মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ছাইনাছাইটিছৰ ঘৰুৱা চিকিৎসাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাইনাছাইটিছৰ ঘৰুৱা চিকিৎসাঃ

ছাইনাছাইটিছৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

ছাইনাছাইটিছ ৰোগত অসমৰ প্ৰায়ভাগ লোক আক্ৰান্ত হয়। ধূলি-মাকতি, সেমেকা বতাহ, জ্বৰ-কাহ, ইনফ্লুয়েঞ্জা আৰু আন ইনফেকশ্বনৰ বাবে এই বেমাৰে মানুহক আক্ৰমণ কৰে।

এই বেমাৰৰ লক্ষণ আৰু কাৰণবোৰঃ

 

সঘনাই হাঁচিয়াই আহি থকা, নাক বন্ধ হোৱা, নাক সোপা মাৰি ধৰা, মূৰৰ বিষ, নাকেদি অহৰহ পানী ওলোৱা আদি নাকৰ যন্ত্ৰণাই এই বেমাৰৰ প্ৰধান লক্ষণ। তদুপৰি চকুৰ পৰা পানী ওলোৱা, কাহ হোৱা আদিৰ পৰা ছাইনাছাইটিছ বেমাৰটো আৰম্ভ হোৱা দেখা যায়। এই বেমাৰত সাধাৰণ ধৰণৰ জ্বৰ হোৱা, আভোক লগা আৰু উশাহ-নিশাহ লোৱাটো কিছু কষ্ট হয়। ছাইনাছৰ বাটতো ফুলি উঠাৰ ফলত নাক আৰু ডিঙি চেৰচেৰোৱা আৰু খজুৱতি হোৱা, ডিঙি সুৰসুৰোৱাৰ ফলত ৰোগীয়ে জ্বালা-যন্ত্ৰণাত ভুগিব লগাত পৰে।

ছাইনাছাইটিছৰ চিকিৎসাঃ

 

নহৰু আৰু পিঁয়াজৰ ব্যৱহাৰেৰে ছাইনাছাইটিছৰ পৰা ৰক্ষা পাব পাৰি। কেঁচা পিঁয়াজ আৰু নহৰু খুন্দি ৰস উলিয়াই ২ চামুচ পৰিমাণে লৈ তাত অলপ মৌজোল মিহলাই দিনে ২ বাৰকৈ তিনিদিন ব্যৱহাৰ কৰিলে এই অসুখৰ পৰা সকাহ পোৱা যায়। মেথিগুটি ছাইনাছাইটিছৰ এক মহৌষধ স্বৰূপ। ২৫০ মিলিগ্ৰাম পানীত ১ চামুচ মেছিগুটি উতলাই ১০০ মিলিগ্ৰামত ৰাখি সেই পানীখিনি চেকি খালে গোটেই শৰীৰ গৰম হৈ ঘাম ওলাব আৰু অসুখটোৰ আৰম্ভণিতে এই ব্যৱস্থা ল’লে জ্বৰ কমি যাব, নাক সোপা মাৰি ধৰা নাইকিয়া হ’ব। দিনে ৪ কাপ পৰ্যন্ত এই পানী খাব লাগে। দুই-তিনিদিন ব্যৱহাৰ কৰা উচিত। কলাজিৰা এক চামুচ পাতল কটন কাপোৰেৰে মেৰিয়াই নাকেৰে উজালে ৰোগ নিৰাময় হয়। তদুপৰি ১০০ গ্ৰাম কলাজিৰা ভাজি তাত অলপ মৌজোল মিহলাই দিনে দুই বাৰকৈ ২-৩ দিন খালে ছাইনাছাইটিছ নিৰাময় হয়।

শাক-পাচলিৰ ৰসৰ মিশ্ৰণঃ

 

গাজৰৰ ৰস, বিটৰ ৰস আৰু তিয়ঁহৰ ৰস, পালেঙৰ ৰস- এই আটাইকেইটাৰে ৰস ১০০ মিলিগ্ৰাম পৰিমাণে মিশ্ৰণ কৰি মিশ্ৰণখিনি ২ ভাগ কৰি দিনে ২ বাৰকৈ ৩-৪ দিন খালে ছাইনাছাইটিছ নিৰাময় হয়। ভিটামিন ‘এ’ আৰু ‘চি’ৰ ব্যৱহাৰে ছাইনাছাইটিছৰ পৰা বহুত সকাহ পাব পাৰে। আমাৰ দৈনিক খাদ্য তালিকাত ভিটামিন ‘এ’ প্ৰসিদ্ধ খাদ্য খাব পাৰিলে পানী লগা, কাহ আৰু হাচি মাৰি থকা লক্ষণবোৰ হ্ৰাস পায়। ভিটামিন ‘এ’ৰ দৰে ভিটামিন ‘চি’ও এই বেমাৰ নিৰাময় কৰাত সহায় কৰে। এই ভিটামিনৰ উৎসবিলাক হ’ল- গাখীৰ, দৈ, কণীৰ কুহুম, ৰঙালাউ, কোমোৰা, গাজৰ, শাকৰ পাত, বিলাহী, আম, পকা অমিতা আদি। ছাইনাছাইটিছৰ যন্ত্ৰণা বাঢ়ি গ’লে ভিটামিন ‘এ’ ২৫,০০০ আই ইউ দিনে খোৱা উচিত। ভিটামিন ‘চি’ ব্যৱহাৰ কৰি ছাইনাছাইটিছৰ পৰা সুফল লাভ কৰিব পাৰি। ইয়াৰ পৰিমাণ দৈনিক ৫০০ মিলিগ্ৰামৰ একোটাকৈ বড়ি বা কেপছুল খাব লাগে। অন্ততঃ ১৫ দিন খাব লাগে। ছাইনাছাইটিছ হ’লে খাদ্যৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগে। এই বেমাৰৰ প্ৰথম অৱস্থাত টান বস্তু বিশেষকৈ ভাত-ৰুটি খোৱাৰ পৰিৱৰ্তে সতেজ ফলমূলৰ ৰস আৰু শাক-পাচলিৰ ৰস খোৱা ভাল। জ্বৰ-মূৰৰ বিষ কমি যোৱাৰ লগে লগে সাধাৰণ খাদ্য খাব লাগে। বাদাম, শাক-পাচলি, ফলমূল আদি খাব পাৰে। বৰকৈ ভজা-পোৰা খাদ্য খাব নালাগে। চেনি, বগা আটা, চাউল, মেকৰনি, উত্তাপম আদি খোৱাৰ পৰা বিৰত থাকিব লাগে।

 

(উৎসঃ আমাৰ অসম, উপেন দত্ত)।

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top