মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডিমেনচিয়া ৰোগীৰ পৰিচৰ্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিমেনচিয়া ৰোগীৰ পৰিচৰ্যা :

ডিমেনচিয়া ৰোগীৰ পৰিচৰ্যাৰ বিষয়ে লিখা হৈছে ।

 

এজন ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ দৈনন্দিন কাম-কাজ, ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত জীৱনত বেমেজালিৰ সৃষ্টি হোৱাৰ বাবে স্বাভাৱিকতে ব্যক্তিজন অসহায় হৈ পৰে।

এনেক্ষেত্ৰত পৰিয়ালৰ সহমৰ্মিতা, মনোযোগ আৰু আদৰ-যত্ন অতি গুৰুত্বপূৰ্ণ। এনে ৰোগীৰ পৰিচৰ্যাৰ বাবে ৰোগ বিষয়ক জ্ঞান আৰু কৌশল জানি ল’লে ই পৰিয়ালৰ লোকৰ বাবে সহজ হয়।

২০১২ চনৰ পৰা ছেপ্টেম্বৰ মাহটো বিশ্ব এলজাইমাৰ্ছ মাহ আৰু ২১ ছেপ্টেম্বৰটো বিশ্ব এলজাইমাৰ্ছ দিৱস হিচাপে পৃথিৱীজুৰি পালন কৰা হয়।

বৰ্তমান সময়ত ডিমেনচিয়া ৰোগে বিশ্বব্যাপী এক ডাঙৰ সমস্যা ৰূপে থিয় দিছে। সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বত প্ৰায় ৪৪ মিলিয়ন লোক এই ৰোগত আক্ৰান্ত আৰু ভাৰতত এই সংখ্যা হৈছে ৪ মিলিয়nন।

স্মৃতিভ্ৰংশ বা পাহৰাৰ সমস্যা বহুধৰণৰ থাকে আৰু ই বহু কাৰণত হ’ব পাৰে। সকলো পাহৰা সমস্যাই(International Classification of Disease-10) অনুসৰি ডিমেনচিয়াৰ লক্ষণসমূহ এনেধৰণৰ-

*স্মৃতিশক্তি আৰু চিন্তা কৰিব পৰা ক্ষমতাৰ লক্ষণীয় অৱনতি,

*নিজে নিজৰ দৈনন্দিন কাম কাজ কৰাত চুকত লগাকৈ অসুবিধা পোৱা,

*স্মৃতিৰ খেলিমেলি,

*বিশেষকৈ নতুন কথা মনত ৰখা আৰু মনত পেলোৱাৰ অসুবিধা আৰু পিছলৈ পুৰণা কথাবোৰো পাহৰি যোৱা,

*চিন্তাৰ অসংলগ্নতা আদি।

এই লক্ষণসমূহ ব্যক্তিজনৰ সম্পূৰ্ণ সজ্ঞাত অৱস্থাত কমেও ছমাহ ধৰি থাকিলেহে ব্যক্তিজন ডিমেনচিয়াত আক্ৰান্ত বুলি চিহ্নিত কৰা হয়।

ডিমেনচিয়া কেইবাধৰণৰ হ’ব পাৰে। তাৰ ভিতৰত এলজাইমাৰ্ছ ডিমেনচিয়াই অধিকাংশৰ ক্ষেত্ৰত দেখা যায়।

এজন ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ দৈনন্দিন কাম-কাজ, ব্যক্তিগত, সামাজিক আৰু ব্যক্তিগত জীৱনত বেমেজালিৰ সৃষ্টি হোৱাৰ বাবে স্বাভাৱিকতে ব্যক্তিজন অসহায় হৈ পৰে।

এনেক্ষেত্ৰত পৰিয়ালৰ সহমৰ্মিতা, মনোযোগ আৰু আদৰ-যত্ন অতি গুৰুত্বপূৰ্ণ। এনে ৰোগীৰ পৰিচৰ্যাৰ বাবে ৰোগ বিষয়ক জ্ঞান আৰু কৌশল জানি ল’লে ই পৰিয়ালৰ লোকৰ বাবে সহজ হয়।

সাধাৰণতে ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত দেখা আচৰণগত সমস্যাসমূহ আৰু এইক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা কিছুমান কৌশল তলত আলোচনা কৰা হ’ল।

বহু সময়ত ৰোগীজন খোজকাঢ়ি উদ্দেশ্যবিহীনভাৱে ক’ৰবালৈ গুচি যাব বিচাৰে। এনে ৰোগী দুৰ্ঘটনাৰ চিকাৰ হোৱাও দেখা যায়।

এনে নহ’বৰ বাবে পৰিয়ালৰ লোকে কিছুমান ব্যৱস্থা কৰিব পাৰে যেনে-

১)নিয়মীয়া শাৰীৰিক ব্যায়াম, ই অস্তিৰতা কম কৰাত সহায় কৰিব।

২)বহুসময়ত এনে ৰোগীয়ে কেৱল চকুৰ পোনে পোনে থকা বস্তুহে মন কৰে। সেয়ে দুবাৰৰ তলত বা ওপৰত নতুন নিৰাপদ তলা-চাবিৰ ব্যৱস্থা কৰিব পাৰে।

৩)দুৱাৰত পৰ্দাৰ ব্যৱস্থা কৰা আৰু দুৱাৰৰ নববিলাকত ‘চাইলড ছেফ’ প্লাষ্টিকৰ ক’ভাৰ ব্যৱহাৰ কৰা।

৪)দুৱাৰমুখত ক’লা ডাঙৰ আকৃতিৰ মেট ৰাখিব পাৰে। বহু সময়ত ইয়াক ব্যক্তিজনে পাৰ হ’ব নোৱাৰা গাঁত বুলি ভাবিব পাৰি।

৫)ব্যক্তিজনৰ নাম-ঠিকনাসম্বলিত ব্ৰেছলেট পিন্ধাই ৰখা বা সাজপাৰত ঠিকনা চিলাই দিয়াৰ ব্যৱস্থা কৰিব পাৰে। যদি সম্ভৱপৰ হয়, তেন্তে জে পি এছৰ ব্যৱস্থাও কৰিব পাৰে।

৬)ওচৰ-চুবুৰীয়াক তেওঁৰ এই অসুবিধাটোৰ বিষয়ে জনাই ৰখাই উপৰি প্ৰয়োজন সাপেক্ষে পৰিয়ালৰ লোকক খবৰ দিব পৰাকৈ ফোন নম্বৰ দিয়াটো অতি প্ৰয়োজনীয়। তদুপৰি সদায় ব্যক্তিজনৰ এখন নতুন ফটো ঘৰত ৰাখক।

ডিমেনচিয়া বাঢ়ি যোৱাৰ লগে লগে শৌচ-প্ৰচাৱৰ ওপৰত নিয়ন্ত্ৰণ কমি যাব পাৰে। বহুত সময়ত আকৌ ব্যক্তিজনে শৌচাগাৰ ক’ত আছে তাকেই পাহৰি যায়।

এনেক্ষেত্ৰত ব্যক্তিজনক মনত আঘাত পোৱা বা অপ্ৰস্তুতবোধ কৰাৰ পৰা আঁতৰাই ৰাখিবৰ বাবে অৱলম্বন কৰিব পৰা কিছুমান উপায় এনেধৰণৰ-

*প্ৰতিদিনে একে সময়তে শৌচাগাৰলৈ যোৱাৰ অভ্যাস কৰোৱা,

*দুঘন্টাৰ মূৰে মূৰে প্ৰস্ৰাৱগাৰলৈ যাবলৈ সোঁৱৰাই দিয়া,

*সহজে খেলা-মেলা আৰু পৰিষ্কাৰ কৰিব পৰা কাপোৰ পিন্ধাৰ ব্যৱস্থা কৰা,

*ডি-হাইড্ৰেচনৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী আৰু জুলীয়া খাদ্য খুওৱা,

*কিন্তু গধূলিৰ পৰা ৰাতি শোৱাৰ আগলৈকে কম পৰিমাণে পানী আৰু অন্য পানীয় খাদ্য দিয়া ইত্যাদি।

চাহ, কফী, ক’ক’কোলা আদি পৰাপক্ষত খাদ্য তালিকাৰ পৰা বাদ দিয়া উচিত। ইয়াৰ উপৰি প্ৰয়োজন সাপেক্ষে ইউৰ’লজিষ্টাৰ কাষ চাপিব লাগে।

ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত কিছুমান সমস্যা দেখা যায় যেনে-

*খিংখিঙীয়া স্বভাৱ,

*টোপনি কম হোৱা,

*আক্ৰমণাত্মক ব্যৱহাৰ আদি।

পৰিৱেশিক কাৰক, ভয়, ক্লান্তি আদিয়ে এই সমস্যাৰ সৃষ্টি সহায় কৰে। এই সমস্যাসমূহ আঁতৰ কৰিবৰ বাবে-

*ঘৰৰ পৰিৱেশ শান্ত কৰি ৰখা,

*ৰোগীৰ দৈনন্দিন কাম-কাজৰ বাবে একে সময়ৰ ৰুটিন মানি চলা,

*বিজজ্জনক সামগ্ৰী সততে পোৱাৰ পৰা আঁতৰাই ৰখা,

*ৰোগীৰ লগত কথা-বতৰা পাতোতে কোমল স্বৰত কথা কোৱা,

*অধিক মানুহৰ সমাগমৰ পৰা আঁতৰত ৰখা,

*ঘৰৰ আচবাব-পত্ৰ একে ঠাইতে ৰখা আদি জৰুৰী।

এনে ৰোগীৰ অন্য এক সমস্যা হৈছে কথা বা কামৰ পুনৰাবৃত্তি। এংজাইটি বিৰক্তি, ভয় বা আন পৰিৱেশিক কাৰণতো এনে সমস্যা বেছি হ’ব পাৰে। এনেক্ষেত্ৰত পৰিয়ালৰ লোকে ৰোগীক স্পৰ্শ আৰু কথাৰে নিশ্চয়তা তথা নিৰাপত্তা অনুভৱ কৰোৱা দৰকাৰ।

বিষয়টোৰ পৰা আন কথালৈ আকৰ্ষিত কৰিবৰ চেষ্টা কৰিব পাৰে। ৰোগীৰ আচৰণ লক্ষ্য কৰি বহু সময়ত পৰিয়ালৰ লোকে তেওঁ কি বুজাব বিচাৰিছে বা অসুবিধা পাইছে, তাক অনুমান কৰাৰ চেষ্টা কৰা উচিত।

ডিমেনচিয়াত আক্ৰান্ত ৰোগীৰ আন এটা সমস্যা হৈছে সন্দেহৰ ভাব। বহু সময়ত নিকটাত্মীয়ৰ প্ৰতি সন্দেহ, অপকাৰ কৰিব বুলি কৰা ধাৰণা আদি দেখা যায়।

তেনেক্ষেত্ৰত পৰিয়ালৰ লোকে বুজি পোৱা তথা কথা আৰু স্পৰ্শৰে নিৰাপত্তা প্ৰদান কৰিব লাগে।

এনেধৰণৰ সমস্যাসমূহ সাধাৰণতে সূৰ্য অস্ত যোৱাৰ পিছত বেছি হোৱা দেখা যায়। এইবিলাক সমস্যাৰ উপৰি এনে ৰোগীৰ খাদ্য আৰু পৰিপুষ্টি তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো অসুবিধাই দেখা দিয়ে।

ৰোগীক খাদ্য খুওৱা, গা ধুওৱা আদি ব্যক্তিজনে অশান্তি নোপোৱাকৈ পৰিয়ালৰ লোকে বা পৰিচাৰকে ধৈৰ্য্য আৰু আন্তৰিকতাৰে কৰা উচিত।

ডিমেনচিয়ামত আক্ৰান্ত ৰোগীৰ আত্মীয়ৰ অৱহেলাই বহু সময়ত ৰোগীক কষ্টকৰ মৃত্যুলৈ ঠেলি দিয়ে। ৰোগীৰ অসহায় অৱস্থা অন্তৰেৰে বুজি পৰিয়ালৰ লোকে চিকিৎসাৰ লগতে যত্ন লোৱাৰ চেষ্টা কৰিলে নিশ্চয় কিছু পৰিমাণে হ’লেও সমস্যাসমূহ কম হ’ব।

লেখিকা: আৰাধনা বৰুৱা(নিয়মীয়া বাৰ্তা)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top