মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডি এণ্ড চি অপাৰেচন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডি এণ্ড চি অপাৰেচন:

ডি এণ্ড চি অপাৰেচনৰ বিষয়ে লিখা হৈছে

মহিলাৰ স্ত্ৰীৰোগজনিত কেইবিধমান গুৰুত্বপূৰ্ণ ৰোগ নিৰ্ণয় আৰু নিৰাময়ৰ বাবে কৰা পৰীক্ষাবোৰৰ ভিতৰত ডি এণ্ড চি পৰীক্ষাবিধেই হ’ল সৰ্বাধিক প্ৰচলিত আৰু অত্যন্ত প্ৰয়োজনীয় পৰীক্ষা। পৰীক্ষাবিধ প্ৰকৃততে কি জানেনে? পৰীক্ষাৰ নামত এটা সৰু অস্ত্ৰোপচাৰ। সেয়েহে ইয়াৰ পুথিগত নাম হ’ল ডি এণ্ড চি অপাৰেচন। ডি এণ্ড চি নামৰ এইবিধ অপাৰেচনৰ মহিমা অপাৰ। অপাৰেচন বা অস্ত্ৰোপচাৰ বোলা হৈছে যদিও ইয়াত কটা-ছিঙা একো কৰা নহয়। কেইবিধমান ৰোগ চিনাক্ত কৰিবলৈ আদি ব্যৱস্থা হিচাপে সম্পন্ন কৰা হয় আৰু কেইবিধমান ৰোগ (যেনে- জৰায়ুৰ গহ্বৰজনিত উপসৰ্গ) উপশম কৰিবলৈকে কৰা হয়। আমি ব্যক্তিগত অভিজ্ঞতাৰপৰা পঢ়ুৱৈসকলক জনাব বিচাৰিছো যে কিছুসংখ্যক মহিলাই এইবিধ অপাৰেচনৰ নাম শুনিলেই বিয়াগোম কিবা এটা অস্ত্ৰোপচাৰ বুলি ভয় খায় আৰু কোনোৱে প্ৰশ্ন কৰে- ‘পেট ফালিব নেকি বাৰু’? সেইসকল মহিলাই নিশ্চয় এই লেখা পঢ়িলে ডি এণ্ড চি অপাৰেচন সম্বন্ধে সাধাৰণ জ্ঞান লাভ কৰিব আৰু সামগ্ৰিকভাৱে আশ্বস্ত হ’ব। ‘D’ আৰু ‘C’- এই দুটা ইংৰাজী আখৰ হ’ল দুটা শব্দৰ আদি আখৰ। ‘D’ আখৰটোৱে Dilatation, অৰ্থাৎ প্ৰসাৰণ কৰা আৰু ‘C’ আখৰটোৱে Curettage, অৰ্থাৎ পৰিষ্কৰণ কৰা বুজায়। মূলত: প্ৰক্ৰিয়াটোৰ দ্বাৰা জৰায়ু গহ্বৰৰ ভিতৰৰ চাঁচি পৰিষ্কৰণ কৰা হয় বাবেই জনসাধাৰণৰ মাজত সাধাৰণ অল্পশিক্ষাৰে শিক্ষিত চামটোৱে এইবিধ অস্ত্ৰোপচাৰৰ নিজাববীয়াকৈ যদি এটা নাম আছে আৰু এই নামটো ইমুখ-সিমুখ বাগৰি বেছ জনপ্ৰিয় হৈ উঠিছে- যাক ‘ৱাশ্ব’( Wash) কৰা বুলিছে।

প্ৰণালী: ১)এই সৰু অপাৰেচনবিধ জৰায়ুৰ মুখেদি কৰা হয়।

২)ডি এণ্ড চি কৰিবলগীয়া ৰোগীগৰাকীক এনাস্থেছিয়া বা অজ্ঞান কৰি সাধাৰণতে এই অস্ত্ৰোপচাৰবিধ কৰা হয়। কিন্তু এনাস্থেছিয়া দিবই লাগিব বুলি কোনো ধৰা-বন্ধা কথা নাই। যিহেতু অপাৰেচনটো সম্পন্ন কৰি উঠিবলৈ ১০ বা ১৫ মিনিট সময়ৰহে প্ৰয়োজন হয়। সেয়েহে মাথোন জৰায়ুৰ মুখখন তত নোহোৱা কৰিবলৈ মুখৰ চাৰিওপিনৰ মাংসপেশীত বেজী দিও এইবিধ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। এইদৰে চাৰ্ভিক্সৰ মুখত বেজী দি কৰা স্থানীয় এনাস্থেছিয়া কৌশলবিধক লোকেল এনাস্থেছিয়া বা ‘পেৰাচাৰ্ভাইকেল ব্লক’ বোলা হয়। অপাৰেচনৰ আগতে ধীৰে-স্থিৰে আহি চিকিৎসকজনক আন্তৰিকতাৰে সহযোগ কৰা বোগীগৰাকীৰ ক্ষেত্ৰত ৰক্তবাহী সিৰাৰে বেজী দি তন্দ্ৰামগ্ন(Sedation) কৰিও এই সৰু অপাৰেচনবিধ সম্পন্ন কৰিব পৰা যায়।

৩)অস্ত্ৰোপচাৰবিধ সৰু প্ৰকৃতিৰ হ’লেও ইয়াক চিকিৎসালয় বা নাৰ্ছিং হোমৰ অস্ত্ৰোপচাৰ কক্ষৰ(O.T) ভিতৰতহে কৰা হয়।

৪)অস্ত্ৰোপচাৰ কৰিবলৈ অহাৰ দিনাখন ৰোগীয়ে আহাৰ খাই আহিব নোৱাৰিব।

৫)অস্ত্ৰোপচাৰ কক্ষত ৰোগীক অস্ত্ৰোপচাৰ বিচনাত উঠাই ‘লিথ টমী’ ভংগীত শুবলৈ দিয়া হয়।

৬)মূত্ৰস্থলীৰ প্ৰস্ৰাৱ কেথেটাৰৰ সহায়েৰে খালী কৰি লোৱা হয়।

৭)ইয়াৰ পিছত দুই-চাৰিডালমান ভিন ভিন জোখৰ ধাতুৰ মাৰিৰে(Dilator) জৰায়ুৰ মুখ(Internal OS) প্ৰসাৰিত কৰি লৈ চামুচৰ আকৃতিৰ এডাল সৰু কিউৰেটৰ যন্ত্ৰ বা চাঁচনিৰে জৰায়ু গহ্বৰলৈ সুমুৱাই দি জৰায়ুৰ উপৰিভাগৰ লাইনিং এণ্ডোমেট্ৰিয়া চাঁচি(Scrape) অনা হয়। এইদৰে চাঁচি অনা টিছুৰ চোকোৰা ফৰ্মেলডিহাইড দ্ৰৱণত ডুবাই লেব’ৰেটৰীলৈ পৰীক্ষাৰ বাবে পঠিওৱা হয়।

৮)অপাৰেচন কৰি উঠাৰ পিছত ৰোগীয়ে চিকিৎসালয়ত ৰাতি কটাবলগীয়া নহয়, সাধাৰণতে ২/৪ ঘন্টাৰ পিছতে ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়।

ডি এণ্ড চি কৰিবলগীয়া কাৰণ বা প্ৰয়োজনীয়তাসমূহ:

 

ইয়াক দুভাগত ভাগ কৰা হৈছে- এভাগ কৰা হয় ক)ৰোগ চিনাক্তকৰণ কৰাৰ বাবে, খ)আৰু এভাগ কৰা হয় ৰোগ উপশম বা নিৰাময়ৰ বাবে(Therapeutic)।

চিনাক্ত কৰিবলগীয়া ৰোগসমূহ:

 

ক)জৰায়ুৰ ভিতৰত থকা আৱৰণ বা এণ্ডোমেট্ৰিয়ামৰ যক্ষ্মা(টিবি) সংক্ৰমণ হৈছে নেকি, খ)এণ্ডোমেট্ৰিয়ামত কৰ্কট ৰোগে খোপনি পুতিছে নেকি, গ)ৰজোনিবৃত্তি(Menopause) হোৱাৰ পিছত সৃষ্টি হ’ব পৰা অস্বাভাৱিক ৰক্তস্ৰাৱৰ কাৰণ কি জানিবলৈ, ঘ)বন্ধ্যা মহিলাৰ ক্ষেত্ৰত অভিউলেচন হৈছে নে নাই, তাৰ বুজ ল’বলৈ প্ৰি-মেনষ্ট্ৰৱেল ডি এণ্ড চি কৰা হয়। ডিম্বকোষ বা অ’ভেৰীৰপৰা সঠিক সময়ত ডিম্ব সফুটন বা অভুলেচন যদি হৈছে, তেন্তে তাৰ সম্ভেদ দিয়ে প্ৰজেষ্ট্ৰ’জেন হৰম’নৰ প্ৰভাৱত হোৱা এণ্ডোমেট্ৰিয়ামৰ কোষসমূহৰ পৰিৱৰ্তনে। সেয়েহে ঠিক মাহেকীয়া হোৱাৰ আগে আগে ডি এণ্ড চি কৰি জৰায়ু গহ্বৰৰপৰা এণ্ডোমেট্ৰিয়েল টিছু সংগ্ৰহ কৰি অনুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰি চোৱা হয়। যাৰ অভুলোচন সম্পৰ্কত ইতিবাচক সঁহাৰি দিয়ে, তাৰ মানে বুজিব লাগিব বন্ধ্যাত্বৰ কাৰণ অভুলেচনৰ হেমাহিৰ বাবে হোৱা নাই।

ঙ)কৰিয়ন এপিথেলিঅ’মা বা কৰিয় কাৰ্চিনোমা নামৰ বিশেষ কৰ্কট ৰোগবিধৰ আৱিৰ্ভাৱ হৈছে নেকি ইত্যাদি বিচাৰ কৰি চাবলৈ। এইসমূহ উপসৰ্গত ডি এণ্ড চি কৰাৰ উদ্দেশ্যই হ’ল এণ্ডোমেট্ৰিয়েল বায়’পসীৰ বাবে জৰায়ু গহ্বৰৰপৰা টিছু সংগ্ৰহ কৰা কাৰ্য সম্পাদন কৰা। এই টিছু সংগ্ৰহ কৰাৰ পিছত হিষ্ট পেথ’লজী(H P E examination) কৰি অণুবীক্ষণ যন্ত্ৰ্ত চাবলৈ কাচৰ সলাইডত টিছু লিপিত খুৱাই অভিজ্ঞ কোষ বিশেষজ্ঞৰদ্বাৰা কোষসমূহ পৰীক্ষা কৰি চোৱাব লাগে। কোষসমূহত স্বাভাৱিকতা আছেনে? অস্বাভাৱিক পৰিবৰ্তন দেখা দিছে নেকি ইত্যাদি। এই অস্বাভাৱিকতা কেইবাপ্ৰকাৰৰো হ’ব পাৰে, যেনে- সাধাৰণ প্ৰদাহ, জটিল প্ৰ্দাহ, O ষ্টেজ কাৰ্চিনোমা, কৰ্কট ৰোগৰ আৱিৰ্ভাৱ, কৰ্কট ৰোগে কি শ্ৰেণী পাইছেগৈ, অৰ্থাৎ ইয়াৰ গ্ৰেড কি ইত্যাদি।

ৰোগ উপশম কৰিবলৈ কৰা ডি এণ্ড চি:

 

ক)জৰায়ুৰ ভিতৰৰপৰা হোৱা স্বাভাৱিক ৰক্তস্ৰাৱ কমোৱাবৰ বাবে পৰিষ্কৰণৰ প্ৰয়োজন হয়। এই পৰিষ্কৰণ কাৰ্যই দুই ধৰণে সহায় কৰে- Haemostatic হিচাপে, অৰ্থাৎ ৰক্তস্ৰাৱ কমাই পেলোৱা কাৰ্য আৰু Therapeutic হিচাপে অৰ্থাৎ আৰোগ্যকাৰী এবিধ অস্ত্ৰোপচাৰ হিচাপে ৰোগীক সহায় কৰা। এনে পৰিষ্কৰণ কাৰ্যই জৰায়ুৰ ভিতৰত জমা হৈ থকা মৃত, ৰুগীয়া, অস্বাস্থ্যকৰ কোষবোৰ আঁতৰ কৰে আৰু হাইপ’থৰ্লাম’- পিটুটিয়াৰী-অ’ভেৰিয়ান এণ্ডোমেট্ৰিয়েল ক্ৰিয়াবিধ হঠাতে সক্ৰিয় হৈ নতুন কোষ সৃষ্টি কৰি এণ্ডোমেট্ৰিয়ামখনক কাৰ্যক্ষম কৰি তোলে। সেয়েহে অন্য ভাষাত ইয়াক Medical Cursettage বুলিও আখ্যা দিয়া হৈছে। খ)জৰায়ুৰ মুখত বা জৰায়ুৰ ভিতৰত আবিৰ্ভাৱ হোৱা এণ্ডোমেট্ৰিয়েল পলীপ গুচাই পেলোৱাৰ পিছত(Polypectomy) জৰায়ু গহ্বৰ পৰিষ্কৰণ কৰি আশ্বস্ত হ’ব লাগে, যাতে ক্ষুদ্ৰাতিক্ষুদ্ৰ পলীপৰ কলি ৰৈ যোৱা নাই, গ)অসম্পূৰ্ণ গৰ্ভপাত সম্পূৰ্ণ কৰি তুলিবলৈ। (অসম্পূৰ্ণ গৰ্ভপাতৰ ক্ষেত্ৰত কিম্বা প্ৰসৱৰ পিছত জৰায়ুৰ ভিতৰত ৰৈ যাব পৰা ভ্ৰণৰ অংশ বিশেষ আৰু প্ৰসৱৰ পিছত গৰ্ভফুলৰ টুকুৰা বিশেষ আৰু প্ৰসৱৰ পিছত গৰ্ভফুলৰ টুকুৰা বিশেষ বাহিৰ কৰি আনিবলৈ ডি এণ্ড চি পদ্ধতিৰে জৰায়ু গহ্বৰ পৰিষ্কাৰ কৰা হয়। ঘ)গৰ্ভনিৰোধক আহিলা(IUCD) আঁতৰ কৰি দি জৰায়ুৰ ভিতৰখন কেতিয়াবা চাফ কৰি দিয়াৰ প্ৰয়োজন হয়। এই অপাৰেচন প্ৰক্ৰিয়া সৰু হ’লেও অপাৰেচনৰ পিছত কমেও ৫-৭ দিনৰ বাবে উপযুক্ত এন্টিবায়’টিক দৰব সেৱন কৰাব লাগে, যাতে পৰৱৰ্তী সময়ত কোনো সংক্ৰমণ নহয় বা সংক্ৰমণৰ আশংকা নাথাকে।

আপদীয়া বিঘিনি:

 

অস্ত্ৰোপচাৰত হ’ব পৰা সম্ভাব্য বিঘিনি বা Compication মূলত: দুবিধ- ক)জৰায়ুৰ মুখ ফাটি যোৱা বা ঠেৰঠেৰীয়া হোৱা, খ) জৰায়ু ফটা হোৱা (Perforation)। এনে ধৰণৰ বিঘিনি সাধাৰণত: চিকিৎসকৰ অসাৱধানতা বা অত্যধিক জোৰ প্ৰয়োগ কৰি ৰখা প্ৰসাৰণৰ পৰা হয়। সেয়েহে বেছিভাগ ক্ষেত্ৰতে ডায়লেটৰ দণ্ড বা কিউৰেটৰডালত অনাহকত হেঁচা প্ৰয়োগ কৰিলে এই বিঘিনিৰ সন্মুখীন হোৱা দেখা যায়। সেয়েহে এইবিধ অপাৰেচন সৰু হ’লেও অতিমাত্ৰাই সাৱধানতা অৱলম্বন কৰিব লাগে। জৰায়ু ফুটি যোৱাৰ দৰে আপদীয় বিঘিনি ঘটিলে পুনৰ ততাতৈয়াকৈ জেনেৰেল এনাস্থেছিয়া প্ৰয়োগ কৰি ৰোগীৰ পেট ফালি সেই ফুটা চিলাই দি বন্ধ কৰিব লাগিব, নহ’লে দেৰি হৈ গ’লেই পেৰিটনাটিছৰ দৰে ভয়ানক প্ৰদাহে দেখা দিব আৰু ৰোগীগৰাকী জটিল সমস্যাসমূহলৈ আগবাঢ়ি যাব। পদাহ ছেপ্টিক হৈ ৰোগী মৃত্যুমুখত পৰিবও পাৰে। সেয়েহে সৰু অপাৰেচন যদিও ইয়াক সদায় অভিজ্ঞ ডাক্তৰৰ দ্বাৰা উপযুক্ত চিকিৎসালয় বা নাৰ্ছিং হোমতহে কৰাটো বাঞ্ছনীয়। এই সৰু অস্ত্ৰোপচাৰ যাতে বৃহৎ আৰু জটিল অস্ত্ৰোপচাৰলৈ ৰূপান্তৰ হ’ব নোৱাৰে, তাৰ বাবে প্ৰণালীবদ্ধভাৱে অস্ত্ৰোপচাৰত হাত দিব লাগে। খৰধৰ নকৰাকৈ এই অস্ত্ৰোপচাৰত হাত দিলে, একো বিপদৰ সন্মুখীন হ’ব নালাগে।

লেখক:ডা: দীনেশ শৰ্মা(দৈনিক অসম)

2.77419354839
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top