মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / জীৱ জন্তুৰ পৰা সংক্ৰমিত ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱ জন্তুৰ পৰা সংক্ৰমিত ৰোগ :

জীৱ জন্তুৰ পৰা সংক্ৰমিত ৰোগ ৰ বিষয়ে লিখা হৈছে ।

 

অতীজৰে পৰা জীৱ-জন্তুৰ সৈতে মানুহৰ এক নিবিড় সম্বন্ধ গঢ় লৈ উঠিছে আৰু পশু-পক্ষীক লৈয়ে সমাজৰ প্ৰগ্ৰতিৰ ৰথখনে এটা সময়ত গতি লাভ কৰিবলৈ সক্ষম হৈছিল । কাৰণ যন্ত্ৰৰ আৱিষ্কাৰৰ পূৰ্বে পশু-পক্ষীয়েহে মানুহক যাতায়াতৰ পৰা আদি কৰি বাৰ্তা আদান-প্ৰদানলৈকে বিভিন্ন কামত সহযোগ কৰি আহিছিল । বৰ্তমান সময়ত আমাৰ বহুতৰে ঘৰত পোহনীয়া জন্তু এটি ৰখাটো একপ্ৰকাৰ আভিজাত্যৰ প্ৰতীকস্বৰুপ হৈ পৰা দেখা গৈছে । তেনে পোহনীয়া জন্তুৰ ভিতৰত মূলত: বিভিন্ন প্ৰজাতিৰ কুকুৰ আৰু মেকুৰী আৰু কম-বেছি পৰিমাণে শহাপহু, ভাটৌ চৰাই ইত্যাদি । পোহনীয়া জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত ৰোগসমূহ বহুক্ষেত্ৰত উলাই কৰি অহা পৰিলক্ষিত হয় । সচেতনতাৰ অভাৱ তথা বহুক্ষেত্ৰত চিকিৎসা বিভাগ আৰু পশুচিকিৎসা বিভাগৰ মাজত সমন্বয়ৰ অভাৱ আদিৰ বাবেও জনস্বাস্থ্যৰ প্ৰতি অহা এনে ভাবুকিসমূহ দৃষ্টিৰ অগোচৰে থাকি বহুক্ষেত্ৰত বিপদত পেলোৱা পৰিলক্ষিত হয় । আজিও আমাৰ মানুহৰ ক্ষেত্ৰত মহামাৰীৰৰ ৰুপ লোৱা বিভিন্ন বেমাৰ-আজাৰ, যেনে- জাপানীজ এনকেফেলাইটিছ আদিৰ ভয়াৱহতাৰ মূল কাৰণ মানুহৰ মাজত সচেতনতা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱ আদিয়েই প্ৰধান ।

প্ৰতিবেদন -

এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে মানৱ দেহৰ বিভিন্ন ৰোগৰ প্ৰায় ১,৪০৭ টা বেক্টেৰিয়াজনিত ৰোগৰ প্ৰায় ৮১৬ টা ৰোগেই হৈছে মানুহৰ পৰা জীৱ-জন্তুৰ দেহলৈ বা জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হোৱা ৰোগ । আজিৰ তাৰিখত ১৭৭ টা বিভিন্ন ৰোগৰ শতকৰা প্ৰায় ৭৩ ভাগেই মানুহৰ পৰা জীৱ-জন্তুৰ দেহলৈ আৰু জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হোৱা ৰোগ, যাক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কোৱা হয় জুন’ছিছ (Zoonosis) । বন্যপ্ৰাণী, পোহনীয়া আৰু ঘৰচীয়া জীৱ-জন্তুৰ ৰোগসমূহৰ অধ্যয়ন আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ বিষয়, কিয়নো বনৰীয়া বা ঘৰচীয়া বা পোহনীয়া জীৱ-জন্তুৰ স্বাস্থ্যৰ লগতে মানৱ সমাজৰ স্বাস্থ্য তথা জনস্বাস্থ্যৰ দিশত ইয়াৰ গুৰুত্ব অসীম । আজিৰ বিশ্বত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা জনসংখ্যাৰ বিস্ফোৰণ, বতৰৰ পৰিৱৰ্তন, জৈৱ –পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ আদি বিভিন্ন কাৰকে ৰোগৰ বীজাণুসমূহৰ জিনীয় পৰিৱৰ্তনত প্ৰভাৱ পেলোৱাৰ লগতে ৰোগসমূহ বিয়পা তথা সংক্ৰমিত হোৱাত ইন্ধন যোগাইছে । বন্যপ্ৰাণীকে আদি কৰি ঘৰচীয়া তথা পোহনীয়া জীৱ-জন্তুসমূহে বিভিন্ন ৰোগৰ বাহক হিচাপে কাম কৰি বীজাণুসমূহক পোনপটীয়াকৈ নতুবা পৰোক্ষভাৱে তথা জিনীয় পৰিৱৰ্তনৰ মাধ্যমেৰে মানৱ দেহলৈ সংক্ৰমিত হোৱাত সহায়ক হৈ আহিছে, যিয়ে পৰোক্ষভাৱে পশুজাত প্ৰ’টিনৰ অভাৱ ঘটোৱাত সহায়ক হৈ আহিছে । আমি কম-বেছি পৰিমাণে জ্ঞাত যে বিভিন্ন ৰোগৰ বীজাণুৰ প্ৰথম উৎস হৈছে বনৰীয়া জীৱ-জন্তু, যিবোৰৰ পৰা বিভিন্ন মাধ্যমেৰে বিভিন্ন ৰোগৰ বীজাণুবোৰ মানুহৰ দেহলৈ সংক্ৰমিত হৈছে, যিবোৰৰ ভিতৰত অন্যতম হৈছে এইডছ, শেহতীয়াকৈ ইব’লা, জিকা ভাইৰাছ ইত্যাদি । এনে বিভিন্ন ৰোগৰ বিষয়ে অধ্যয়ন কৰোতে জনস্বাস্থ্যৰ দিশৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ যদিও আমাৰ অঞ্চলত প্ৰয়োজনীয় গৱেষণাৰ অভাৱ, পশুস্বাস্থ্য আৰু পশু চিকিৎসাৰ প্ৰতি জনসাধাৰণৰ সজাগতাৰ অভাৱ, চিকিৎসা বিভাগ আৰু পশু চিকিৎসা বিভাগৰ মাজত সমন্বয়হীনতা আদিৰ বাবে এনে ৰোগসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত বহু যোজন পিছ পৰি গৈছে । এনে ৰোগৰ প্ৰক্ৰিয়াই পশু চিকিৎসা বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানত  Epidemiology, Preventive medicine, Public health আদি বিষয়বোৰ গঢ় দিয়াত সহায় কৰিছে যদিও আমাৰ দেশ তথা ৰাজ্যত পশু চিকিৎসা বিষয় মানে এচামে সাধাৰণভাৱে গৰু-গাহৰিৰ খেল বুলি ধৰি লোৱাৰ বাবেই জনস্বাস্থ্যৰ বাবে এক যে বৃহৎ ভাবুকি আহি পৰিছে, সেয়া বহুতৰেই জ্ঞাত নহয় । দুখৰ বিষয় এই যে আমাৰ ৰাজ্যৰে বহু লোকে অসমত কেইখন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আছে আৰু ক’ত ক’ত অৱস্থিত, সেই বিষয়েও অজ্ঞ, যিয়ে সমাজত সচেতনতাৰ স্বাক্ষৰ বহন কৰে । বিদেশী ৰাষ্ট্ৰসমূহত পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আধুনিক গৱেষণা আৰু সচেতনতাৰ বাবে চমকপ্ৰদ যাত্ৰা অব্যাহত আছে বাবেই চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত আছে । কিন্তু আমাৰ দেশে সেই পৰ্যায়ত উপনীত হ’বলৈ এতিয়াও বহুদূৰ বাকী ।

পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ পৰা বিভিন্ন মাধ্যমেৰে মানুহৰ দেহলৈ সংক্ৰমিত হ’ব পৰা ৰোগসমূহ মূলত: ভাইৰাছজনিত, বেক্টেৰিয়াজনিত, পৰজীৱীজনিত আদি বিভিন্ন ভাগত ভাগ কৰিব পাৰি ।

ৰেবিজ বা জলাতংক ৰোগ -

ভাইৰাছ ৰোগৰ ভিতৰত নাম শুনিলেই সৰ্বসাধাৰণে আতংকিত হোৱা ৰোগটো হৈছে ৰেবিজ বা জলাতংক । ৰেবিজ বা জলাতংক ৰোগত আক্ৰান্ত পশু, যাক ইংৰাজীত কোৱা হয় ৰেবিড এনিমেল, তেনে আক্ৰান্ত পশুৰ লেলাৱটিৰ মাধ্যমেৰে এই ৰোগৰ বিষাণু নি:সৰিত হয় আৰু তেনে আক্ৰান্ত পশুৱে কামুৰিলে বা দেহৰ কটা-ছিগা ঘা এনে পশুৰ লেলাৱটিৰ সংস্পৰ্শলৈ আহিলে ৰোগৰ বিষাণুসমূহ সুস্থ পশুৰ দেহলৈ বিয়পে আৰু সময়মতে প্ৰতিষেধক নল’লে জলাতংকত আক্ৰান্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত আৰু সেই কথা আমি সকলোৱেই হয়তো জানো । সকলো উষ্ণৰক্তী প্ৰাণীয়েই এই ৰোগৰ চিকাৰ হয় আৰু কুকুৰ, শিয়াল, হায়েনা আদিয়ে এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৰোগৰ বিষাণুৰ বাহক হিচাপেও কাম কৰে । সেয়েহে কুকুৰ বা মেকুৰী আদি ঘৰত পোহনীয়া জন্তু হিচাপে ৰাখিলে তেনেবোৰ পশুক পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়মতে এই ৰোগৰ বিপৰীতে টিকাকৰণ কৰাটো বাঞ্চনীয় । আজিৰ যুগত পশু ৰক্ষাৰ ক্ষেত্ৰত আমাৰ বহুতৰ মাজত সচেতনতা দেখা গৈছে বা পথৰ গৰাকীবিহীন কুকুৰ আদিৰ প্ৰতি পালনৰ ক্ষেত্ৰতো আগভাগ লোৱা দেখা যায় । কিন্তু তেনে গৰাকীবিহীন কুকুৰ বা মেকুৰীক স্পৰ্শ কৰোতে কিছু সুৰক্ষা ব্যৱস্থা গ্ৰহন কৰা উচিত । কাৰণ তেনে গৰাকীবিহীন কুকুৰ-মেকুৰী আদিবোৰেই হৈছে এই ৰোগৰ বিষানুৰ অন্যতম বাহক । সেয়েহে পোহনীয়া জন্তু প্ৰধানত: কুকুৰ আৰু মেকুৰীক পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়মতে জলাতংক ৰোগৰ টিকা প্ৰদান কৰা উচিত । আনহাতে এনে জলাতংক ৰোগত আক্ৰান্ত পশুৱে কামুৰিলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিৰ্দিষ্ট দিনত কামোৰাৰ পিছত ল’ব লগা টিকাসমূহৰ সময়সূচী (Post bite vaccination schedule) মানি চলাটো নিতান্তই প্ৰয়োজনীয় । এনে ভাইৰাছজনিত ৰোগৰে অন্য এটা ৰোগ হৈছে বাৰিষাৰ আগে আগে ঘৰচীয়া জন্তু গৰু-ম’হৰ ক্ষেত্ৰত দেখা দিয়া চবকা ৰোগ বা খুৰা ফটা ৰোগ, যাক ইংৰাজীত কোৱা হয় Foot and mouth disease (FMD) আৰু যি আমাৰ গ্ৰাম্য সমাজত অতীজৰে পৰা পৰিচিত, যি ৰোগত আক্ৰান্ত পশুৰ মুখ আৰু ভৰিৰ খুৰাৰ মাজত ঘা লাগে আৰু সেই ঘাত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটে । এনে ৰোগত আক্ৰান্ত পশুৰ উৎপাদনশীলতা হ্ৰাস পোৱাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই দুৰ্বল হৈ পাৰে । এই ৰোগ গৰু-ম’হৰ দেহত দেখা পোৱা যায় যদিও কেতিয়াবা মানুহৰ দেহলৈও সোঁচৰে আৰু মানুহৰ হাতৰ তলুৱাত খঁহু বা ঘাৰ সৃষ্টি কৰিব পাৰে, যাক ইংৰাজীত কোৱা হয় Apthas fever সাধাৰণতে আক্ৰান্ত পশুৰ সংস্পৰ্শলৈ আহিলে প্ৰতিপালনৰ পিছত হাত ভালদৰে পৰিষ্কাৰ নকৰিলে এনে ৰোগৰ বিষাণু মানুহৰ দেহলৈ প্ৰৱেশ কৰিব পাৰে । বিশেষকৈ গো-পালনত নিয়োজিত ব্যক্তিসকল এনে Apthas fever ত আক্ৰান্ত হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা থাকে ।

আনহাতে বেক্টেৰিয়াজনিত ৰোগসমূহৰ ভিতৰত অন্যতম হৈছে যক্ষ্মা, যি আক্ৰান্ত পশুৰ পৰা মানুহৰ দেহলৈ পোনপটীয়াকৈ প্ৰৱেশ কৰিব পাৰে । এনে ৰোগত আক্ৰান্ত ঘৰচীয়া জন্তুবোৰৰ অন্যতম হৈছে গৰু-ম’হ । আক্ৰান্ত খীৰতী গাইৰ ক্ষেত্ৰত গাখীৰৰ মাধ্যমেৰে এনে ৰোগৰ বীজাণু মানুহৰ দেহত প্ৰৱেশ কৰিব পাৰে । কিন্তু বহু ক্ষেত্ৰত আক্ৰান্ত পশু চিনাক্ত নকৰা, আক্ৰান্ত পশুৰ গাখীৰ উতলাই নোখোৱাৰ হেতুকে এনে ৰোগৰ বীজাণু মানুহৰ দেহলৈ প্ৰৱেশ কৰিব পাৰে । শিশুৰ ক্ষেত্ৰত গ্ৰন্থিত হোৱা যক্ষ্মা (Gland TB) ইয়াৰ এটি অন্যতম কাৰণ । সেয়েহে বজাৰৰ পৰা অনা গাখীৰ সদায় উতলাই চেঁচা কৰি খাব লাগে আৰু বজাৰৰ পৰা অনা কেঁচা গাখীৰৰ দৈ বনাই খোৱা অনুচিত । কাৰণ বজাৰত বিক্ৰীৰ বাবে অনা গাখীৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি মিশ্ৰণ কৰা হয় বাবে কেতিয়াবা অজানিতে আক্ৰান্ত পশুৰ গাখীৰ মিহলি হ’লে গোটেই গাখীৰখিনিয়েই এনে বেক্টেৰিয়াৰ উৎস হ’ব পাৰে । বেক্টেৰিয়াজনিত ৰোগসমূহৰে অন্যতম এটি হৈছে ব্ৰুচেল’ছিছ (Brucellosis) । Brucella abortus   নামৰ এক বেক্টেৰিয়া এই ৰোগৰ বাবে জগৰীয়া, যিয়ে আক্ৰান্ত গৰ্ভৱতী গাইগৰুৰ শেহৰ তিনি মাহৰ পিনে গৰ্ভপাত কৰোৱা দেখা যায় । এই ৰোগে মানুহৰ শৰীৰতো কেতিয়াবা ৰোগৰ সৃষ্টি কৰা দেখা যায়, যাক কোৱা হয় Malta fever বা Undulant fever, কাৰণ ভূমধ্য সাগৰীয় অঞ্চলৰ মাল্টা নামৰ এক দ্বীপত এই ৰোগ দেখিবলৈ পোৱা গৈছিল । আক্ৰান্ত পশুৰ মৃত ভ্ৰূণ হাতেৰে স্পৰ্শ কৰিলে এই ৰোগ সাধাৰণতে বিয়পে । এনথ্ৰাক্স বা টেটুৱা লগা ৰোগ হৈছে আন এক ভয়ংকৰ বেক্টেৰিয়াজনিত সংক্ৰামক ৰোগ আৰু  Becillus anthracis নামৰ এক বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয় আৰু য’ত মৃত্যুৰ হাৰ শতকৰা এশ শতাংশ । পশু-পক্ষীৰ পৰা এই ৰোগ মানুহৰ দেহলৈ সংক্ৰমিত হয় আৰু যাক শত্ৰু দেশ তথা সন্ত্ৰাসবাদী সংগঠনে জৈৱিক অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে । এই ৰোগত আক্ৰান্ত হ’লে তেজ গোট মৰা প্ৰক্ৰিয়া বন্ধ হৈ যোৱা হেতুকে মৃত্যুৰ পিছতো দেহৰ বিভিন্ন অংগ, যেনে-নাক, মুখ, গুহ্যদ্বাৰ, যোনিদ্বাৰ আদিৰ পৰা গোট নমৰা তেজ অহৰহ নিৰ্গত হৈ থাকে । এই ৰোগৰ বীজাণু তেনে আক্ৰান্ত বা মৃত পশুৰ পৰা বায়ুমণ্ডলৰ মাধ্যমেদি মানুহৰ দেহলৈ সংক্ৰমিত হয় । এইবোৰৰ উপৰি      Salmonellosis, E.coli আদি বেক্টেৰিয়াৰ সংক্ৰমন পশুৰ দেহৰ পৰা মানুহৰ দেহলৈ এক অন্যতম প্ৰত্যাহ্বান, যিয়ে শিশুৰ দেহত মাংসপেশীৰ সংকোচন, পেটচলা আদি ৰোগৰ সৃষ্টি কৰিব পাৰে ।     Salmonella নামৰ বেক্টেৰিয়াবিধ সাধাৰণতে মানুহ বা পশু-পক্ষীৰ তন্ত্ৰত থাকে আৰু কেতিয়াবা ৰোগৰ সৃষ্টিকাৰক হৈ পৰে আৰু মানুহৰ দেহত Salmonellosis  নামৰ ৰোগৰ সৃষ্টি কৰে আৰু ৰোগৰ লক্ষণ হৈছে ৰোগীৰ অতিপাত জ্বৰ, বমি, পনীয়া শৌচ, পেটৰ বিষ ইত্যাদি । খাদ্যবস্তুৰ মাধ্যমেৰে বিশেষকৈ আক্ৰান্ত পশুৰ বিষ্ঠাৰ সংস্পৰ্শলৈ অহা মাংস, কণী আদিৰ পৰা এই ৰোগ মানুহৰ দেহলৈ বিয়পে । সেয়েহে এনে খাদ্যবস্তু গ্ৰহণ কৰা অনুচিত ।

আনহাতে পৰজীৱীজনিত ৰোগসমূহৰ অন্যতম হৈছে Toxoplasmosis , যি ৰোগ  Toxoplasma gondii নামৰ এক পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা হয় । এই পৰজীৱী ঘাইকৈ মেকুৰী প্ৰজাতিৰ প্ৰাণীৰ বিষ্ঠাৰ মাধ্যমেৰে মানুহৰ দেহলৈ বিয়পে আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত গৰ্ভপাতৰ কাৰক হৈ পৰে । সেয়েহে পোহনীয়া জন্তু হিচাপে মেকুৰী প্ৰতিপালন কৰোতে গৃহস্থ কিছু সচেতন হোৱা উচিত । আনহাতে বন্যপ্ৰাণী প্ৰতিপালনৰ সৈতে জড়িত গৰ্ভৱতী মহিলাসকলে এইক্ষেত্ৰত কিছু সাৱধানতা মহিলাসকলে এইক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো উচিত । পৰজীৱীজনিত ৰোগৰে অন্য উদাহৰণবোৰ হৈছে হাঁকোটা পেলুৰ সংক্ৰমণ, ঘূৰণীয়া পেলুৰ সংক্ৰমণ ইত্যাদি, যিবোৰ বিভিন্ন পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ মাধ্যমেৰে মানুহৰ দেহলৈ বিয়পিব পাৰে ।

ল’বলগীয়া সতৰ্কতা:-

১) পোহনীয়া জন্তু, বিশেষকৈ কুকুৰ আৰু মেকুৰীক পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়মতে বিভিন্ন ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান আৰু দিহা অনুযায়ী পৰজীৱীৰ সংক্ৰ্মণ ৰোধ কৰিবলৈ সময়মতে পেলুৰ দৰব খুওৱা উচিত ।

২) পোহনীয়া জন্তুসমূহ যিমানেই আপোন বুলি ভবা নহওক কিয় বা যিমানেই পৰিষ্কাৰ কৰি ৰখা নহওক কিয়, অতিমাত্ৰা সংস্পৰ্শ, বিশেষকৈ চুমা খোৱা বা গা-মুখ আদি চেলেকিবলৈ দিয়া অনুচিত । পোহনীয়া জন্তুৰ ক্ষেত্ৰত বহুতে ঘৰৰ বিছনা-পত্ৰ বা ছোফা আদিত ৰখাৰ ফলত তাত মল-মূত্ৰ বিসৰ্জন কৰা দেখা যায়, তেনে কৰিলে তেনেবোৰ কাপোৰ ধুই ৰ’দত শুকোৱা উচিত ।

৩) আজিকালি বহুতেই ব্যৱসায়িক ভিত্তিত গো-পালন কৰা দেখা যায় আৰু বহু গো-পালকৈ বৈজ্ঞানিক ধ্যান-ধাৰণাক এৰাই চলা দেখা যায় বাবে পশু চিকিৎসকৰ দ্বাৰা সময়মতে স্বাস্থ্য পৰীক্ষা নকৰোৱাৰ হেতুকে তেনে বহু পামৰ খীৰতী গাইসমূহ দৃষ্টিৰ অগোচৰে যক্ষ্মাত আক্ৰান্ত হৈ থকাৰ সম্ভাৱনা থাকে, সেয়েহে বজাৰৰ পৰা কিনা যিকোনো গাখীৰেই পোনে পোনে দৈ বনোৱা অনুচিত আৰু সেয়েহে বজাৰৰ পৰা অনা গাখীৰ কিছু সময় উতলাই পিছত চেঁচা কৰি খোৱা উচিত ।

৪) পদপথৰ গৰাকীবিহীন কুকুৰ-মেকুৰী আদি স্পৰ্শ কৰোতে সচেতন হোৱা উচিত । কাৰণ এনেবোৰ জন্তুৱেই হৈছে জলাতংক ৰোগৰ বিষাণুৰ অন্যতম বাহক আৰু লগতে দেহত কঢ়িয়াই ফুৰে বিভিন্ন ৰোগৰ বীজাণু । সেয়েহে এনে জন্তুৰ ওচৰলৈ যাওঁতে প্ৰকৃত সুৰক্ষা ব্যৱস্থা, যেনে- ৰবৰৰ হাতমোজা আদি ব্যৱহাৰ কৰি আগবাঢ়িব লাগে আৰু তেনেবোৰ জন্তু স্পৰ্শ কৰাৰ পিচত চাবোন-পানীৰে হাত দুখন ভালকৈ ধুব লাগে আৰু কামুৰিলে চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰাটো বাঞ্চনীয় ।

৫) ঘৰচীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত, বিশেষকৈ গৰু-ম’হ যেতিয়া খুৰা ফটা বা চবকা ৰোগত আক্ৰান্ত হয়, তেতিয়া এনেবোৰ পশুক স্পৰ্শ কৰোতে পৰাপক্ষত ৰবৰৰ হাতমোজা ব্যৱহাৰ কৰা উচিত আৰু স্পৰ্শ কৰাৰ পিচত চাবোন-পানীৰে হাত ধোৱাৰ লগতে ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে সেই পিন্ধি থকা কাপোৰযোৰ সলনি কৰা উচিত ।

৬) গৰ্ভৱতী মহিলা থকা ঘৰত মেকুৰী ৰখাটো অনুচিত বা থাকিলেও সময়মতে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত, যাতে দেহত Toxoplasma gondii        ৰ অৱস্থিতি সম্পৰ্কে আভাস পাব পাৰি ।

৭) ঘৰচীয়া জীৱ-জন্তুৰ গড়াল ঘৰৰ পৰা কিছু আঁতৰত স্থাপন কৰা উচিত, যাতে পশু-পক্ষীৰ পৰা বিভিন্ন মাধ্যমেৰে ৰোগৰ বীজাণু মানুহৰ শৰীৰত সহজতে প্ৰৱেশ কৰিব নোৱাৰে ।

৮) গৰু-ছাগলীৰ উপৰি ঠাইবিশেষে গাহৰিৰ গোবৰো বহুতেই সাৰ হিচাপে খাদ্যশস্য উৎপাদনত ব্যৱহাৰ কৰে আৰু তেনে ঠাইৰ পৰা উৎপাদিত শাক-পাচলিও বজাৰত উপলব্ধ হোৱাৰ লগতে আমি অজানিতে এইবোৰ খাদ্য হিচাপে গ্ৰহণ কৰো । সেয়েহে বজাৰত উপলব্ধ শাক-পাচলি কেতিয়াও কেঁচাকৈ চালাড হিচাপে গ্ৰহণ কৰা অনুচিত, কাৰণ ইয়াৰ মাধ্যমেৰেও গাহৰিৰ ফিতা পেলুৰ কণী মানুহৰ শৰীৰত প্ৰৱেশ কৰি পৰজীৱীৰ টেমুনা (Parasitic cyst or Hydatid cyst) মাংসপেশী বা মস্তিষ্ক পৰ্যন্ত সৃষ্টি কৰিব পাৰে । সেয়েহে বজাৰৰ শাক-পাচলি, বিশেষকৈ গাজৰ, লাই-পালেং শাক আদি কেঁচাই খোৱাৰ বিপৰীতে পৰাপক্ষত সিজাই খোৱা উচিত ।

৯) এনথ্ৰাক্স বা টেটুৱা লগা ৰোগত মৃত্যু হোৱা পশু বা তেনে লক্ষণযুক্ত মৃত পশুৰ ওচৰলৈ যোৱা অনুচিত আৰু পশু চিকিৎসকসকলেও তেনে পশুৰ মৰণোত্তৰ পৰীক্ষা কৰা অনুচিত । তেনে পশুৰ ওচৰলৈ যাব লগা হ’লেও বা স্পৰ্শ কৰিব লগা হ’লেও ৰবৰৰ হাতমোজা, মাস্ক, ছেফটী ড্ৰেছ আদি পিন্ধিহে আগবঢ়া উচিত । তেনে পশু দৃষ্টিগোচৰ হ’লে ততাতৈয়াকৈ পশু চিকিৎসকক খবৰ দিয়া উচিত ।

১০) পোহনীয়া জীৱ-জন্তু ঘৰত থাকিলে কিছু সচেতন হোৱা উচিত । তেনে পোহনীয়া জন্তু, যেনে-কুকুৰক ঘৰৰ ভিতৰৰ পৰিৱৰ্তে বাহিৰত শৌচ-প্ৰস্ৰাৱ কৰাৰ অভ্যাস গঢ়াই তোলা উচিত আৰু ঘৰত আলহী আহিলে যিমান মৰমৰ হ’লেও আলহীৰ গাত উঠা বা আলহীৰ গাত জঁপিওৱা আদি বাৰণ কৰা উচিত । মনত ৰখা উচিত যে আপোনাৰ পোহনীয়া প্ৰাণীটো আপোনাৰ বাবে আপোন বা আত্মীয় যদিও সি আনৰ বাবে আচহুৱা আৰু তেনে অচিনাকি আলহীক অলক্ষিতে কেতিয়াবা আক্ৰমণ কৰিব পাৰে আৰু দেহত কঢ়িয়াই ফুৰা ৰোগৰ বীজাণু আনৰ গালৈ পিয়পাত সহায় কৰিব পাৰে, যি বীজাণুৰ বিৰুদ্ধে হয়তো আপোনাৰ গাত প্ৰতিদেহ গঢ়ি উঠিলেও আনৰ দেহত সেই বীজাণুৱে ৰোগৰ সৃষ্টি কৰিব পাৰে । বিশেষকৈ শিশুৰ ক্ষেত্ৰত এই দিশটোৰ প্ৰতি ধ্যান দিয়াটো অতি প্ৰয়োজনীয় ।

১১) কেতিয়াবা অচিন ৰোগতেই হওক বা অন্য কিবা কাৰণতেই হওক, পশুৰ মৃত্যু হ’লে জনসমাগমৰ পৰা দূৰৈত দকৈ গাঁত খান্দি পুতি তাৰ চাৰিওফালে বীজাণুনাশক দ্ৰব্য প্ৰয়োগ কৰি এক ব্যৱস্থাৰে ঠাইখিনি বন্ধ কৰিব লাগে, যাতে বনৰীয়া শিয়াল-কুকুৰ আদিয়ে পুনৰায় শটো উলিয়াই আনিব নোৱাৰে।

লেখক :- ড: বিৰাজ কুমাৰ শৰ্মা

উৎস:- জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top