ডায়েবেটিছ এক নীৰৱ ঘাতক :
ডায়েবেটিছ এক নীৰৱ ঘাতক, সেই বিষয়ে লিখা হৈছে ।
- Contents
সম্প্ৰতি বিশ্বত ডায়েবেটিছ অৰ্থাৎ মধুমেহ অথবা বহুমূত্ৰ ৰোগে একপ্ৰকাৰৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।
ডায়েবেটিছত আক্ৰান্ত হৈ বিশ্বত বছৰি লাখ লাখ লোকৰ মৃত্যু ঘটি আহিছে। ডায়েবেটিছ এক নীৰৱ ঘাতক।
এই ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব নোৱাৰিলে ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব নোৱাৰিলে ৰোগবিধে শৰীৰত এনেভাৱে আক্ৰমণ আৰম্ভ কৰে যে ৰোগৰ প্ৰভাৱত শৰীৰৰ বিভিন্ন অংগ লাহে লাহে বিকল হৈ আহিবলৈ ধৰে।
অৱশ্যে ৰোগৰ একেবাৰে অন্তিম পৰ্যায়তহে শৰীৰৰ অংগসমূহ বিকল হ’বলৈ ধৰে বা অংগসমূহে লাহে লাহে সক্ৰিয়তা হেৰুৱাবলৈ আৰম্ভ কৰে।
ডায়েবেটিছ এনে এক ৰোগ, যি ৰোগ নিৰ্মূল কৰিব পৰাকৈ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। এই ৰোগ খাদ্যাভ্যাস, ব্যায়াম আৰু দৰবৰ জৰিয়তে কেৱল নিয়ন্ত্ৰণত ৰাখিব পাৰি।
ডায়েবেটিছত আক্ৰান্ত হোৱাৰ কোনো নিৰ্দিষ্ট বয়সো নাই। অতি শিশু অৱস্থাৰ পৰা আৰম্ভ কৰি বৃদ্ধ ব্যক্তিলৈকে সকলোৱে যিকোনো সময়তে ডায়েবেটিছত আক্ৰান্ত হ’ব পাৰে।
ডায়েবেটিছ হ’লে সচৰাচৰ তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়। ইয়াক মধুমেহ বুলি কয়। আনহাতে মূত্ৰত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালে তাক বহুমূত্ৰ বুলি কোৱা হয়।
মুঠৰ ওপৰত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে লোক এজন ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা থাকে।
ডায়েবেটিছক লৈ কেতবোৰ প্ৰচলিত ভূল ধাৰণা
ধাৰণা:
বেছিকৈ চেনি খালে ডায়েবেটিছ হ’বই।
বহুতৰে মাজত এনে ধাৰণা আছে যে অত্যধিক চেনি খোৱা লোকসকল ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’ব। কিন্তু টাইপ-১ ডায়েবেটিছৰ ক্ষেত্ৰত চেনিয়ে বিশেষ প্ৰাধান্ত বিস্তাৰ নকৰে।
ডায়েবেটিছ সাধাৰণতে জেনেটিক কাৰক কিছুমানৰ লগতে পৰিৱেশ সম্পৰ্কীয় কেতবোৰ কাৰকৰ বাবে হ’ব পাৰে।
বংশত যদি কাৰোবাৰ ডায়েবেটিছ ৰোগ আছে তেন্তে বংশৰ আন কোনো লোকৰো টাইপ-১ ডায়েবেটিছৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।
একেদৰে ৪০ বছৰৰ পিছত যদি লোক এজন মেদবহুল হৈ পৰে তেন্তে তেওঁ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়।
চেনিজাতীয় খাদ্যই মানুহক মেদবহুল কৰি তুলিব পাৰে। সেইবাবেই চেনি বেছিকৈ খালে মানুহ এজন মেদবহুল হৈ পৰি ডায়েবেটিছত আক্ৰান্ত হ’ব পাৰে।
সাধাৰণতে টাইপ-২ পৰ্যায়ৰ ডায়েবেটিছৰ ক্ষেত্ৰত এনে মেদবহুলতাই প্ৰভাৱ বিস্তাৰ কৰে।
কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে অত্যধিক চেনি খোৱাৰ বাবেই মানুহ এজন ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ পৰিবই।
ধাৰণা:
ডায়েবেটিছ সংক্ৰামক ৰোগ।
বহুতৰে এনে ধাৰণা আছে যে ডায়েবেটিছ ৰোগ সংক্ৰামক। এই ৰোগ এজন লোকৰ দেহৰ পৰা আন এজন লোকৰ দেহলৈ অতি সহজে সংক্ৰমিত হ’ব পাৰে।
কিন্তু ডায়েবেটিছ ৰোগ সাধাৰণ চৰ্দি কাহৰ দৰে সংক্ৰামক ৰোগ নহয়। কোনো উপায়েৰেই ডায়েবেটিছ ৰোগ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ সংক্ৰমিত হোৱাৰ কোনো সম্ভাৱনা নাথাকে।
মূলতঃ বংশগত কাৰণৰ লগতে অন্যান্য কেতবোৰ কাৰকৰ বাবে ডায়েবেটিছ ৰোগ হ’ব পাৰে।
ধাৰণা:
তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালেই ডায়েবেটিছ হ’ব।
বহুতৰে ধাৰণা এনে যে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালেই ডায়েবেটিছ হয়। কিন্তু সকলো ক্ষেত্ৰতে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালেই যে ডায়েবেটিছ হ’ব তেনে কোনো কথা নাই।
কেতবোৰ বিশেষ পৰিস্থিতিত তেজত শৰ্কৰাৰ মাত্ৰা সাময়িকভাৱে বৃদ্ধি পাব পাৰে।
ডায়েবেটিছ হ’লে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে
- অত্যধিক ভোক লগা,
- পিয়াহ লাগে,
- ওজন বাঢ়িবলৈ লয় আদি লক্ষণসমূহো দেখা দিয়ে।
সেইবাবে এনে লক্ষণসমূহ দেখা পালে চিকিৎসকৰ কাষ চাপিব লাগে আৰু ডায়েবেটিছ ৰোগ হৈছে নে নাই সেয়া নিৰ্ধাৰণ কৰিব লাগে।
ধাৰণা:
ডায়েবেটিছ ৰোগীয়ে কেতিয়াও মিঠাই খাব নোৱাৰে।
বহুতৰে ধাৰণা যে ডায়েবেটিছ হোৱা মানেই মিঠাইৰ পৰা বহু যোজন দূৰত থাকিব লাগিব। কিন্তু কথাষাৰ তেনে নহয়।
ডায়েবেটিছ ৰোগীয়েও পৰিমিত মাত্ৰাত মিঠাই খাব পাৰে।
স্বাস্থ্যসন্মত আহাৰৰ সৈতে ডায়েবেটিছ ৰোগীয়ে কম মাত্ৰাত মিঠাই কোনো বাধা নাই বুলি বিভিন্ন সমীক্ষাৰ পৰা জানিব পৰা হৈছে।
ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে যাতে তেজৰ অতিৰিক্ত শৰ্কৰাভাগ দহন হ’ব পাৰে।
ধাৰণা:
ডায়েবেটিছ ৰোগীয়ে ব্যায়াম কৰিব নালাগে।
বহুতৰে ধাৰণা যে ডায়েবেটিছ ৰোগীয়ে ব্যায়াম কৰিলে ৰোগী দুৰ্বল হৈ পৰিব পাৰে। কিন্তু এনে ধাৰণা সম্পূৰ্ণ ভূল। কিয়নো ডায়েবেটিছ ৰোগীৰ বাবে ব্যায়াম এক মহৌষধ।
ব্যায়াম কৰিলে শৰীৰৰ চৰ্বিভাগ দহন হয়। একেদৰে শৰ্কৰা ভাগো দহন হোৱাত সহায় হয়। ব্যায়ামে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।
সেইবাবে ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ ব্যায়াম কৰা উচিত।
ব্যায়াম কৰিলে ডায়েবেটিছ ৰোগীয়ে মানসিক চাপ পৰাও মুক্ত হৈ থাকিব পাৰে। যদি ডায়েবেটিছ ৰোগীয়ে ব্যায়াম নকৰে তেন্তে তেওঁৰ হৃদযন্ত্ৰৰ লগতে অন্যান্য অংগসমূহ আক্ৰান্ত হ’ব পাৰে।
লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পাব পাৰে।
ডায়েবেটিছ আৰু খাদ্যাভ্যাস
ডায়েবেটিছ এনে এক ৰোগ, যি ৰোগ খাদ্যাভ্যাসৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰে। তেজত শৰ্কৰাৰ মাত্ৰা অথবা চৰ্বিৰ মাত্ৰা বৃদ্ধি কৰিব পৰা অত্যধিক গ্ৰহণ কৰা থকা লোক এজনৰ ক্ষেত্ৰত ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে।
তেনে লোকৰ বংশত যদি কাৰোবাৰ ডায়েবেটিছ আছে তেন্তে ডায়েবেটিছ হোৱাৰ আশংকা আৰু অধিক বৃদ্ধি পায়।
প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডাঃ সঞ্জীৱ ৰায়ে প্ৰকাশ কৰা মতে মানুহৰ খাদ্যাভ্যাসৰ বাবেই এতিয়া ডায়েবেটিছকে ধৰি হৃদৰোগ আৰু অন্যান্য ৰোগসমূহ বৃদ্ধি পাবলৈ ধৰিছে।
খাদ্যাভ্যাস সলনি নকৰিলে মানুহে এনে সমস্যাৰ হাত সাৰিব নোৱাৰিব বুলিও চিকিৎসকগৰাকীয়ে মন্তব্য কৰিছে।
তেওঁ লগতে কৈছে যে পৰিমিত তথা স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ লগতে নিয়মীয়া শাৰীৰিক ব্যায়ামে মানুহ এজনক হৃদৰোগৰ লগতে অন্যান্য ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
চিকিৎসকগৰাকীৰ মতে ২০ বছৰ বয়সৰ পিছৰে পৰাই মানুহ এজনে খাদ্যাভ্যাসৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিব লাগে।
- অত্যধিক চৰ্বিযুক্ত খাদ্য,
- তেল-মছলাযুক্ত খাদ্য পৰাপক্ষত এৰাই চলিব পাৰিলে ভাল।
সম্প্ৰতি বহু মানুহে তেওঁলোকৰ জীৱনশৈলীলৈ এনে এক পৰিৱৰ্তন আনিছে, যে পৰিৱৰ্তন আহিছে, যি পৰিৱৰ্তনে তেনে লোকসকলক ৰুগীয়াহে কৰি তুলিছে।
বিশৃংখল জীৱনশৈলী আৰু অপৰিমিত খাদ্যাভ্যাসৰ বাবে মানুহে ডায়েবেটিছৰ দৰে ৰোগত আক্ৰান্ত হৈছে।
ইয়াৰ লগতে শাৰীৰিক ব্যায়ামৰ প্ৰতি মানুহৰ অনীহাই মানুহক ৰুগীয়া কৰি তুলিছে। ভাৰতবৰ্ষৰ ভিতৰত গুজৰাটতেই দেশৰ সৰ্বাধিক সংখ্যক ডায়েবেটিছ ৰোগী আছে।
শেহতীয়াকৈ চলোৱা এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে গুজৰাটৰ প্ৰায় দুই লাখ লোক নতুনকৈ ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে।
২০১৫ চনত তথ্য অনুসৰি সমগ্ৰ ভাৰতবৰ্ষত থকা ডায়েবেটিছ ৰোগীৰ সংখ্যা হৈছে প্ৰায় ৫,৫৯,৭১৮ গৰাকী।
গুজৰাটৰ লোকসকলে জীৱনশৈলী এনে হৈ পৰিছে যে তেওঁলোকে কেতিয়া শোৱে, কেতিয়া খায় আদি কথাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে।
ইয়াৰ ফলত ৰাজ্যখনত ডায়েবেটিছ ৰোগীৰ সংখ্যা দেশৰ ভিতৰতে বৃদ্ধি পাইছে।
ডায়েবেটিছত প্ৰভাৱ পেলোৱা খাদ্য
এনে কেতবোৰ খাদ্য আছে যিবোৰ খাদ্যই তেজত শৰ্কৰা তথা চৰ্বিৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিব পাৰে।
গৱেষণাৰ জৰিয়তে চিনাক্ত কৰা তেনেবোৰ খাদ্য হৈছে এনেধৰণৰ-
ৰিফাইন খাদ্য:
ৰিফাইন কৰা কেতবোৰ খাদ্য যেনে পাউৰুটি, ৰিফাইন আটা, ৰিফাইন কৰা চাউল আদিয়ে তেজত শৰ্কৰাৰ মাত্ৰা অত্যধিক বৃদ্ধি কৰে।
এনেবোৰ খাদ্য সঘনাই খাই থাকিলে ডায়েবেটিছ ৰোগীৰ অৱস্থা ভাল হোৱাৰ সলনি বেয়াহে হ’ব পাৰে।
এনেবোৰ ৰিফাইন কৰা খাদ্যত যথেষ্ট পৰিমাণে ষ্টাৰ্ছ থাকে। সেইবাবে এনে খাদ্য যথাসম্ভৱ এৰাই চলিব লাগে।
ইয়াৰ বিপৰীতে ৰিফাইন নকৰা আটা, তেল আদি ব্যৱহাৰ কৰাটো ভাল। লগতে ব্ৰাউন ব্ৰেড, ৰঙ চাউল আদি খাব লাগে।
দুগ্ধজাত সামগ্ৰী:
আজিকালি দুগ্ধজাত সামগ্ৰী, যেনে- বিভিন্ন ধৰণৰ গাখীৰ আদিৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। দুগ্ধজাত সামগ্ৰীৰ ভিতৰত গাখীৰ আদিৰ প্ৰচুৰ পৰিমাণে চৰ্বি থাকে।
যি চৰ্বিয়ে দেহত চৰ্বিৰ পৰিমাণ বঢ়াই তোলে আৰু ইয়াৰ ফলত লোক এজন ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা অধিক বৃদ্ধি পায়।
সেইবাবে পৰাপক্ষত-
- গাখীৰ,
- মাখন,
- ঘিউ,
- চীজ আদি এৰাই চলিব পাৰিলে ভাল। ইয়াৰ বিপৰীতে ঘৰতে দৈ আদি তৈয়াৰ কৰি খাব পাৰিলে বেছি ভাল ফল পোৱা যায়। দুগ্ধজাত সামগ্ৰীৰ ভিতৰত-
- স্কিমড মিল্ক,
- ডাবল টনড মিল্ক আদি ব্যৱহাৰ কৰিলে ভাল।
বেছিকৈ ভজা খাদ্য
বেছিকৈ ভজা খাদ্য যেনে- ছিপছ, পকৰা, পাপৰ আদিয়ে দেহত কলেষ্টেৰলৰ মাত্ৰা অত্যধিক বৃদ্ধি কৰে।
সেইবাবে এনেধৰণৰ অত্যধিক ভজা খাদ্য খাব নালাগে। এনেধৰণৰ খাদ্যই ওজনো বৃদ্ধি কৰে। মেদবহুলতাই লোক এজনক ডায়েবেটিছত আক্ৰান্ত কৰিব পাৰে।
ছফট ড্ৰিংক-এনাৰ্জি ড্ৰিংক
ছফট ড্ৰিংক বা এনাৰ্জি ড্ৰিংকসমূহে লোক এজনক ডায়েবেটিছ ৰোগত আক্ৰান্ত কৰিব পাৰে। সমীক্ষাৰ পৰা জনা গৈছে যে কোকোকোলাৰ একোটা কেনত ৬-৭ চামুচ পৰ্যন্ত চেনি থাকে।
একেদৰে আন আন ছফট ড্ৰিংক অথবা এনাৰ্জি ড্ৰিংকতো প্ৰচুৰ মাত্ৰাত শৰ্কৰা থাকে। যি শৰ্কৰাই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে ওজনো বৃদ্ধি কৰে।
ইয়াৰ ফলত ডায়েবেটিছৰ আশংকাও বৃদ্ধি পায়।
ফলৰ ৰস:
ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী কিন্তু ফলৰ ৰস খোৱাতকৈ একোটা ফল কাটি খাব পাৰিলে বেছি উপকাৰ পোৱা যায়। ফলৰ ৰসত প্ৰচুৰ পৰিমাণে চেনি থাকে।
কিন্তু একোটা ফল কাটি যদি খোৱা হয় তেন্তে অতিৰিক্ত চেনিৰ পৰা হাতসাৰি থাকিব পাৰি অৰু আঁহজাতীয় পদাৰ্থ আমাৰ দেহে লাভ কৰে।
ইয়াৰ ফলত যথেষ্ট উপকাৰ পোৱা যায়। কিন্তু কেৱল যদি ফলৰ ফল খোৱা যায়, তেন্তে আঁহাজাতীয় পদাৰ্থৰ পৰা আমি বঞ্চিত হওঁ আৰু তেজত শৰ্কৰাৰ মাত্ৰাও অত্যধিক বৃদ্ধি পায়।
কৃত্ৰিম মিঠা দ্ৰব্য:
আজিকালি কেতবোৰ কৃত্ৰিম মিঠা দ্ৰব্য ওলাইছে। যিবোৰ মিঠা দ্ৰব্যই ডায়েবেটিছ ৰোগীৰ কোনো ক্ষতিসাধন বুলি ব্যাপক প্ৰচাৰ চলাই থকা হৈছে।
কিন্তু এনে ক্ৰিয়াত ব্যাঘাত জন্মায়। ইয়াৰ ফলত ৰোগীৰ দেহত বিৰূপ প্ৰভাৱ পৰে। এনে কৃত্ৰিম মিঠা দ্ৰব্যৰ সলনি প্ৰাকৃতিকভাৱে উৎপন্ন ষ্টেভিয়জাতীয়(মধুতুলসী) সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি।
ষ্টেভিয়া দৰাচলতে প্ৰাকৃতিকভাৱে উৎপাদিত এবিধ উদ্ভিদ।
ৰেড মিট:
ৰেড মিটে কেৱল ডায়েবেটিছৰ আশংকাই যে বৃদ্ধি কৰে তেনে নহয়। ডায়েবেটিছৰ লগতে হৃদৰোগৰ আশংকাও তেনে মাংসই বৃদ্ধি কৰে।
পঠাৰ মাংসৰ দৰে ৰেড মিট আদি খোৱাৰ সলনি মানুহে স্থানীয় মুৰ্গী আদি খালে এনে সমস্যৰ পৰা বহুখিনি দূৰত থাকিব পাৰে।
পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিলেই সুস্থতা বজাই ৰখাত অধিক সহায় হয়। ৰেড মিটত প্ৰচুৰ পৰিমাণে চৰ্বি থাকে।
যি চৰ্বিয়ে হৃদযন্ত্ৰত পোনপটীয়াকৈ আঘাত কৰে।
ডায়েবেটিছৰ প্ৰাকৃতিক প্ৰতিষেধক
কেৰেলাৰ তিৰুৱনন্তপুৰমৰ ‘জৱাহৰলাল নেহৰু ট্ৰপিকেল ব’টানিকেল গাৰ্ডেন ইনষ্টিটিউট’ৰ বিজ্ঞানীসকলে এনে এক প্ৰাকৃতিক প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যি প্ৰতিষেধকে লোক এজনক ডায়েবেটিছ ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
এনে প্ৰাকৃতিক প্ৰতিষেধক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৰ সঞ্চালক ডাঃ পি জি লাথাই মন্তব্য কৰিছে।
তেওঁৰ মতে এনে প্ৰাকৃতিক প্ৰতিষেধক নিয়মীয়াকৈ গ্ৰহণ কৰি থকাসকলে ডায়েবেটিছৰ পৰা মুক্ত হৈ থকাৰ লগতে যকৃতৰ ৰোগ আদিৰ পৰাও মুক্ত হ’ব পাৰে।
এনে প্ৰাকৃতিক প্ৰতিষেধকে লোক এজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে বুলি চিকিৎসকগৰাকীয়ে মন্তব্য কৰিছে।
অৱশ্যে এনে প্ৰাকৃতিক প্ৰতিষেধক এতিয়াও পৰীক্ষামূলক স্তৰতেই আছে।
ডায়েবেটিছৰ ঘৰুৱা প্ৰতিবিধান
বিশ্বত এতিয়া কোটি কোটি লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত। ডায়েবেটিছ ৰোগ যিহেতু সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব নোৱাৰি, ইয়াক নিয়ন্ত্ৰণ কৰিহে ৰাখিব পাৰি।
সেইবাবে কেতবোৰ ঘৰুৱা বিধান মানি চলিলে ডায়েবেটিছ ৰোগ সহজে নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।
- কেতিয়াও ফলমূলৰ ৰস উলিয়াই খাব নালাগে। ফল ৰস উলিয়াই খোৱাৰ সলনি কাটি খাব লাগে।
- এন্টি-অক্সিজেনযুক্ত খাদ্য, যেনে- ফলমূল, শাক-পাচলি আদি প্ৰচুৰ পৰিমাণে খাব লাগে। ফলমূলত এন্টি অক্সিডেন্টৰ লগতে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে।
এনে এন্টি অক্সিডেন্টে হৃদৰোগৰ আশংকাও বহু পৰিমাণে দূৰ কৰে। সেইবাবে বতৰৰ ফল কিছু পৰিমাণে খাব লাগে।
নিয়মীয়াকৈ পুৱা অথবা গধূলি কমেও আধা ঘন্টাৰ বাবে হ’লেও ব্যায়াম কৰিব লাগে। ব্যায়াম কৰিলে তেজৰ শৰ্কৰা তথা চৰ্বিৰ পৰিমাণ যথেষ্ট হ্ৰাস পায়।
ফলত লোক এজন সুস্থ হৈ লথকাত সুবিধা হয়। সেইবাবে ঘৰতেই সদায় ব্যায়াম কৰিব লাগে।
ধ্যান কৰাটোও ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম উপায়। ধ্যান ডায়েবেটিছ ৰোগীৰ দেহত চাপ সৃষ্টিকাৰী হ’ৰমোনসমূহ যেনে-
-কৰ্টিচল,
-এড্ৰেনালিন,
-নৰাড্ৰেনালিন আদি নিয়ন্ত্ৰণ কৰি ৰাখে।
সেইবাবে সদায় কিছুসময়ৰ বাবে হ’লেও ঘৰতে ধ্যান কৰিব পাৰিলে ডায়েবেটিছ ৰোগীয়ে যথেষ্ট সকাহ পায়।
ধ্যান কৰাজনৰ দেহত ইনচুলিনৰ পৰিমাণো নিয়ন্ত্ৰণ হৈ থাকে।
নিয়মিত তুলসীৰ পাত খাওক। তুলসীৰ পাতত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে।
এনে এন্টি অক্সিডেন্টে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক চাপ সৃষ্টিকাৰী হৰমোনসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
সেইবাবে নিয়মিত তুলসীৰ পাত খাব পাৰিলে ভাল।
গ্ৰীণ-টিয়ে তেজৰ শৰ্কৰা হ্ৰাস কৰাত সহায় কৰে। সেইবাবে সাধাৰণ চাহৰ সলনি গ্ৰীণ-টি গ্ৰহণ কৰিব পাৰিলে তেজৰ শৰ্কৰাৰ পৰিমাণ যথেষ্টখিনি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।
চজিনা মহৌষধ। চজিনাত প্ৰচুৰ পৰিমাণে আঁহজাতীয় পদাৰ্থ থাকে। সেইবাবে এনে খাদ্যই তেজত শৰ্কৰাৰ মাত্ৰাও হ্ৰাস কৰাত সহায় কৰে।
এনে খাদ্য সেয়ে বতৰৰ সময়ত গ্ৰহণ কৰিব লাগে।
জামু ডায়েবেটিছ ৰোগৰ বাবে মহৌষধ। জামুত থকা বিভিন্ন পদাৰ্থসমূহে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে।
সেইবাবে জামু খাব পাৰিলে যথেষ্ট ভাল।
মুঠৰ ওপৰত পৰিমিত খাদ্যাভ্যাস আৰু সুশৃংখল জীৱনশৈলীৰ জৰিয়তে ডায়েবেটিছ ৰোগক আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰো।
লেখিকা: ডা জয়লক্ষ্মী বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)