মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / জীৰ্ণ-শীৰ্ণ অৱস্থাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৰ্ণ-শীৰ্ণ অৱস্থাঃ

শিৰোনামত বৰ্ণিত অৱস্থাটিক চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এক ধাৰণা বুলি কোৱাহে অধিক সমীচীন হ’ব।

 

শিৰোনামত বৰ্ণিত অৱস্থাটিক চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এক ধাৰণা বুলি কোৱাহে অধিক সমীচীন হ’ব। এই অৱস্থাটিৰ কোনো এক সুনিৰ্ধাৰিত সংজ্ঞা নাই যদিও এইক্ষেত্ৰত ‘বহু মুনিৰ বহু মত’ বুলি প্ৰচলিত প্ৰবচনফেৰা নিতান্তই প্ৰাসংগিক। বাৰ্ধক্য অৱস্থাজনিত চিকিৎসা বিজ্ঞানত (জেৰিয়াট্ৰিক মেডিচিন) আজিৰ তাৰিখত এই অৱস্থাটি বা ধাৰণাটিয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। চিকিৎসা বিজ্ঞানৰ এই নৱতম শাখাটিৰ পাঠ্যপুথিত উল্লেখ কৰা অনুযায়ী ইয়াৰ জীৰ্ণ-শীৰ্ণ দৈহিক অৱস্থাৰ সংজ্ঞা এনে ধৰণৰ- বাৰ্ধক্য অৱস্থাৰ এনে এক পৰ্যায় য’ত নেকি দৈহিক শক্তি, ভাৰসাম্যতা তথা সহনশীলতা টুটি যায় আৰু আনুষংগিকভাৱে ষ্ট্ৰেছত আক্ৰান্ত হোৱাৰ তথা আঘাতপ্ৰাপ্ত হোৱাৰ প্ৰৱণতা বাঢ়ে। ইয়াৰ এক সৰলীকৃত ভাষ্য হৈছে এনেধৰণৰ- দৈনন্দিন জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় কাম-কাজ সম্পন্ন কৰিবলৈ যদিহে কোনো ব্যক্তিক সহায় বা অৱলম্বনৰ প্ৰয়োজন হয় তেনেহ’লে সেই ব্যক্তিগৰাকীৰ অৱস্থা জীৰ্ণ-শীৰ্ণ বা নিশকতীয়া বুলি গণ্য কৰা হয়। বৈজ্ঞানিক দৃষ্টিভংগীৰে সঠিকভাৱে এই অৱস্থাটিৰ মাপ ল’বলৈ এনেবোৰ সূচকৰ সহায় লোৱা হয়- তাকৰীয়া মাত্ৰাযুক্ত খাদ্য গ্ৰহণ, দৈহিক ওজন আৰু বি এম আই হ্ৰাস তথা দৈহিক আৰু সামাজিক সক্ৰিয়তা অটুট ৰখাৰ ক্ষেত্ৰত অসামৰ্থ। জীৱবিজ্ঞানৰ দিশৰ পৰা ই কেইবাটাও শৰীৰতাত্ত্বিক কাৰ্যকলাপৰ অৱনতিৰ ইংগিত বহন কৰে। এইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে মাংসপেশীৰ সহনশীলতা আৰু শক্তি। চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এই অৱস্থাটিত শৰীৰৰ বিভিন্ন অংগৰ উপৰি তন্ত্ৰবোৰ (চিষ্টেমছ্) ক্ষতিগ্ৰস্ত হয় আৰু বয়সৰ অগ্ৰগতিৰ আনুষংগিকভাৱে দৈহিক সামৰ্থ্য টুটে আৰু ই মৃত্যুৰ এক উল্লেখনীয় জৈৱিক সূচকৰূপে পৰিগণিত হৈছে। গতিকে ইয়াক এক সাধাৰণ অৱস্থা বুলিও বৰ্ণনা কৰিব পাৰি য’ত নেকি পৰি আঘাতপ্ৰাপ্ত হোৱাকে ধৰি স্বাস্থ্যৰ সাধাৰণ সামগ্ৰিক অৱস্থা নিম্নগামী হোৱাৰ উপৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ তথা মৃত্যুমুখী হোৱাৰ শংকা বাঢ়ে।

বয়সস্থ মানুহসকলৰ (বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা অনুযায়ী ৬৫ বছৰতকৈ বেছি বয়সীয়া) ভিতৰত ২৫ শতাংশ আৰু ৮৫ বছৰতকৈ বেছি বয়সৰ ৫০ শতাংশ মানুহেই এইটো অৱস্থাত আক্ৰান্ত হয়। চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ ভিতৰত ৩৫ শতাংশ এই অৱস্থাটিৰ ভুক্তভোগী।

স্বাস্থ্যগত দিশৰ পৰা যিসকল ৰোগীৰ সম্পদৰ মাত্ৰা বা পৰিমাণ দৈহিক ঘাটিৰ তুলনাত তাকৰীয়া হয় তেওঁলোকে এই অৱস্থাটিত আক্ৰান্ত হোৱাৰ শংকা বেছি। কেম্পবেল আৰু বাকনাৰ নামৰ বিজ্ঞানী দুজনৰ মতে বিভিন্ন দৈহিক তন্ত্ৰৰ কাম-কাজৰ সামৰ্থ্যৰ সংৰক্ষিত অৱস্থাৰ বিজুতি ঘটিলেই এনে হোৱাৰ শংকা থাকে। জিন বা বংশগত কাৰক, পৰিৱেশ আৰু জীৱন-ধাৰণৰ শৈলীৰ ওপৰত নিৰ্ভৰ কৰি সামগ্ৰিকভাৱে শৰীৰৰ বিভিন্ন তন্ত্ৰ আৰু আৰু অংগৰ বয়সজনিত পৰিৱৰ্তন ঘটে। তদুপৰি সময়ৰ অগ্ৰগতিৰ আনুষংগিকভাৱে বিভিন্ন অংগবোৰ ৰোগাক্ৰান্ত হয়। বয়সজনিত পৰিৱৰ্তন আৰু ৰোগৰ পাৰস্পৰিক বিক্ৰিয়াৰ বাবেই জীৰ্ণ-শীৰ্ণ অৱস্থাৰ সৃষ্টি হয়। অৱক্ষয়জনিত অস্থিৰ বা সন্ধি ৰোগ, কলিজা তথা হাওঁফাওঁৰ নানা ৰোগ, ৰক্তহীনতা, বহুমূত্ৰ বা ষ্ট্ৰোক আদিকে ধৰি প্ৰান্তীয় ধমনীবোৰৰ নানা ৰোগত আক্ৰান্ত হ’লে মাংসপেশীৰ কাম-কাজ কৰাৰ সামৰ্থ্য হ্ৰাস ক্ষীপ্ৰতৰ হয়। ফলত বয়স বৃদ্ধিৰ বাবে অৱক্ষয়গ্ৰস্ত মাংসপেশীবোৰৰ কৰ্মক্ষমতা টুটে। ইয়াকে চিকিৎসা বিজ্ঞানৰ ভাষাত ছাৰ্ক’পেনীয়া বোলে। এই অৱস্থাটিত (ছাৰ্ক’পেনীয়া) মাংসপেশীৰ পৰিমাণ তথা আয়তন টুটি যায়। ৬০-৭০ বছৰ বয়সীয়া নাগৰিকসকলৰ ভিতৰত প্ৰায় ১২ শতাংশ এই অৱস্থাটিত আক্ৰান্ত হয়। আনহাতে ৮০ বছৰতকৈ অধিক বয়সীয়া মানুহবোৰৰ ভিতৰত ৩০ শতাংশ এই অৱস্থাটিত ভোগে।

দৰাচলতে জীৰ্ণ-শীৰ্ণ অৱস্থাটি বয়স বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল নহয়। জিন, পৰিৱেশ আৰু জীৱন ধাৰণৰ শৈলীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আৰু বয়সৰ অগ্ৰগতিৰ হেতুকে শৰীৰে বহন কৰিবলগীয়া হোৱা ৰোগৰ বোজাৰ ওপৰতহে জীৰ্ণ-শীৰ্ণ অৱস্থাটি নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে ৮৫ বছৰ বয়সীয়া এজন মানুহৰ তুলনাত ৬৫ বছৰীয়া মানুহজনৰহে দৈহিক অৱস্থা জীৰ্ণ-শীৰ্ণ হ’ব পাৰে। সতকাই দেখা দিয়া উপসৰ্গবোৰ হৈছে- দুৰ্বলতা, অৱসাদগ্ৰস্ততা, নিষ্ক্ৰিয়তা, দৈহিক ওজন হ্ৰাস আৰু বৌদ্ধিক কাম-কাজ কৰাৰ ক্ষমতা হ্ৰাস।

শৰীৰত এই অৱস্থাটিৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ কেতবোৰ পৰীক্ষা কৰা হয়। উদাহৰণস্বৰূপে তেজত হিম’গ্লবিনৰ মাত্ৰা টুটিব পাৰে আৰু চি আৰ পি বাঢ়িব পাৰে। তদুপৰি D-Dimer পৰীক্ষাৰ ফলাফলৰ মাত্ৰা বাঢ়ে আৰু দৈহিক বৃদ্ধি-বিকাশৰ সৈতে জড়িত হৰম’নবোৰৰ মাত্ৰা টুটে। অন্যান্য পৰিৱৰ্তনসমূহ হৈছে এনেধৰণৰ- DHEA আৰু IGF1ৰ মাত্ৰা পুৰুষৰ ক্ষেত্ৰত হ্ৰাস। আনহাতে নাৰীৰ ক্ষেত্ৰত ইষ্ট্ৰাডিলৰ মাত্ৰা বাঢ়ে। তদুপৰি তেজত থকা এলবুমিন আৰু কৰ্টিছলৰ মাত্ৰা বাঢ়িব পাৰে ট্ৰেনছ থাইৰেটিন কমে।

চিকিৎসা বিজ্ঞানত কেতবোৰ সূচকৰ জৰিয়তে (জন হপকিনছ ফ্ৰেইলিটী ক্ৰাইটেৰিয়া) জীৰ্ণ-শীৰ্ণ অৱস্থাত থকা বুলি সঠিকভাৱে ক’ব পাৰি। সেইবোৰ হৈছে-

 

(১) বিগত এটা বছৰত ৪.৫ কিলোগ্ৰামতকৈ অধিক ওজন হ্ৰাস বা বি এম আইৰ পৰিমাণ ১৮.৫তকৈ কম।

(২) খোজকঢ়াৰ গতি মন্থৰ যিটো নেকি ৪ মিনিট ৱাক টেষ্টৰ জৰিয়তে নিৰ্ণয় কৰা হয়।

(৩) দৈহিক দুৰ্বলতা- গ্ৰিপ্ ষ্ট্ৰেংথ পৰীক্ষাৰ জৰিয়তে এই বিষয়ে উমান পাব পাৰি।

(৪) অৱসাদগ্ৰস্ততা।

(৫) দৈহিক কাম-কাজৰ সামৰ্থ্য হ্ৰাস।

উপৰিউক্ত পাঁচোটাৰ ভিতৰত অন্ততঃ তিনিটা থাকিলে দৈহিকভাৱে জীৰ্ণ-শীৰ্ণ অৱস্থাত উপনীত হোৱা বুলিব পাৰি। এই অৱস্থাটিৰ (ৰোগ নহয়) চিকিৎসাৰ উদ্দেশ্যে নিম্নোক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে-

 

(১) ৰক্তহীনতাৰ বাবে (যদিহে কিডনীৰ ৰোগৰ বাবে হয়) চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এৰিথ্ৰোপয়েটিন নামৰ দামী বেজী এটা ল’ব লাগে।

(২) বিষ উপশমৰ বাবে বিষনাশক দৰবৰ প্ৰয়োগ।

(৩) ‘ঘ’ খাদ্যপ্ৰাণ অতিৰিক্তভাৱে খাব লাগে।

(৪) হতাশগ্ৰস্ততাৰ বাবে এছ এছ আৰ আই শ্ৰেণীভুক্ত দৰববিলাক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী খাব লাগে।

(৫) বহুমূত্ৰ ৰোগৰ চিকিৎসাৰ বাবে ইনচুলিন বা অ’ এইচ এ শ্ৰেণীভুক্ত দৰবৰ ব্যৱহাৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী হ’ব লাগে।

(৬) অন্যান্য মৌলৰ দৈহিক অভাৱজনিত অৱস্থাবোৰত ঘাটি পূৰাবলৈ পুষ্টিকৰ দ্ৰব্য খোৱা উচিত। এই অৱস্থাটিৰ প্ৰতিষেধকমূলক অৱস্থাৰূপে সপ্তাহত তিনিবাৰকৈ ২০ মিনিট সময়জুৰি ব্যায়াম কৰাৰ উপৰি যোগাসন, প্ৰাণায়াম কৰা যুগুত।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top