অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টনছিলাইটিছ:

টনছিলাইটিছৰ বিষয়ে লিখা হৈছে

 

টনছিলাইটিছ কি?

 

টনছিলৰ সংক্ৰমণ আৰু প্ৰদাহক টনছিলাইটিছ বুলি কোৱা হয়। বিভিন্ন ধৰণৰ বীজাণুৰ(বেক্টেৰিয়া, ভাইৰাছ, ফাংগাছ আদি)দ্বাৰা টনছিলৰ সংক্ৰমণ হ’ব পাৰে। বেক্টেৰিয়াৰ ভিতৰত ষ্টেফাইলোকোকাছ, ষ্ট্ৰেপ্টোকোকাছ, নিউমোকোকাছ আৰু হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰধান। তদুপৰি ভাইৰাছৰ ভিতৰত ৰাইন’ ভাইৰাছ আৰু এডিন’ ভাইৰাছ প্ৰধান। সাধাৰণতে শীতকালত শৰীৰৰ উত্তাপ আৰু বহিঃউত্তাপৰ মাজত পাৰ্থক্য হ’লেই ভাইৰাছ, বেক্টেৰিয়া বা ফাংগাছে গা কৰি উঠিব পাৰে। টনছিলাইটিক, একিউট টনছিলাইটিছ(Acute Tonsillitis) অথবা ক্ৰনিক টনছিলাইটিছ(Chronic Tonsillitis) দুই ধৰণৰ হ’ব পাৰে।

টনছিল কি:

 

টনছিল এক বিশেষ ধৰণৰ গ্ৰন্থি। চিকিৎসা বিজ্ঞানক ইয়াক লিমফোগ্লেণ্ড(Lymphogland) বুলি কোৱা হয়। আমাৰ মুখ গহ্বৰৰ জিভাৰ পাছফালে, ডিঙিৰ ভিতৰত দুয়োফালে ই অৱস্থিত। সাধাৰণতে পেলেটাইন টনছিলকে(Palatine Tonsil) ‘টনছিল’ বুলি কোৱা হয়। মানৱ শৰীৰত ইয়াৰ বিশেষ অৰিহণা নাই যদিও শিশুকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ইয়াৰ সামান্য অৰিহণা থাকে। তদুপৰি ডিঙিৰ ভিতৰলৈ বীজাণু সোমোৱাত ই অলপ বাধা প্ৰদান কৰে।

একিউট টনছিলাইটিছ:

 

হঠাৎ হোৱা টনছিলাইটিছক একিউট টনছিলাইটিছ বুলি কোৱা হয়। ই হোৱাৰ কাৰণবোৰ হ’ল-

১)মুখৰ ভিতৰত যদি বেক্টেৰিয়া বা ফাংগাছ আদি থাকে। দাঁতৰ আলু, ফেৰেনজাইটিছ, হাঁওফাওঁৰ ৰোগ আদি থাকিলে ই বেছিকৈ হয়।

২)ই এক সংক্ৰামক ৰোগ। টনছিলাইটিছ হোৱা ৰোগীৰ সৈতে সুস্থ ব্যক্তিয়ে একেলগে শোৱা, একেটা পাত্ৰতে খোৱা-বোৱা কৰিলে, ৰোগীয়ে সুস্থ ব্যক্তিৰ মুখৰ আগত কথা কোৱা, হাঁচি, কাঁহ আদি মাৰিলে সুস্থ মানুহৰ দেহলৈ টনছিলাইটিছ বিয়পিব পাৰে।

৩)অপৰিষ্কাৰ মুখগহ্বৰ।

৪)পুষ্টিহীনতা।

৫)শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা।

৬)অপৰিষ্কাৰ পৰিৱেশত বসবাস কৰা।

৭)ঠাণ্ডা আৰু বাহ্যিক প্ৰদূষণৰ বাবে।

টনছিলাইটিছৰ চিকিৎসা:

 

১)চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এন্টিবায়োটিক আৰু এন্টিইনফ্লেমেটৰী ঔষধ খাব।

২)কুহুমীয়া নিমখ বা মাউথ ৱাশ্বেৰে কুলিকুলি কৰিব।

৩)বছৰত কমেও তিনিবাৰ এনে সমস্যাত আক্ৰান্ত হ’লে টনছিল অস্ত্ৰোপচাৰ কৰি উলিয়াই দিব লাগে। অস্ত্ৰোপচাৰৰ ফলত শিশুৰ শৰীৰৰ বিকাশত কোনো বাধাৰ সৃষ্টি নহয়।

টনছিলাইটিছৰপৰা হ’বপৰা জটিলতা:

 

টনছিলাইটিছৰ পৰা হ’ব পৰা জটিলতাৰ ভিতৰত অন্যতম হ’ল ৰিউমেটিক জ্বৰ। কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত ই অধিক হোৱা দেখা যায়ু। গাঁঠি ফুলি উঠা, বিষ, জ্বৰ, হাত-ভৰিৰ কঁপনি, হৃদযন্ত্ৰৰ সমস্যা ইয়াৰ প্ৰধান লক্ষণ। একিউট টনছিলাইটিছৰ বাবে টনছিলৰ আশে-পাশে এক বিশেষ ধৰণৰ ফোঁহা হোৱা দেখা যায়। উপযুক্ত চিকিৎসা নকৰিলে পিছলৈ মূৰৰ বিষ, ভাগৰ অনুভৱ, হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাই দেখা দিব পাৰে। সঘনাই টনছিলাইটিছত আক্ৰান্ত শিশু তুলনামূলকভাৱে কম স্মাৰ্ট হয়। শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত কামত মন্থৰ হয়। শৰীৰ সুস্থ নহয় বাবে শৰীৰৰ বৃদ্ধিত বাধাগ্ৰস্ত আৰু জীৱন ধ্বংসমুখী হ’ব পাৰে।

টনছিলাইটিছ হ’লে কি নকৰিব:

 

১)পৰিয়ালৰ অইন সুস্থ ব্যক্তিৰ সৈতে মিলামিছা নকৰিব। একেলগে থকা-মেলা, একেটা পাত্ৰতে খোৱা-বোৱা নকৰিব।

২)আক্ৰান্ত শিশুক স্কুললৈ পঠিয়াব নালাগে।

৩)ঠাণ্ডা পানী আৰু ফ্ৰীজত ৰখা বস্তু নাখাব।

৪)শীতাতপ নিয়ন্ত্ৰিত আৰু বন্ধ কোঠাত সোমাই থাকিব নালাগে।

৫)এলাৰ্জী হোৱা খাদ্য খাব নালাগে।

৬)একেডাল টুথ ব্ৰাছৰ ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে পুনৰ আক্ৰান্ত হোৱাৰ আশংকা থাকে।

একিউট টনছিলাইটিছৰ লক্ষণ:

 

১)ডিঙিৰ ভিতৰভাগ ফুলি উঠা

২)মূৰৰ বিষ, কঁপনি উঠা, জ্বৰ উঠা ইত্যাদি

৩)মুখৰপৰা দুৰ্গন্ধ নিৰ্গত হোৱা

৪)ডিঙিৰ বিষ আৰু খাদ্যবস্তু গিলিব নোৱৰা অৱস্থা

৫)শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা

৬)এলেহুৱা আৰু দুৰ্বলতা ভাব

৭)ডিঙিৰ ভিতৰভাগ ফুলি উঠা।

ক্ৰণিক টনছিলাইটিছ:

 

সঘনাই হোৱা একিউট টনছিলাইটিছৰ চূড়ান্ত পৰিণতি হ’ল ক্ৰণিক টনছিলাইটিছ। ক্ৰ্ণিক টনছিলাইটিছৰ লক্ষণবোৰ হ’ল-

১)ডিঙিৰ বিষ

২)খাদ্যবস্তু গিলি খোৱাত কষ্ট অনুভৱ

৩)কাঁহ হ’ব পাৰে

৪)ডিঙিত কিবা লাগি ধৰাৰ অনুভৱ

৫)ডিঙি শুকাই যোৱা সমস্যা

৬)শ্বাস-নিশ্বাসত দুৰ্গন্ধ নিৰ্গত হোৱা

৭)ভোক কমি অহা।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top