অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিমেনচিয়া :

ডিমেনচিয়াৰ বিষয়ে লিখা হৈছে ।

 

ডিমেনচিয়া কাক কয়? বৃদ্ধ অৱস্থাত স্মৃতি, বোধশক্তি, বিচাৰ-বিবেচনা শক্তি, ভাষা (নিজে বুজি পোৱা আৰু আনক বুজাব পৰা) লুপ্ত হোৱা আৰু ব্যৱহাৰৰ পৰিৱৰ্তন হোৱা এক মানসিক অৱস্থাই হ’ল ডিমেনচিয়া। ব্যক্তিত্বৰ এই পৰিৱৰ্তন ক্ৰমবৰ্ধমান আৰু ৰোগীৰ ক্ৰমান্বয়ে চেতনাও লোপ হয়।

ডিমেনচিয়া হ’ল বহু ৰোগত হ’ব পৰা লক্ষণ। যিবোৰ ৰোগত ডিমেনচিয়া হয় সেই ৰোগসমুহক মুলত: দুই ভাগত ভগাব পাৰি।

প্ৰথম ভাগত: যিবোৰ ৰোগৰ উপশম কৰিব পৰা কোনো ঔষধ বা বিকল্প ব্যৱস্থা আজিলৈকে ওলোৱা নাই। এই ৰোগবিলাকৰ ভিতৰত পৰে-

১) এলঝেইমাৰ ডিমেনচিয়া

২) ভাছকুলাৰ ডিমেনচিয়া

৩) ‘লিৱি’ বডী ডিমেনচিয়া

৪) ফ্ৰণ্ট টেম্প’ৰেল ডিমেনচিয়া

দ্বিতীয় ভাগত: এই ৰোগসমুহৰ যদি উপযুক্ত চিকিৎসা সময়ত কৰা হয়, তেন্তে ৰোগী ডিমেনচিয়াৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা থাকে। তেনে ৰোগসমুহ হ’ল-

১) মগজুৰ টিউমাৰ

২)নৰ্মেল প্ৰেছাৰ হাইড্ৰ’কেফেলাছ

৩)তেজত অনিষ্টকৰ বস্তুৰ পৰিমাণ বৃদ্ধি।

৪) থাইৰয়ড গ্লেণ্ডৰ বিকাৰ।

৫) শৰীৰত ভিটামিন B12 কমিলে।

৬) মগজুত সংক্ৰামক বেমাৰ হ’লে।

৭) মুৰত আঘাত হ’লে।

এই বিভিন্ন কাৰণসমুহৰ ভিতৰত এলঝেইমাৰ ডিমেনচিয়া ১০০ জনৰ ভিতৰত ৫০ ৰ পৰা ৭৫ জনৰ, ভাছকুলাৰ ডিমেনচিয়া ১০০ জনৰ ভিতৰত ২০ ৰ পৰা ৩০ জনৰ আৰু বাকী ৫ জনৰহে ওপৰত উল্লেখ কৰা বিভিন্ন ৰোগৰ কাৰণে ডিমেনচিয়া হ’ব পাৰে। ভাৰতবৰ্ষত অৱশ্যে ভাছকুলাৰ ডিমেনচিয়া বেছিকৈ দেখা যায়। বৰ্তমান ভাৰতবৰ্ষত ডিমেনচিয়া লোকৰ সংখ্যা ৩.১৫ মিলিয়ন, ২০৫০ চনৰ ভিতৰত ডিমেনচিয়াত আক্ৰান্ত লোকৰ সংখ্যা হ’বগৈ ১৬.২৯ মিলিয়ন, প্ৰায় পাঁচ গুণতকৈও অধিক। ইয়াৰ কাৰণ হ’ল বৰ্তমান লোকৰ আয়ুস বৃদ্ধি। এলঝেইমাৰ ৰোগ বাৰ্ধক্যজনিত ৰোগ যদিও কেতিয়াবা কম বয়সৰ লোকৰো এনে ৰোগ হোৱা দেখা যায়। পৰিসংখ্যাৰ পৰা জনা গৈছে যে ৬০ বছৰীয়া লোকসকলৰ ভিতৰত শতকৰা এজন, ৬৫ বছৰৰ ভিতৰত শতকৰা ২-৫ জন, ৭৫ বছৰৰ ভিতৰত ৩৫-২০ জন আৰু ৮০ বছৰৰ ভিতৰত ৩৫-৪০ জন লোক ডিমেনচিয়া ৰোগত আক্ৰান্ত হয়।

জাৰ্মান চিকিৎসক ডা: এলয়জ এলঝেইমাৰে ১৯০৬ চনত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী ৫৫ বছৰ বয়সৰ মহিলাৰ গাত এই বেমাৰৰ লক্ষণসমুহ ধৰা পেলাইছিল। ১৯০৭ চনত বিশ্বজুৰি এই বেমাৰক স্বীকৃতি দিয়া হয়, ডা: এলয়জৰ নামানুসৰি ইয়াৰ নামকৰণ কৰা হয় এলঝেইমাৰ বুলি। বিশ্বৰ বহু বৰণ্যে লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে। উল্লেখনীয় নামবোৰ হ’ল ভুতপুৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি আক্ৰান্ত হৈছে। উল্লেখনীয় নামবোৰ হ’ল ভুতপুৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি ৰ’নালড ৰেগান, ৰীতা হেৱাট, ৰালফ ৱালড ইমাৰছন, উইলিয়াম কুলিং, চাৰ্মছ ব্ৰনছন, চালৰ্টন হেষ্টন আদি।

বিগত ৬০ বছৰত বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰি অধিকাংশ ডিমেনচিয়া লোকৰ শৰীৰত এপোলিপ’প্ৰটিন (apoeE) নমৰ অস্বাভাৱিক জিনবিধৰ উপস্থিতি লক্ষ্য কৰিছে। সম্ভৱত: এই জিনবিধেই এই ৰোগ কৰাৰ বাবে জগৰীয়া। এলঝেইমাৰ ৰোগীৰ মগজু পৰীক্ষা কৰি পোৱা গৈছে যে মগজু শুকাই যায় আৰু শুকাই যোৱা মগজুক শুকান খেজুৰৰ লগত তুলনা কৰিছে। স্নায়ুকোষৰ ভিতৰত সৰু সৰু কিছুমান ফিলামেণ্ট জমা হয়। সেইবোৰে স্নায়ুকোষক সোপা মাৰি ধৰে। দুটা স্নায়ুকোষৰ মাজৰ জাগাত বিটা এমাইলড নামৰ প্ৰ’টিন পদাৰ্থ জমা হয় আৰু চেনাইল প্লেক গঠন কৰে। চেনাইল প্লেকত বিটা এমাইলড প্ৰ’টিন, গ্লায়েল স্নায়ুকোষ আৰু স্নায়ুকোষৰ পৰা বাৰ্তাবাহক ডেনড্ৰাইট থাকে। টেংগল আৰু প্লেক মগজুৰ সমস্ত জাগাতে থাকে যদিও আটাইতকৈ বেছিকৈ থাকে হিপকেমপাছ আৰু কৰ্টক্সত। হিপকেমপাছে আমাৰ স্মৃতিশক্তি আৰু কৰ্টেক্সে আমাৰ বোধশক্তি, জ্ঞান-বুদ্ধি আৰু বিবেচনা, ভাষা নিৰ্ণয় কৰে। কিয় এনে হয়? জিন, পাৰিপাৰ্শ্বিকতা আৰু বয়স ইত্যাদি কে’বাটাও কাৰকে একেলগে কাম কৰি মগজুৰ এই পৰিৱৰ্তনবোৰ কৰে।

ডিমেনচিয়া ৰোগৰ লক্ষণ -

১) স্মৃতিশক্তি লোপ হোৱাই হ’ল ডিমেনচিয়া ৰোগৰ প্ৰধান লক্ষণ। অৱশ্যে বহুদিনলৈকে পুৰণি দিনৰ কথা মনত থাকে।

২)স্থান আৰু সময়ৰ জ্ঞান কম হয়।

৩) কোনো কথাৰ শুদ্ধাশুদ্ধ নিৰ্ণয় কৰিব নোৱাৰা হয়।

৪) ব্যৱহাৰত পৰিৱৰ্তন হয়, বিষণ্ণ বা অতি খঙাল হয়। আৱেগপ্ৰৱণ হয়।

৫) দৈনন্দিন কাম-কাজবোৰ নিয়াৰিকৈ কৰিব নোৱাৰে। পিন্ধা, উৰা, ৰন্ধা-বঢ়াত অসুবিধা হয়।

৬) প্ৰতিদিনে হোৱা ঘটনা, মানুহৰ নাম পাহৰা দৈনন্দিন ঘটনা হয়।

৭) বিচাৰ-বিবেচনা লোপ হয়। অপ্ৰাসংগিক কথা কয়।

৮) অ’ৰ বস্তু ত’ত থয়।

৯) গা ধোৱা আৰু কাপোৰ পিন্ধা কামত সহায় লাগে।

১০) খাবলৈ এৰি দিয়ে, খুৱাই দিলেও মুখতে লৈ থাকে। গিলিবলৈ পাহৰে।

১১)প্ৰস্ৰাৱ আৰু পাইখানাৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

১২) শেষলৈ ৰোগী বিছনাত পৰি ৰয়।

ডিমেনচিয়া ৰোগীৰ ৰোগ অৱনতিক কে’বাটাও স্তৰত ভাগ কৰা হৈছে -

স্তৰ-১: কেৱল স্মৃতিশক্তি লোপ হয়। বিচাৰ-বিবেচনা জ্ঞান আদি ঠিকেই থাকে।

স্তৰ-২: স্মৃতিশক্তি প্ৰথম স্তৰতকৈ বেছি লোপ হয়। চিনাকি মানুহৰ নাম মনত পেলাব নোৱাৰে। বহষাৰ অৱনতি হয়।

স্তৰ-৩: কিছু পৰিমাণে বিচাৰ-বিবেচনা, বোধশক্তিৰ অৱনতি হয়। জটিল কাম সমাধা কৰিব নোৱাৰে। আচহুৱা ঠাইত, জনসমাগমত বিমুঢ় হয়।

স্তৰ: ৪: দৈনন্দিন কামত আউল লাগে। হিচাপ-পত্ৰ, ৰন্ধা-বঢ়াত ভুল কৰে।

স্তৰ:৫: কাপোৰ-কানি পিন্ধাত, গা ধোৱাত সহায় লাগে।

স্তৰ: ৬: খাবলৈ দিলে গিলিবলৈ পাহৰে। অযুগুত কাপোৰ পিন্ধে, য’তে-ত’তে প্ৰস্ৰাৱা আৰু পাইখানা কৰি দিয়ে।

স্তৰ:৭: কথা লাহে লাহে নোকোৱা হয়। খোজ কাঢ়িব নোৱাৰে, বিছনাতে থাকিব বিচাৰে। স্তৰ-১ ৰ পৰা স্তৰ-৭ পাবলৈ ১০ বছৰৰ পৰা ১৫ বছৰ সময় লাগে।

ডায়েগ্ন’ছিছ (নিদান):

১) বিভিন্ন লক্ষণ আৰু অসুখৰ বৰ্ণনাৰ পৰা ডিমেনচিয়াহৈছে বুলি অনুমান কৰিব পাৰি। স্মৃতিশক্তি (memory test)আৰু বোধশক্তি সম্বন্ধীয় পৰীক্ষাৰ (cognitive test) দ্বাৰা এই অনুঅমন সাব্যস্ত কৰিব পাৰি।

২) তেজৰ পৰীক্ষা, যেনে-শৰ্কৰাৰ পৰিমাণ, থাইৰয়ড গ্লেণ্ডৰ হৰম’ন , যকৃৎ আৰু কিডনীৰ পৰীক্ষা, ভিটামিন –B12  আৰু ফলিক এচিডৰ পৰিমাণ নিৰ্ণয় কৰিব লাগে।

EEG ৰ দ্বাৰা মগজুৰ সংক্ৰামক ৰোগ জেকব ক্লেচফেল বেমাৰ ধৰা পেলাব পাৰি।CT Scan, MRI, MR angiogram,SPECT, PET আদি স্কেনৰ দ্বাৰাও কেতিয়াবা ৰোগ পৰীক্ষা কৰা হয়। এই পৰীক্ষাসমুহৰ দ্বাৰা দ্বিতীয় ভাগত ভগোৱা কাৰণবোৰ ধৰিব পাৰি।

চিকিৎসা ব্যৱস্থা -

এলঝেইমাৰ ডিমেনচিয়া: এলঝেইমাৰ ৰোগত ডনেপেজিল, ৰিভাস্থিগমিন, মেমেণ্টাইন, গেলেমাৰ আদি ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধসমুহে সাময়িকভাৱে স্মৃতিশক্তিৰ কিছু উন্নতি কৰে।

ভাছকুলাৰ ডিমেনচিয়া -

এই ৰোগ ৰোধ কৰা হ’ল চিকিৎসাৰ উত্তম উপায়। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, তেজত চৰ্বি বেছি হ’লে তেজৰ ধমনীবোৰ শকত হয় আৰু তেজ চলাচলত বাধা আহি পৰে। মগজুৰ বিভিন্ন অংশত তেজ কম পোৱাৰ বাবে সেই অংশবোৰৰ কোষ নষ্ট হয়। সেইবাবে ৰক্তৰ চলাচল ঠিক কৰি ৰাখিবলৈ এছপিৰিন আৰু ষ্টেটিনজাতীয় ঔষধ ব্যৱহাৰ কৰিব লাগে। ব্লাড প্ৰেছাৰ আৰু শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব লাগে। কোনো কোনো ক্ষেত্ৰত এলঝেইমাৰত ব্যৱহৃত ঔষধ ব্যৱহাৰ কৰিব পাৰি।

ফ্ৰণ্ট টেম্প’ৰেল ডিমেনচিয়া: এনে ডিমেনচিয়াত ব্যৱহাৰ অথবা ব্যক্তিত্বৰ পৰিৱৰ্তন বেছিকৈ দেখা যায়। এলঝেইমাৰ ৰোগৰ পৰা এই ৰোগ এই কাৰণে বেলেগ। ৰোগ আগবঢ়াৰ বহু বছৰলৈকে স্মৃতিশক্তি লোপ নহয়। এই ৰোগৰ তিনি প্ৰকাৰৰ লক্ষণ হয়-

১) ফ্ৰণ্টেল ডিমেনচিয়া

২) প্ৰাইমেৰী প্ৰগ্ৰেছিভ এফেচিয়া

৩) চিমেণ্টিক ডিমেনচিয়া

এই ৰোগৰ উপযুক্ত চিকিৎসা নাই।

ডিমেনচিয়া ৰোগীৰ পৰিচৰ্যা -

ডিমেনচিয়া ৰোগ বঢ়াৰ লগে লগে ৰোগীৰ পৰিচৰ্যাৰ কামো বাঢ়ি যায়। ডিমেনচিয়া ৰোগীৰ পৰিচৰ্যাকাৰী হ’ব লাগিব ধৈৰ্যশীল আৰু সহানুভুতিশীল। ঘৰৰ পৰিৱেশ এনে হ’ব লাগিব, য’ত ৰোগীয়ে অকণো অসুবিধা নোপোৱাকৈ দৈনন্দিন কামবোৰ কৰিব পাৰে। ৰোগীক যেতিয়ালৈকে পাৰি তেতিয়ালৈকে স্বনিৰ্ভৰশীল হৈ থাকিবলৈ দিব লাগে। এনে কৰিবৰ বাবে তলত কেইটামান উপায় উল্লেখ কৰা হ’ল।

১) ৰোগীৰ চাহ-ভাত খোৱা সময় সদায় একে হ’ব লাগে। খোৱা মেজত ৰোগীৰ বহা আসন আৰু জাগা একেই হোৱা উচিত। আনকি ব্যৱহাৰ কৰা কাপ-প্লেট, থাল-বাটিও একে হোৱা উচিত। চোলা-কাপোৰ সহজে পিন্ধিব পৰা হোৱা উচিত।

২) ৰোগীক স্বনিৰ্ভৰশীল কৰি ৰাখিবলৈ , দৈনন্দিন কামবোৰ নিজে কৰিবলৈ দিব লাগে। নোৱাৰাতহে সহায়ৰ হাত আগবঢ়াব লাগে।

৩) কোনো কথাতে ৰোগীৰ লগত তৰ্ক কৰিব নালাগে।

৪) ৰোগীক ভাগৰ লগাকৈ কোনো কাম কৰিবলৈ দিব নালাগে, যেনে বহু দুৰ খোজ কাঢ়ি ফুৰাবলৈ নিয়া আদি।

৫) ৰোগীৰ ওচৰলৈ তেওঁৰ অচিনাকি মানুহ বা ৰোগীক বহু মানুহৰ সমাগম হোৱা ঠাইলৈ নিব নালাগে। তেনে কৰিলে ৰোগী বিমুঢ় হয়, মানসিক চাপ বেছি হয় আৰু তেওঁৰ লক্ষণসমুহ বাঢ়ি যায়।

৬) ৰোগীৰ কোনো কামত হেতা-ওপৰা কৰিব নালাগে। যেনে-ৰোগীয়ে খাওঁতে যদি মুখৰ চাৰিওফালে খোৱা বস্তু লাগে, তেওঁ খাই থকা অৱস্থাত মুখ মচি নিদি সুধিব লাগে ‘মুখখন মই মচি দিওঁ নে নিজেই মচিব?’

৭) ৰোগীয়ে কোনো কাম ভুলকৈ কৰিলে বা কৰিব নোৱাৰিলে তিৰস্কাৰ কৰিব নালাগে। বৰঞ্চ কোনো কাম বহু চেষ্টাৰ পিছত সফলভাৱে কৰিলে ৰোগীক উৎসাহ দিব লাগে।

৮)ৰোগীয়ে কোনো কাৰণ নোহোৱাকৈ খং কৰিলে ওলোটাই খং কৰিব নালাগে। বৰঞ্চ ৰোগীৰ মনটো ভিন্নমুখী কৰি আমোদ থকা কথা পাতিব লাগে।

৯) ভুল কথা ক’লে তৰ্ক কৰিব নালাগে। পাৰিলে প্ৰসংগটো সলাই বেলেগ কথা পাতিব লাগে।

১০) ৰোগীৰ পুৰণি অভ্যাস আৰু জ্ঞান আদিৰ বিষয়ে জানি লৈ তেনেকুৱা কথা আৰু পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে।

কেতিয়াবা ৰোগীয়ে ঘৰৰ দৰ্জা খুলি বাহিৰলৈ ওলাই গৈ বাট হেৰুওৱাৰ বহুত কাহিনী শুনা যায়। তেনে ক্ষেত্ৰত ঘৰৰ দৰ্জাত কে’বাটাও খিলি লগাই হয়তো তলা বন্ধ কৰি থ’ব লাগে।

ডিমেনচিয়াত ব্যৱহাৰ কৰা বিকল্প ঔষধ (Alternative Medicine): বিকল্প ঔষধৰ ব্যৱস্থা বিশেষকৈ এলঝেইমাৰ ডিমেনচিয়াত বহু বছৰৰ পৰা প্ৰচলিত আছে। অৱশ্যে এই ঔসধৰ ব্যৱহাৰৰ ফলত এই ৰোগ উপশম হোৱাৰ কোনো প্ৰত্যক্ষ প্ৰমাণ এতিয়াও পোৱা নাই। তথাপি কোনো কোনো ৰোগীয়ে এই ঔষধ ব্যৱহাৰ কৰিব বিচাৰিব পাৰে। সেয়ে ব্যৱহৃত এনে ঔষধৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল।

১) GINKGOBKOBA:   এই ঔষধৰ ব্যৱহাৰত বোধশক্তিৰ কিছু  উন্নতি হয় বুলি পোৱা গৈছে। ইয়াৰ পাৰ্শ্বক্ৰিয়া নগণ্য। সেয়ে ব্যৱহাৰ কৰিব পাৰি।

২)ACETYLE-L CARNITINE: দুটা ভালদৰে কৰা সমীক্ষাৰ পৰা দেখা যায় যে এই ঔষধৰ ব্যৱহাৰে এলঝেইমাৰ ৰোগৰ কোনো ধৰণৰ পৰিৱৰ্তন নকৰে।

৩)LECITHIN:    এই  ঔষধৰ ব্যৱহাৰে বৰ্তমানলৈকে এলঝেইমাৰ ৰোগীৰ বোধশক্তি বা দৈনন্দিন কাম-কাজত কোনো ধৰণৰ উন্নতি কৰে বুলি প্ৰমাণিত হোৱা নাই।

৪)HUPERZINE:   চীন দেশত এই ঔষধৰ সমীক্ষা চলি আছে। বৰ্তমানলৈ এই ঔষধৰ পৰা বোধশক্তিৰ কিছু উন্নতি হয় বুলি কোৱা হৈছে।

৫)PIRACETAM:  ইয়াৰ ব্যৱহাৰত এলঝেইমাৰ ৰোগৰ ওপৰত কোনো ধৰণৰ সুফল পোৱা হোৱা নাই।

৬)CURCUMIN (হালধি): ইয়াৰ উপকাৰিতাৰ বিষয়ে সমীক্ষা চলি আছে।

৭)VINPOCETINE:   ইয়াৰ উপকাৰিতাৰ প্ৰমাণ এতিয়াও পোৱা নাই যদিও পাৰ্শ্বক্ৰিয়া নহয় বুলি প্ৰমাণ হৈছে।

৮)PHOPHATIDYLSERINE: দুটা ভালদৰে কৰা সমীক্ষাত ইয়াৰ উপকাৰিতাৰ প্ৰমাণ পোৱা নাই।

সামৰণি: বহুত বিকল্প ঔষধ এলঝেইমাৰ ৰোগত ভাল কাম কৰে বুলি বজাৰত বিজ্ঞাপন দিয়া দেখা যায়। কিন্তু কোনোৱেই সঠিকভাৱে ৰোগৰ নিয়ন্ত্ৰণ বা পৰিৱৰ্তন কৰে বুলি প্ৰমাণিত হোৱা নাই।

লেখিকা: ডা: অজয়া মহন্ত (জি এনআৰচি স্বাস্থ্য)

 

 

 

 

 

 

 

 

 

3.04761904762
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top