মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / জ্বৰৰ বিষয়ে কেইটামান জানিবলগীয়া কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জ্বৰৰ বিষয়ে কেইটামান জানিবলগীয়া কথা :

জ্বৰৰ বিষয়ে কেইটামান জানিবলগীয়া কথাৰ বিষয়ে লিখা হৈছে ।

 

জ্বৰ এক অতি সাধাৰণ সমস্যা যদিও ইয়াক লৈ সকলোৰে মনত শংকাই বিৰাজ কৰে। বিশেষকৈ জ্বৰত ভোগা সন্তানৰ পিতৃ-মাতৃৰো টোপনি নাইকিয়া হয়। অতিমাত্ৰা জ্বৰ বা জ্বৰৰ লগত হোৱা মৃগীৰ বাবে যিকোনো পিতৃ-মাতৃ ভীতিগ্ৰস্ত হোৱাটো স্বাভাৱিক। আনহাতে, সাধাৰণ জ্বৰ হোৱাটো কোনো দুশ্চিন্তাৰ কাৰণ নহয়।

জ্বৰ হোৱা কিয় বেয়া?

জ্বৰ জীৱাণুৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধৰ এটা অংশ আৰু বিভিন্ন ৰোগৰ বহিঃপ্ৰকাশ মাত্ৰ। জ্বৰ প্ৰকৃততে দেহৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া জীৱাণু বা সংক্ৰামণৰ বিৰুদ্ধে। গতিকে জ্বৰ হোৱা মানেই বেয়া নহয়।

শৰীৰৰ গৰম মানেই জ্বৰ নেকি?

বহু সময়ত শিশুৰ গা চুলে জ্বৰ জ্বৰ লাগে অৰ্থাৎ শৰীৰটো গৰম গৰম লাগে। ইয়াৰ অৰ্থ এইটো নহয় যে শিশুটোৰ জ্বৰ হৈছে। জ্বৰ বুলি কোৱাৰ আগতে থাৰ্মোমিটাৰৰ সহায়ত শৰীৰৰ উত্তাপ জুখিহে সিদ্ধান্ত ল’ব লাগে। কাৰণ আমাৰ শৰীৰৰ তাপমাত্ৰাৰ স্বাভাৱিক তাৰতম্য ৯৭-৯৯ ডিগ্ৰী ফাৰেনহাইটলৈকে হ’ব পাৰে। ৰাতিপুৱা তাপমাত্ৰা কম থাকে। আনহাতে, আবেলি আৰু সন্ধিয়া ইয়াৰ মাত্ৰা বাঢ়ি যায়। ব্যায়াম বা শাৰীৰিক পৰিশ্ৰমৰ পিছত, শিশুসকলৰ খেলাৰ পিছত, কান্দিলে নাইবা শুই উঠাৰ পিছতো শৰীৰটো গৰম হ’ব পাৰে।

উচ্চ তাপমাত্ৰাৰ জ্বৰ মানেই বেয়া নেকি?

উচ্চ তাপমাত্ৰাৰ জ্বৰ সকলো সময়তে বেয়া নহয়। ভাইৰাছ জ্বৰত তাপমাত্ৰা বহু উচ্চ হ’ব পাৰে। অৱশ্যে এই ৰোগ মাৰাত্মক নহ’বও পাৰে। আনহাতে, কম মাত্ৰাৰ দীৰ্ঘম্যাদী জ্বৰ কোনো জটিল ৰোগৰো লক্ষণ হ’ব পাৰে। জ্বৰৰ মাত্ৰা কিমান বেছি নে কম তাতকৈ জ্বৰৰ কাৰণটো জটিল সেইটোহে পৰীক্ষা কৰা উচিত।

জ্বৰৰ চিন্তাত অযথা আতংকিত হ’ব নালাগে। আপোনাৰ শিশুৰ জ্বৰ হ’ব পাৰে। সেয়ে জ্বৰ হোৱাৰ লগে লগে ভয় নাখাব। ডিহাইড্ৰেচন হ’ব পাৰে। সেয়ে প্ৰচুৰ পানী নাইবা তৰল পদাৰ্থ খাবলৈ দিব। ডাঠ কাপোৰ খুলি পাতল আৰু আৰামদায়ক কাপোৰ পিন্ধাই দিব। ঠাণ্ডা লাগিলে মজলীয়া উমৰ কেঁথা বা চাদৰ ব্যৱহাৰ কৰিব। ঠাণ্ডা পানীয়ে কঁপনি বঢ়াই শৰীৰৰ তাপমাত্ৰা বঢ়াই দিব পাৰে, সেয়ে শৰীৰ মচি দিওঁতে বা স্পঞ্জ কৰোঁতে সদায় কুহুমীয়া পানী ব্যৱহাৰ কৰিব। জ্বৰ সাত দিনতকৈ বেছি বা দীৰ্ঘস্থায়ী হ’লে চিকিৎসকৰ শৰণাপন্ন হ’ব বা পৰামৰ্শ ল’ব।

জ্বৰত মস্তিষ্কৰ ক্ষতি হয় নেকি?

বহুতে ভাবে যে শিশুৰ জ্বৰ বাঢ়িলে মৃগীৰোগ হয় বা মস্তিষ্কৰ ৰোগ হয়। কিন্তু সকলো সময়তে এই ধাৰণা ঠিক নহয়। এক বছৰৰ পৰা পাঁচ বছৰীয়া শিশুসকলৰ বহু সময়ত জ্বৰজনিত মূৰ্চ্ছা যোৱা হ’ব পাৰে। ইয়াক(Febrile Convulsion) বুলি কোৱা হয়। ই সাধাৰণতে পাঁচ মিনিটৰ বেছি নহয়। আৰু সকলো শিশুৱে এনেকুৱা নহ’বও পাৰে। জ্বৰৰ মাত্ৰা ১০৭ ডিগ্ৰী ফাৰেনহাইট বা তাৰ বেছি হ’লেহে মস্তিষ্কৰ ক্ষতি হ’ব পাৰে।

লেখক: ডাঃ ছেমিউল এহছান হুছেইন(নিয়মীয়া বাৰ্তা)

3.08
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top