মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / জীৱন নিৰ্ভৰশীল যকৃতৰ ওপৰত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱন নিৰ্ভৰশীল যকৃতৰ ওপৰত :

জীৱন নিৰ্ভৰশীল যকৃতৰ বিষয়ে লিখা হৈছে ।

 

সাম্প্ৰতিক কালত যকৃত বা লিভাৰৰ সৰু-বৰ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্যৰ পৰিপন্থী জীৱন-চৰ্চা(Lifestyle), পৰিৱৰ্তিত খাদ্যাভ্যাস, দূষিত পৰিৱেশ আদিয়েই হ’ল যকৃকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰাৰ প্ৰধান কাৰণ।

কিছু সাৱধানতা অৱলম্বন আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত কিছু বাছ-বিচাৰ মানি চলাৰ জৰিয়তে আমি যকৃতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বহুলাংশে হ্ৰাস কৰিব পাৰোঁ।

যকৃতৰ বিভিন্ন প্ৰকাৰৰ ৰোগ -

হেপাটাইটিছ ‘এ’:

মূলতঃ অপৰিষ্কাৰ পানী আৰু খাদ্যৰ জৰিয়তে এই ৰোগৰ সংক্ৰমণ ঘটে। অস্বাস্থ্যকৰ পৰিৱেশ আৰু অপৰিষ্কাৰ হাতৰ মাধ্যমেৰেও এই ৰোগ সংক্ৰমিত হ’ব পাৰে।

হেপাটাইটিছ ‘বি’ আৰু ‘চি’ -

অসুৰক্ষিত যৌন সম্পৰ্ক, অপৰীক্ষিত ৰক্তগ্ৰহণ, দূষিত ইঞ্জেকচনৰ ব্যৱহাৰ, হিমোডায়েলাইছিছ(Haemodialysis) আদিৰ জৰিয়তে এই ৰোগৰ বীজাণুৰ সংক্ৰমণ ঘটে।

ন-ন এলক’হলিক ফেটি লিভাৰ ডিজিজ(এন এ এফ এল ডি):

যকৃতত চৰ্বি জমা হোৱাৰ ফলত এই ৰোগ উদ্ভৱ হয়। মদ্যপানৰ বাদে আন কেতবোৰ কাৰণত এই চৰ্বি জমা হয়।

এনেদৰে যকৃতত চৰ্বি জমা হোৱাৰ ঘাই কাৰণবোৰ হ’ল- অস্বাস্থ্যকৰ খাদ্যাভ্যাস, ভজা খাদ্য বেছিকৈ খোৱা, মিঠাই প্ৰভৃতি অতিমাত্ৰা মিঠা খাদ্য বেছিকৈ খোৱা, শীতল পানীয় খোৱা, সংসাধিত খাদ্য(Processed food) বেছিকৈ খোৱা আদি।

ইয়াৰ বহিৰেও কেতিয়াবা জিনীয় কাৰণ আৰু কেতবোৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো যকৃতত চৰ্বি জমা হয়।

এলক’হলিক হেপাটাইটিছ -

অত্যধিক মদ্যপানৰ ফলত যকৃতৰ কোষবোৰ ক্ষতিগ্ৰস্ত হ’লে এই ৰোগৰ সূত্ৰপাত ঘটে।

চিৰোছিছ অব লিভাৰ:

বহুদিন যকৃতৰ কোনো ৰোগ, যেনে- হেপাটাইটিছ ‘বি’ বা ‘চি’, ফেটি লিভাৰ আদিত ভুগি থাকিলে বা অত্যধিক মদ্যপান কৰাৰ ফলত যকৃত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ জটিল পৰিস্থিতিৰ উদ্ৰেক ঘটিব পাৰে- ইয়াকে চিৰোছিছ অব লিভাৰ বোলা হয়।

হেপাটিক এনচিফেলোপেথী:

ৰোগাক্ৰান্ত যকৃত যেতিয়া কাম কৰিব নোৱাৰা হয়, তেতিয়া তেজত এমোনিয়াৰ মাত্ৰা অত্যধিক বৃদ্ধি পায়। এনে পৰিস্থিতিত বহু সময়ত ৰোগীয়ে মানসিক ভাৰসাম্যও হেৰুৱাই পেলায়।

এই অৱস্থাকে বোলা হয় ‘হেপাটিক এনচিফেলোপেথী’। এনে ৰোগীৰ সময় মতে সঠিক চিকিৎসা নকৰিলে, ৰোগী কমা অৱস্থালৈ পৰ্যৱসিত হ’ব পাৰে আৰু আনকি ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।

যকৃতৰ আন কেতবোৰ ৰোগ -

হেপাটাইটিছ ‘বি’ আৰু ‘চি’ৰ সৈতে হেপাটাইটিছ ‘ডি’ আৰু ‘কে’ৰ তুলনা কৰিব পাৰি। সেইদৰে হেপাটাইটিছ ‘এ’ৰ সৈতে হেপাটাইটিছ ‘ই’ৰ তুলনা কৰিব পাৰি।

আনহাতে, বহুদিন যকৃতৰ ৰোগত আক্ৰান্ত হৈ থাকিলে যকৃত বিকল হ’ব পাৰে অথবা যকৃতৰ কেন্সাৰ হ’ব পাৰে।

যকৃত সুস্থ কৰি ৰখাৰ উপায় -

যকৃত সুস্থ কৰি ৰখাৰ বাবে স্বাস্থ্যসন্মত জীৱন-যাপন তথা কিছু সাতৰ্কতা অৱলম্বন কৰি চালাত প্ৰায়োজন। অপৰিষ্কাৰ পানী আৰু খাব নালাগে। খোৱা আৰু ৰন্ধা বঢ়া কৰাৰ বাবে ব্যৱহাৰ কৰা পাত্ৰবোৰো পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব লাগে।

হেপাটাইটিছত আক্ৰান্ত মানুহৰ পৰা যাতে এই ৰোগ আন দেহলৈ সংক্ৰমিত হ’ব নোৱাৰে, তাৰ বাবে পৰৱৰ্তী সতৰ্কতা অৱলম্বন কৰিব লাগে।

আহাৰ গ্ৰহণৰ পূৰ্বে হাত ভালদৰে ধূব লাগে। আনৰ তেজ স্পৰ্শ কৰিব নালাগে। আৰু পৰীক্ষিত তেজহে ৰোগীক দিব লাগে। অবাধ আৰু অসুৰক্ষিত যৌনচাৰৰ পৰা বিৰত থকাটো অত্যন্ত জৰুৰী। মাজে মাজে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেজৰ পৰীক্ষা কৰাব লাগে।

মদ, বিড়ি, চিগাৰেট, পাণ-মচলা, জৰ্দা আদি নিচাজাতীয় দ্ৰব্যসমূহৰ পৰা দূৰত থাকিব লাগে। চিকিৎসকৰ পৰামৰ্শ অবিহনে যধে-মধে ঔষধ সেৱন কৰা উচিত নহয়। হেপাটাইটিছ ‘এ’ আৰু ‘বি’ৰ প্ৰতিষেধক ল’ব লাগে।

যকৃতৰ বাবে খাদ্য-অখাদ্য -

যকৃতৰ ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ ক্ষেত্ৰ্ত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যকৃতৰ সমস্যাত ভূগিলে শৰীৰত প্ৰ’টিন আৰু কেলৰিৰ অভাৱ হয়, ইয়াৰ লগতে বিভিন্ন ভিটামিন আৰু ট্ৰেচ’এলিমেন্টৰো অভাৱ হ’ব পাৰে। বহু সময়ত খাদ্য নলী আৰু পাচনতন্ত্ৰ ৰক্তক্ষৰণ হোৱাৰ ফলত আয়ৰণৰো ক্ষতি হ’ব পাৰে।

এলকহলিক লিভাৰ ডিজিজত আক্ৰান্ত হ’লে শৰীৰত জিংক আৰু মেগনেচিয়ামৰ পৰিমাণ অভাৱনীয় ভাৱে কমি যায়। এই ঘাটি সঠিক ভাৱে পূৰণ নকৰিলে ৰোগী অত্যন্ত দূৰ্বল হৈ পৰে।

যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত উচ্চ কে’লৰিযুক্ত খাদ্য নিয়মীতভাৱে খাব লাগে। শৰীৰে যাতে অধিক পৰিমাণে কে’লৰি লাভ কৰে তাৰ বাবে ভাত, ৰুটী আদি শস্যজাত খাদ্য খোৱাৰ গুৰুত্ব দিব লাগে। ডায়বেটিছৰ সমস্যা নাথাকিলে নিৰ্দিষ্ট মাত্ৰাত চেনি বা গ্লু’কজো খাব পৰা যায়।

বহুতৰে ধাৰণা আছে যে যকৃতৰ অসুখত তেল সম্পূৰ্ণৰূপে বৰ্জনীয়। কিন্তু ধাৰণা শুদ্ধ নহয়। প্ৰতিদিনৰ খাদ্যত ৪-৫ চাহ চামুচ তেল থকাটো প্ৰয়োজনীয়।

অৱশ্যে চৰ্বি তথা ঘিউ যিমান দূৰ সম্ভৱ এৰাই চলিব লাগে। সৰিয়হৰ তেল, ৰাইচ ব্ৰেণ্ড তেল, ছয়া তেল, জলফাইৰ তেল(Olive oil) প্ৰভূতি ‘আনছেচুৰেটেড ফেটি এচিড(Unsaturated fatty acid)’ যুক্ত তেল ৰন্ধা-বঢ়াত নিৰ্দিষ্ট মাত্ৰাত ব্যৱহাৰ কৰিব পৰা যায়।

হেপাটিক এনচিফেলোপেথীৰ বাহিৰে আন কোনো ধৰণৰ যকৃতৰ ৰোগতে ৰোগীৰ খাদ্যত প্ৰ’টিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন নাথাকে, কাৰণ এনে ৰোগীৰ শৰীৰত প্ৰ’টিন বেছিকৈহে লাগে।

যকৃত ৰোগীয়ে তেওঁলোকৰ শৰীৰত প্ৰয়োজন হোৱা প্ৰ’টিনৰ বাবে মাছ, বগা কণীৰ অংশ, দাইল, কুকুৰাৰ মাংস, চৰ্বি উলিয়াই পেলোৱা গাখীৰৰ পৰা প্ৰস্তুত কৰা দৈ বা চানা আদি খাব পাৰে।

আনহাতে খনিজ, লৱণ আৰু ভিটামিনৰ ঘাটি পূৰণ কৰাৰ বাবে পাচলি আৰু ফল খাব লাগে। প্ৰতিদিনে ভিন ভিন প্ৰকাৰৰ পাচলিৰ লগতে অন্ততঃ দুই প্ৰকাৰৰ ফল বা ফলৰ ৰস খাব লাগে।

যকৃতৰ বাবে উপকাৰী আন কেতবোৰ খাদ্য -

সুমথিৰা টেঙা, নেমু, ৰবাব টেঙা আদি টেঙা ফল, আঙুৰৰ ৰস, নহৰু, বীট, গাজৰ, গ্ৰীণ টী, পালেং শাক, সৰিয়হ শাক, বন্ধা কবি, ফুল কবি, ব্ৰুক’লি আদি শাক-পাচলি; এভোকাভো ইত্যাদি। জণ্ডিচ হ’লে হালধি খাব নালাগে বুলি এটা ধাৰণাৰ প্ৰচলন আছে যদিও প্ৰকৃততে হালধি উপকাৰীহে।

যকৃতৰ বাবে অপকাৰী খাদ্য -

ভজা খাদ্য বেছিকৈ খাব নালাগে। ঘিউ, চৰ্বি জাতীয় খাদ্য আদি সংপৃক্ত চৰ্বি(Saturated fat) যুক্ত খাদ্য যকৃতৰ বাবে ভাল নহয়। সংসাধিত খাদ্য বেছিকৈ উচিত নহয় ক’লডড্ৰিংকছ খোৱা উচিত নহয়; ‘ৰেডী টুইড ফুড’, সংৰক্ষক উপাদান(Preservative) যুক্ত খাদ্য প্ৰভৃতি, অধিক পৰিমাণে নিমখ থকা খাদ্য খাব নালাগে।

ক্ৰনিক লিভাৰ ডিজিজ(চি এল ডি) প্ৰভৃতি কেতবোৰ যকৃতৰ ৰোগত আক্ৰান্ত হ’লে নিমখ আৰু পানী চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিৰ্দিষ্ট মাত্ৰাত খোৱা উচিত।

কোৱা হয়- Life depends on Liver. সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে যকৃত নিৰোগী তথা সবল কৰি ৰখাটো অত্যন্ত জৰুৰী।

স্বাস্থ্যসন্মত জীৱন-যাপন, পৰিষ্কাৰ পানী আৰু খাদ্য গ্ৰহণ সকলো ক্ষেত্ৰতে চাফ-চিকুণতা বৰ্তাই ৰখা, খোৱা-বোৱাত বাছ-বিছাৰ মানি চলা, নিয়মীত ব্যায়াম কৰা আদি নীতি-নিয়ম মানি চলাৰ জৰিয়তে আমি নিৰোগী-সবল যকৃত তথা সুস্থ দেহৰ অধিকাৰী হৈ থাকিব পাৰোঁ।

লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top