অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ আৰু এলকোহল(সুৰা) সেৱন :

ডায়েবেটিছ আৰু এলকোহল(সুৰা) সেৱন :

 

হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এলকোহলৰ এক অনুকুল প্ৰভাৱ আছে বুলি অতীজৰে পৰা বিশ্বাস কৰি অহা হৈছে। সেয়ে বহুতো চিকিৎসকে হৃদৰোগ প্ৰতিৰোধৰ বাবে প্ৰতিদিনে এগিলাছ জোখত ভাল মদ(Wine) খাবলৈ পৰামৰ্শ দিয়ে। কিন্তু এই পৰামৰ্শ ডায়েবেটিছত ভুগি থকা ৰোগীৰ বাবে কিমান উপকাৰী হ’ব, সেই বিষয়ত যথেষ্ট বিতৰ্কৰ অৱকাশ আছে। ইফালে এজন ডায়েবেটিছ ৰোগীৰ অন্য লোকৰ তুলনাত গড় হিচাপে হৃদৰোগত ভোগাৰ আশংকা বেছি থাকে। সেয়ে এলকোহল যুক্ত পানীয়, বিশেষভাৱে মিঠা দ্ৰব্য মিহলি পানীয় সেৱন কৰি থাকিলে ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ ‘ব্লাড চুগাৰ’(ৰক্ত শৰ্কৰা) স্বাভাৱিক অৱস্থাত ৰাখিব নোৱাৰে। আনকি তেনেই কম পৰিমাণৰ এলকোহলেও ব্লাড চুগাৰ অতি মাত্ৰা কম কৰি দিব পাৰে। ফলত ব্যক্তিজন মূৰ্ছা যাব পাৰে আৰু তৎক্ষণাত চিকিৎসা নেপালে ব্যক্তিজনৰ জীৱনলৈকো সংশয় আহিব পাৰে।

ডায়েবেটিছত ভুগি থকা লোকৰ হৃদৰোগ প্ৰতিৰোধ কৰাৰ অৰ্থে এলকোহৰ সেৱনৰ উপকাৰিতা প্ৰমাণ কৰিবলৈ গৱেষকসকলে ৯৮৩ জন টাইপ-২ ডায়েবেটিছ থকা বয়সস্থ লোকৰ(৩০ বছৰৰ ওপৰৰ) ওপৰত অধ্যয়ন কৰিছিল। প্ৰায় ১২ বছৰৰো অধিক সময় ধৰি অধ্যয়ন কৰাৰ পিছত গৱেষকসকলে প্ৰমাণ পালে যে যিসকল লোকে মাজে সময়ে(সপ্তাহত এবাৰতকৈ কম) বীয়েৰ, সুৰা(Wine) আদি সেৱন কৰে তেওঁলোকৰ প্ৰচণ্ড হাৰ্ট এটেকৰ দৰে হৃদৰোগত মৃত্যু হোৱাৰ আশংকা ৪৬ শতাংশ কম হয়। যিসকল লোকে দিনটোত এগিলাছ বা তাতকৈ বেছি সুৰা সেৱন কৰে, তেওঁলোকৰ ক্ষেত্ৰত এই আশংকা বহুগুণে কম। একেবাৰে সুৰা সেৱন নকৰা লোকতকৈ এওঁলোকৰ মৃত্যুৰ আশংকা ৭৯ শতাংশ কম।

বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে, ডায়েবেটিছ থাকক বা নেথাকক যিকোনো লোকৰ যদি পৰিয়ালত এলকোহল সেৱন কৰাৰ ইতিহাস আছে, তেওঁলোকে হৃদৰোগ প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে সুৰা সেৱনৰ আশ্ৰয় ল’ব নেলাগে।

যদি আপোনাৰ সুৰা সেৱনৰ অভ্যাস আছে, তেনেহ’লে নেখাব আৰু পুৰুষসকলে দৈনিক দুগিলাছতকৈ বেছি নাখাব। তাৰোপৰি ডায়েবেটিছত ভুগি থকা লোকসকলে সুৰা সেৱনৰ লগত কিবা খাদ্য খাই থাকিব লাগে আৰু ‘ব্লাড ছুগাৰ’ৰ মাত্ৰা পৰীক্ষা কৰি থকাৰ বাবে বিশেষভাৱে সতৰ্ক হৈ থকা উচিত।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate