মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডিমেনচিয়া ৰোগীৰ ঘৰুৱা পৰিচৰ্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিমেনচিয়া ৰোগীৰ ঘৰুৱা পৰিচৰ্যা

ডিমেনচিয়া ৰোগীৰ ঘৰুৱা পৰিচৰ্যাৰ বিষয়ে লিখা হৈছে ।

ডিমেনচিয়া সধাৰণতে বৃদ্ধাৱস্থাত দেখা দিয়া কেইবাটাও লক্ষণযুক্ত মগজুৰ এটা ৰোগ । এই ৰোগত আক্ৰান্ত ব্যক্তিৰ স্মৃতিশক্তি কমি যায়, ব্যৱহাৰৰ পৰিবৰ্তন ঘটে, কামত মন বহাব নোৱৰা হয়, কথা-বতৰা কমি যায় । এইসকল ব্যক্তিৰ কোনো এটা অৱস্থা বিশ্লেষণ কৰি সিদ্ধান্ত লোৱাৰ ক্ষমতা নোহোৱা হয় । বিমূৰ্ত চিন্তাৰ ক্ষমতা লোপ পায় । প্ৰথম অৱস্থাত ৰোগীয়ে অলপতে ঘটি যোৱা কথাবোৰ পাহৰে যদিও পুৰণি কথাবোৰ ঠিককৈ মনত ৰাখিব পাৰে । লাহে লাহে পুৰণি কথাবোৰো পাহৰি যায় । আপোনজনকো চিনিব পৰাৰ ক্ষমতা হেৰুৱাই পেলায় । এনেকুৱা অৱস্থাত আনকি আটোমটোকাৰিকৈ সজা নিজৰ ঘৰখনো পাহৰি যায়, নিতৌ অহা-যোৱা কৰা চিৰপৰিচিত ৰাস্তা-ঘাট বিস্মৃতিৰ বুকুত বিলীন হৈ যায় ।

এইসকল ব্যক্তিৰ চিন্তা কৰাৰ ক্ষমতা ইমানেই কমি যায় যে এওঁলোকে দৈনন্দিন ঘৰুৱা কাম-কাজবোৰৰ বাবেও আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে ।

ডিমেনচিয়া ৰোগে ব্যক্তিজনৰ সাংসাৰিক আৰু সামাজিক জীৱনত বিশেষ ধৰণে প্ৰভাৱ পেলায় । ৰোগীৰ আয়ুস কমি আহে । পৰিচৰ্যাকাৰী মানসিকভাৱে ভাগি পৰিব পাৰে আৰু প্ৰকৃত চিকিৎসাৰ বাবে ৰাজ্যৰ চিকিৎসা সেৱা ক্ষেত্ৰত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে । ভাৰতবৰ্ষকে ধৰি উন্নয়নশীল দেশবোৰত ডিমেনচিয়া ৰোগৰ চিকিৎসাৰ বোজা ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ সম্ভাৱনা আছে । কাৰণ উন্নত চিকিৎসাৰ প্ৰভাৱত এই দেশবোৰত মৃত্যুৰ হাৰ কমি গৈছে, মানুহৰ আয়ুসকাল বৃদ্ধি পাইছে আৰু বৃদ্ধি পাইছে ডিমেনচিয়া ৰোগৰ সম্ভাব্য কাৰকসমূহ । যেনে- উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, জীৱন ধাৰণৰ পৰম্পৰাগত শৈলীৰ পৰিৱৰ্তন ইত্যাদি ।

লণ্ডনৰ কিং কলেজৰ প্ৰতিবেদন (২০১৫ ) অনুসৰি পৃথিৱীৰ প্ৰায় ৪৭ নিযুত লোক ডিমেনচিয়া ৰোগত আক্ৰান্ত আৰু ইয়াৰে প্ৰায় ৪.১ নিযুত লোক বাস কৰে ভাৰতবৰ্ষত । ২০৩০ চনত এই সংখ্যা হ’বগৈ ৭৪.৭ নিযুত । ডিমেনচিয়া ৰোগত বৰ্ধিত সংখ্যাই দেশৰ অৰ্থনীতি আৰু মানৱ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত নিশ্চয় এক ঋণাত্মক প্ৰভাৱ পেলাব । সেয়েহে এই ৰোগৰ সঠিক ডায়েগ্ন’ছিছ আৰু উপযুক্ত চিকিৎসা সোনকালে হোৱাটো আৱশ্যক ।

ডিমেনচিয়া কেইবা প্ৰকাৰৰো আছে । কিছুমান ডিমেনচিয়া চিকিৎসা কৰি ভাল কৰিব পাৰি । উদাহৰণস্বৰুপে থাইৰয়ডৰ ৰোগ, কিছুমান ভিটামিনৰ (বি১, বি১২) অভাৱ, ক্ৰ’নিক ছাবডুৰেল হিমাট’মা, নৰমেল প্ৰেছাৰ হাইড্ৰ’কেফেলাছ অথবা এলক’হলৰ প্ৰভাৱত হোৱা ডিমেনচিয়াৰ কথা ক’ব পাৰি । পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা কাৰণটো নিৰ্ধাৰণ কৰি উপযুক্ত চিকিৎসা কৰিলে এই প্ৰকাৰৰ ডিমেনচিয়া ভাল হোৱাৰ সম্ভাৱনা আছে । আনহাতে মগজুৰ অধ:পতনৰ ফলত হোৱা ডিমেনচিয়া ৰোগৰ সুচিকিৎসা এতিয়াও সম্ভৱ হৈ উঠা নাই । এলজেইমাৰ ডিমেনচিয়া, ফ্ৰণ্ট’টেম্প’ৰেল ডিমেনচিয়া, ডিফিউজ লুইব’ডি ডিমেনচিয়া, পাৰকিনচন্স ডিমেনচিয়া আদি এই প্ৰকাৰৰ ডিমেনচিয়াৰ ভিতৰত পৰে ।  এই প্ৰকাৰৰ ডিমেনচিয়াৰ চিকিৎসা কৰি স্মৃতিশক্তি ঘূৰাই আনিব নোৱাৰি যদিও স্মৃতি শক্তি লোপ হোৱাৰ গতি কিছু পৰিমাণে মন্থৰ কৰিব পাৰি ।

ডিমেনচিয়া ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ঔষধতকৈ ৰোগীৰ পৰিচৰ্যাৰ গুৰুত্ব বেছি । ৰোগীয়ে স্থান, কাল, পাত্ৰ পাহৰি পৰিয়াল নাইবা পৰিচৰ্যাকাৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । ডিমেনচিয়া ৰোগীক আৰামদায়ক আৰু নিৰাপদ পৰিবেশত নিজৰ ঘৰতে ৰাখি চিকিৎসা কৰিব পাৰিলে ভাল ।

ৰোগীৰ পৰিচৰ্যা -

১) ডিমেনচিয়া ৰোগীৰ পৰিচৰ্যাৰ মূল কথাটো হ’ল, যিমান পাৰি তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে সক্ষম কৰি ৰাখিব লাগে । তেওঁলোকক পুৱা-গধূলি খোজ কঢ়া বা তেনেকুৱা ধৰণৰ সৰু-সুৰা ব্যায়াম কৰোৱাব লাগে । শাক-পাচলি, ফুলৰ বাগিচা বা আন ঘৰুৱা কামত লাগি থাকিবলৈ উৎসাহিত কৰিব লাগে । সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কই ৰোগী আৰু পৰিচৰ্যাকাৰীক সুখী কৰি ৰাখে ।

২) বিভিন্ন কাৰণত ৰোগীৰ ব্যৱহাৰৰ ব্যতিক্ৰম ঘটিব পাৰে । তেওঁলোকৰ নিজৰেনো কি হৈ আছে, সেই বিষয়ে তেওঁলোকে নিজেই নাজানে । বহুক্ষেত্ৰত তেওঁলোকে নিজৰ সমস্যাসমূহ বা প্ৰয়োজনীয়তাখিনি ভালকৈ ব্যক্ত কৰিব নোৱৰাৰ ফলত  অথবা পাৰিপাৰ্শ্বিকতাৰ জটিলতা হেতু ৰোগীৰ ব্যৱহাৰৰ ব্যতিক্ৰম ঘটিব পাৰে । পৰিচৰ্যাকাৰীৰ হতাশা, ক্ৰোধ আৰু বিৰক্তিয়েও ডিমেনচিয়া ৰোগীৰ ব্যৱহাৰক প্ৰভাৱন্বিত কৰিব পাৰে । কেতিয়াবা আকৌ বিচাৰিছে কিবা এটা বস্তু, কিন্তু প্ৰকাশ কৰিছে হয়তো আন কিবা এটাহে । যেনে- ৰোগীয়ে হয়তো বাটৰ ফালে ফুৰিবলৈ যাব বিচাৰিছে, কিন্তু শব্দটো পাহৰি বাৰে বাৰে কৈ আছে পাকঘৰলৈ বা টয়লেটলৈ যাওঁ বুলি । ফলত বিচৰাখিনি নোপোৱা হেতু ৰোগী খিংখিঙীয়া হ’ব পাৰে অথবা কথা নুশুনা হৈ পৰিব পাৰে । ৰোগীৰ ব্যৱহাৰৰ কাৰণবোৰ জানিবলৈ চেষ্টা কৰিব লাগে আৰু কাৰণটো বুজি পালে প্ৰতিকাৰ ব্যৱস্থা কৰিব পাৰি ।

৩) ডাক্তৰৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে আৰু ঔষধৰ কিবা পাৰ্শ্বক্ৰিয়া হৈছে নেকি সততে নজৰ ৰাখিব লাগে । বিশেষকৈ ৰোগীৰ যদি পৰি যোৱাৰ প্ৰৱণতা বাঢ়ে, তেন্তে ডাক্তৰক অৱগত কৰিব লাগে ।

৪) ৰোগীৰ লগত তৰ্ক কৰিব নালাগে । কেতিয়াবা কিছুমান কথা বুজাব নোৱাৰিলে নাইবা শাৰীৰিক অসুবিধা, যেনে- কোষ্ঠকাঠিন্য আদিত ভুগিলে ৰোগীৰ খং উঠিব পাৰে , আনকি বস্তু-বাহানি ভাঙিব পাৰে অথবা খোৱাবস্তু আদি দলিয়াই পেলাব পাৰে । ৰোগীৰ লগত তৰ্ক কৰিব নালাগে । তেওঁলোকৰ মন আনফালে ধাল খুৱাই তেওঁৰ ভাল লগা কামত নিয়োগ কৰিবলৈ চেষ্টা কৰিব লাগে ।

৫) দৈনন্দিন ব্যৱহৃত বস্তুবোৰ ৰোগীয়ে দেখা পোৱাকৈ ৰাখিব লাগে । প্ৰথমাৱস্থাত ৰোগীয়ে বস্তুৰ নাম পাহৰি গ’লেও প্ৰয়োজন অনুসাৰে ব্যৱহৃত সামগ্ৰী ঠিকেই চিনি পায় । যেনে- গামোচা বা টাৱেল শব্দটো পাহৰিব পাৰে, কিন্তু দেখা পোৱাকৈ ৰাখিলে প্ৰয়োজনত গামোচা বা টাৱেলখন আনি ব্যৱহাৰ কৰিব পাৰে । অন্যথা প্ৰয়োজনত সামগ্ৰী বিচাৰি নাপালে আৰু পাহৰা বাবে বিচৰা সামগ্ৰীৰ নাম প্ৰকাশ কৰিব নোৱাৰিলে ডিমেনচিয়া ৰোগীৰ খং উঠিব পাৰে বা হিংস্ৰ হৈ উঠিব পাৰে ।

৬) কেতিয়াবা দেখা যায়, চিনাকি মানুহ আহিলে ৰোগীয়ে চিনি পাইছে নে নাই পৰিয়ালৰ মানুহে সুধি চায় । কিন্তু তেনেকুৱা কৰিলে অসমৰ্থতাই ৰোগীক হতাশ আৰু নিৰুৎসাহিত কৰি তুলিব পাৰে । সেয়েহে ঘৰলৈ আলহী আহিলে, ৰোগীক দেখা কৰোতে চিনাকি হ’লেও নামটো কৈ দিয়াই ভাল ।

৭) ৰোগীৰ লগত সদায় পৰিচয় পত্ৰ ৰাখিব লাগে । ৰোগী ঘৰৰ বাহিৰলৈ ওলাই গ’লে কেতিয়াবা বাট-পথ বা ঘৰখনকে চিনি নাপাব পাৰে আৰু ফলত দিশহাৰা হোৱাৰ সম্ভাৱনা থাকে । সেয়েহে ৰোগীৰ লগত পৰিচয় পত্ৰ ৰখাৰ ব্যৱস্থা কৰিব লাগে । প্ৰয়োজনত যাতে আন মানুহে পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰে ।

৮) ৰোগীৰ কোঠাত কেলেণ্ডাৰ আৰু দেৱাল ঘড়ী ৰাখিব লাগে । যাতে প্ৰয়োজনত দিন, বাৰ আদি সময়ৰ হিচাপ ৰাখিব পাৰে ।

৯) ৰোগীয়ে যেতিয়া ধৰিব পাৰিব যে তেওঁৰ মানসিক কাৰ্যক্ষমতা লাহে লাহে কমি আহিছে, আত্মপৰিচয় আৰু মূল্যবোধ হেৰুওৱাৰ ভয়ত তেওঁলোক উদ্বিগ্ন হৈ পৰিব পাৰে । এইখিনি সময়ত পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আৰু ওচৰ-চুবুৰীয়াই ৰোগীৰ লগত কৰা আনন্দদায়ক আৰু সুব্যৱহাৰে তেওঁৰ আত্মবিশ্বাস ঘূৰাই অনাত সহায় কৰে ।

১০) ডিমেনচিয়া ৰোগৰ চিকিৎসা যিহেতু বেছ দীঘলীয়া হয়, গতিকে পৰিয়ালৰ অকল এজনে দায়িত্ব লৈ সদায় পৰিচৰ্যা কৰাটো সম্ভৱ নহয় । সেয়েহে পৰিচৰ্যাৰ দায়িত্ব ঘৰৰ আন আন ব্যক্তিসকলেও বহন কৰিব লাগে । ৰোগীৰ পৰিচৰ্যাই যাতে পৰিয়ালৰ স্বাভাৱিক কামত ব্যাঘাত নজন্মায়, তাৰবাবে লক্ষ্য ৰাখিব লাগে । ডিমেনচিয়া ৰোগীৰ পৰিচৰ্যা ঘৰৰ আন আন কামৰ দৰেই এটা কাম হিচাপে ভাবিব লাগে ।

দীঘলীয়া সময়ৰ বাবে ঔষধৰ ব্যৱহাৰ আৰু পৰিচৰ্যাৰ পিচতো যেতিয়া আশা অনুসাৰে চিকিৎসাৰ ফল নাপায়, পৰিচৰ্যাকাৰী আশাহত হোৱাটো স্বাভাৱিক । গোটেই জীৱন একেলগে কটোৱা আপোন মানুহজনে যেতিয়া অচিনাকি মানুহৰ দৰে ব্যৱহাৰ কৰে, একো আৱেগিক সম্পৰ্ক নেদেখুৱায়, পৰিয়ালৰ মানুহ হতাশ হৈ পৰিব পাৰে । ৰোগীৰ প্ৰতি পৰিচৰ্যাকাৰীৰ মনত খং আৰু বিৰক্তি অনুভৱ কৰিব পাৰে । আৰু এই অনুভৱৰ বাবে তেওঁ নিজকে দোষী বুলি অনুতপ্ত হ’ব পাৰে । কিন্তু অনুতপ্ত হোৱাৰ কোনো প্ৰয়োজন নাই । ৰোগীৰ প্ৰতি পৰিচৰ্যাকাৰীৰ এনেকুৱা অনুভৱ একে স্বাভাৱিক প্ৰতিক্ৰিয়া । অৱশ্যে তেওঁ যদি বিষণ্ণতাত ভোগে, মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সুফল লাভ কৰিব পাৰে ।

লেখক :- ডা: প্ৰদীপ কুমাৰ শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top