মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডায়েৰিয়া আৰু হাপানি ৰোগৰ বিষয়ে কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েৰিয়া আৰু হাপানি ৰোগৰ বিষয়ে কিছু কথা

ডায়েৰিয়া আৰু হাপানি ৰোগৰ বিষয়ে লিখা হৈছে

ডায়েৰিয়া


ঘনাই পনীয়া শৌচ হৈ থকা অৱস্থাক সাধাৰণতে ডায়েৰিয়া বা অতিসাৰ অথবা পেটচলা অসুখ বুলি কোৱা হয়| এনে শৌচ দিনটোত তিনিবাৰ বা ততোধিক হ’ব পাৰে। ডায়েৰিয়াৰ ফলত সঘনাই তেজ মিহলি ঢিলা শৌচ, বমি আদিও হ’ব পাৰে। আমাৰ দেশত ডায়েৰিয়া হোৱাৰ প্ৰধান কাৰণ হ’ল— ভাইৰাছ, বেক্টেৰিয়া আৰু এক কোষী জীৱৰ সংক্রমণ। ৰ’টা ভাইৰাছে ডায়েৰিয়া ৰোগ সৃষ্টিত মুখ্য ভূমিকা গ্রহণ কৰে। ৫ বছৰৰ তলৰ শিশুক এই ভাইৰাছে সহজে আক্রমণ কৰে। তেনেদৰে ভিব্ৰিঅ’ কলেৰি, ছালম’নেলা, ছিগেলা, ই-কলাই, কেম্পিল’বেক্টাৰ আদিৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো ডায়েৰিয়া হ’ব পাৰে। ই-কলাইৰ সংক্ৰমণত পাঁচ বছৰৰ তলৰ শিশুৰ লগতে বয়স্ক লোকৰো ডায়েৰিয়া হয়। সেইদৰে এমিবা, জিয়ার্ডিয়া আদি এককোষী আৰু পৰজীৱীৰ সংক্ৰমণৰ ফলতো ডায়েৰিয়া হয়।

গ্ৰীষ্মকালত ডায়েৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা দেখা যায়। ডায়েৰিয়া সৃষ্টি কৰা বেক্টেৰিয়া বা ভাইৰাছবোৰ সাধাৰণতে দূষিত পানী, দূষিত খাদ্যৰ জৰিয়তে শৰীৰত প্রৱেশ কৰে। ডায়েৰিয়া হ’লে ব্যক্তিজনৰ বা শিশুটিৰ শৰীৰত পানীৰ পৰিমাণ দ্রুতগতিত কমি যায়। ফলত ৰোগীজন জলাভাৱত (Dehydration) ভোগে। সঠিক সময়ত উপযুক্ত চিকিৎসা নকৰিলে এনে ৰোগী, বিশেষকৈ শিশু মৃত্যু মুখত পৰা সম্ভাৱনা বেছি। আক্রান্ত লোকজনক বা শিশুটিক প্রাথমিক পথ্য হিচাপে অ’ আৰ এছ (Oral Rehydration Salts) খাবলৈ দিয়া হয়। ডায়েৰিয়াৰ পৰা হাত সাৰিবলৈ তলত উল্লেখ কৰা দিশকেইটা গুৰুত্ব দিয়াটো অতি প্ৰয়োজন।

  • য’তে-ত’তে শৌচ কৰিব নালাগে। বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে আৰু শৌচাগাৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে|
  • কেঁচুৱাই শৌচ কৰিলে মল উপযুক্ত ঠাইত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে।
  • পানী উতলাই বীজাণুমুক্ত কৰি খাব। অর্থাৎ বিশুদ্ধ পানী খাব লাগে|
  • ভালদৰে সিজোৱা খাদ্য খোৱা উচিত।
  • ফল-মূল, শাক-পাচলি বা আন যিকোনো কটা বস্তু ভালদৰে ঢাকি ৰাখিব লাগে।
  • খাদ্য প্রস্তুত কৰাৰ আগেয়ে, খাদ্য খোৱাৰ আগেয়ে, কেঁচুৱাক আহাৰ খুওৱাৰ আগেয়ে আৰু শৌচ কৰাৰ পাছত ভালদৰে চাবোন ব্যৱহাৰ কৰি হাত ধুব লাগে।
  • খাদ্যবস্তুত মাখি পৰিবলৈ দিব নালাগে। মাখিয়ে ৰোগ বিয়পায়।
  • বাচন-বর্তন পৰিষ্কাৰ কৰি ৰাখিব লাগে। ব্যৱহাৰ কৰাৰ আগেয়ে সেইবোৰ পুনৰ ধুই ল’ব লাগে।
  • আক্রান্ত শিশুক অ’ আৰ এছ আৰু জিংক বড়ি খুওৱাৰ লগতে পনীয়া খাদ্য খুৱাই থাকিব লাগে।
  • স্তনপান কৰি থকা শিশুক স্বাভাৱিকভাৱে স্তনপান কৰাই থাকিব লাগে|
  • এই ৰোগত আক্রান্ত হোৱা বয়স্কসকলেও অ’ আৰ এছ খোৱাটো নিতান্তই প্রয়োজন। অ’ আৰ এছ সততে নাপালে চেনি-নিমখ মিহলোৱা পানী হ’লেও খাব লাগে।
  • যিমান পাৰি সিমান সোনকালে চিকিৎসকৰ কাষ চাপিব লাগে।

 

হাপানি ৰোগৰ লক্ষণ আৰু চিকিৎসা


চুটি উশাহ, বুকুত গধুৰ ভাব আৰু শ্বাস লোৱাত কষ্ট পোৱা আদি হৈছে হাঁপানি ৰোগৰ সাধাৰণ লক্ষণ। তদুপৰি বহুতো কাৰণত যেনে বতৰ, কলুষিত বায়ুমণ্ডল বা জন্মগত কাৰণতে এই ৰোগ হ’ব পাৰে। ডাঃ কে ঠিৰুপথি, পালমনল'জিষ্ট বিশেষজ্ঞ চিকিৎসক ছিমছ হস্পিটেল, চেন্নাই, মত পোষণ কৰে যে বর্তমান এই ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। উক্ত কাৰণসমূহৰ উপৰি যথেষ্ট পৰিমাণৰ শিশুক স্তন পান নকৰোৱাৰ বাবেও এই ৰোগে আক্রমণ কৰিব পাৰে।

“সাধাৰণ লক্ষণসমূহ বিবেচনা কৰি এই ৰোগৰ চিকিৎসা কৰা হয় যদিও কিছুমান ৰোগীৰ ক্ষেত্ৰত এই লক্ষণসমূহে দেখা নিদিয়ে। এনে ধৰণৰ ৰোগীক অতি সাৱধানতাৰে চিকিৎসা কৰা প্রয়োজন। জনসাধাৰণক এই ৰোগৰ ওপৰত সজাগ কৰা অতি প্রয়োজন, ডাঃ ঠিৰুপথিয়ে কয়।

“জনসাধাৰণৰ মাজত এটা ধাৰণা আছে যে হাঁপানি ৰোগ কেৱল শীতকালত হে হয়। কিন্তু ডাঃ ঠিৰুপথিৰ মতে— গ্রীষ্ম কালত বায়ুমণ্ডলত সেমেকাৰ ভাব অতিকৈ বেছি হোৱাৰ বাবে লগতে এইসমূহত ধূলি আদিৰ বাবে বায়ুমণ্ডল কলুষিত হৈ পৰে, যি নেকি এই ৰোগৰ কাৰক হৈ পৰে। ৰোগীয়ে শীতল পানীয় আৰু খাদ্য পৰিহাৰ কৰা উচিত আৰু শীত-তাপ নিয়ন্ত্রিত যন্ত্র ব্যৱহাৰ কৰিলে ইয়াৰ তাপমান নিয়ন্ত্ৰণ কৰা প্রয়োজন। সেয়েহে শীতকালত এই ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়ে যদিও গ্রীষ্মকালত ইয়াৰ পৰিমাণ কোনো গুণে কম নহয়। এনে ৰোগীয়ে অতিমাত্ৰা গৰমত ঘৰৰ বাহিৰলৈ নোযোৱাটো বাঞ্ছনীয়।

এই ৰোগৰ লক্ষণসমূহ

 

  • টোপনিত সঘনাই কাহি থকা বা পৰিশ্রম আৰু ঠাণ্ডাৰ বাবে কহা।
  • চুটি উশাহ লোৱা।
  • বেছিকৈ ভাগৰ লগা|
  • কাহ কফৰ বাবে টোপনি নহা।
  • বুকুৰ অসুস্থতা।
  • খাদ্য খাওঁতে শব্দ কৰা ইত্যাদি।

উৎস: দৈনিক জনমভূমি।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top