মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকু সম্পৰ্কীয় সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চকু সম্পৰ্কীয় সমস্যা

লক্ষণঃ দৃষ্টিশক্তি কম আৰু বস্তু ভালদৰে দেখা নোপোৱা, ওচৰৰ আৰু দূৰৰ বস্তু দেখা পোৱাত কষ্ট হোৱা, দূৰৰ বস্তু ভালদৰে দেখা পোৱা কিন্তু ওচৰৰ বস্তু দেখা পোৱাত কষ্ট হোৱা, ওচৰৰ বস্তু ভালদৰে দেখা কিন্তু দূৰৰ বস্তু দেখা নোপোৱা, চকুত বিষ অনুভৱ বা চকু জ্বলা-পোৰা কৰা, চকুৰ পৰা পানী ওলোৱা, লিখা আৰু পঢ়াৰ সময়ত মূৰ গধুৰ লগা ইত্যাদি।

লক্ষণঃ দৃষ্টিশক্তি কম আৰু বস্তু ভালদৰে দেখা নোপোৱা, ওচৰৰ আৰু দূৰৰ বস্তু দেখা পোৱাত কষ্ট হোৱা, দূৰৰ বস্তু ভালদৰে দেখা পোৱা কিন্তু ওচৰৰ বস্তু দেখা পোৱাত কষ্ট হোৱা, ওচৰৰ বস্তু ভালদৰে দেখা কিন্তু দূৰৰ বস্তু দেখা নোপোৱা, চকুত বিষ অনুভৱ বা চকু জ্বলা-পোৰা কৰা, চকুৰ পৰা পানী ওলোৱা, লিখা আৰু পঢ়াৰ সময়ত মূৰ গধুৰ লগা ইত্যাদি।

কাৰণঃ ধোঁৱা বা ধূলি চকুত সঘনাই সোমোৱা, বহুত বেছি দেৰিলৈ একেলেথাৰিয়ে পঢ়া-শুনা কৰা, কম পোহৰত পঢ়া, সঘনাই চিনেমা চোৱা আদি, চকুৰ ওচৰত অতিমাত্ৰা প্ৰেছাৰ আদি বহুতো কাৰণত চকুৰ সমস্যাই দেখা দিয়ে।

চিকিৎসাঃ গোলাপ জলেৰে চকু ধোৱা, চকু পানীৰে পৰিষ্কাৰ কৰা, শীতকাৰী প্ৰাণায়াম বা শীতলী প্ৰাণায়াম, আয়মুদ্ৰা, সৰ্বাংগাসন, মৎস্যাসন, সিংহাসন, মকৰাসন, অৰ্ধ-মৎস্যেন্দ্ৰাসন, সহজ প্ৰাণায়াম নং ৩ আৰু ৭, ভ্ৰমৰী প্ৰাণায়াম আৰু ওম প্ৰাণায়াম।

দীৰ্ঘসময় লিখা-পঢ়া কৰা, চিনেমা চোৱা আদি কামত চকুত বেছি প্ৰেছাৰ নপৰে যদি চকুৰ পেশীৰ ওচৰত বেছি প্ৰেছাৰ দিয়া নাযায় অৰ্থাৎ সকলো কাম চকু প্ৰাকৃতিকভাৱে ঠিক থকাটো দৃষ্টি ৰাখি যদি কৰা যায়, ২-৪ ছেকেণ্ড প্ৰত্যেক তিনি বা চাৰি মিনিটৰ ভিতৰত চকু পতা জপাই চকু জিৰণি দিয়া যায়। ছাত্ৰ-ছাত্ৰীসকলে দৃষ্টিৰ অসুবিধা পাব পাৰে লিভাৰৰ দোষ থাকিলে আৰু সেই ক্ষেত্ৰত লিভাৰৰ যত্ন লোৱাটো দৰকাৰী আৰু চকুৰো। কোনো নিচা নকৰা, ব্ৰহ্মচৰ্য ৰক্ষা আদি ৰোগীৰ দৰকাৰ।

ৰোগীয়ে পুৱা সোনকালে উঠিব লাগে আৰু সূৰ্য উদয় হোৱা ৪-৫ মিনিট প্ৰত্যক্ষ কৰিব লাগে আৰু ৮-৯ বজাত সূৰ্যটো ৫-৬ মিনিটৰ বাবে চকু বন্ধ কৰি চাব লাগে। আৰু তাৰ পাছত হাত দুখন মোহাৰি চকুৰ পতাত লগাব লাগে, ছাঁত গৈ ১-২ মিনিটৰ বাবে চকু জিৰণি দিব লাগে আৰু তাৰ পাছত পানীৰে চকু দুটা ধুই দিব লাগে।

আয়ুৰ্বেদৰ মতে, বায়ু, অগ্নি আৰু বৰুণৰ কাৰ্যকাৰিতা ঠিক মতে নহ’লে চকুৰ সমস্যাই দেখা দিয়ে। সেয়ে আমি আমাৰ অমুল্য চকুযুৰিৰ ভালদৰে যত্ন ৰাখিব লাগে যাতে পৃথিৱীৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰি আমি শান্তি লাভ কৰিব পাৰো আৰু আমাৰ প্ৰয়োজনীয় কাম-কাজ নিয়াৰিকৈ কৰি যাব পাৰো।

(উৎসঃ অসমীয়া খবৰ, নন্দিতা দাস)।

3.21428571429
চিপুজিৎ চুতীয়া May 24, 2018 07:17 PM

চকুৰ পতা ফুলে লগতে পেট আৰু মুৰ বিষ হয়

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top