মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চকুৰ পৰীক্ষা কেনেকৈ কৰিব ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চকুৰ পৰীক্ষা কেনেকৈ কৰিব ?

চকুৰ পৰীক্ষা কেনেকৈ কৰিব? সেই বিষয়ে লিখা হৈছে ।

চকু এনেকুৱা ঠাইত দেখুৱাব লাগে-য’ত বিতংভাৱে পৰীক্ষা কৰা হয় । বিতংভাৱে পৰীক্ষা কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন । সেই কাৰণে সময় হাতত লৈহে চকু দেখুৱাবলৈ যাব লাগে । চিকিৎসকে সাধাৰণতে চকুৰ মণি বহল হোৱা এবিধ ঔষধ দি চকুৰ ভিতৰখন পৰীক্ষা কৰে । এই ঔষধৰ ক্ৰিয়া তিনি-চাৰি ঘণ্টা পৰ্যন্ত থাকে । সেই বাবে চকু দেখুৱাবলৈ যাওঁতে নিজে গাড়ী বা মটৰচাইকেল চলাই যাব নালাগে ।

চকুৰ পৰীক্ষা কৰা আগতে চিকিৎসকে ৰোগৰ বিৱৰণী আপোনাৰ পৰা সুধি ল’ব । অসুখৰ লগত জড়িত আন কিছুমান কথা, যিবোৰ হয়তো আপুনি প্ৰয়োজনীয় বুলি নাভাবিব পাৰে , চিকিৎসকে আপোনাক সুধিব । তাৰ বাবে আপুনি বিৰক্ত নহ’ব । উদাহৰণস্বৰুপে আপোনাৰ অতীতত চকুত বা গাত হোৱা আন বেমাৰৰ কথা সুধিব পাৰে । আপুনি হয়তো ভাবিব পাৰে যে মোৰ পুৰণা অসুখৰ কথা সুধি কি লাভ ? বৰ্তমান যি অসুখ হৈছে, তাৰ কথা সোধক । আচলতে ডাক্তৰী বিদ্যাটো সাধাৰণ মানুহে ভবাৰ দৰে পোন আৰু সৰল নহয় । বহুত যোগ-বিয়োগ, পূৰণ হৰণ কৰিহে একোজন চিকিৎসকে ৰোগ সম্পৰ্কে এটা স্থিৰ সিদ্ধান্তলৈ আহিব পাৰে। তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ অনুসন্ধানবোৰ তেখেতৰ কাৰণে যথেষ্ট তাৎপৰ্যপূৰ্ণ । আপোনাৰ পৰিয়ালৰ মানুহৰ বেমাৰ, ঔষধৰ প্ৰতি থকা আপোনাৰ এলাৰ্জি আৰু ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হাপানী, হৃৎপিণ্ডৰ অসুখ, গেষ্ট্ৰিক ইত্যাদি অসুখ আপোনাৰ আছে নেকি জানিবলৈ বিচাৰিব । চকুত বৰ্তমানে আপুনি কিবা দৰব দি আছে নেকি বা অতীতত কিবা দৰব দি আছিল নেকি সেয়াও সুধিব । সেয়েহে বৰ্তমানৰ বা আগৰ চিকিৎসকৰ ব্যৱস্থা-পত্ৰ থাকিলে লগত লৈ যাবলৈ নাপাহৰিব ।

ৰোগৰ বিৱৰণী লোৱাৰ পাছত চিকিৎসকে আপোনাৰ প্ৰতিটো চকুৰ বেলেগে বেলেগে দৃষ্টি পৰীক্ষা কৰিব । ক্ৰমাৎ ওপৰৰ পৰা তললৈ সৰু হৈ অহা এখন তালিকাত থকা আখৰবোৰ এটা এটাকৈ পঢ়িবলৈ দিব । পঢ়িব নজনাসকলে বা শিশুৰ বাবে তেনেধৰণৰ সাংকেতিক চিহ্ন থাকিব। তাৰ পাছত এটা সৰু ফুটাৰ মাজেদি আপুনি ইতিমধ্যে পঢ়িব নোৱৰা আখৰবোৰ পঢ়িবলৈ দিব । ইয়াক ‘পিন হল’ বুলি কোৱা হয় । তাৰ পাছত ৰেটিন’স্ক’প নামৰ এবিধ সঁজুলিৰ সহায়েৰে আপোনাৰ চছমাৰ প্ৰয়োজন হয় যদি আপোনাৰ সঠিক পাৱাৰ বাছি উলিয়াব । তাৰ পাছত আপোনাক ইপাট- সিপাটকৈ লেন্স পিন্ধাব । আপুনি গ্ৰহণ কৰিব পৰা পাৱাৰটো নিৰুপন কৰিব। দূৰৰ দৃষ্টি পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত ওপৰৰ পৰা তললৈ ক্ৰমাৎ সৰু হৈ অহা শব্দৰ তালিকা পঢ়িবলৈ দি ওচৰৰ দৃষ্টি পৰীক্ষা কৰিব । সেই মতে লেন্স দি আপোনাৰ চছমাযোৰ নিৰুপণ কৰিব ।

এই সমগ্ৰ পৰীক্ষাটোক ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণ পৰীক্ষা বুলি কোৱা হয় ।

ইয়াৰ পাছত চিকিৎসকে আপোনাৰ চকু কেঁৰা নেকি পৰীক্ষা কৰিব । সাধাৰণতে টৰ্চ লাইট মাৰি এই পৰীক্ষা কৰা হয় । কিছুমান কেঁৰা চকু এই পৰীক্ষাত ধৰা নপৰে । এটা চকু বন্ধ কৰি দিলেহে কেঁৰাটা ওলাই পৰে । ইয়াৰ পাছত আখৰ পঢ়োঁতে আপোনাৰ দুয়োটা চকু সমানে কাষ চাপি আহেনে নাহে সেয়া Convergence test   নামৰ এটা পৰীক্ষাৰে পৰীক্ষা কৰিব । তাৰ পাছত আপোনাক চকুহাল সন্মুখলৈ স্থিৰ কৈ চাবলৈ কৈ আঙুলিটো কাষৰ দৃষ্টিত ৰাখি সেই দৃষ্টি ঠিকে আছেনে নাই পৰীক্ষা কৰিব । এই পৰীক্ষাৰ পাছত আপোনাৰ চকুযোৰ এটা দিশত ঘূৰাই পকাই চাই পৰীক্ষা কৰিব আৰু আপোনাৰ চকুৰ পেশীকেইটা ঠিকমতে কাম কৰিছেনে নাই সেয়া চাব ।

এইখিনি কৰাৰ পাছত চিকিৎসকে সাধাৰণ টৰ্চলাইট এটা মাৰি আপোনাৰ চকুৰ বাদুৰ নোম, চকুৰ কোটৰ পৰীক্ষা কৰিব । টৰ্চলাইটেৰে কৰা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হ’ল চকুৰ পিউপিল । এই অংশটোৰ পৰীক্ষাই আমাক চকুৰ উপৰি মগজুৰ অসুখৰো সম্ভেদ দিব পাৰে ।

শ্লিট লেম্প (Slit Lamp) নামৰ এবিধ সঁজুলিৰ সহায়েৰে চিকিৎসকে চকুৰ সন্মুখ ভাগ পৰীক্ষা কৰে । শ্লিট লেম্প এটা শক্তিশালী অণুবীক্ষণ যন্ত্ৰ । ই চকুটো টৰ্চলাইটৰ নিচিনা বহল পোহৰেৰে চোৱাৰ উপৰি ক্ষীণ এক ৰশ্মিৰ দ্বাৰা চাব পাৰি । এই ক্ষীণ ৰশ্মিৰে চোৱাৰ বাবে চকুৰ একোটা অংশ বিতংভাৱে দেখা পোৱা যায় । চিকিৎসকে প্ৰথমতে শ্লিট লেম্পৰ সহায়েৰে ৰোগীৰ চকুৰ বাদুৰ পাৰ দুটা পৰীক্ষা কৰে । পাৰ দুটা পৰীক্ষা কৰাৰ পৰা ব্লেফাৰাইটিছ, মেইব’মাইটিছ, এণ্ট্ৰ’পিয়ন, এক্ট্ৰ’পিয়ন, ট্ৰিকিয়াছিছ, ডিছটিকিয়াছিছ, ইত্যাদি ৰোগ ধৰা পেলায় । এইখিনি চোৱাৰ পাছত চকুৰ কনজাংটিভাখন ওপৰে তলে পৰীক্ষা কৰে । চকুৰ মণিত চকুপানীৰ এটা ধাৰ থাকে । ইয়াক টিয়েৰছ মেনিছকাছ বুলি কোৱা হয় । ৰোগীজনৰ ড্ৰাই আই অৰ্থাৎ চকুৰ পানী শুকোৱা অসুখ হ’লে এই ধাৰটো তললৈ নামি যায় । শ্লিট লেম্পৰ সহায়েৰে ইয়াক পৰীক্ষা কৰি ড্ৰাই আই সন্দেহ কৰিব পৰা যায় । এই সঁজুলিৰ সহায়েৰে তৰপ তৰপকৈ চকুৰ কৰ্ণিয়া, এণ্টেৰিয়ৰ চেম্বাৰ, আইৰিছ, লেন্স আৰু ভিট্ৰিয়াচ হিউমাৰ পৰীক্ষা কৰা হয় । শ্লিট লেম্পত অতিৰিক্ত লেন্স আৰু ভিট্ৰিয়াচ হিউমাৰ পৰীক্ষা কৰা হয় । শ্লিট লেম্পত অতিৰিক্ত লেন্স যোগ কৰি চকুৰ ৰেটিনা পৰীক্ষা কৰিব পাৰি । শ্লিট লেম্প পৰীক্ষাৰ দ্বাৰা কৰ্ণিয়াত কিবা দোষ আছে নেকি, লেন্সত কেটেৰেক্ট হৈছে নেকি, ভিট্ৰিয়াচ দূষিত হৈছে নেকি ধৰা পেলাব পাৰি ।

শ্লিট লেম্প পৰীক্ষাৰ পাছত পৰীক্ষকে চকুৰ ভিতৰৰ চাপ, (যাক ইংৰাজীত ইণ্ট্ৰা অকুলাৰ প্ৰেছাৰ বুলি কোৱা হয়) জোখে । এপ্লেনেচন টন’মিটাৰ বুলি এটা সঁজুলি এই উদ্দেশ্যে শ্লিট লেম্পত সংযোগ কৰা থাকে । চকুত অলপমান সংবেদনশীলতা নোহোৱা কৰা দ্ৰব্য দি এই পৰীক্ষাটো কৰা হয় । চকুত কনজাংটিভাইটিছ বা কেৰেটাইটিছ অসুখ থাকিলে সাধাৰণতে এই পৰীক্ষা কৰা নহয় ।

চকুৰ প্ৰেছাৰ জোখাৰ পাছত চকুৰ মণিত ঔষধ দি পিউপিলটো বহল কৰা হয় যাতে চিকিৎসকে বিতংভাৱে লেন্স, ৰেটিনা আৰু ভিট্ৰিয়াছ পৰীক্ষা কৰিব পাৰে । ইয়াৰ ভিতৰত ৰেটিনখন বিতংভাৱে পৰীক্ষা কৰা অতিশয় প্ৰয়োজনীয় । যিসকল ৰোগীক এনেদৰে চকুৰ মণি বহল কৰা দৰব দিলে প্ৰতিক্ৰিয়া হোৱাৰ বিৱৰণী আছে বা ঔষধ দিলে আন বিপদ হ’ব পাৰে, তেনেবোৰ ৰোগীৰ ক্ষেত্ৰত ঔষধ দিয়া নহয় । চকুৰ মণিটো বহল কৰিলে ভিতৰৰ ৰেটিনাখন আগৰ পৰা গুৰিলৈকে ইনডাইৰেক্ট অফথেলম’স্ক’প নামৰ সঁজুলিৰ সহায়েৰে পৰীক্ষা কৰিব পাৰি । ইয়াৰ সহায়েৰে অপ্টিক নাৰ্ভ ফুলি উঠিলে বা শুকাই গ’লে ৰেটিনাত তেজ ওলাৱা বা ৰেটিনাখন নিজৰ স্থানৰ পৰা আঁতৰি অহা কথাবোৰ নিৰ্ণয় কৰিব পাৰি ।

এইখিনি হ’ল সাধাৰণ পৰীক্ষা । চকু পৰীক্ষা কৰাবলৈ অহা প্ৰতিগৰাকী ৰোগীকে এনেদৰে পৰীক্ষা কৰা হয় । তাৰ পাছত ৰোগ নিৰ্ণয়ৰ সুবিধাৰ্থে চিকিৎসকে বিভিন্ন ধৰণৰ বিশেষ পৰীক্ষা কৰোৱাব পাৰে ।

লেখক : ডা: নাৰায়ণ বৰদলৈ

উৎস :- দৈনিক জনমভূমি

2.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top