মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / চেৰিব্ৰেল পালছী আৰু ফিজিঅ’থেৰাপী:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চেৰিব্ৰেল পালছী আৰু ফিজিঅ’থেৰাপী:

চেৰিব্ৰেল পালছী আৰু ফিজিঅ’থেৰাপীৰ বিষয়ে লিখা হৈছে

চেৰিব্ৰেল পালছী কি?

 

চলাফিৰা কৰা শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা কামসমূহ মগজুৰ যিটো অংশই পৰিচালনা কৰে, সেই অংশত কোনো কাৰণত আঘাত লাগিলে শৰীৰৰ চলন-ফুৰণ আৰু ভাৰসাম্য ৰক্ষা কৰাত ব্যাঘাত জন্মে। শিশু এটি মাতৃ গৰ্ভত থকা অৱস্থাত বা প্ৰাক শৈশৱ কালত ইহোৱা মগজুৰ কোনো বিকাশগত দুৰ্বলতা বা ব্যাঘাত(আঘাত)ৰ ফলত দেখা দিয়া এনে লক্ষণক সাধাৰণ অৰ্থৎ চেৰিব্ৰেল পালছী বুলিব পাৰি।ল কেতিয়াবা এনে ৰোগত চলন-ফুৰণ সমস্যাৰ লগতে পেশী আৰু হাড়ৰ বিসংগতি আদিকে ধৰি বিভিন্ন লক্ষণ প্ৰকাশ পায়। অৱশ্যে মগজুৰ আঘাতপ্ৰাপ্ত স্থানৰ বিকাশ বা বৰ্দ্ধন নহয়।

চেৰিব্ৰেল পালছী হোৱা কাৰণ:

 

অপৈণত মগজুত পোৱা আঘাতৰ ফলতেই চেৰিব্ৰেল পালছী হয়। আঘাতৰ সময়ৰ ভিত্তিত ইয়াক তিনি ভাগত ভগাব পাৰি- ক)শিশু জন্ম হোৱাৰ আগত মাতৃগৰ্ভত থকা অৱস্থা, খ)জন্মৰ সময়ত আৰু, গ)জন্ম হোৱাৰ পিছত শৈশৱ কাললৈ।

জন্মৰ আগত মাতৃগৰ্ভত থকা অৱস্থা:

 

এই সময়ত বিভিন্ন কাৰণত শিশুৱে মস্তিষ্কৰ স্বাভাৱিক বিকাশত বাধা আহিব পাৰে। প্ৰধান কাৰণসমূহৰ ভিতৰত গৰ্ভাৱস্থাত মাকৰ অপুষ্টি, এই সময়ত মাকৰ বিভিন্ন ৰোগ(ডায়েবেটিছ, জণ্ডিচ, হৃদৰোগ আদি) হ’লে আৰু অত্যধিক পৰিমাণে বিভিন্ন ঔষধ বা ধূমপান বা মাদক দ্ৰব্য গ্ৰহণ। তদুপৰি, অধিক বয়সত বা বেছি কম বয়সত মাক গৰ্ভৱতী হোৱা, মাতৃৰ শাৰীৰিক তথা মানসিক বসংগতি আৰু নিজৰ পৰিয়ালৰ মাজত হোৱা বিবাহৰ ফলত জন্ম হোৱা শিশু এই ৰোগৰ চিকাৰ হ’ব পাৰে।

জন্মৰ সময়ত:

 

এই সময়খিনি বিশেষভাৱে মন কৰিবলগীয়া। এই সময়ত বিভিন্ন কাৰণত শিশু এটিয়ে মগজুত আঘাত পাব পাৰে। প্ৰধান কাৰণ দুটামান হ’ল- বহু সময় ধৰি মাকৰ প্ৰসৱ যন্ত্ৰণা আৰু জৰায়ুত শিশু অস্বাভাৱিক অৱস্থান, জন্মৰ সময়ত চেপেনা(Forcep delivery)ৰ ব্যৱহাৰৰ ফলত পোৱা আঘাত, শিশুৰ ডিঙিত ‘এম্বলিকেল ক’ৰ্ড’(নাড়ী) মেৰ খাই থকা বাকোনো কাৰণত শিশুৰ মগজুত অক্সিজেনৰ অভাৱ অথবা জন্মগত হৃদৰোগৰ ফলত এই ৰোগত আক্ৰান্ত হ’ব পাৰে। তদুপৰি, শিশুৰ জন্মৰ সময়তকৈ বহুত আগত বা পিছত জন্ম, যমজ শিশু অথবা জন্মৰ সময়ত শিশুৰ ওজন অস্বাভাৱিকভাৱে কম থাকিলে এই ৰোগ দেখা দিব পাৰে।

জন্মৰ পিছত শৈশৱ কাললৈ:

 

এই সময়ত কোনো কাৰণত মগজুত আঘাত পালে অথবা ৰক্তক্ষৰণ হ’লে, মগজুত অক্সিজেনৰ অভাৱ হ’লে, তেজত আৰ এইচ ফেক্টৰৰ মাত্ৰা স্বাভাৱিক নহ’লে, শিশু জণ্ডিচ, মৃগী আদি বিভিন্ন ৰোগত আক্ৰান্ত হ’লে অথবা শিশুৰ শাৰীৰিক অপুষ্টি থাকিলে বা কম ওজনৰ বাবেও এই ৰোগ হ’ব পাৰে।

ইয়াক মাথোঁ আমি সকলোৱে বুজা কাৰণ কিছুমানকহে চুই যোৱাৰ চেষ্টা কৰিছো। তদুপৰি, বিভিন্ন কাৰণত এই ৰোগ হ’ব পাৰে।

সমস্যাসমূহ:

 

চেৰিব্ৰেল পালছীত আক্ৰান্ত শিশু স্বাভাৱিকভাৱে চলা-ফিৰা কৰা, মূৰ, হাত-ভৰি আদি লৰচৰ কৰা আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হয়। অৱশ্যে অসুবিধাসমূহৰ পৰিমাণ শিশু বিশেষে ভিন ভিন হয়। ইয়াৰ লগতে থাকিব পৰা আন সমস্যাসমুহৰ ভিতৰত মানসিক বাধাগ্ৰস্ততা, কাণেৰে কমকৈ শুনা, কথা কোৱাত অসুবিধা, চকুৰে নেদেখা বা কম দেখা, শিকাৰ অসুবিধা আদিয়ে প্ৰধান।

বিভিন্ন প্ৰকাৰৰ চেৰিব্ৰেল পালছী:

 

এই লেখাত চেৰিব্ৰেল পালছীৰ লক্ষণসমূহ খুব সাধাৰণভাৱে বৰ্ণনা কৰিবলৈ চেষ্টা কৰা হৈছে। আমি জানো যে মগজুৱে আমাৰ সকলো কাম নিয়ন্ত্ৰণ কৰে। ইয়াৰ ভিতৰত মগজুৰ তিনিটা অংশই প্ৰধানত: আমাৰ শৰীৰৰ অংগ সঞ্চালন আৰু ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এইকেইটা হ’ল- চেৰিব্লে কৰ্টেক্স, বেচেল গেংলিয়ন আৰ চেৰিবেলাম। চেৰিব্ৰেল পালছী তিনি প্ৰকাৰৰ-

স্পেচটিক:

মগজুৰ মটক কৰ্টেক্স নামৰ অংশত আঘাত লাগিলে চলন-ফুৰণৰ যি সমস্যা হয়, তাক স্পেচটিক চেৰিব্ৰেল বুলি কোৱা হয়। এনে হ’লে গোটেই শৰীৰৰ মাংসপেশীসমূহত টানি ধৰাৰ ভাব পৰিলক্ষিত হয়, যাৰ ফলত স্বাভাৱিক অংগ সঞ্চালনত বাধাৰ সৃষ্টি হয় আৰু লগে লগে সন্ধিসমূহে স্বাভাৱিক সঞ্চালন ক্ষমতা হেৰুৱাই পেলায়। এইক্ষেত্ৰত টেনডন জাৰ্ক বেছি দেখা যায়, ক্লৰ্নাইছৰ উৎপত্তি হয় আৰু কোনো এটা নিৰ্দিষ্ট কামত মনোনিৱেশ কৰিব বিচাৰিলে স্পেচটিচিটি বৃদ্ধি পায়। এইক্ষেত্ৰত শিশুৰ বুদ্ধিমত্তা কম হয়, ক্ষতিগ্ৰস্ত দেহৰ অংশসমূহৰ স্বাভাৱিক বৃদ্ধি ব্যাহত হয় আৰু চকু সাধাৰণতে ‘কেৰা’ হোৱা দেখা যায়।

এথেটয়ড:

মগজুৰ বেচেল গেংলিয়া আঘাতপ্ৰাপ্ত হ’লে চলা-ফুৰাৰ ওপৰত নিয়ন্ত্ৰণ কমি যায় আৰু এই অৱস্থাটোক এথেট’চিচ বা এথেটয়ড চেৰিব্ৰেল পালছী বুলি কোৱা হয়। এনে শিশুৰ স্বাভাৱিক অংগসঞ্চালনত বাধাৰ সৃষ্টি হয় আৰু অনিয়মিত তথা অনিয়ন্ত্ৰিত অংগ সঞ্চালন কৰা দেখা যায়। শব্দ উচ্চাৰণ নিয়ন্ত্ৰণকাৰী পেশীসমূহৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে এনে শিশুৱে কথা কোৱাত, জিভা লৰচৰ কৰাত আৰু খাদ্য গ্ৰহণত অসুবিধা পায়। এনে শিশুৱে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে আৰু ভৰিত ভৰ দি থিয় হোৱাত অসুবিধা পায়। ইয়াৰ লগতে আন কিছুমান আনুষংগিক সমস্যাও থাকে।

এটাক্সিক:

মগজুৰ চেৰিবেলাম আঘাতপ্ৰাপ্ত হ’লে হোৱা চৰা-ফুৰাৰ সমস্যা বিধক এটাক্সিয়া বোলে। ইয়াৰ প্ৰধান লক্ষণসমূহ হ’ল- শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা, খোজকঢ়া বা বহাৰ ক্ষেত্ৰত শৰীৰৰ বিভিন্ন অংগৰ মাজত সামঞ্জস্যহীনতা, অংগ সঞ্চালনত একেধৰণৰ কম্পন, ভাৰসাম্যহীনতাৰ বাবে ভৰি দুখন অস্বাভাৱিকভাৱে ফাঁক কৰি থিয় হয় বা খোজ কাঢ়ে। আনুষংগিক সমস্যাসমূহৰ ভিতৰত দৃষ্টিশক্তিৰ সমস্যা, চকুৰ মণিৰ ক্ৰমাগত পাৰ্শ্বস্থ লৰচৰ, কাণেৰে কম শুনা বা কম বুদ্ধিমত্তাই প্ৰধান। এই প্ৰধান তিনি ধৰণৰ বিসংগতিৰ উপৰি কেতিয়াবা মিশ্ৰিত প্ৰকৃতিৰ চেৰিব্ৰেল পালছী দেখিবলৈ পোৱা যায়। যেনে- স্পেচটিক এটাক্সিক বা স্পেচটিক এথেটয়েড।

অংগস্থান অনুযায়ী চেৰিব্ৰেল পালছীৰ বিভিন্ন প্ৰকাৰ:

 

ক)হেমিপ্লেজিয়া: দীঘলীয়াভাৱে শৰীৰৰ এটি ফাল ক্ষতিগ্ৰস্ত হয়।

খ)ডাইপ্লেজিয়া: শৰীৰৰ ওপৰ অংশতকৈ নিম্ন অংশ বেছিকৈ ক্ষতিগ্ৰস্ত হয়।

গ)কোৱাড্ৰিপ্লেজিয়া: হাত-ভৰিকে ধৰি কাৰ্যত: সমগ্ৰ শৰীৰ ক্ষতিগ্ৰস্ত হয়।

ঘ)মনোপ্লেজিয়া: যিকোনো এৱটি অংগ বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়।

ঙ)বাইলেটাৰেল হেমিপ্লেজিয়া: ইয়াতো সমগ্ৰ শৰীৰ ক্ষতিগ্ৰস্ত হয় যদিও শৰীৰৰ এটি ফাল আনফালতকৈ বেছি ক্ষতিগ্ৰস্ত হয়।

ফিজিঅ’থেৰাপী চিকিৎসা:

চেৰিব্ৰেল পালছীত আক্ৰান্ত শিশুৰ চিকিৎসাত ফিজিঅ’থেৰাপী চিকিৎসা ভূমিকা লেখত ল’বলগীয়া। ইয়াত মাথোঁ থূলমূলকৈ কিছু কথা উল্লেখ হ’ল শিশুটিয়ে আয়ত্ত কৰিব পৰা কাৰ্যসমূহ সৰ্বাধিক পৰিমাণে শিশুটিৰ আয়ত্তলৈ অনাৰ সৃষ্টি কৰা। যাতে শিশুটিৰ দৈহিক বাধ্যসমূহ কিছু পৰিমাণে দূৰ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰিব পৰা যায়। ফিজিঅ’থেৰাপী চিকিৎসাৰ জৰিয়তে প্ৰথম পৰ্যায়ত পেশীসমূহত জড়তা নাইকিয়া কৰিব পাৰি। বিভিন্ন ব্যায়ামৰ জৰিয়তে প্ৰথম পৰ্যায়ত সন্ধিসমূহৰ বিকৃতিৰ ৰোধ কৰিব পাৰি, যদিও পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বাবে ফিজিঅ’থেৰাপি চিকিৎসাৰ লগতে বিভিন্ন সঁজুলিৰ ব্যৱহাৰ কৰিব লগা হয়। এইবিলাকৰ ব্যৱহাৰে শিশুটিক স্বাধীনভাৱে স্বনিৰ্ভৰশীল হৈ চলা-ফুৰাত সহায় কৰে। এইক্ষেত্ৰত শিশুৰ মানসিক বিকাশৰ দিশটোও জড়িত হৈ থাকে। ফিজিঅ’থেৰাপি চিকিৎসাত প্ৰথমতে শিশুটিক উঠা-বহাৰ ভংগী স্বাভাৱিক কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু সঠিক ভংগীসমূহ শিকোৱা হয়। লগতে নিয়মিতভাৱে শিশুটিক বিভিন্ন ব্যায়াম আৰু নিজৰ বাবে প্ৰয়োজনীয় কামৰ পুনৰ অনুশীলন কৰোৱা হয়। বিভিন্ন ব্যায়ামৰ জৰিয়তে শিশুৰ হাত-সন্ধি বা পেশীসমূহৰ জড়তা আৰু কঠিনতা আঁতৰোৱা হয়। দুৰ্বল হাত-ভৰিলৈ শক্তি ঘূৰাই অনাটো এই চিকিৎসাৰ এটা প্ৰধান লক্ষ্য।

কঠিন পেশীসমূহক ঢিলা কৰাৰ বাবে ব্যায়াম অপৰিহাৰ্য। শিশুটিক বিভিন্ন সঁজুলিৰ ব্যৱহাৰৰ যোগেদি খোজকঢ়া, বহা আদিৰ ব্যৱস্থা কৰা হয়। ফিজিঅ’থেৰাপী চিকিৎসাত সঠিক ভংগী বাহাল ৰাখি শিশুটিক বহা, আঁঠুকঢ়া আদি শিকোৱা হয়। মূৰ আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা শিশুসকলক বিভিন্ন ব্যায়াম আৰু অন্য প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰসাম্য ৰক্ষা কৰিব পৰা অৱস্থা এটালৈ আনিব পাৰে। ফিজিঅ’থেৰাপিষ্টে শিশুৰ পিতৃ-মাতৃক ঘৰুৱা ব্যায়াম শিকোৱাৰ লগতে শিশুৰ খোজকঢ়া, আঁঠুকঢ়া, ভালকৈ বহা, থিয় হোৱা আদিৰ প্ৰশিক্ষণ দিয়ে। মুঠৰ ওপৰত এটি শিশুক আত্মনিৰ্ভৰশীল হৈ চলিব পৰা অৱস্থা এটালৈ আনিবলৈ ফিজিঅ’থেৰাপী চিকিৎসা নিত্যন্তই প্ৰয়োজন। শিশুটিৰ জ্ঞান আৰু বুদ্ধি বিকাশৰ বাবে প্ৰয়োজনীয় বহু কাম এই চিকিৎসাত কৰা হয়।

অভিভাৱকলৈ দিহা:

 

যদিহে আপোনাৰ শিশুটি চেৰিব্ৰেল পালছীত আক্ৰান্ত বুলি সন্দেহ হয়, তৎক্ষণাত অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক আৰি ফিজিঅ’থেৰাপী চিকিৎসা আৰম্ভ কৰাওক। বহুতে শিশুটিক ব্যায়াম কৰালে কিবা পাৰ্শ্বক্ৰিয়া আহিব পাৰে বুলি ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ ৰৈ থাকে। তেনে কৰাটো ভূল। যিমান সোনকালে চিকিৎসা আৰম্ভ হ’ব, সিমান সোনকালেই সুফল পাব। শিশুটিক আন শিশুতকৈ বেলেগ বুলি বা দুৰ্বল বুলি ভাবি অৱজ্ঞা নকৰিব। তেওঁৰ স্বকীয় প্ৰতিভাসমূহৰ বিকাশত গুৰুত্ব দিয়ক আৰু প্ৰয়োজনীয় আহিলাসমূহ সাধ্যানুসৰি যোগান ধৰক। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, বিভিন্ন বেচৰকাৰী সংস্থা, সৰ্বশিক্ষা অভিযান আদিয়েও এনে শিশুৰ চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি চলাই আছে। এই আঁচনিসমূহৰ সুবিধা আপোনালোকেও ল’ব পাৰে।

লেখক:ডা: প্ৰণৱ চক্ৰৱৰ্তী(দৈনিক অসম)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top