অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জন্মগত বধিৰতা:

জন্মগত বধিৰতাৰ বিষয়ে লিখা হিছে

 

শিশুৱে কাণেৰে কেতিয়া শুনে:

 

এক স্বাভাৱিক নৱজাতক শিশু জন্ম হোৱাৰে পৰাই ভালকৈ শুনে। এই প্ৰক্ৰিয়া আৰম্ভ হয় মাকৰ গৰ্ভত থকাৰ পৰাই। গৰ্ভকালৰ ২৪-২৫ সপ্তাহৰ পৰা মাজে মাজে শুনে আৰু গৰ্ভকালৰ ২৮ সপ্তাহ সম্পূৰ্ণ হোৱাৰ পৰা সকলো সময়তে বাহিৰৰ শব্দ শুনে আৰু প্ৰতিক্ৰিয়া হিচাপে গৰ্ভৰ ভিতৰতে উচপ খায় বা হৃদস্পন্দন বাঢ়ি যায়, যাক ষ্টাৰটেল ৰিফ্লেক্স কোৱা হয়। যিহেতু গৰ্ভকালৰ পৰাই শিশুৱে বাহিৰৰ শব্দ শুনে, আমি মনত ৰখা উচিত যে গৰ্ভাৱস্থাত যাতে মাক কোনো মানসিক অশান্তি আৰু ঘৰুৱা অশান্তিৰ সন্মুখীন নহয়। পৰিয়ালৰ সদস্যসকলে পৰিয়ালত এক আনন্দময় পৰিবেশ বজাই ৰাখে। কিয়নো মানুহৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ মগজুৰ বৃদ্ধি আৰু বিকাশ গৰ্ভকালৰ শেষৰ তিনিমাহৰ পৰা আৰম্ভ হয় আৰু জীৱনৰ প্ৰথম দুটা বছৰত প্ৰায় ৮০% বিকাশ হয়। গতিকে গৰ্ভাৱস্থাত শিশুৱে যদি এক অশান্তিকৰ পৰিৱেশত থাকে, তেন্তে মগজুৰ প্ৰাৰম্ভিক বিকাশত বাধা আহিব পাৰে, যি পিচৰ জীৱনত প্ৰভাৱ পেলাব পাৰে।

বধিৰতাৰ কাৰক:

 

জন্মগত বধিৰতা হৈছে জন্মৰে পৰা শ্ৰৱণশক্তি হেৰুওৱা এটি অৱস্থা। ভাৰতত প্ৰতি ১০০০ জীৱিত নৱজাতকৰ ভিতৰত ৮-১০টা শিশু এনে সমস্যাৰ সন্মুখীন হ’ব পাৰে। ই দুটা কাৰণে হ’ব পাৰে-

    বংশগত কাৰক:

     

জন্মগত বধিৰতাৰ ই প্ৰধান কাৰণ। প্ৰায় ৫০% এনে শিশুৰ বধিৰতাৰ কাৰণ বংশগত হ’ব পাৰে। এনে শিশুৰ পৰিয়ালত অন্য সদস্য জন্মগত বধিৰতাত ভোগাৰ উদাহৰণ থাকে। এনে শিশুৱে জন্মৰ পৰাই শ্ৰৱণশক্তি হ্ৰাস হোৱাৰ লক্ষণসমূহ দেখুৱাব পাৰে বা পিচতো দেখুৱাব পাৰে। কেতিয়াবা আকৌ ই বিভিন্ন বংশগত লক্ষণৰ এটা অংশ হ’ব পাৰে। যেনে- ডাউনছ ছিণ্ড্ৰম, য’ত শিশুটিৰ শাৰীৰিক বিসংগতি আৰু মানসিক দুৰ্বলতাৰ উপৰি হৃদৰোগ আৰু শ্ৰৱণশক্তিৰ হ্ৰাস বা লোপ পোৱাৰ সমস্যা থাকিব পাৰে।

    অন্যান্য কাৰক:

যি বংশগত নহয়, এই কাৰকসমূহ প্ৰায় ২৫% এনে শিশুৰ ক্ষেত্ৰত দেখা যায়। কাৰণসমূহৰ ভিতৰত প্ৰধান হৈছে গৰ্ভকালৰ প্ৰথম তিনি মাহত মাকৰ কিছুমান সংক্ৰমণ সময়তকৈ আগত যদি শিশু এটি জন্ম হয়, জন্মৰ ওজন কম হয়, জন্মতে যদি আঘাত পায়, নৱজাতক অৱস্থাত অতিমাত্ৰা জণ্ডিচ হৈ চিকিৎসাৰ প্ৰয়োজন হয় আৰু মাক যদি গৰ্ভাৱস্থাত মধুমেহ বা উচ্চৰক্ত চাপত ভোগে।

জন্মগত বধিৰতা কিয় আগতীয়াকৈ চিনাক্ত কৰি ব্যৱস্থা ল’ব লাগে:

 

জন্মগত বধিৰতা যিমান কম বয়সতে চিনাক্ত কৰি উপযুক্ত চিকিৎসা কৰিব পাৰি, সিমানে দীৰ্ঘকালীন ফলাফল ভাল হয়। যদি ৯ মাহ বয়সৰ ভিতৰত শিশুটিয়ে কাণেৰে যে ভালকৈ নুশুনে তাক চিনাক্ত কৰিব পাৰি আৰু ২ বছৰ বয়সৰ ভিতৰত যদি শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰি বাক চিকিৎসা কৰিব পাৰি, তেন্তে তেনে শিশুক বোবা হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। যদি এনে শিশুৰ ককলিয়াৰ ইমপ্লেন্টেচনৰ প্ৰয়োজন হয়, তেন্তে ২ বছৰ বয়সৰ ভিতৰত কৰিলে যি ভাল ফলাফল পোৱা যায়, ২-৫ বছৰ বয়সৰ ভিতৰত কৰিলে একে ফলাফল পোৱা নাযায়।

বধিৰতাৰ ফলত কি অসুবিধা হ’ব পাৰে:

 

  • কথা কোৱাত অসুবিধা হয়। বধিৰতাই ভাষাৰ বিকাশতো প্ৰভাৱ পেলায়। শিশুৱে সদায় ডাঙৰৰ কথা শুনি কথা ক’বলৈ শিকে। গতিকে কাণেৰে যদি নুশুনে, তেন্তে ক্থা ক’ব নিশিকে বা কথাবোৰ অস্পষ্ট হয়। ফলত আনৰ লগত নিজৰ ভাব আদান-প্ৰদান কৰিব নোৱৰে।
  • স্কুলৰ পাৰদৰ্শিতাতো ইয়াৰ প্ৰভাৱ পৰে।
  • দৈনন্দিন জীৱনত আনৰ লগত যোগাযোগ কৰিবলৈ যি অসুবিধা পায় তাৰ ফলত অকলশৰীয়া অনুভৱ কৰে, আনৰ পৰা আঁতৰি থাকে আৰু হতাশাত ভোগে। যি পিচৰ জীৱনত মানসিক ৰোগৰ কাৰক হ’ব পাৰে।
  • এনে শিশু প্ৰায় যিকোনো স্কুলৰ পৰা আঁতৰি থাকে। এনে শিশু প্ৰাপ্তবয়স্ক হ’লে নিবনুৱা সমস্যাত ভোগে আৰু যিসকলে কৰ্মসংস্থাপন পায়, তেওঁলোকে সাধাৰণতে নিম্নবৰ্গৰ কামত কৰ্মৰত হ’বলগা হয়। এইটো অৱশ্যে সকলোৰে লগত প্ৰযোজ্য নহয়।

তেন্তে সাৱধান হোৱা উচিত। শিশুটি বধিৰতাত ভুগি থাকিব পাৰে। ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। এনে শিশুৰ কাণৰ শ্ৰৱণ ক্ষমতাৰ নিদানিক পৰীক্ষাৰ প্ৰয়োজন। এনে পৰীক্ষাত অডিঅ’মেত্ৰীৰ সহায় লোৱা হয়। বহুত ক্ষেত্ৰত দেখা যায় অভিভাৱকসকলে ভাবে যে শিশুটিয়ে সকলো শব্দ শুনে, কিন্তু শিশুটিয়ে কিছুমান শব্দ তৰংগৰ কিছু শব্দ নুশুনিব পাৰে, পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰাহে ইয়াক ধৰা পেলাব পাৰি।

স্বাভাৱিকভাৱে কাণেৰে শুনা শিশু এটিয়ে বিভিন্ন বয়সত কি কি কাম কৰিব পাৰে:

 

বয়স

সৰ্বোচ্চ বয়সৰ সীমা(যদি এই সীমাৰ ভিতৰত শিশুটিয়ে কৰিব নোৱাৰে, তেন্তে চিন্তাৰ কাৰণ- উপযুক্ত কাণৰ পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন)

২ মাহ

শিশুৱে শব্দ শুনিলে সজাগ হয়।

৪ মাহ

মাকে কথা ক’লে সঁহাৰি দিয়ে বা কান্দোন বন্ধ হয়।

৬ মাহ

শব্দৰ উৎস বিচাৰি উলিয়াই মূৰ ঘূৰায় আৰু চকুৰে চায়।

৯ মাহ

নিজৰ নাম মাতিলে সহাঁৰি দিয়ে।

১২ মাহ

‘নকৰিবা’ শব্দটোৰ অৰ্থ বুজি পায়। যদি কোনো শিশুক কোৱা হয় যে নকৰিবা, তেন্তে কামটো শিশুৱে নকৰে।

১৫ মাহ

একক কামৰ নিৰ্দেশনা পালন কৰিব পাৰে। যেনে- ‘ইয়াত বহা’, ‘বলটো দিয়া’।

 

  • যিকোনো বয়সত ইয়াৰ ব্যতিক্ৰম হ’লে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে, কাৰণ বধিৰতা এক কাৰণ হ’ব পাৰে।
  • তদুপৰি শিশু এটিয়ে যদি ডাঙৰ তথা বিকট শব্দটো যদি শিশুটো জিকাৰ খাই নুঠে, নাকান্দে, চকুৰ পিৰিকতি নলৰায়, সাৰ পাই নুঠে।
  • কেৱল অস্পষ্ট একেসুৰীয়া কথা কয়।
  • জোৰে চিঞৰি সফূৰ্তি বা আপত্তি প্ৰকাশ কৰে। আনৰ হাত-ভৰিৰ চলন বা মুখলৈ চাই সঁহাৰি দিয়ে।
  • কথা কৈ থাকিলে শিশুটোৱে কথা কোৱা বন্ধ নকৰে।
  • খেলা-ধূলাত সমনীয়াক অনুকৰণ কৰিহে খেলিব পাৰে।
  • অত্যধিক খং হয়।
  • নিজৰ ভাব প্ৰকাশ কৰিব নোৱাৰিলে খং কৰে।

শিশুৰ কাণৰ বধিৰতা হোৱাৰ কাৰণ:

 

কোনো শিশুৰ যদি জন্মৰ সময়ত বা তাৰ পিচত কোনো জটিলতাৰ সন্মুখীন হয়, তেন্তে বধিৰতা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। কোনবোৰ শিশুৰ এনে জটিল বধিৰতা হোৱাৰ সম্ভাৱনা বেছি-

  • যদি জন্মৰ ওজন ১৫০০ গ্ৰামৰ তলত হয় বা ৩৫ সপ্তাহৰ আগতে যদি শিশুটি জন্ম হয়।
  • জন্মৰ পিচত নৱজাতকৰ বিশেষ যতন কক্ষত যদি ৫ দিনতকৈ বেছি থাকিব লগা হয়, কৃত্ৰিম শ্বাস-প্ৰশ্বাস যন্ত্ৰৰ সহায় ল’ব লগা হয়।
  • নৱজাতকৰ যদি অতিমাত্ৰা জণ্ডিচ হৈ চিকিৎসা, যেনে- ফটোথেৰাপি বা তেজ সলনি কৰা প্ৰ্ক্ৰিয়াৰ সন্মুখীন হয়।
  • জন্মৰ পিচত ৫ মিনিটলৈকে উশাহ-নিশাহ লোৱাত কষ্ট হয় বা একেবাৰে ল’ব নোৱাৰে। গৰ্ভকালৰ প্ৰথম তিনি মাহত যদি কিছুমান সংক্ৰমণ হয়, যেনে- ৰুবেলা(জাৰ্মান মিজলছ), চাইটোমেগাল ভাইৰাছ, এনে সংক্ৰমণে গৰ্ভত থকা শিশুটিকো অনিষ্ট কৰিব পাৰে, যাৰ ফলত জন্মগত চকুৰ ছানি পৰা ৰোগ আৰু জন্মগত বধিৰতা হ’ব পাৰে।
  • নৱজাতক অৱস্থাত যদি হাত-ভৰি বা অন্য অংগৰ অস্বাভাৱিক কম্পন হয়। নৱজাতক অৱস্থাত যদি সংক্ৰমণ হৈ মেনিনজাইটিছ ৰোগত আক্ৰান্ত হয়।
  • পৰিয়ালত যদি জন্মগত বধিৰতাত ভোগা লোক থাকে।
  • মুখমণ্ডলৰ যদি কিছুমান বাহ্যিক বিকাৰ থাকে। যেনে- তালু ফুটা বা ওঁঠ ফটা। বাহিৰৰ কাণৰ যদি কিছুমান বিকাৰ থাকে। যেনে- অস্বাভাৱিক ধৰণৰ কাণ, য’ত কাণখন বিকৃত তথা অসম্পূৰ্ণ হয়, কাণৰ ওচৰত গাঁত থাকে।

এনে শিশুৰ চিকিৎসালয় এৰাৰ আগতে কাণৰ পৰীক্ষা কৰিব   লাগে। দ্বিতীয় পৰীক্ষা ৩ মাহ বয়সত কৰিব লাগে। যদি দ্বিতীয় পৰীক্ষাত কাণৰ আসোঁৱাহ ধৰা পৰে, তেন্তে উপযুক্ত চিকিৎসা, যেনে বাক চিকিৎসা আৰু শ্ৰৱণশক্তি বৃদ্ধি কৰা ইলেক্ট্ৰ’নিক যন্ত্ৰৰ সহায় ল’ব লাগে। মনত ৰখা উচিত যে সকলো শিশুক ককলিয়া ইমপ্লেন্টেচনৰ প্ৰয়োজন নহয়। নিৰ্দিষ্ট কিছুমান শিশুৰহে প্ৰয়োজন।

জন্মগত বধিৰতা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি:

 

  • প্ৰায় ৫০% জন্মগত বধিৰতা ৰোধ কৰিব পাৰি যদি আমি আগতীয়া কিছুমান প্ৰতিৰোধ ব্যৱস্থা ল’ব পাৰে। যেনে- শিশু অৱস্থাত কিছুমান ৰোগৰ প্ৰতিৰোধৰ কাৰণে টিকাকৰণ কৰিব লাগে। বিশেষকৈ মিছলছ, মামচ আৰু ৰুবেলা ভাইৰাছৰ বিপক্ষে। এম এম আৰ টিকা ৯ মাহ সম্পূৰ্ণ হ’লে প্ৰথম পালি, দ্বিতীয় পালি ১৫ মাহত আৰু তৃতীয় পালি ৪-৫ বছৰৰ ভিতৰত ল’ব লাগে। আজিকালি ব্যক্তিগত খণ্ডত এই টিকা উপলব্ধ। চৰকাৰী খণ্ডত ই এতিয়াও উপলব্ধ নহয়। চৰকাৰে সাময়িক সময়ত কেইবাবিধো নতুন টিকা টিকাকৰণ আঁচনিত অন্তৰ্ভুক্ত কৰিছে, যেনে- হাগনি ৰোগ কৰা ৰটা ভাইৰাছৰ বিপক্ষে টেন্টাভেলেন্ট টিকা আৰু পলিঅ’ৰ বিপক্ষে Inactivated Polio Vaccine(IPV) যি বেজীৰ যোগেদি দিয়া হয়। জন্মগত বিসংগতিসমূহৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষকৈ জন্মগত চকুত ছানি পৰা আৰু জন্মগত বধিৰতা প্ৰতিৰোধত এম এম আৰ টিকাৰ যি উল্লেখনীয় অৱদান আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই টিকাও টিকাকৰণ আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি আশা কৰিব পাৰি।
  • কৈশোৰ অৱস্থাত ৰুবেলাৰ বিপক্ষে টিকা ল’ব পাৰি। কাৰণ এটা বয়সত এওঁলোক মাতৃ হ’ব যদি কৈশোৰ অৱস্থাত এই বীজাণুৰ বিপক্ষে টিকা লয়, তেন্তে মাতৃত্বৰ সময়ত এনে ৰোগ নহয়। ফলত গৰ্ভত থকা শিশুটিও সুৰক্ষিত হয়।
  • গৰ্ভাৱস্থাত ছিফিলিছ বা উপদেশ, ৰোগৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰা উচিত। যদি মাকগৰাকী এনে ৰোগত ভুগি থাকে তেন্তে শিশুটিকো হানি কৰিব পাৰে। এনে ৰোগৰ উপযুক্ত চিকিৎসাৰ প্ৰয়োজন।
  • প্ৰাক-প্ৰসৱকালীন কালত মাকগৰাকীৰ প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা আৰু যতন ল’ব লাগে, যাতে মাকগৰাকী মধুমেহ আৰু উচ্চ ৰক্তচাপত নোভোগে। উপযুক্ত সা-সুবিধা থকা স্থানতহে প্ৰসৱৰ ব্যৱস্থা কৰিব লাগে।
  • যিবোৰ শিশুৰ বধিৰতা হোৱাৰ সম্ভাৱনা বেছি, তেনে শিশুকে আৰম্ভণিৰে পৰা উপযুক্ত পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
  • সদায় অতি ডাঙৰ শব্দৰ পৰা দূৰত ৰাখিব লাগে।

লেখক: ডাঃ দীপাংকৰ হাজৰিকা(সম্ভাৰ)

3.06060606061
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top