মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ছোৱাইন ফ্লুঃ ইনফ্লুয়েঞ্জা-এ (H1N1)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছোৱাইন ফ্লুঃ ইনফ্লুয়েঞ্জা-এ (H1N1)

ছোৱাইন ফ্লুঃ ইনফ্লুয়েঞ্জা-এ(H1N1)ৰ বিষয়ে লিখা হৈছে

 

ছোৱাইন ফ্লুৰ চিকিৎসাঃ

 

ছোৱাইন ফ্লুৰ লক্ষণসমূহ সাধাৰণ জ্বৰৰ দৰেই একে। ফলত বহু সময়ত খুব পলমকৈহে ই ধৰা পৰে। জটিলতা অনুভৱ কৰিলেই চিকিৎসাসেৱা গ্ৰহণ কৰা উচিত। ছোৱাইন ফ্লুত আক্ৰান্ত ৰোগীক এণ্টিভাইৰেল ঔশধ, যেনে- Oseltamivir (Tamiflu) অথবা Zanamivir (Relenza) আদি দি সকাহ দিয়াৰ উপৰি ৰোগীক জটিল অৱস্থালৈ যোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। এণ্টিভাইৰেল ঔষধ সেৱন কৰাৰ উপৰি ঘৰতে হওক বা হস্পিতালতে হওক ৰোগীক আছুতীয়া কক্ষত ৰাখি জ্বৰ কমোৱা দৰব, ওপৰুৱা বেক্টেৰিয়েল সংক্ৰমণ কমাবৰ বাবে এণ্টিবায়’টিক দিয়াৰ উপৰি শৰীৰৰ পানী আৰু ইলেক্ট্ৰ’লাইট সঠিককৈ ৰাখিবলৈ চেলাইন দিয়া, পনীয়া পুষ্টিকৰ আহাৰ আদি খাব দিব লাগে। ছোৱাইন ফ্লুত আক্ৰান্ত শিশুৰ শ্বাস-প্ৰশ্বাস দ্ৰুত হ’লে আৰু উশাহ লওঁতে কষ্ট পালে, ছালৰ বৰণ নীলা হ’লে, প্ৰয়োজনীয় পানী গ্ৰহণ নকৰিলে, টোপনিৰ পৰা নুঠা বা হাঁহি-মাতি নথকা, শিশুটিক ধৰিলে বা কোঁচত ল’লে বিৰক্ত হোৱা, ফ্লুৰ লক্ষণবোৰ কমি গ’লেও জ্বৰ আৰু ভীষণভাৱে কাহ থাকিলে, জ্বৰৰ লগতে গাত গুটি ওলোৱা আদি লক্ষণবোৰ দেখা দিলে অনতি পলমে চিকিৎসা কৰিব লাগে। আক্ৰান্ত বয়স্কসকলে উশাহ চুটি হোৱা আৰু উশাহ লওঁতে কষ্ট পালে, বুকুত বা পেটত বিষ বা হেঁচা মাৰি ধৰা, হঠাৎ মূৰ ঘূৰোৱা, মনত খেলি-মেলি ভাব আহি থকা, খুব বেছিকৈ বা ঘনাই বমি হৈ থকা আদি লক্ষণ দেখা দিলে জৰুৰীভাৱে চিকিৎসা কৰোৱাৰ প্ৰয়োজন। হস্পিতালত ৰোগীক আছুতীয়া কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰিব লাগে। জটিল অৱস্থাৰ সৃষ্টি হ’লে ৰোগীক আই চি ইউত ভৰ্তি কৰাব লগাও হ’ব পাৰে।

ছোৱাইন ফ্লু নহ’বলৈ কি কৰিব লাগেঃ

 

দৈনন্দিন কিছুমান অভ্যাস পালন কৰি এইবিধ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়।

(১) বীজাণুৰ পৰা ৰক্ষা পাবলৈ প্ৰথম আৰু অতি প্ৰয়োজনীয় কথা হ’ল, হাত সঘনাই ভালদৰে ধোৱা। হাত সদায় পৰিষ্কাৰ কুহুমীয়া পানী আৰু চাবোনেৰে ভালদৰে ধুব লাগে। যদি চাবোন আৰু পানী নাথাকে তেতিয়া এলকহল থকা এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰা টিছু পেপাৰ বা জেল ছেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা যায়।

(২) সাধাৰণ সুস্বাস্থ্য বজাই ৰাখিব লাগে। ভালদৰে বেছি সময় শুব লাগে। শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব লাগে। মানসিক হেঁচাৰ পৰা আঁতৰি থাকিব লাগে। যথেষ্ট পৰিমাণে পনীয়া আহাৰ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে।

(৩) ফ্লু ভাইৰাছ থকা বুলি সন্দেহ হোৱা কোনো বস্তু স্পৰ্শ কৰিব নালাগে। এনে ৰোগ হোৱা ব্যক্তিৰ লগত ওচৰ সম্পৰ্ক ৰক্ষা নকৰি আঁতৰি থাকিব লাগে। কাহ, নাকেৰে পানী ওলোৱা, হাঁচিওৱা, জ্বৰ আদি ধৰণৰ ইনফ্লুয়েঞ্জা লক্ষণ থকা লোকৰ পৰা দূৰৈত থাকিব লাগে।

(৪) ছোৱাইন ফ্লু ৰোগীক চিকিৎসা আৰু শুশ্ৰূষা কৰা ব্যক্তিয়ে সুৰক্ষামূলক পোছাক, এন-৯৫ মাস্ক আদি ব্যৱহাৰ কৰাৰ উপৰি প্ৰতিৰোধৰ বাবে এণ্টিভাইৰেল ঔষধ Oseltamivir গ্ৰহণ কৰাৰ উপৰি প্ৰতিষেধক ভেকচিন ল’ব পাৰে।

ছোৱাইন ফ্লু আৰু ভেকচিনঃ

 

দীৰ্ঘ সময়ৰ বাবে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বজাৰত Inactivated H1N1 ভেকচিন (Vaxiflu S), Live Attenuated H1N1 ভেকচিন (Nasovac) আদি উপলব্ধ। ২ৰ পৰা ৮ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত ৰাখিব লগা Inactivated H1N1 ভেকচিন (Vaxiflu S) ০.৫ মিলিলিটাৰ ডোজত বেজী হিচাপে মাংসপেশীত মাত্ৰ এবাৰে দিয়া হয়। আন বেজীৰ দৰে বিষ হোৱা, জ্বৰ, মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। Live Attenuated H1N1 ভেকচিন (Nasovac) ন’জেল স্প্ৰে’ হিচাপে ব্যৱহাৰ কৰা হয়। ভেকচিনে ১০০ শতাংশই ইনফ্লুয়েঞ্জা-এ (H1N1) ৰোগ প্ৰতিৰোধ নকৰে, মাত্ৰ ৰোগৰ আশংকাহে কমায়। এই ভেকচিন লোৱাৰ ১৫ দিনৰ পাছতহে সুৰক্ষা দিব আৰম্ভ কৰে। ভেকচিন লোৱাৰ আগতে বা দুই-তিনিদিনৰ ভিতৰত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ কিন্তু এই ৰোগ হ’ব পাৰে। যিহেতু সকলোকে ভেকচিন দিয়া সম্ভৱ নহয়, সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমে এই ৰোগ পৰিচৰ্যা কৰা স্বাস্থ্যকৰ্মীক ভেকচিন দিয়াৰ কথা কৈছে। ইয়াৰ পাছত সম্ভৱ হ’লে গৰ্ভৱতী মহিলা, শিশু, ১৫-৪৯ বয়সৰ ব্যক্তি আৰু ৪৯-৬৫ বয়সৰ ব্যক্তিক ভেকচিন দিব কৈছে।

ছোৱাইন ফ্লু হ’লে কি কৰিব লাগেঃ

 

(১) কাহোতে বাহাঁচিয়াওতে নাক আৰু মুখ ৰুমাল বা টিছু পেপাৰেৰে ঢাকিব লাগে। এনে কৰাৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰে-পাঁজৰে থকা লোকসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়।

(২) ব্যৱহাৰ কৰা টিছু পেপাৰ বেয়া সামগ্ৰী পেলোৱা বাকচত পেলাব লাগে।

(৩) কাহ আৰু হাঁচিওৱাৰ পাছত প্ৰতিবাৰেই হাত দুখন চাবোনেৰে ধুব লাগে। নাক, মুখ, চকু আদি স্পৰ্শৰ আগত আৰু পাছতো এনেদৰে হাত ধুব লাগে।

(৪) পৰাপক্ষত আন লোকৰ সৈতে সীমিত সম্পৰ্ক ৰখা উচিত। মানুহৰ ভিৰ থকা ঠাইৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে। পৰাপক্ষত ঘৰতে থাকিব লাগে।

(৫) মাস্ক ব্যৱহাৰ কৰা উচিত।

(৬) শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো শক্তিশালী কৰি ৰখাৰ বাবে কমেও ৮ ঘণ্টা শুব লাগে।

(৭) শৰীৰত পানী কমি যোৱাটো কোনোপধ্যে হ’বলৈ নিদিবৰ বাবে দৈনিক ৮-১০ গিলাচ পানী খাব লাগে।

(৮) পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে।

(৯) জটিলতা অনুভৱ কৰিলেই পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব লাগে।

ছোৱাইন ফ্লু হ’লে কি কৰিব নালাগেঃ

(১) ৰোগাক্ৰান্ত ব্যক্তি স্কুল-কলেজ বা কাৰ্যালয়লৈ যাব নালাগে।

(২) চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ সেৱন কৰিব নালাগে।

(৩) য’তে ত’তে থু, খেকাৰ আদি পেলাব নালাগে।

(৪) সুস্থ ব্যক্তিৰ সৈতে হাত মিলোৱা, সাবটি ধৰা, সামাজিক চুম্বন আৰু আন অভিনন্দনমূলক স্পৰ্শ আদি কৰিব নালাগে। কাৰণ ইয়াৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে।

উৎসঃ খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ,

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top