মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডায়েবেটিক নেপ্ৰোপেথীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিক নেপ্ৰোপেথীঃ

সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি হ’বলৈ ধৰিছে। দীৰ্ঘদিন ধৰি (প্ৰায় দহ বছৰ) ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ গ্লুক’জৰ পৰিমাণ অনিয়ন্ত্ৰিত হৈ থকা প্ৰায় ৩০ৰ পৰা ৪০ শতাংশ ব্যক্তিৰে ডায়েবেটিছৰ সমান্তৰালকৈ বৃক্কৰ সমস্যাই দেখা দিয়ে। ডায়েবেটিছ ৰোগে এনেদৰে সৃষ্টি কৰা বৃক্কৰ সমস্যাক ‘ডায়েবেটিক নেফ্ৰোপেথী’ বুলি কোৱা হয়। ডায়েবেটিছৰ লগত ৰোগীজনৰ যদি উচ্চ ৰক্তচাপ থাকে, তেন্তে ডায়েবেটিক নেফ্ৰোপেথী হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

 

সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি হবলৈ ধৰিছে। দীৰ্ঘদিন ধৰি (প্ৰায় দহ বছৰ) ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ গ্লুকজৰ পৰিমাণ অনিয়ন্ত্ৰিত হৈ থকা প্ৰায় ৩০ৰ পৰা ৪০ শতাংশ ব্যক্তিৰে ডায়েবেটিছৰ সমান্তৰালকৈ বৃক্কৰ সমস্যাই দেখা দিয়ে। ডায়েবেটিছ ৰোগে এনেদৰে সৃষ্টি কৰা বৃক্কৰ সমস্যাক ডায়েবেটিক নেফ্ৰোপেথী বুলি কোৱা হয়। ডায়েবেটিছৰ লগত ৰোগীজনৰ যদি উচ্চ ৰক্তচাপ থাকে, তেন্তে ডায়েবেটিক নেফ্ৰোপেথী হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

সাধাৰণতে আমাৰ দেহত থকা বৃক্ক দুটাই শৰীৰৰ অলাগতিয়াল পদাৰ্থসমূহ আৰু অতিৰিক্ত পানীভাগ প্ৰস্ৰাৱ হিচাপে উলিয়াই দিয়ে। বৃক্ক দুটাই মানৱ দেহত এটা ৰাসায়নিক কাৰখানাৰ দৰে কাম কৰি শৰীৰৰ অলাগতিয়াল ৰাসায়নিক পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰ কৰা, সেৱন কৰা পদাৰ্থ আৰু ঔষধৰ অলাগতিয়াল ভাগ উলিয়াই দিয়া, শৰীৰত থকা বিভিন্ন জুলীয়া পদাৰ্থৰ সমতা ৰক্ষা কৰা, কিছুমান লাগতিয়াল হৰমন তৈয়াৰ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ভিটামিন ডি আৰু লোহিত ৰক্তকণিকাৰ উৎপত্তিত অৱদান আগবঢ়ায়। কিন্তু দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থাকিলে, এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। যদিও বৃক্কৰ অধিকাংশ ক্ষতিগ্ৰস্ত নোহোৱাকৈ কোনো ডাঙৰ উপসৰ্গ দেখা নিদিয়ে, তথাপি প্ৰাৰম্ভিক অৱস্থাত প্ৰস্ৰাৱত এলবুমিন নিৰ্গত হোৱা, সহজতে ভাগৰ লগা, শৰীৰৰ শক্তি হ্ৰাস পোৱা, ভোক কমি অহা, টোপনিত ব্যাঘাত জন্মা, মাংসপেশীৰ খামোচ মৰা, বমি ভাব, ৰক্তহীনতা আদিয়ে দেখা দিব পাৰে। লাহে লাহে ভৰি, চকুৰ পতা আৰু মুখ আদি উখহা, ৰক্তচাপ বাঢ়ি অহা, চকুৰ দৃষ্টিশক্তি কমি অহা, ছালৰ খজুৱতি আৰু ছাল শুকান হোৱা, সৰ্ব শৰীৰত পোৰণি হোৱা আদি আৰম্ভ হয়। প্ৰাৰম্ভিক অৱস্থাত বৃক্কৰ সমস্যা চাবলৈ ডায়েবেটিছ ৰোগীৰ প্ৰস্ৰাৱত এলবুমিন চাব লাগে। যদি প্ৰতি লিটাৰ প্ৰস্ৰাৱত ২০ মিলিগ্ৰামতকৈ অধিক এলবুমিন নিৰ্গত হয়, জানিব লাগিব যে ৰোগীজনৰ বৃক্কৰ ক্ষতি হৈছে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে বছৰত অন্তত দুবাৰ প্ৰস্ৰাৱৰ মাইক্ৰএলবুমিন পৰীক্ষা কৰা দৰকাৰ। লাহে লাহে তেজত ক্ৰিয়েটিনিন আৰু ইউৰিয়াৰ পৰিমাণ বাঢ়ি যায়। এনে অৱস্থাত সঘনাই মূত্ৰতন্ত্ৰৰ সংক্ৰমণ হয়। বৃক্কৰ প্ৰায় ৬০ শতাংশ ক্ষতিগ্ৰস্ত হলে তেজত ক্ৰিয়েটিনিন আৰু ইউৰিয়াৰ পৰিমাণ দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰে আৰু শেষত গৈ বৃক্কৰ কাৰ্যদক্ষতা কমি বৃক্ক অচল হৈ পৰে।

চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ডায়েবেটিছ ৰোগৰ দৰব নিয়মিত গ্ৰহণ কৰাৰ লগতে খাদ্য তালিকা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি নিয়মীয়াকৈ খোজকঢ়া, শ্ৰম আৰু ব্যায়াম আদি কৰিলে ডায়েবেটিক নেফ্ৰোপেথী প্ৰতিৰোধ কৰিব পাৰি। ৰক্তচাপ সঠিককৈ ৰাখি তেজত গ্লুকজৰ পৰিমাণ সঠিককৈ ৰাখিলে, বৃক্কৰ ক্ষতি কৰিব পৰা দৰব (এণ্টিবায়টিক, বিষ উপশম কৰা দৰব) পদাৰ্থ আৰু খাদ্য পৰিত্যাগ কৰিলে এনে সমস্যাই গা কৰি উঠিব নোৱাৰে। যদিহে তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ সামান্য পৰিমাণে বৃদ্ধি হয়, তেন্তে দৰবৰ ব্যৱহাৰ, খাদ্য তালিকা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি ইয়াক কমাই ৰাখিব পাৰি। বৃক্কৰ কাৰ্যদক্ষতা কমি অচলাৱস্থাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিলে নিয়ন্ত্ৰিত পানী সেৱন, কম প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ, অতিৰিক্ত নিমখ খোৱা বন্ধ কৰা, কম ফছফৰাছযুক্ত খাদ্য খোৱা, মাদক দ্ৰব্য সেৱন বন্ধ কৰিব লাগে। যদি জীৱনশৈলীৰ পৰিৱৰ্তন আৰু বিভিন্ন দৰবৰ প্ৰয়োগৰ পিছতো বৃক্কৰ কাৰ্যদক্ষতা কমি গৈ থাকে, দেহত পানী জমা হয়, উশাহ-নিশাহত কষ্ট পাব ধৰে আৰু তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ সাত বা ততোধিক হয় তেন্তে ডায়েলাইছিছ কৰিব লগা হ’ব পাৰে। পেৰিটনিয়েল ডায়েলাইছিছ বা বিশেষ যন্ত্ৰেৰে হিমোডায়েলাইছিছ কৰিব পাৰি। শেষত বৃক্ক একেবাৰে অচল হৈ ‘ক্ৰনিক ৰিনেল ফেইলৰ’ হ’লে ৰোগীৰ বৃক্ক আঁতৰাই অন্য সুস্থ ব্যক্তিৰ বৃক্ক ৰোগীৰ শৰীৰত সংৰোপণ কৰিব লগা হয়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

3.06451612903
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top