মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডিম্বকোষৰ কৰ্কট টিউমাৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিম্বকোষৰ কৰ্কট টিউমাৰ:

ডিম্বকোষৰ কৰ্কট টিউমাৰৰ বিষয়ে লিখা হৈছে

ইতিপূৰ্বে আমি ডিম্বকোষ বা অ’ভাৰীত হোৱা অনিষ্টবিহীন বা Benign টিউমাৰৰ বিষয়ে আলোচনা কৰিছিলো। ইয়াৰ আমি ডিম্বকোষ বা অ’ভাৰীৰ অনিষ্টকাৰী, কৰ্কট ৰোগ টিউমাৰৰ বিষয়ে আলোচনা কৰিম।

নাৰীদেহৰ প্ৰজনন অংগসমূহত হোৱা কৰ্কট ৰোগৰ ভিতৰত অ’ভাৰিয়ান কেন্সাৰ বা ডিম্বকোষত হোৱা কৰ্কট ৰোগৰ স্থান তৃতীয় বুলি ধৰা হয়। আকৌ নাৰীদেহৰ প্ৰজনন অংগসমূহৰ বিভিন্ন অংগত কেন্সাৰ হৈ যিমান মৃত্যু ঘটে, তাৰ ভিতৰত অ’ভাৰীৰ কেন্সাৰত হোৱা মৃত্যুৰ হাৰ সকলোতকৈ বেছি। ইয়াৰ মুখ্য কাৰণটোৱেই হৈছে অ’ভাৰীত হোৱা কেন্সাৰ ৭৫ শতাংশ ক্ষেত্ৰতেই যথেষ্ট পলমকৈ ধৰা পৰে। অৰ্থাৎ গম নোপোৱাকৈ টিউমাৰৰ আকৃতি যথেষ্ট বৃদ্ধি হৈ যায় আৰু পেলভিছ অতিক্ৰম কৰি বিস্তাৰিতভাৱে দূৰৱৰ্তী অংগসমূহলৈ সিঁচৰিত হৈ পৰে, প্ৰয়োজনীয় চিকিৎসাৰ স্থল আৰু নাথাকে, আৰু অৱশেষত ৰোগীৰ জীৱন-মৃত্যুক লৈ টনা-টনি হয়।

ৰোগৰ কোনো বাহ্যিক লক্ষণ দৃষ্টিগোচৰ নহয় বাবে প্ৰাৰম্ভিক কালতে ইয়াক ধৰা পেলাব নোৱাৰি। সৰহ ভাগ ক্ষেত্ৰতে ৰজোনিবৃত্তিকালত (৫০-৭০ বছৰ বয়সৰ ভিতৰত) এই ৰোগ বেছিকৈ ধৰা পৰে। অ’ভাৰীৰ ভিতৰত যিমান ধৰণৰ টেমুনা বা টিউমাৰ সৃষ্টি হয়, তাৰ ভিতৰত ২৫ শতাংশ হ’ল কেন্সাৰ বা কৰ্কট শ্ৰেণীৰ টিউমাৰ। চিকিৎসা বিজ্ঞানৰ ভাষাত মেলিগনেন্ট টিউমাৰ বুলিও কোৱা হয়।

কাৰণ:

সঠিক কাৰণ অজ্ঞাত। তথাপি অন্যান্য অংগৰ কৰ্কট ৰোগৰ দৰেই অ’ভাৰীত হোৱা কৰ্কট ৰোগৰ ক্ষেত্ৰতো কিছুমান আপদযুক্ত আশংকাই প্ৰভাৱ নেপেলোৱা নহয়। তাৰ ভিতৰত-

১)যিসকল মহিলাৰ প্ৰথম সন্তান দেৰিকৈ জন্ম হয়,

২)যি মহিলাৰ পৰিয়ালত জৰায়ু বা স্তন কেন্সাৰ ৰোগ হোৱাৰ বুৰঞ্জী বিদ্যমান,

৩)জন্মসূত্ৰে লাভ কৰা কিছুমান বিশেষ জিনৰ উপস্থিতিয়েও অ’ভাৰীত কেন্সাৰ হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰে বুলি স্ত্ৰীৰোগৰ বিজ্ঞান শাস্ত্ৰত কোৱা হৈছে।

আকৌ জৰায়ু গহ্বৰত বা জৰায়ুৰ মুখত হোৱা কেন্সাৰৰপৰাও অ’ভাৰীলৈ কৰ্কট ৰোগ বিয়পি আহিব পাৰে। উল্লেখযোগ্য যে অ’ভাৰীৰ ভিতৰত সচৰাচৰ থকা এপিথেলিয়াম শ্ৰেণীৰ উপৰি জাৰ্মচেল(Germ cell), ষ্ট্ৰোমা চেল(Stroma cell) প্ৰমুখ্যে বিভিন্ন ধৰণৰ কোষ বা কোষাণু থাকে, এই সকলোবোৰ শ্ৰেণীৰ কোষৰপৰাই পৃথক পৃথক ধৰণৰ কেন্সাৰ সৃষ্টি হ’ব পাৰে, হ’লেও অ’ভাৰীৰ ৭৫-৮০ শতাংশ পৰ্যন্ত কেন্সাৰ টিউমাৰ অ’ভাৰিয়ান এপিথেলিয়ামৰ আৱৰণখনৰপৰাই হয়। বাকীখিনি মাত্ৰ জাৰ্ম চেল আৰু ষ্ট্ৰোমা চেলৰপৰা সৃষ্টি হয় বুলি কোৱা হয়। এই টিউমাৰসমূহক কোষগতভাৱে যি ধৰণে শ্ৰেণী বিভাজন কৰা হৈছে- সি কিছু জটিল বিষয়, তাৰে ভিতৰত সচৰাচৰ অ’ভাৰীত বেছিকৈ হোৱা কেন্সাৰ টিউমাৰৰ শ্ৰেণীটোৰ(৭০-৭৫%) নাম হৈছে ছিৰিয়াছ-চিষ্ট-এডেনোকাৰ্চিনোমা(Serious cyst-adenocarcinoma), এই ধৰণৰ টিউমাৰবোৰ সাধাৰণতে অ’ভাৰীৰ এপিথেলিয়ামৰপৰা সৃষ্টি হয়, কিন্তু জাৰ্ম চেল আৰু ষ্ট্ৰোমা চেলৰপৰা যি কমসংখ্যক কেন্সাৰ টিউমাৰৰ আৱিৰ্ভাৱ হয়, তাৰ নামবোৰ হৈছে-

১)ডিছজাৰ্মিনোমা,

২)মেলিগনেন্ট টেৰাটোমা আৰু এমব্ৰিঅ’নেল কাৰ্চিনোমা,

৩)গ্ৰেণুলোচা চেল টিউমাৰ ইত্যাদি ইত্যাদি।

লক্ষণ:

লক্ষণবিহীনভাবেই এই টিউমাৰসমূহৰ বৃদ্ধি হয়। এটি বা দুয়োটি অ’ভাৰীতে ইয়াৰ আৰম্ভ হ’ব পাৰে। কেতিয়াবাহে ৰক্তস্ৰাৱ হোৱা দেখা যায়, তাকো ৰোগ বহু দূৰলৈকে অগ্ৰসৰ হৈ যোৱাৰ পিছত। তলপেটৰ বাঢ়ি অহা অস্বস্তি, বিষ, ওজনৰ ভাব, হজমৰ গোলমাল, কঁকালৰ উৎকট বিষ আদি হয় যদিও এইসমূহ লক্ষণ সচৰাচৰ কেন্সাৰ অ’ভাৰিয়ান টিউমাৰৰ নিৰ্দিষ্ট লক্ষণ বুলি ক’ব নোৱাৰি। তলপেটত ভোগা অনেক ৰকমৰ ৰোগতো এই উপসৰ্গসমূহ দেখা যায়। উল্লেখযোগ্য যে এই ৰোগত ৰক্তহীনতা প্ৰবল মাত্ৰাত দৃষ্টিগোচৰ হয় আৰু ওজন কমি কমি দেহৰ অৱস্থা জীৰ্ণসাৰ, অৰ্থাৎ হাড়ে-ছালে লগা অৱস্থা এটা হয়। যিবিলাক অ’ভাৰিয়ান টিউমাৰৰপৰা যৌন হৰম’ন নিঃসৰিত হয়, তেনে ৰোগীৰ ক্ষেত্ৰত পুৰুষৰ দেহত থকাৰ দৰে নোমৰ আধিক্যই(Virilization) দেখা দিব পাৰে। বাকীকেইবিধ জনন অংগত হোৱা কৰ্কট ৰোগৰ দৰেই অ’ভাৰীৰ কেন্সাৰ তলপেটৰ বিভিন্ন অংশলৈ, যেনে- জৰায়ু, ডিম্বনলী, কাষৰ লিগামেন্টলৈ আৰু লীমফেটিকৰ সহায়ত পেলভিছত, আকৌ বিভিন্ন গ্ৰুপৰ লীমফ গ্লেণ্ডসমূহলৈ, আকৌ ৰক্তবাহী সিৰাৰ মাধ্যমেৰে দূৰৱৰ্তী অংগ, যেনে- হাঁওফাঁও, লিভাৰ, হাড় আদিলৈ বিয়পিব পাৰে।

লেখক:ডাঃ দীনেশ শৰ্মা(দৈনিক অসম)

2.7619047619
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top