মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডায়েবেটিছ ৰোগীৰ দাঁতৰ আলুৰ ৰোগ আৰু দাঁতৰ সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ ৰোগীৰ দাঁতৰ আলুৰ ৰোগ আৰু দাঁতৰ সমস্যা :

ডায়েবেটিছ ৰোগীৰ দাঁতৰ আলুৰ ৰোগ আৰু দাঁতৰ সমস্যাৰ বিষয়ে লিখা হৈছে ।

শৰীৰত প্ৰয়োজন অনুপাতে ইনচুলিন উৎপাদন নহ’লে বা শৰীৰৰ কোষবিলাকে ইনচুলিনৰ প্ৰতি পৰ্যাপ্ত সঁহাৰি নিদিলে শৰীৰত ৰক্ত শৰ্কৰাৰ(Blood Glocose) মাত্ৰা বৃদ্ধি পায় আৰু এই অৱস্থাটোকে ‘ডায়েবেটিছ মেলিটাচ’ বুলি কোৱা হয়। ই এবিধ শৰীৰৰ বিলাক ক্ৰিয়াজনিত ৰোগ।

ৰোগবিধক দুটা ভাগত ভাগ কৰা হৈছে।

  • টাইপ-১ আৰু
  • টাইপ-২ ডায়েবেটিছ।

টাইপ-১ ডায়েবেটিছ:

ই ক্ৰণিক বা একেৰাহে একেদৰে থকা অৱস্থা। এই অৱস্থা হ’লে শৰীৰৰ পেনক্ৰিয়াছে তেনেই কম পৰিমাণে ইনচুলিন উৎপাদন কৰে বা একেবাৰে নকৰে।

টাইপ-২ ডায়েবেটিছ

ইও একপ্ৰকাৰৰ ক্ৰণিক অৱস্থা আৰু শৰীৰ তন্ত্ৰই ৰক্ত শৰ্কৰা ব্যৱহাৰ কৰাত এই অৱস্থাই প্ৰভাৱ পেলায়।

বিশ্বৰ ডায়েবেটিছ ৰোগৰ কেইটিমান তথ্য -

ডায়েবেটিছ ৰোগৰ তথ্য সম্পৰ্কে ক’বলৈ গ’লে কেইটিমান সজাগতামূলক পৰামৰ্শহে আগবঢ়াব পাৰি। ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যা ২৯.১ নিযুত আৰু এই সংখ্যাৰ বাবেই চীন দেশৰ পিছতে জনসংখ্যাৰ দিশত ভাৰতৰ স্থান দ্বিতীয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০০০ চনত বিশ্বৰ মুঠ ডায়েবেটিছ ৰোগীৰ সংখ্যা আছিল ১৭১ নিযুত। এই সংখ্যা বৰ্তমান এক সাৱধান কৰি দিব লগা সংখ্যা ৩৬৬ নিযুতলৈ বৃদ্ধি পাইছে।

ভাৰতত ডায়েবেটিছ ৰোগ প্ৰসাৰৰ ছবিখন আৰু ভয়াৱহ। ২০০০ চনত ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা আছিল ৩১.৭ নিযুত আৰু এই সংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি পাই আহিছে আৰু আশংকা কৰা হৈছে যে ২০৩০ চনত এই সংখা প্ৰায় এশ শতাংশ বৃদ্ধি পাই প্ৰায় ৭৯.৪৪ নিযুত হ’বগৈ।

‘ইন্টাৰনেচনেল ডায়েবেটিছ ফেডাৰেচন’ৰ মতে এই সম্ভাব্য সংখ্যাই প্ৰমাণ কৰিছে যে ডায়েবেটিছ ৰোগটোৰ অতি দ্ৰুত হাৰত সম্প্ৰসাৰণ হৈছে আৰু যোৱা ১৫ টা বছৰত ১০০ শতাংশলৈ বৃদ্ধি পাইছে।

এতিয়া পূৰ্বৰ ডায়েবেটিছ ৰোগীৰ সংখ্যা প্ৰায় দুগুণ হৈছে। ডায়েবেটিছ ৰোগীৰ এই বৰ্ধিত সংখ্যা কিছু সজাগতা অৱলম্বন কৰিলে কমাব পৰা যাব।

ডায়েবেটিছ ৰোগীৰ দাঁতৰ আলুৰ ৰোগ বেছিকৈ কিয় হয়?

সকলো মানুহৰে মুখগহ্বৰত অতি সূক্ষ্ম আকাৰৰ বেক্টেৰিয়া বাস কৰে আৰু যদি দাঁতৰ আলুৰ ভিতৰত এই বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়, তেনেহ’লে ডায়েবেটিছ ৰোগীৰ মুখত ডায়েবেটিছ আলুৰ হয়গৈ।

একেৰাহে হৈ থকা এই ৰোগ পুৰণি হ’লে দাঁতৰ আলুৰ ক্ষতি কৰে, দাঁতবোৰ ধৰি থকা আলুৰ কোষ আৰু আনকি আলুৰ তলত থকা হাড়বিলাকো নষ্ট কৰে।

ডায়েবেটিছত ভুগি থকা লোকৰ মাজত এই ধৰণৰ ৰোগ বিস্তাৰ হোৱা দেখা গৈছে। এই ৰোগ প্ৰায় ২২ শতাংশ ডায়েবেটিছ ৰোগীৰ মাজত বিস্তাৰ হোৱা দেখা গৈছে। বয়স বৃদ্ধিৰ লগে লগে প্ৰায় সকলো ডায়েবেটিছ ৰোগীয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰখাটো প্ৰায় অসম্ভৱ হৈ পৰে।

তাৰ ফলত ৰোগীসকলে দাঁতৰ আলুৰ সমস্যাত ভোগাৰ আশংকা বৃদ্ধি পায়। দাঁতৰ আলুত যিমানে সংক্ৰমণ বৃদ্ধি পান, দাঁতৰ আলুৰ গম্ভীৰ ৰোগগ্ৰস্ত অৱস্থা ব্যক্তিজনৰ ৰক্ত শৰ্কৰা বৃদ্ধিৰ কাৰণ হ’বগৈ পাৰে।

এই অৱস্থা হ’লে ডায়েবেটিছ ৰোগটো নিয়ন্ত্ৰণত ৰখাটো কঠিন হৈ পৰে আৰু দাঁতৰ আলু সংক্ৰমণ কৰা বেক্টেৰিয়াৰ বিপক্ষে যুঁজ দিয়াৰ সামৰ্থও কমি আহে।

ডায়েবেটিছ ৰোগীৰ মুখগহ্বৰ কেনেকৈ ৰুগীয়া কৰে?

যদি ডায়েবেটিছ ৰোগটোৰ চিকিৎসা কৰা নহয়, তেনেহ’লে ই মুখগহ্বৰৰো ক্ষতি কৰিবলৈ লয়। এই অৱস্থাত মুখৰ লেলাউটি নিঃসৰণ হ্ৰাস পায় আৰু তাৰ ফলত মুখখন শুকাই লেলাউটি ওলাই থাকিলেহে দাঁতবোৰ সুৰক্ষিত হৈ থাকে।

মুখ শুকাই থাকিলে পিছলৈ দাঁতৰ গুৰিৰ পৰা তেজ ওলাবলৈ লয়। ডায়েবেটিছ নিয়ন্ত্ৰণত নেথাকিলে শৰীৰত হোৱা ঘাঁ আদি সোনকালে নুশুকায় আৰু এনে অৱস্থাত মুখ গহ্বৰত বেক্টেৰিয়াৰ সংক্ৰমণো শেষ নহয়।

দাঁতৰ আলুৰ ৰোগৰ লক্ষণ -

ডায়েবেটিছত ভুগি থকা লোকৰ সঘনাই হৈ থকা সাধাৰণ দাঁতৰ সমস্যাবোৰৰ ভিতৰত অন্যতম ৰোগ হ’ল Periodontal।

ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত নেথাকিলে ডায়েবেটিছ ৰোগীয়ে ‘ডায়েবেটিছ দাঁতৰ আলুৰ ৰোগ’ত ভোগাৰ প্ৰবল আশংকা থাকে।

দাঁতৰ আলুৰ ৰোগৰ তীব্ৰতাই ডায়েবেটিছৰ আনুসংগিক সমস্যাৰো বৃদ্ধি কৰে।

ডায়েবেটিছ দাঁতৰ আলুৰ ৰোগৰ প্ৰধান লক্ষণসমূহ -

  • দাঁতৰ আলু-
  • ৰঙা পৰা,
  • ফুলি যোৱা আৰু
  • তেজ ওলোৱা।
  • দাঁতৰ গুৰিৰ পৰা আলু ওলাই আঁতৰি যোৱা।
  • দাঁত আৰু আলুৰ দীৰ্ঘদিনীয়া সংক্ৰমণ।
  • নিশ্বাস দূৰলৈ ঠেলিব নোৱাৰা হয়।
  • স্থায়ী প্ৰাকৃতিক দাঁতবোৰ এটাৰ পৰা আনটো আঁতৰি যায়।

ডায়েবেটিছ ৰোগটো নিয়ন্ত্ৰণ নকৰিলে মুখগহ্বৰত শৰ্কৰাৰ(Glucose) মাত্ৰা বৃদ্ধি পায় আৰু মুখগহ্বৰত বীজাণুৰ বৃদ্ধিৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি হয়।

দাঁতৰ চিকিৎসকৰ পৰা কেনে সহায় পাব?

নিয়মীয়াকৈ দাঁতৰ চিকিৎসকক দেখুৱাই থকা ভাল। এনেদৰে সঘনাই চিকিৎসকক দেখুৱাই থাকিলে আৰম্ভণি অৱস্থাতে দাঁতৰ সমস্যা প্ৰতিৰোধ কৰিব পৰা যায়।

দাঁতৰ আলুৰ চিকিৎসা কৰাই থাকিলে ডায়েবেটিছত ভুগি থকা ৰোগীয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে।

ফলত ৰোগটোৰ তীব্ৰতা আৰু শৰীৰৰ আন অংগৰ ক্ষতি প্ৰক্ৰিয়া নিয়ন্ত্ৰণত থাকে।

তাৰোপৰি মুখগহ্বৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি প্ৰয়োজনীয় কথা। মুখ গহ্বৰৰ সুস্থতা আৰু পৰিষ্কাৰ কৰি ৰখাৰ কাৰণে এজন দন্ত চিকিৎসকৰ সহায় লওক।

ডায়েবেটিছ দন্ত ৰোগৰ বাবে মানি চলিব লগা বিষয় -

প্ৰথমেই ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখক। স্বাস্থ্যসন্মত খাদ্য খাওক আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে নিয়মীয়াকৈ ব্যায়াম কৰক।

ৰক্ত শৰ্কৰা স্বাভাৱিক মাত্ৰাত ৰাখিব পাৰিলে মুখগহ্বৰত বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণ প্ৰতিৰোধ হয় আৰু ডায়েবেটিছৰ ফলত মুখ শুকাই যোৱাৰ পৰা উপশম পাব পাৰি।

তাৰোপৰি ডায়েবেটিছজনিত দাঁত আৰু মুখ গহ্বৰৰ অন্য ৰোগৰ পৰা হাত সাৰি থাকিবলৈ নিম্নোক্ত উপায়বোৰ অৱলম্বন কৰা ভাল।

  • ধূমপান পৰিত্যাগ কৰক।
  • দাঁতবোৰ প্ৰতিদিনে পৰিষ্কাৰ কৰি ৰাখক।
  • দিনত দুবাৰকৈ দাঁত ব্ৰাছ কৰক।
  • নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দন্ত চিকিৎসকক দেখুৱাই থাকক।

মুখ গহ্বৰৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে নিয়মীয়াকৈ ব্ৰাছ কৰা আৰু পানীৰে কুলকুলি কৰি থাকিব লাগে। মানুহৰ দন্তক্ষয় ৰোগৰ কাৰণে প্ৰধানকৈ দায়ী শৰ্কৰা বা গ্লুকোজ(চেনি)।

এইবিধ খাদ্য দ্ৰব্যই মুখগহ্বৰৰ ভিতৰত বেক্টেৰিয়া আৰু অম্লতা বৃদ্ধি কৰে তাৰ পৰিণতিত দাঁতৰ গুৰিত ফলক(Plaque) জমা হয়।

এই ফলকেই দাঁতৰ ওপৰৰ তৰপ(Enamel) আৰু আলু ক্ষয় নিয়ায়।

সঠিক ব্ৰাছ ব্যৱহাৰ কৰক:

কোমল কুচিৰে প্ৰস্তুত কৰা ব্ৰাছহে ব্যৱহাৰ কৰিব লাগে। এনে ধৰণৰ কোমল ব্ৰাছ আৰু এনেদৰে কৌশলেৰে ব্যৱহাৰ কৰি থাকিলে একোডাল ব্ৰাছ দুই-তিনি মাহলৈ ব্যৱহাৰ যোগ্য হৈ থাকে।

ব্ৰাছ ব্যৱহাৰৰ সঠিক কৌশল:

ব্ৰাছডাল হাতেৰে ৪৫° কোণ কৰি ধৰিব লাগে। ব্ৰাছডালৰ কুচিবোৰৰ আগবোৰ দাঁতৰ আলুৰ ফালে থাকিব লাগে।

ইয়াৰ পিছত বেছি হেঁচা প্ৰয়োগ নকৰাকৈ, চুটি আৰু ঘূৰাই ঘূৰাই দাঁতৰ ওপৰত ঘঁহক। প্ৰতিটো দাঁত ১০ৰ পৰা ১৫ বাৰকৈ ঘঁহিব।

ডায়েবেটিছ সম্পৰ্কীয় কিছু তথ্য -

  • শেহতীয়া এটি অধ্যয়নত এই কথা জানিব পৰা গৈছে যে ডায়েবেটিছ ৰোগজনিত চিকিৎসা কৰোতে সমগ্ৰ জীৱন কালত প্ৰায় ৫০ লাখ টকা খৰচ হয়।
  • ডায়েবেটিছৰ জটিলতাৰ পৰা হাত সাৰি থাকিবলৈ হ’লে আমাৰ জীৱন শৈলী শুধৰাব লাগে, খাদ্যভ্যাস সলনি কৰিব লাগে আৰু ডায়েবেটিছ ৰোগটো এগকেবাৰে মৌলিক অৱস্থাবোৰৰ পৰা চিকিৎসা গ্ৰহণ কৰিব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top