মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ :

চাৰ্ভাইকেল স্পণ্ডাইলাইটিছৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান কম্পিউতাৰৰ যুগ। অত্যাধিক কম্পিউতাৰ বা মোবাইলৰ ব্যৱহাৰৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত প্ৰধান শাৰীৰিক সমস্যাটো হ'ল-ডিঙিৰ বিষ অৰ্থাৎ চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ (Cervical Spondylosis) ।
আমাৰ মূল ৰাজহাড় ডাল মুঠ ৩৩ টা হাড়ৰ টুকুৰাৰে গঠিত,যিডাল লাওখোলাৰ ঠিক তলৰ পৰা ওলাই ককালৰ নিম্নাংশলৈকে বিস্তৃত হৈ আছে। এই ৩৩ টা হাড় বা ভাৰ্টেব্ৰা( Vertebrae)ৰ ভিতৰত ৭টুকুৰা হাড়েৰে আমাৰ ডিঙিটো গঠিত আৰু সেই হাড় কেইটুকুৰাক C1,C2, C3, C4, C5, C6, C7 নামেৰে জনা যায় আৰু প্ৰতি ডাল হাড়ে একোযোৰকৈ স্নায়ু/নাৰ্ভ (Nerve) বহন কৰে। ৰাজহাড় ডালৰ এই হাড়বোৰ এটা হাড়ৰ ওপৰত আনটো হাড় শৃংখলাবদ্ধভাবে সজ্জিত হৈ থাকে। আৰু প্ৰত্যেক দুডাল হাড়ৰ মাজত একোখন ডিক্স বা প্লেট থাকে, যাক ইণ্টাৰ ভাৰ্টেব্ৰেল ডিক্স (Intervertebral Disk) বুলি কোৱা হয়।
চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ ৰোগত এই ডিক্সবোৰৰ স্থানচ্যুত হয় যাক ডিচপ্লেচমেণ্ট (Displace ) বুলি কোৱা হয়। নাইবা দুটা হাড়ৰ মাজৰ ঠাইখিনিৰ দূৰত্ব হ্ৰাস পায় যাৰ ফলত হাড় ক্ষয় হয় আৰু স্নায়ুবোৰৰ ওপৰত চাপৰ সৃষ্টি হয়।

ৰোগৰ লক্ষণসমূহ -


১) ডিঙিৰ বিষ
২) ডিঙি ঘূৰাব নোৱাৰা
৩) মুৰ ঘূৰণি
৪) ডিঙিত কিবা লাগি ধৰা নিচিনা লগা বা ঢোক গিলোতে লাগি ধৰা
৫) ডিঙিৰ বিষৰ উপৰিও কান্ধত, বুকুত, হাতৰ কোনোৱা অংশত বা গোটেই হাতখনত জিনজিননি হ'ব পাৰে, যাক ৰেফাৰ্ড পেইন ( Referred Pain) বুলি কোৱা হয়।

ৰোগৰ কাৰণ -


১)দুৰ্ঘটনা জনিত কাৰণ
২) বাৰ্ধক্য জনিত কাৰণ
৩) মূৰত অত্যাধিক ওজন বহন কৰা
৪) টোপনিৰ সময়ত অৱস্থানৰ বিসংগতি ইত্যাদি।

ফিজিওথেৰাপী চিকিৎসা -


ৰোগৰ পৰিমাণ আৰু পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা পদ্ধতি বেলেগ বেলেগ।
ৰোগৰ আৰম্ভণি পৰ্য্যায়ৰ বাবে ডিঙিত গৰম সেক, জিৰণি আৰু সহজ কিছুমান ব্যায়ামৰ দ্বাৰাই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়‌।বিষৰ পৰিমাণ বেছি হ'লে SWD, IFT আদি ইলেক্ট্ৰিকেল মেচিন ব্যৱহাৰ কৰা হয়।ইয়াৰ উপৰিও ৰেফাৰ্ড পেইনৰ বাবে Traction ব্যৱহাৰ কৰা হয়।

সাবধানতা -


*বেছি ওখ গাৰু ব্যৱহাৰ কৰিব নালাগে।
*তলমূৰ কৰি বেছি সময় কাম কৰিব নালাগে।
*সামৰ্থতকৈ বেছি ওজনৰ বস্তু বহন কৰিব নালাগে।

লেখিকা :- প্ৰণামী বৰ্মন

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ছালৰ পৰিচৰ্যাত গাখীৰৰ চমৎকাৰিতা -

বিশুদ্ধ গাখীৰ হৈছে সৰ্বোত্তম ছাল পৰিষ্কাৰক। অতীজৰে পৰা সৌন্দৰ্যচৰ্চাত গাখীৰৰ ব্যৱহাৰ দেখা যায়। কিন্তু, নামী-দামী Skin Toner, Face cleanser, Facewash আদিৰ প্ৰয়োভৰত বৰ্তমান যেন আমি ছালৰ পৰিচৰ্যাত গাখীৰৰ ব্যৱহাৰ কৰিবলৈ পাহৰিয়ে গ'লো। গো-ধনৰ পৰা পোৱা গাখীৰ আমাৰ ছালৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদস্বৰূপ।
** গাখীৰত থকা ভিটামিন আৰু খনিজ বস্তুৰ আমাৰ ছালৰ ওপৰত প্ৰভাৱঃ

* গাখীৰত থকা ভিটামিন A শুকান আৰু কোছখোৱা ছালৰ বাবে লাভদায়ক।

* ভিটামিন B12 য়ে ছাল পৰিষ্কাৰ কৰাৰ লগতে ফটা আৰু খহটা ছাল মিহি কৰে।

*ভিটামিন B6 য়ে নতুন ছাল গঠনত সহায় কৰে।

*ভিটামিন D য়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু ছালত পৰা বয়সৰ চাপ নিয়ন্ত্ৰণ কৰে।

* লেকটিক এচিডে ছাল সতেজ কৰি ৰখাত সহায় কৰে, লগতে ৰদে পোৰা ছালৰ বাবেও লাভদায়ক।

*কেলচিয়াম এ ছালৰ ওপৰৰ তৰপ গঠনত সহায় কৰে।

* বিশুদ্ধ গৰুৰ গাখীৰ কপাহ এটুকুৰাত তিয়াই লৈ ৫/১০ মিনিট মুখমণ্ডলত ভালদৰে ঘহি পানীৰে ধুই পেলাওক। ই আপোনাৰ মুখমণ্ডলৰ পৰা সকলো মলি আতৰাই পেলাব, লগতে মৃতকোষবোৰ ও আতৰাই পেলাব। ই বহু নামী-দামী facewah/cleanser তকৈ বহুগুণে ফলপ্ৰসূ।
* শীতকালত মুখমণ্ডলৰ ছাল ফটাত ব্যৱহাৰ কৰিলে লগে লগে ছাল মিহি হৈ যায়।
* শিশুসকলৰ মুখমণ্ডলৰ ছাল পৰিষ্কাৰ কৰিবলৈ সদায় গাখীৰ ব্যৱহাৰ কৰক।

গাখীৰেৰে মুখখন পৰিষ্কাৰ কৰাৰ অভ্যাস কৰক আৰু ইয়াৰ চমৎকাৰিতা চাওক। কিছুদিন ব্যৱহাৰ কৰাৰ পিছতেই আপোনাৰ ছালৰ বয়স কমি যোৱা যেন অনুভৱ কৰিব।।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দি হেলথ ছলিউশ্যনছ

 

 

 

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top