অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টক’ফবিয়া

টক’ফবিয়াৰ বিষয়ে লিখা হৈছে ।

টক’ফবিয়া বা প্ৰসৱাতংক এটা নতুন সমস্যা ৰুপে আধুনিক পৃথিৱীত সৃষ্টি হৈছে মানৱ সমাজৰ মাজত । অকল মানুহেই নহয়, পৃথিৱীত জীৱ সৃষ্টি হোৱাৰ দিন ধৰি মানুহকে ভিতৰ কৰি সকলো জীৱ-জন্তুৱে সৃষ্টিৰ ধাৰাবাহিকতা অটুট ৰখাৰ প্ৰয়োজনত নিজৰ বংশ ৰক্ষাৰ খাতিৰত প্ৰসৱৰ দ্বাৰা সন্তান জন্ম দি আহিছে ।

এই প্ৰাকৃতিক পৰিঘটনাটো জীৱৰ সম্পূৰ্ণ ইচ্ছা বা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰি সৃষ্টিৰেই এক অপূৰ্ব প্ৰক্ৰিয়াৰ দ্বাৰা ঘটি আহিছে ।

মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে মানুহে ক্ৰমান্বয়ে প্ৰয়োজনৰ লগতে নিজৰ বংশ ৰক্ষা কৰাটো আৰু তাৰ বাবে প্ৰয়োজনীয় ৰতিক্ৰিয়া আৰু সন্তান জন্ম দিয়াটো পুণ্যৰ কাম বুলি বিবেচনা কৰি আহিছে ।

আদিম কালৰ পৰাই পুৰুষ আৰু নাৰীৰ সংগম ক্ৰিয়া (ৰতি ক্ৰিয়া) ৰ ফলত নাৰীৰ গৰ্ভত অংকুৰিত হয় নতুন বংশৰ, অৰ্থাৎ সন্তানৰ । বিভিন্ন জীৱই বিভিন্ন  সময়ৰ বাবে গৰ্ভধাৰণ কৰাৰ দৰে মানুহৰ নাৰীৰ গৰ্ভত ন মাহ সাত দিন (আগৰ আপ্ত বাক্য মতে দহ মাহ দহ দিন ) থাকি এক পূৰ্ণ বিকাশ পোৱাৰ পিছত প্ৰাকৃতিকভাৱে সন্তান প্ৰসৱ হয়, ল’ৰা বা ছোৱালী ।

গৰ্ভধাৰণ আৰু প্ৰসৱ প্ৰক্ৰিয়াটো অতি পৰ্যায়ক্ৰমে আৰু প্ৰাকৃতিকভাৱে হয় । ইয়াকে কোৱা হয় প্ৰসৱ বেদনা আৰু তাৰ ফলত সন্তন ভূমিষ্ঠ ।

চাবলৈ গ’লে এগৰাকী নাৰীৰ গৰ্ভত পুৰুষৰ বীজ আৰু নাৰীৰ ডিম্ব লগ হৈ যি সন্তান অংকুৰিত হয় আৰু চন্দ্ৰকলা বঢ়াৰ দৰে মাতৃগৰ্ভতেই বাঢ়িবলৈ ধৰি গৰ্ভধাৰণ কাল সম্পূৰ্ণ কৰি পৰ্যায়ক্ৰমে প্ৰসৱ হয় ।

চাবলৈ গ’লে ধীৰে ধীৰে আৰু এখোজ এখোজ কৰি আগবঢ়া ই এক প্ৰাকৃতিক সুন্দৰ আৰু মনোজ কলা ।

যিসকলে, অৰ্থাৎ চিকিৎসক (স্ত্ৰীৰোগ বিশেষজ্ঞ), ধাই, মানুহগৰাকীৰ অভিভাৱক ৰুপে মাতৃ বা স্বামী অথবা সংশ্লিষ্টসকলে এই ক্ৰিয়াটোৰ সৈতে জড়িত হৈ উৎকণ্ঠাৰে দায়িত্ব সমাপন কৰে সেইসকলে এই প্ৰাকৃতিক ঘটনাটো উপভোগ কৰে ।

আনহাতে প্ৰসৱ বেদনাত আতুৰ মানুহগৰাকীয়ে সন্তান প্ৰসৱ কৰাৰ লগে লগে সকলো পাহৰি নৱজাতকক আকোঁৱালি ল’বলৈ পোৱা আৰু এগৰাকী মাতৃ হোৱাৰ গৌৰৱেৰে যি আনন্দত আনন্দিত হয় সেয়া মই মোৰ চিকিৎসা জীৱনতেই অলেখ দেখিছো ।

সাধাৰণতে প্ৰথমবাৰ গৰ্ভধাৰণ কৰা আৰু প্ৰসৱৰ সময়ত প্ৰসৱ বেদনাত আতুৰ হৈ কেতিয়াবা অতিষ্ঠতাৰে মুখেৰে যি পায় তাকে কৈ ধৈৰ্যচ্যুত হোৱাৰ বিপৰীতে সন্তানটো প্ৰসৱ কৰাৰ একমূহুৰ্তও পলম নকৰি মাতৃ হোৱাৰ আনন্দ আৰু সুখানুভূতি যি ধৰণে প্ৰকাশ কৰে তাক নেদেখাজনে অনুভৱ কৰিব নোৱাৰিব ।

সেই মুহূৰ্তত মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাজনে অনুভৱ কৰে যে কাক কোৱা হয় মাতৃস্নেহ, যি জগতত অতুলনীয় ।

সেয়েহে এই আপ্ত বাক্যশাৰী সকলোৱে আওৰায়, ‘আইৰ সঅমন হ’ব কোন, নৈৰ সমান ব’ব কোন ?

প্ৰকৃতিৰ ৰোগ অথবা কোনো কোনো ক্ষেত্ৰত গৰ্ভত অংকুৰিত হোৱা সন্তানৰ সৈতে হ’বলগীয়া মাতৃগৰাকী তাৰতম্য হোৱাৰ বাবে অথবা গৰ্ভধাৰণ প্ৰক্ৰিয়াটো যেনেধৰণে সংঘটিত হ’ব লাগিছিল তেনে ধৰণে নোহোৱা বাবে কেতিয়াবা স্বাভাৱিকভাৱে হ’বলগীয়া প্ৰসৱ নহয় বা হ’লেও যথেষ্ট বেমেজালিৰ সৃষ্টি হয় ।

আদিম কালৰ পৰাই মানুহে প্ৰত্যক্ষ কৰি আহিছে যে প্ৰাকৃতিকভাৱে হোৱা এই দুৰ্ঘটনাবোৰত মানুহ আছিল নিৰুপায় । অনেক সময়ত প্ৰকৃতিৰ ওপৰতেই সকলো এৰি দিব লগা হৈছিল ।

সেইবোৰ সময়ত অভিজ্ঞ নাৰীসকলে দিহা-পৰামৰ্শ অথবা হাতে-কামে যি পাৰে সহায় কৰিছিল । তৎসত্ত্বেও এক বুজন পৰিমাণৰ মাতৃয়ে জীৱন-বাট সামৰিব লগা হৈছিল ।

সময় বাগৰাৰ লগে লগে আৰু আধুনিক সমাজত উপলব্ধ হোৱা নানাবিধ সা-সৰঞ্জামৰ লগতে সুবিধাৰ বাবে সন্তান মাতৃগৰ্ভত আৰম্ভ হোৱা দিন ধৰি জন্ম হোৱালৈকে প্ৰতিটো স্তৰতে নিৰীক্ষণ কৰি উপযুক্ত ব্যৱস্থাত এগৰাকী গৰ্ভৱতী নাৰীক আহুকাল নোহোৱাকৈ প্ৰসৱ কৰাব পাৰি । এতিয়া তাহানিৰ ধ্যান-ধাৰণা সম্পূৰ্ণ সলনি হৈছে ।

মাতৃৰ গৰ্ভত অংকুৰিত সন্তানটোক প্ৰতি অধ্যায়তে নিৰীক্ষণ কৰি কি ব্যৱস্থাৰ প্ৰয়োজন হয় বা হ’ব পাৰে তাক সঠিক সময়ত সঠিকভাৱে সমাপান কৰিব পৰা যায় ।

লাগে মাথোন মাতৃ আৰু ঘৰৰ পৰিয়ালৰ মানসিকতা উন্নত কৰি, অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৰিহাৰ কৰি উপযুক্ত সময়ত উপযুক্তজনৰ পৰামৰ্শ লোৱা । কালত মাতৃবিয়োগৰ সংখ্যা একেবাৰে নগণ্য । ধন্য চিকিৎসা-বিজ্ঞান ।

নাৰীৰ গৰ্ভধাৰণ যিদৰে স্বাভাৱিক ঘটনা, তেনেদৰে প্ৰসৱ বেদনাও তেনেকুৱাই স্বাভাৱিক । তৎসত্ত্বেও প্ৰকৃতিয়ে দিয়া সহনশীলতাৰ বাবেই এগৰাকী ক্ষীণকায় দুৰ্বল নাৰীয়েও স্বাভাৱিকভাৱে সন্তান প্ৰসৱ কৰি আহিছে ।

আনহাতে আজিৰ সকলো ব্যৱস্থা উপলব্ধ থকাৰ সময়ত একমাত্ৰ্ প্ৰসৱ আতংকত ভুগি নাৰীয়ে চিজাৰিয়ান ছেক্সন (Cesearean Section) কামনা কৰাটো সঠিক নহয় ।

এই যে সন্তান জন্ম দিয়াৰ বেদনাৰ ভয়, তাকে অত-সম্প্ৰতি টক’ফবিয়া (Tokophobia) বা প্ৰসৱাতংক বুলি কোৱা হৈছে । এই আতংক আজিৰ নহয় ।

আদিম কালৰ পৰাই থকা আতংক । কিন্তু তাহানি তাৰ কোনো উপায় নাছিল বাবেই হওক বা যি কাৰণতে নহওক সকলো গৰ্ভৱতী নাৰীয়ে তাক নিৰ্বিবাদে নেদেখাজনৰ ওপৰত এৰি দি সময়লৈকে অপেক্ষা কৰিছিল ।

মাতৃ-সন্তানৰ বিজুতিৰ বাবে প্ৰসৱৰ সময়ত হ’ব পৰা বেদনাৰ বাবে মাতৃগৰাকীয়ে ভয়ত আতংকিত হোৱাৰ কোনো কাৰণ নাই । ই এক প্ৰাকৃতিক পৰিঘটনা আৰু সময়-পৰিস্থিতিয়ে ইয়াক সুন্দৰভাৱে চলাই নিয়ে ।

এই যে গৰ্ভধাৰণ আৰু প্ৰসৱ বেদনাৰে প্ৰসৱ কৰা প্ৰক্ৰিয়াটোক এক অসহনীয় বিষ বা অৱস্থা বুলি কোনো কোনো ক্ষেত্ৰত কোনো কোনো মাতৃয়ে ভয়বিহ্বল বা চিন্তাক্লিষ্ট হ’লেও উপযুক্ত সময়ত প্ৰকৃতিয়ে এনেদৰে ব্যৱস্থা বা সহ্যগুণ আনি দিয়ে যে মাতৃগৰাকীয়ে অৱলীলাক্ৰমে সন্তানটি প্ৰসৱ কৰে ।

মাতৃ হোৱাৰ এক স্বৰ্গীয় আনন্দ পোৱাৰ লগতে গৌৰৱান্বিতও হয় । সেয়াই মাতৃৰ সন্তানৰ প্ৰতি স্নেহ আকুলতা আৰু মাতৃ- সন্তানৰ যুগমীয়া বান্ধোন । আনে তাক অনুভৱ কৰিব নোৱাৰে ।

আনহাতে প্ৰকৃতিৰ বেমেজালিত বহু সময়ত মাতৃবা সন্তান্ত মৃত্যুমুখত পৰে । তাহানি নাৰীসকলে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু কোনো জন্ম নিয়ন্ত্ৰনৰ ব্যৱস্থা নথকা বাবে বাৰে বাৰে সন্তান গৰ্ভধাৰণ কৰি জন্ম দিবলৈ গৈ কেতিয়াবা এনে আহুকালত পৰি জীৱন পাত নোহোৱাও নহয় ।

তাহানি কালত এই পৰিসংখ্যা যথেষ্ট বেছি আছিল আৰু সমাজত মাহীআইৰ আৰ্বিভাৱ হৈছিল । তাৰ বিপৰীতে প্ৰসৱ কালত বেমেজালিৰ বাবে মাতৃক মৃত্যুৰ পৰা বচাবৰ বাবে জুলিয়াছ ছিজাৰে যি পদ্ধতিৰ কথা চিকিৎসকসকলক কৈছিল বা দিহা দিছিল সেয়া আছিল মাতৃগৰাকীৰ পেট কাটি সন্তান প্ৰসৱ কৰোৱাৰ ব্যৱস্থা , তাকে কোৱা হৈছিল Section Cesearean ।

পৰৱৰ্তী কালত প্ৰয়োজন সাপেক্ষে আধুনিক জগতে গ্ৰহণ কৰা এই ব্যৱস্থাৰ দ্বাৰা হাজাৰ হাজাৰ বছৰ ধৰি প্ৰসৱৰ সময়ত হৈ থকা মাতৃ বিনাশ সহজে ৰক্ষা পৰিল আৰু ই হৈ পৰিল বিশ্বত চিকিৎসা- বিজ্ঞানৰ আটাইতকৈ সাফল্য আৰু উল্লেখনীয় ব্যৱস্থা হিচাপে ।

গোটেই বিশ্বতে বিয়পি পৰা মানৱ কল্যাণৰ ব্যৱস্থাটো এতিয়া এনেদৰে ব্যৱহাৰ হ’বলৈ ধৰিছে যে আধুনিক সমাজৰ গৰ্ভৱতী নাৰীয়ে প্ৰসৱ বেদনাৰ পৰা ৰক্ষা পাবলৈ এই  Cesearean Section   লৈ যাব বিচৰা হৈছে ।

চিকিৎসকৰ পৰামৰ্শ অথবা পৰিস্থিতিয়ে নিবিচৰা সত্ত্বেও প্ৰসৱৰ সময়ত একমাত্ৰ প্ৰসৱ বেদনাৰ ভয়তো বহু গৰ্ভৱতী নাৰীয়ে প্ৰাকৃতিক ধৰণে সন্তান প্ৰসৱ নকৰি এই ব্যৱস্থালৈ ঢাপলি মেলিছে ।

সেয়েহে চিন্তাশীল আৰু বিশেষজ্ঞসকল চিন্তিত হৈছে যে মানৱ জাতি আৰু এটা নতুন সমস্যাৰ ফালে অগ্ৰসৰ হ’ব ধৰিছে, সেয়া হ’ল টক’ফবিয়া মানে প্ৰসৱাতংক ।

লেখক :- ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ

উৎস :- জি এনআৰচি স্বাস্থ্য

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top