মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডায়েবেটিক ৰেটিন’পেথি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিক ৰেটিন’পেথি :

ডায়েবেটিক ৰেটিন’পেথিৰ বিষয়ে লিখা হৈছে ।

ডায়েবেটিক ৰেটিন’পেথি কি?

ডায়েবেটিক ৰেটিন’পেথি মানেনো কি? অতি সাধাৰণ ভাষাত ক’বলৈ গ’লে আমাৰ চকুৰ একেবাৰে ভিতৰ অংশত স্নায়ুৰ এখন বিশেষ পৰ্দা থাকে। সেইখনক ৰেটিনা বুলি কোৱা হয়। এই ৰেটিনাৰ যোগেদিয়েই পোহৰৰ সংকতবোৰ এক বিশেষ স্নায়ু হৈ আমাৰ মগজুৰ এক বিশেষ অংশ পায়গৈ আৰু তেতিয়াই আমি বস্তুবোৰ দেখা পাওঁ। মধুমেহ ৰোগে এই ৰেটিনাখনতে আঘাত হানে আৰু আমি দেখা পোৱাৰ সম্পুৰ্ণ প্ৰক্ৰিয়াটোক অকৰ্মণ্য কৰি তোলে। ৰেটিনাখনত সৰু-বৰ বহুতো তেজ পৰিবাহী সিৰা-উপসিৰা থাকে। মধুমেহ ৰোগৰ ফলত তেজত থকা অতিৰিক্ত চেনিজাতীয় পদাৰ্থবোৰ এই তেজ পৰিবাহী সিৰা-উপসিৰাত ক্ৰমান্বয়ে জমা হয়। ইয়াৰ ফলত এই সিৰা-উপসিৰাবোৰক আগুৰি ৰখা বেৰকেইখনৰ আন্ত:গাঁথনিত কিছু সাল-সলনি হয়। ফলত এই সিৰা-উপসিৰাবোৰ ফুলি উঠে আৰু ক্ৰ্মান্বয়ে ইয়াৰ মাজে মাজে পৰিবাহিত তেল কিছুমান ক্ষুদ্ৰকায় সৰুঙাইদিয়ে বাহিৰলৈ ওলোৱা আৰম্ভ কৰে। বহু সময়ত এই সিৰা-উপসিৰাবোৰ সম্পুৰ্ণ বন্ধ হৈ যায়। তাৰেই পৰিণতিত ৰেটিনাখনৰ কিছু কিছু অংশৰ তেজৰ চলাচল সম্পুৰ্ণ বন্ধ হৈ পৰে আৰু লগে লগে অক্সিজেনৰ সৰবৰাহো সম্পুৰ্ণ ব্যাহত হৈ পৰে। ইয়াৰ ফলত কিছুমান সৰু সৰু ত্ৰুটিপুৰ্ণ নতুন তেজ পৰিবাহী সিৰা-উপসিৰাৰ জন্ম হয় আৰু এই ত্ৰুটিপুৰ্ণ সিৰাবোৰেদি ক্ৰমান্বয়ে তেজ বাহিৰলৈ নিগৰি ওলাই, ৰেটিনাখন ফুলি উঠে। এনেদৰেই ৰেটিনাৰ অৱক্ষয় ক্ৰমান্বয়ে আৰম্ভ হয়। ৰেটিনাৰ মাজত থকা মেকুলা নামৰ বিশেষ অংশটোত যদি এই অৱক্ষয় আৰম্ভ হয়, দৃষ্টিশক্তিৰ দ্ৰুতগতিত অৱনতি ঘটে।

বহুলভাৱে ডায়েবেটিক ৰেটিন’পেথিক দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে -

  • Non Proliferative Diabatic Retinopathy (NPDR)
  • Proliferative Diabatic Retinopathy (PDR)

মধুমেহ আৰু চকুৰ সম্পৰ্ক -

মধুমেহ ৰোগ আৰু চকুৰ এক ওতপ্ৰোত সম্পৰ্ক আছে। সেয়েহে সজাগ হোৱাটো প্ৰয়োজন। মধুমেহ ৰোগে শৰীৰৰ প্ৰায় প্ৰতিটো অংগতে বিৰুপ প্ৰভাৱ পেলায় যদিও সময়মতে উপচাৰ আৰু নিয়ন্ত্ৰিত কৰা নহয় মুলত: চকু, বৃক্ক, হৃৎপিণ্ড আদিত সচৰাচৰ প্ৰভাৱ পেলোৱা দেখা যায়। ইয়াৰ মাজত চকুহালেই হৈছে প্ৰথম অংগ, যাক মধুমেহ ৰোগে প্ৰাৰম্ভিক অৱস্থাতে ক্ষতি কৰে। সচৰাচৰ মধুমেহ ৰোগে সৃষ্টি কৰা ৰোগবিধক চিকিৎসা শাস্ত্ৰত ডায়েবেটিক   ৰেটিন’পেথি (Diabatic Rehnopathy) বুলি কোৱা হয়। সময়মতে প্ৰথমাৱস্থাতেই যদি এই ব্যাধিৰ উপশম কৰোৱা নহয়। ইয়াৰ পৰাই চকুৰ বিভিন্ন দুৰাৰোগ্যৰ জন্ম হয় আৰু শেষত ৰোগীজনে দৃষ্টিশক্তি সম্পুৰ্ণৰুপে হেৰুওৱাৰ উপক্ৰম হয়। সেয়েহে এই ৰোগবিধৰ ওপৰতে দুআষাৰমান কথা পাতিম বুলি ভাবিছো। অৰ্থাৎ ডায়েবেটিক ৰেটিন’পেথিত কি হয়, কোন কোন লোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে… ৰোগৰ লক্ষণসমুহ কোনে হয়… এই ৰোগৰ চিকিৎসা কি ধৰণৰ… সময়মতে চিকিৎসা আৰম্ভ নকৰিলে চকুৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে ইত্যাদি ।

লক্ষণসমুহ -

প্ৰকৃতাৰ্থত ক’বলৈ গ’লে প্ৰথম অৱস্থাত (Mild NPDR)আচলতে এই বেমাৰবিধৰ কোনো ধৰণৰ লক্ষণ ৰোগীজনে অনুধাৱন কৰিব নোৱাৰে। অৰ্থাৎ ৰোগীজনৰ দৃষ্টিশক্তি প্ৰথম অৱস্থাত সম্পুৰ্ণ স্বাভাৱিক হৈ থাকে। চকুত কোনোধৰণৰ বিষ অনুভৱ নহয়। অথবা চকুৰ পানী ওলোৱা, চকু ৰঙা পৰা আদি কোনো ধৰণৰ লক্ষণো দেখা নাযায় আৰু এই দিশটোৱেই হৈছে এই ৰোগবিধৰ আটাইতকৈ মাৰাত্মক কথা। কিয়নো যি সময়ত ৰোগীজনে ৰোগৰ লক্ষণস্মুহ অনুভৱ কৰে, তেতিয়ালৈ কিন্তু ৰোগৰ লক্ষণসমুহ অনুভৱ কৰে , তেতিয়ালৈ কিন্তু ৰোগৰ প্ৰক্ৰিয়াটোৱে চকুহালক ইতিমধ্যেই যথেষ্ট ক্ষতি কৰি পেলায়। এই ৰোগৰ লক্ষণসমুহ মুলত: এনেধৰণৰ –নিম্নগামী দৃষ্টিশক্তি, ধুসৰ প্ৰতিবিম্ব অৰ্থাৎ আমি দেখা পোৱা প্ৰতিবিধ বস্তুক, যেনে-এচমকা ক’লা ডাৱৰে আগুৰি আছে, আমাৰ চকুত ধৰা দিয়া প্ৰতিবিধ সামগ্ৰীৰেই যেন আকাৰ আৰু অবয়ব সলনি হৈছে, যেন চকুৰ আগত কিছুমান ক’লা ৰঙৰ ক্ষুদ্ৰকায় আৱৰ্জনা ভাহি ফুৰিছে ইত্যাদি। ক্ৰমান্বয়ে এনেদৰেই ৰোগীজনৰ দৃষ্টিশক্তিৰ অৱনতি ঘটে আৰু অৱশেষত এজন সম্পুৰ্ণ অন্ধ ব্যক্তিলৈ পৰ্যবসিত হয়, যদিহে সময়মতে এই ব্যাধিৰ প্ৰতিকাৰ কৰা নহয়। আন এক গুৰুত্বপুৰ্ণ কথা এই যে এক বিশেষ পৰ্যায় (Advanced Dikabetic Maculopathy) পোৱাৰ পিচত কিন্তু ইয়াৰ চিকিৎসাও ইমান ফলপ্ৰসু নহয়। সেয়েহে প্ৰথম অৱস্থাতেই এই ৰোগৰ প্ৰতিকাৰ কৰাটো নিতান্তই বাঞ্চনীয়।

প্ৰতিৰোধ ব্যৱস্থা -

ডায়েবেটিক ৰেটিন’পেথিক প্ৰতিৰোধ কৰাৰ প্ৰথম আৰু অত্যন্ত গুৰুত্বপুৰ্ণ পদক্ষেপটো হৈছে তেজত থকা শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰাটো। লগতে উচ্চ কলেষ্টোৰেল আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটোও অত্যন্ত আৱশ্যক। সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। জীৱনশৈলীত আমুল পৰিবৰ্তন কৰাটো আৱশ্যক। ইয়াৰ বাবে প্ৰয়োজন দৈনন্দিনভাৱে শাৰীৰিক ব্যায়াম, সুষম আহাৰ, অত্যধিক মানসিক চাপৰ পৰা নিজকে মুক্ত কৰি ৰখাটো ইত্যাদি। মাদক দ্ৰব্য, ধুমপান সেৱন আদিৰ পৰা আঁতৰি থাকিব পাৰিলে এই দুৰাৰোগ্যবিধৰ প্ৰকোপৰ পৰাও বহুখিনি বাচি থাকিব পাৰি।

যিসকল লোকৰ মধুমেহ ৰোগ ইতিমধ্যে প্ৰমাণিত হৈছে, তেওঁলোক যেন অন্তত: প্ৰতি ছমাহৰ বিৰতিত নিজৰ চকুহাল এজন চকু চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰোৱায়। কিয়নো পুনৰবাৰ কৈছে যে এই ৰোগবিধৰ ফলপ্ৰসু উপশমৰ মুলমন্ত্ৰটো হৈছে ‘Early diagnosis and treatment’অৰ্থাৎ যিমান সোনকালে এই ৰোগবিধ ধৰা পেলাব পাৰি, সিমানেই এই ৰোগবিধৰ নিৰাময় সৰল আৰু ফলপ্ৰসু হয়। অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে (OCT, FFA) এই ৰোগবিধ অতি সহজতেই ধৰা পেলোৱাটো সম্ভৱপৰ হৈছে। গতিকে আমাৰ কৰণীয়খিনি হৈছে সজাগ হোৱাটো, নিজৰ শৰীৰটোক অলপ মৰম কৰাটো, অত্যন্ত ব্যস্ততাৰ মাজটো কিছু শাৰীৰিক শ্ৰম কৰাটো আৰু সময়ে সময়ে চকুহাল এজন অভিজ্ঞ চকু চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰোৱাটো।

লেখক: ডা: পি কে গৌতম (দেওবৰীয়া সম্ভাৰ)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top