জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ দেখিলে ততালিকা স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰক আৰু আটাইতকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যাওক।
জাপানীজ এনকেফেলাইটিছ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ৰোগ।
যিকোনো জ্বৰ জাপানীজ এনকেফেলাইটিছ বা সদৃশ ৰোগ হ’ব পাৰে। শীঘ্ৰে চিকিৎসা প্ৰদান কৰিলে ৰোগীৰ স্বাস্থ্যৰ অধিক অৱনতিৰ পৰা ৰক্ষা কৰিব পাৰি।
এই ৰোগৰ লক্ষণসমূহঃ
অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, ভ্ৰম আৰু সংজ্ঞাহীনতা, বমি ভাব, শৰীৰৰ কপনি আৰু আংশিক পক্ষাঘাতৰ লক্ষণ।
- শোৱাৰ সময়ত সদায় আঠুৱা (LLIN) ব্যৱহাৰ কৰক।
- ঘৰৰ ওচৰৰ পৰা গাহৰি আৰু গাহৰিৰ গড়াল আঁতৰাই ৰাখক।
- সদায় দীঘল হাতৰ চোলা আৰু দীঘল পেণ্ট পৰিধান কৰক।
- সদায় সন্ধ্যা ঘৰৰ বাহিৰে-ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। ধোৱা দিয়াৰ সময়ত দুৱাৰ খিৰিকী আধাঘণ্টা পৰ্যন্ত খুলি ৰাখক।
(যিকোনো সহায়ৰ বাবে ডায়েল কৰক ১০৪)।
(উৎসঃ আমাৰ অসম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান)।