মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চেৰিব্ৰেল পালছী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চেৰিব্ৰেল পালছী

চেৰিব্ৰেল পালছীৰ বিষয়ে লিখা হৈছে

চেৰিব্ৰেল পালছী সম্প্ৰতি অতিকে সঘনাই শুনিবলৈ পোৱা বিকাৰ। আজি এইটো যেন এটা পৰিচিত শব্দ হৈ পৰিছে। আজি পৰা দহ-পোন্ধৰ বছৰ আগতে হয়তো এইটো শব্দ এতিয়াৰ দৰে শুনিবলৈ পোৱা নগৈছিল। কিয় হয় এই চেৰিব্ৰেল পালছী?

চেৰিব্ৰেল মানে মস্তিষ্কৰ এনে কিছুমান অংশ, যিয়ে মানুহৰ চলণন-ফুৰণ, চিন্তাধাৰা, ইচ্ছা-অনিচ্ছা সকলোখিনি নিৰ্ধাৰণ কৰে। যেতিয়া কোনো কাৰণত মস্তিষ্কৰ সেই অংশটো পেৰালাইছিছ বা পক্ষাঘাতত আক্ৰান্ত হয়, তেতিয়া তাৰ দ্বাৰা পৰিচালিত সেই সকলোবোৰ কামত বিসংগতি দেখা যায়। এজন প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত যেতিয়া চেৰিব্ৰেল এটেক হয় অথবা ষ্ট্ৰ’ক হয়, তেতিয়া মানুহজনৰ পূৰ্বৰ চলন-ফুৰণ সলনি হয়। চিন্তাধাৰা বিঘ্নিত হয় আৰু আগৰ দৰে কাৰ্যক্ষম হৈ নাথাকে। মস্তিষ্কৰ কোন অংশকেইটা প্ৰভাৱিত হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰে শৰীৰৰ কোনকেইটা অংগ পেৰালাইছিছ অথবা দুৰ্বল তথা অক্ষম হ’ব।

এটা শিশুৰ ক্ষেত্ৰত বিষয়টো অলপ ব্যতিক্ৰম। যিহেতু জীৱনৰ প্ৰাকক্ষণত যেতিয়া শিশু এটিৰ চেৰিব্ৰেল পালছী হয়, তেতিয়া শিশুটিৰ কোনো স্বকীয় চলন-ফুৰণ ধৰণ তথা চিন্তাশৈলী নাথাকে। ফলত এইক্ষেত্ৰত অৱনতিৰ প্ৰশ্নটো নাহে। ইয়াত শিশুটিৰ বিকাৰ, যিটো সাধাৰণ ধাৰা, সেইটোৱেই সলনি হৈ যায়। শিশু এটি জন্মৰ লগে লগে কিছুমান ৰিফ্লেক্স শৰীৰত লৈ আহে, যি শিশুটিক প্ৰয়োজনীয় সাময়িক চলমানত তথা শাৰীৰিক গতিবিধি প্ৰদান কৰে। যেনে- জন্মৰ পাছতে থকা Roating & sucking primitive reflex. যিয়ে শিশুটিৰ যেতিয়া মাকৰ স্তন আহি গালত লাগে, তেতিয়া মুখখন মাকৰ ফালে ঘূৰাই দিয়ে। তথা যেতিয়া মাকৰ নিপুল আহি ওঁঠত লাগে, শিশুটিয়ে নিপুলটো মুখত লৈ চুপি গাখীৰ খাবলৈ শিকে। এইটো সম্ভৱ কেৱল ৰিফ্লেক্সকেইটি থকাৰ বাবে, নহ’লে এটি শিশুৱে জন্মৰ পাছত মাকৰ গাখীৰ খাব নোৱাৰিলেহেঁতেন। তেনে বহুতো ৰিফ্লেক্স থাকে, যি প্ৰতিটো সাধাৰণ শিশুৰ লাহে লাহে শাৰীৰিক বিকাশত সহায় কৰে। ৰিফ্লেক্সসমূহৰ এটা নিৰ্ধাৰিত সময় থাকে। যাৰ ভিতৰত ৰিফ্লেক্সসমূহ দেখা দিয়ে আৰু যেতিয়া এই ৰিফ্লেক্সসমূহ যি কৰ্মৰ বাবে দায়ী সেই কৰ্ম যেতিয়া শিশুটিয়ে নিজ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পৰা হয়, তেতিয়া ৰিফ্লেক্সসমূহ নোহোৱা হৈ যায়। যাক কোৱা হয় ৰিফ্লেক্স ইন্টিগ্ৰেচন। যেতিয়া মস্তিষ্কৰ বিকাৰৰ বাবে এই ৰিফ্লেক্সসমূহ সঠিক সময়ত সক্ৰিয় হ’ব নোৱাৰে, তেতিয়াই সাধাৰণ এটি শিশুৰ বাবে নৰ্মেল তথা আৱশ্যকীয় এই ৰিফ্লেক্সসমূহ চেৰিব্ৰেল পালছীৰ দ্বাৰা আক্ৰান্ত এটি শিশুৰ বাবে হৈ পৰে শাৰীৰিক উন্নতিৰ বাধাস্বৰূপ। যিমানে এই ৰিফ্লেক্সসমূহ ইন্টিগ্ৰেট হওঁতে পলম হয় সিমানে সি শিশুটিক শাৰীৰিক অক্ষমতাৰ দিশে আগুৱাই দিয়ে। গতিকে যিমান সোনকালে পাৰি এই ৰিফ্লেক্সসমূহ ইন্টিগ্ৰেট কৰাই শিশুটিক এক সাধাৰণ জীৱনশৈলী দিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ বাবে অতিকে প্ৰয়োজনীয় তথা নিৰ্ভৰযোগ্য চিকিৎসা পদ্ধতি হৈছে অকুপেচনেল থেৰাপী।

অসমৰ বাহিৰত বহুলভাৱে ‘অকুপেচনেল থেৰাপী’ চিকিৎসা এই শিশুসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যদিও তথ্য তথা দক্ষ ব্যক্তিৰ অভাৱত অসমত থকা এনে শিশুসকলৰ অভিভাৱকসকল এই চিকিৎসাৰ বিষয়ে অৱগত নহয়। অকুপেচনেল থেৰাপীত ডেভেলপমেন্টেল থেৰাপী, ৰিফ্লেক্সইনহিবিচন থেৰাপী, কনচেনট্ৰেট ইনডিউডছ মুভমেন্ট থেৰাপী, ছেনিটেৰী ইন্টিগ্ৰেচন থেৰাপী, মিৰৰ থেৰাপী আদিৰ যোগেদি শিশুটিক ব্যৱহাৰিক চিকিৎসা তথা কাৰ্যক্ষমতা প্ৰদান কৰা হয়।

চেৰিব্ৰেল পালছী শিশু এটিৰ চিকিৎসাৰ ক্ষেত্ৰত সকলোতকৈ প্ৰয়োজনীয় হৈছে খৰতকীয়া হস্তক্ষেপ। মানে যিমান পাৰি সৰু অৱস্থাতে আৰু যিমান সোনকালে সম্ভৱ চিকিৎসা আৰম্ভ কৰা, যিমান কম বয়সত শিশুটিৰ চিকিৎসা আৰম্ভ হয় সিমানেই সফল কামনা কৰিব পৰা যায়। কিন্তু অভিভাৱকসকলে যেতিয়ালৈকে বুজি পায় তথা অৱগত হয় শিশুটিৰ এই ৰোগৰ বিষয়ে, তেতিয়ালৈকে বহুত পলম হৈ যোৱা সাধাৰণতে দেখা পোৱা যায়। কোনো কোনো ক্ষেত্ৰত উচিত চিকিৎসাৰ অভাৱতো প্ৰায়ে শিশুটি অক্ষম হৈ পৰা দেখা যায়। তলত এনে লক্ষণৰ বিষয়ে আলোচনা কৰা হৈছে। যাৰ দ্বাৰা এটি শিশুৰ অনাগত ৰোগৰ বিষয়ে অভিভাৱকসকলে আগতেই সাৱধানতা ল’ব পাৰিব।

চেৰিব্ৰেল পালছী হোৱাৰ কাৰণসমূহ সাধাৰণ গৰ্ভাৱস্থাৰ সময়ত, জন্মৰ সময়ত নতুবা জন্মৰ পিছত যিকোনো পৰিস্থিতিতে হ’ব পাৰে।

গৰ্ভাৱস্থাত:

 

*যদি মাতৃগৰাকীৰ থাইৰয়ড গ্লেণ্ডৰ কোনো ৰোগ থাকে, উচ্চ ৰক্তচাপ থাকে, মধুমেহ ৰোগ থাকে অথবা গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি মানসিক কোনো অচলাৱস্থা থাকে।

*যদিহে গৰ্ভাৱস্থাৰ সময়ত বসন্ত, জণ্ডিচ তথা আন কোনো সংক্ৰমিত ৰোগ হয়।

*যদিহে মাতৃগৰাকীৰ গৰ্ভাৱস্থাৰ সময়ত ৰক্তক্ষয় হয়।

*যদিহে শিশুটিৰ জন্মৰ আগতে গৰ্ভাশয়ৰ পানী ওলাই যায়।

*যদিহে খুব দীঘলীয়া প্ৰসৱ বেদনা হয়।

জন্মৰ সময়ত:

 

*যদিহে শিশুটি নিৰ্দিষ্ট সময়ৰ আগতেই জন্ম হয়, অৰ্থাৎ ৩২ সপ্তাহৰ আগতেই শিশুটিৰ জন্ম হয়।

*যদিহে শিশুটিৰ ওজন অতিমাত্ৰা কম হয়, ১ ১/২ বা তাতকৈ কম।

*যদিহে জন্মৰ পিছত পলমকৈ কান্দে।

*যদিহে সাধাৰণ প্ৰক্ৰিয়াৰে জন্ম নহয়, মানে শিশুটি ওলাটাকৈ গৰ্ভাশয়ত থাকে। যাক কোৱা হয় প্ৰিচ ডেলিভাৰী। য’ত শিশুটিৰ মূৰটো ওপৰলৈ তথ ভৰি দুখন তললৈ থাকে আৰু যদিহে শিশুটিক ফৰচেপ ডেলিভাৰী কৰোৱা হয়।

জন্মৰ পাছত:

 

*যদিহে জন্মৰ পাছত অতিৰিক্ত জণ্ডিচ ধৰা পৰে।

*যদি মৃগীৰোগ থাকে।

*যদিহে অক্সিজেন দিবলগীয়া হয়।

*যদিহে নিউমোনিয়া থাকে।

*যদিহে মূৰটো জোখতকৈ সৰু বা ডাঙৰ।

*যদিহে শিশুটিয়ে গৰ্ভাৱস্থাত থকাৰ সময়ত নিজৰ মল-মূত্ৰ সেৱন কৰে। যাক কোৱা হয় মেকনিয়াম ইনজেকচন।

বংশানুক্ৰমিক কাৰণ:

 

*যদিহে পৰিয়াল তথা বংশত এনে শিশুৰ জন্ম হৈছে।

*ডাউনছ ছিণ্ড্ৰম চেৰিব্ৰেল পালছী আদিৰ দ্বাৰা আক্ৰান্ত আছিল।

এনে উপৰিউক্ত পৰিস্থিতি যদি পৰিলক্ষিত হয়, তেনেহ’লে অভিভাৱকসাকলে নিজে সাৱধান থকা উচিত তথা অতি সূক্ষ্মভাৱে শিশুটিৰ দৈনন্দিন শাৰীৰিক লক্ষণসমূহ নজৰ দিয়া উচিত। শিশুটিয়ে সাধাৰণ শিশুৰ দৰে চাইছে নে নাই, হাত-ভৰি লৰচৰ কৰিছে নে নাই, মাত শুনিলে সেইফালে চাবলৈ চেষ্টা কৰিছে নে নাই আদি।

উপৰিউক্ত কাৰণসমূহ থাকিলেই যে কোনো শিশুৰ চেৰিব্ৰেল পালছী তথা C-P থাকিব সেইটো আৱশ্যকীয় নহয়, কিন্তু অভিভাৱকসকল সাৱধান থাকিব পাৰে, যাতে যদিহে কোনো ডেভেলপমেন্টেল ডিলে বা বিকাশত পলম হয়, অৰ্থাৎ যদিহে শিশুটি আন সাধাৰণ শিশুৰ দৰে তিনি-চাৰি মাহৰ ভিতৰত ডিঙিটো সমানকৈ ধৰি ৰাখিব পৰা নহয়, চাৰি-ছয় মাহৰ ভিতৰত উবুৰি হ’ব নোৱাৰে, ছয়ৰ পৰা আঠ মাহৰ ভিতৰত বহিব নোৱাৰে, তেনেহ’লে তাৎক্ষণিকভাৱে অকুপেচনেল থেৰাপী আৰম্ভ কৰা উচিত। এনে কৰিলে শিশুটিক পিছপৰি নোযোৱাকৈ আনি সাধাৰণভাৱে আন সম-বয়সীয়া ল’ৰা-ছোৱালীৰ লগত আগুৱাই নিব পৰা যায় আৰু অক্ষমতাৰ পৰা ৰক্ষা কৰিব পৰা যায়।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ সংগীতা শৰ্মা)

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top