মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / জাপানীজ এনকেফেলাইটিছ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জাপানীজ এনকেফেলাইটিছ:

জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণসমূহ

 

জাপানী এনকেফেলাইটিছ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ৰোগ।

জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণসমূহ হ’ল-

 

  • অতিপাত জ্বৰ,
  • মুৰৰ বিষ,
  • মানসিক অস্থিৰতা,
  • ভ্ৰম আৰু সংজ্ঞাহীনতা,
  • বমি ভাব,
  • শৰীৰৰ কপনি,
  • আংশিক পক্ষাঘাত।

জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাবে ল’ব লগা সাবধানতাসমূহ হ’ল-

 

  • শোৱাৰ সময়ত LLIN আঁঠুৱা ব্যৱহাৰ কৰক,
  • ঘৰৰ চৌহদৰ পৰা গাহৰি আৰু গড়াল আঁতৰাই ৰাখক,
  • মহৰ বংশ বৃদ্ধি নহবলৈ চৌহদ পৰিছ্ন্ন তথা নলা-নৰ্মদা পৰিষ্কাৰ কৰি ৰাখক,
  • মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ সদায় দীঘল হাতৰ চোলা আৰু দীঘল পেন্ট পৰিধান কৰক,
  • সদায় সন্ধ্যা ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক,
  • স্বাস্থ্য বিভাগৰ কৰ্মীক ঘৰৰ ভিতৰত ডিডিটি ছটিয়াবলৈ অনুমতি দিয়ক,
  • ফগিংৰ সময়ত ঘৰৰ দুৱাৰ খিৰিকি খুলি ৰাখি ধোঁৱা সোমাবলৈ দিয়ক।

জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাবে আগবঢ়োৱা চৰকাৰী সেৱাসমূহ-

 

  • সকলো জিলা চিকিৎসালয়ত আৰু চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছৰ ৰোগ নিৰ্ণায়ক পৰীক্ষা বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা আছে,
  • এই ৰোগৰ বাবে সকলো জিলা চিকিৎসালয়ত আৰু সংশ্লিষ্ট চিকিৎসকে চিকিৎসাৰ যাৱতীয় ব্যৱস্থা জৰুৰীভাৱে গ্ৰহণ কৰিব,
  • ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসা প্ৰদানৰ বাবে আই চি ইউৰ ব্যৱস্থা উপলব্ধ,
  • গোলাঘাট, শিৱসাগৰ আৰু লক্ষিমপুৰ জিলা চিকিৎসালয়ত এই ৰোগৰ চিকিৎসাৰ বাবে বিশেষ পেডিয়েট্ৰিক আই চি ইউৰ ব্যৱস্থা উপলব্ধ।

ডায়েল কৰক ১০৪: যিকোনো সহায়ৰ বাবে ডায়েল কৰক ১০৪।

উৎস: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top