূহ গলব্লাডাৰ ষ্টনৰ সৈতে একে । সেয়েহে ৰোগ নিৰ্ণয়ৰ বাবে আলট্ৰা চন'গ্ৰাফীৰ কৰিব লাগে। পিত্তাশয়ত ঘূৰণীয়া পেলু থাকিলে ভূলতে গলব্লাডাৰ ষ্টনৰ অস্ত্ৰোপচাৰ কৰাৰ সম্ভাৱনা থাকে।
(৬) পেলু হাওঁফাওঁত থিতাপি ললে

ঘূৰণীয়া পেলুৰ শূকবোৰ হাওঁফাওঁৰ ভিতৰত প্ৰবেশ কৰাৰ পিছত এলভিঅলাত থিতাপি লয়। স্হানৰ অভাৱৰ কাৰণে ডাঙৰ হবলৈ সুবিধা নাপায়। শূকবোৰৰ দেহৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থৰ বাবে এলাৰ্জী, খজুৱতি আদি হোৱাৰ উপৰিও কাহ, শ্বাসকষ্ট, উশাহ-নিশাহৰ সময়ত বাঁহী মাতৰ দৰে শব্দ হাওঁফাওঁ অথবা শ্বাসনলীত উৎপত্তি হয়। জ্বৰভাৱ থাকে আৰু মাজে সময়ে জ্বৰ উঠে। এই লক্ষণ বিশিষ্ট পৰ্যায়ক এচকাৰিচ নিউমোনাইটীছ (ascaris pneumonitis) বোলা হয়। ইয়াৰ পিছৰ পৰ্যায়ত শূকবোৰে হাওঁফাওঁৰ বায়ুকোষৰ (alveoli) বেৰৰ পৰা তেজশুহি খাবলৈ আৰম্ভ কৰে। ফলস্বৰূপে বায়ুকোষৰ বেৰ ক্ষত-বিক্ষত হৈ তেজ ওলায়। ৰোগীৰ স্বাস্থ্যৰ অৱনতি হয়। কাহ মাৰিলে তেজমিহলী কফ ওলায়। যক্ষ্মা ৰোগৰ সৈতে এই ৰোগৰ সাদৃশ্য পায়েই একে। পৰীক্ষা কৰিলে যক্ষ্মা ৰোগীৰ কফত যক্ষ্মা বীজাণু পোৱা যায় আৰু তেজৰ ই.এছ.আৰ. বাঢ়ে। আনহাতে হাওঁফাওঁ ঘূৰণীয়া পেলুত আক্ৰান্ত ৰোগীৰ কফত শূক পোৱা যায় আৰু তেজৰ ইঅচিনোফিল বাঢ়ে। হাওঁফাওঁত ঘূৰণীয়া পেলু হোৱা ৰোগীক কেতিয়াবা ভূলতে যক্ষ্মা ৰোগৰ চিকিৎসা কৰা হয়।
আহাৰ-বিহাৰ

সদায় ভালদৰে হাত-মূখ ধুই আহাৰ খাব লাগে। কেচা শাক-পাচলি ৰন্ধাৰ আগতে ভালদৰে ধুই লব লাগে। দূষিত মাছ ,মাংস নাখাব আৰু মাজেসময়ে তিতা খাব লাগে। তিতা কেৰেলা, সোকোতা তিতা,তিতা ভেকূৰী, তিতা ফুল,শেৱালি পাত খাব লাগে।চিৰতা, মদাৰ গছৰ বাকলি আৰু মহানিমৰ বাকলি সমপৰিমাণে প্ৰায় ১০ গ্ৰাম এগিলাচ গৰম পানীত ডুবাই ৰাখি ৰাতিপুৱা খালে পেলু মৰাৰ উপৰিও তেজ পৰিস্কাৰ হয় , এলাৰ্জী আৰু খজুৱতি উপসম হয়। আনাৰস গছৰ কুমলীয়া পাতৰ ৰস দুচামুচকৈ দিনে দুবাৰ তিনিদিন খালে পেলু মৰে। ছমাহৰ অন্ততৰত এবাৰ সকলোৱে পেলুৰ ঔষধ খোৱাটো বাঞ্ছনীয়।
আয়ুৰ্বেদিক ঔষধ

(১) বিৰঙ্গাদি লৌহ- দুটাকৈ দিনে তিনিবাৰ এসপ্তাহ খালে পেলু মৰাৰ উপৰিও তেজ পৰিস্কাৰ হয়, এলাৰ্জী আৰু খজূৱতী নোহোৱা হয়।
(২) কৃমি কুঠাৰ নাইবা কৃমি মুদ্গৰ ৰস - দুটাকৈ দিনে তিনিবাৰ এসপ্তাহ খাব।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top