অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিপ্ৰেছন :

ডিপ্ৰেছনৰ বিষয়ে লিখা হৈছে ।

ডিপ্ৰেছন বৰ্তমান সময়ত এক পৰিচিত শব্দ। ভাৰত চৰকাৰৰ অধীনৰ নেচনেল মিছন ফৰ হিমালয়ান ষ্টাডিজ(NMHS)ৰ সমীক্ষা মতে ভাৰতত প্ৰতি ২০ জন ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে জীৱনকালত ডিপ্ৰেছন ভোগে। সৰ্বসাধাৰণতে মানুহে ডিপ্ৰেছন বুলি ক’লে মনটো বেয়া লগাকে বুজে। কিন্তু মন বেয়া লগা বা হতাশা প্ৰত্যেক ব্যক্তিৰে স্বাভাৱিক আৱেগৰ অংশ। প্ৰকৃতিৰ স্বাভাৱিক নিয়ম অনুসৰি সময়ে মনৰ মলমৰ কাম কৰে।

সেয়ে আমি জীৱনত সাধাৰণতে পাই থকা মনোকষ্ট, হতাশা আদিৰ পৰা হোৱা দুখবোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত স্বাভাৱিক হৈ পৰে। বহুক্ষেত্ৰত ইয়াৰ বাবে আমি কিছুমান বিকল্প কৌশলৰ সহায়ো লওঁ, পৰিৱেশ বা সমাজ ব্যৱস্থাৰো প্ৰভাৱ বহু পৰিমাণে থাকে। উদাহৰণ স্বৰূপে আমাৰ সমাজত মৃতকৰ ক্ৰিয়া কৰ্মৰ ব্যৱস্থা।

যাৰ অবৰ্তমানত আমাৰ কোনো অস্তিত্ব নাই বুলি ভাবোঁ, তেনে আপোনজনৰ যেতিয়া মৃত্যু হয় তাৰ পিছত কৰিব লগা প্ৰায় দুসপ্তাহজোৰা নীতি-নিয়ম, কাজ-কৰ্ম আদিয়ে পৰিয়ালৰ লোকক কিছু পৰিমাণে হ’লেও ব্যস্ত কৰি ৰাখে। ফলত এই সময়ছোৱাতে মনটোৱে নিজাকৈ অতিশয় দুখবোধৰ পৰা কিছু সুস্থিৰ অৱস্থা লাভ কৰে।

কিন্তু যিসকল ব্যক্তি ডিপ্ৰেছনত আক্ৰান্ত হয় তেওঁলোকে সময়ৰ লগে লগে স্বাভাৱিকভাৱে হোৱা হতাশাৰ পৰা ওলাই আহিব নোৱাৰে।

এনে ব্যক্তিৰ কোনো কাম বা আনন্দ কৰাৰ ইচ্ছা নোহোৱা হোৱা, শক্তিহীন যেন অনুভৱ হয়, যি অত্যধিক অৱসাদ বৃদ্ধি কৰে আৰু কৰ্মক্ষমতা কমাই দিয়ে বা অলপ কাম কৰাৰ পিছতে বহুত ভাগৰুৱা যেন অনুভৱ কৰা আদি সচৰাচৰ দেখা যায়।

এজন ব্যক্তিৰ হতাশাগ্ৰস্ততাক ডিপ্ৰেছন বুলি চিহ্নিত কৰিবলৈ তলত উল্লেখ কৰা লক্ষণকেইটা থাকিব লাগিব।

  • মন বহুত বেয়া লাগি থকা।
  • কাম-কাজ আৰু আনন্দ-ফূৰ্তি কৰাৰ ইচ্ছা নোহোৱা হোৱা।
  • অতি বেছি অৱসাদ বা ভাগৰুৱা অনুভৱ।

ইয়াৰ উপৰি নিমোক্ত লক্ষণবোৰৰ কমেও চাৰিটা লক্ষণীয়ভাৱে থাকিব্লাগিব।

  • একাগ্ৰতা আৰু মনোযোগ কমি যোৱা।
  • নিজৰ প্ৰতি ভালপোৱা বা শ্ৰদ্ধা নোহোৱা হোৱা আৰু আত্মবিশ্বাস হেৰুওৱা।
  • দোষী যেন অনুভৱ আৰু নিজকে অযোগ্য বুলি ভবা।
  • ভৱিষ্যতক লৈ আশাশূন্যতা বা বহুত বেয়া কিবা হ’ব যেন ভাব।
  • নিজক আঘাত কৰা বা আত্মহত্যাৰ ভাব।
  • নিদ্ৰাহীনতা।
  • ভোক নোহোৱা হোৱা।

লক্ষণবোৰ কমেও একেৰাহে দুসপ্তাহ ধৰি থাকিলেহে ডিপ্ৰেছন বুলি চিহ্নিত কৰিব লাগে। কিন্তু লক্ষণসমূহ অতি তাৎক্ষণিকভাৱে বহুত বেছিকৈ দেখা দিলে দুসপ্তাহৰ সময়সীমাৰ আগেয়েও তাক ডিপ্ৰেছন বুলি ধৰা হয়।

সাধাৰণতে কোনো কাৰণ নোহোৱাকৈ প্ৰতিদিনে ৰোগীৰ মুডৰ পৰিৱৰ্তন হৈ থাকে। বহু সময়ত দিনটোতে মুডৰ সালসলনি হয়। উদাহতণ স্বৰূপে পুৱাৰ ভাগত অতি বেছিকৈ বেয়া লগা আৰু দিনটোৰ সময়বোৰ পাৰ হোৱাৰ লগে লগে বেয়া লগাটো কমি অহা।

কিছুমান ৰোগীৰ ক্ষেত্ৰত আকৌ মন বেয়া লগাতকৈও উদ্বিগনা, মানসিক চাপ আৰু কিছুমান দৈহিক অসুবিধা, বিৰক্তি, মদ্যপান বা আন নিচাগ্ৰস্ততা, মনোযোগ আকৰ্ষণকাৰী নাটকীয় ব্যৱহাৰ, আগতে থকা অহেতুক ভয় বা অনিয়ন্ত্ৰিতভাৱে অবিৰত আহি থকা চিন্তা আদি সমস্যা বেছি হোৱা, নিজেই নিজৰ কোনো ডাঙৰ ৰোগ হৈছে ভিত্তিহীনভাৱে ভাবি লোৱা আদি দেখা যায়।

ৰোগৰ লক্ষণসমূহ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ কাষ চপা উচিত। আমি সাধাৰণতে মনৰ সমস্যাসমূহ বা মন বেয়া লাগি থকা আদি কথাবোৰ বেছি গুৰুত্ব নিদি নিজে নিজে ঠিক হ’ব বুলি ভাবি লওঁ। এনে কৰা উচিত নহয়। মনোৰোগ বিশেষজ্ঞই প্ৰদান কৰা ঔষধ আৰু মনোবিজ্ঞানীৰ চাইক’থেৰাপী, বিশেষ ৰিলেক্সেচন পদ্ধতি আদি এই ৰোগৰ নিদান হিচাপে ব্যৱহৃত হয়।

চিকিৎসাৰ উপৰি পৰিয়ালৰ লোকৰ সহমৰ্মিতা বৰ গুৰুত্বপূৰ্ণ কথা। ডিপ্ৰেছনত ভোগা এজন ব্যক্তিৰ বাবে এষাৰ উমাল মাতে কিমান গুৰুত্বপূৰ্ণ অৱলম্বনৰ আশ্বাস হিচাপে কাম কৰে সেয়া কেৱল ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰি।

আক্ৰান্ত ব্যক্তিজন যে যিকোনো পৰিস্থিতিতে অকলশৰীয়া নহয় তাক পৰিয়ালৰ লোকে অনুভৱ কৰোৱাৰ চেষ্টা কৰা উচিত। বহু সময়ত বিৰক্ত হ’লেও ৰোগীৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থকা উচিত। ডিপ্ৰেছনত ভোগা ৰোগীৰ আত্মহত্যাৰ বাবে ব্যৱহাৰ কৰিব পৰা সামগ্ৰীবোৰ পৰাপক্ষত আঁতৰাই ৰখা উচিত।

আগতে আত্মহত্যাৰ চেষ্টা কৰা বা জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈ যোৱা আদি কথা-বতৰা পাতোতে কেতিয়াবা উল্লেখ কৰিছে, তেন্তে সজাগ হোৱা উচিত। তদুপৰি এনে অতি মন বেয়া কৰি সাধাৰণতে থকা ৰোগীয়ে যদি হঠাতে চকুত পৰাকৈ স্বাভাৱিক মিলামিছা বা ব্যৱহাৰ কৰে, তেন্তে ৰোগমুক্ত হ’ল বুলি নধৰি সেইকেইদিনত আৰু সাৱধান হোৱাহে দৰকাৰ। কিয়নো এনে সুপৰিকল্পিতভাৱে পৰিয়ালৰ লোকৰ মনোযোগ নিজৰ পৰা আঁতৰাই আত্মহত্যাৰ প্ৰচেষ্টা চলোৱাও দেখা যায়।

ৰোগীয়ে কিছুমান সূক্ষ্ম ব্যায়াম বা খোজকঢ়াৰ অভ্যাস কৰিবলৈ চেষ্টা কৰিব পাৰে। অৱসাদগ্ৰস্ততাৰ বাবে শাৰীৰিক ব্যায়াম কৰিবলৈ ইচ্ছা নহ’লেও প্ৰথমে সপ্তাহত এদিন ১৫ মিনিট, তাৰ পিছত দুদিন ১৫ মিনিটকৈ এনেদৰে লাহে লাহে বঢ়াবলৈ চেষ্টা কৰিব লাগে। তদুপৰি মনৰ প্ৰশান্তিৰ বাবে-

  • গান শুনা,
  • প্ৰাৰ্থনা,
  • যোগাসন,
  • প্ৰাণায়ম, ধ্যান আদিৰ অভ্যাস লাহে লাহে গঢ়ি তুলিব পাৰে।

ৰোগী আৰু ৰোগীৰ পৰিয়ালে এই কথা হৃদয়ংগম কৰা উচিত যে ডিপ্ৰেছনত আক্ৰান্ত হোৱা মানে জীৱনৰ ৰংবোৰ শেষ হৈ যোৱা নুবুজায়। উপযুক্ত সময়ত লোৱা সঠিক চিকিৎসা আৰু নিজস্ব প্ৰচেষ্টাই ৰোগীক ৰোগমুক্ত কৰি পুনৰ জীৱনটোক সুন্দৰকৈ সজাই তুলিবলৈ সমৰ্থ কৰে।

লেখিকা: আৰাধনা বৰুৱা(নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top