অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিহাইড্ৰেচন :

ডিহাইড্ৰেচনৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণ ডিহাইড্ৰেচনত পানী সৰহকৈ খালেই হয় । কিন্তু মধ্যমীয়া ডিহাইড্ৰেচনত ভোগা ব্যক্তিয়ে কেৱল পানী খালেই নহয়, কেৱল পানী খালে তৃষ্ণা দূৰ হ’ব যদিও ইতিমধ্যে শৰীৰে হেৰুওৱা খনিজ পদাৰ্থ বা লৱণভাগ পূৰ নহ’ব । সেয়েহে মধ্যমীয়া ডিহাইড্ৰেচনত ভোগা ব্যক্তিয়ে উপযুক্ত হাৰত অ’আৰ এছ মিহলি পানী সঘনাই খাব লাগে । অ’ আৰ এছ নাথাকিলে পানীত চেনি আৰু নিমখ মিহলাই সঘনাই খাব লাগে । শিশুৰ ডায়েৰিয়া হৈ ডিহাইড্ৰেচন হ’লে বিশ্ব স্বাস্থ্য সংস্থাই থিৰাং কৰি দিয়া ধৰণে অ’ আৰ এছ মিহলোৱা পানী কম কমকৈ সঘনাই খুৱাব লাগে । অত্যধিক ডিহাইড্ৰেচন হ’লে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰি ছেলাইন দিব লগা হ’ব পাৰে । হাইপোভোলোমিক শ্বকত আই চি ইউত ভৰ্তি কৰাই ভেণ্টিলেচনত ৰাখিব লগাও হ’ব পাৰে ।

ডিহাইড্ৰেচন কি ?

মানুহৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যোৱা পানীৰ পৰিমাণতকৈ শৰীৰৰ ভিতৰলৈ অহা পানীৰ পৰিমাণ কম হ’লে শৰীৰত ডিহাইড্ৰেচন অৱস্থাৰ সৃষ্টি হয় । যদি শৰীৰৰ পৰা বাহিৰলৈ ওলাই যোৱা পানীৰ পৰিমাণ যথেষ্ট হয় আৰু তাৰ তুলনাত শৰীৰৰ ভিতৰলৈ অহা পানীৰ পৰিমাণ নিচেই তাকৰ হয়, তেন্তে ব্যক্তি এজনে অত্যধিক ডিহাইড্ৰেচনত ভোগে ।

জটিলতা -

পানী মানৱ শৰীৰৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান । মানৱ শৰীৰৰ কোষৰ ভিতৰত, তেজ, লিম্ফ আৰু কোষবোৰৰ মাজৰ ঠাই আদিত থাকি ই মানৱ শৰীৰৰ মুঠ ওজনৰ প্ৰায় ৭৫ শতাংশ বহন কৰে । পানীয়ে মানুহৰ শৰীৰত পাচন ক্ৰিয়াত সহায় কৰাৰ উপৰি দেহৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু দেহৰ ক্ষতিকাৰক পদাৰ্থ ঘাম আৰু প্ৰস্ৰাৱৰ লগত উলিয়াই দিয়ে । তদুপৰি মানুহৰ চকু আৰু গাঁঠিবোৰ তিয়াই ৰখাৰ লগতে ছালৰ স্বাস্থ্য অটুট ৰাখে । মানুহৰ শৰীৰত পানীৰ অভাৱ হ’লেই দেহৰ নানা ক্ষতি হয় । ডিহাইড্ৰেচন হ’লেই মানৱ শৰীৰৰ অংগবোৰে উপযুক্তভাৱে কাম কৰিব নোৱৰা হৈ পৰে । সেয়েহে ডিহাইড্ৰেচনক কেতিয়াও উপেক্ষা কৰিব নালাগে । উপযুক্ত সময়ত ডিহাইড্ৰেচনৰ চিকিৎসা নকৰিলে নানা জটিলতাৰ সৃষ্টি হ’ব পাৰে । সঘনাই বহু সময়ৰ বাবে ডিহাইড্ৰেচন হৈ থাকিলে কিডনী ষ্ট’ন, মূত্ৰতন্ত্ৰৰ সংক্ৰমণ হোৱাৰ উপৰি কিডনী ফেইলৰ হ’ব পাৰে । মূত্ৰতন্ত্ৰৰ সংক্ৰমণ বৃক্কলৈ বিয়পি ‘পায়েলোনেফ্ৰাইটিছ’ ৰোগ সৃষ্টি কৰিব পাৰে । আনকি গোটেই শৰীৰলৈ সংক্ৰমণ বিয়পি ছেপ্টিছিমিয়া হৈ মানুহৰ মৃত্যুও হ’ব পাৰে । অতিপাত গৰমত ডিহাইড্ৰেচন হৈ কেতিয়াবা হিট ষ্ট্ৰ’ক হোৱাও দেখা যায় । তদুপৰি অতিপাত ডিহাইড্ৰেচনত চিকিৎসা নকৰিলে ৰক্তচাপ কমাৰ লগতে দেহত অক্সিজেনৰ পৰিমাণ কমি হাইপোভোলোমিক শ্বকত গৈ চেতনাহীন হৈ ৰোগীৰ মৃত্যুও হ’ব পাৰে ।

ডিহাইড্ৰেচন কিয় হয় -

মানৱ শৰীৰৰ পৰা প্ৰস্ৰাৱ, শৌচ, বমি আদিৰ ৰুপত সচেতনভাৱে আৰু উশাহ-নিশাহ, ঘাম বা কথা কওঁতে অবচেতনভাৱে পানী অনবৰতে ওলাই গৈ আছে । এই ওলাই যোৱা পানীভাগ আমি বাহিৰৰ পৰা খাই পূৰণ কৰিব লাগে । অৱশ্যে ব্যক্তিৰ বয়স, বাস কৰা পৰিৱেশ আৰু কৰ্ম অনুযায়ী দৈনিক শৰীৰৰ পৰা এনেদৰে বাহিৰলৈ ওলাই যোৱা পানীৰ পৰিমাণ আৰু শৰীৰৰ বাবে বাহিৰৰ পৰা সোমাব লগীয়া পানীৰ পৰিমাণ ভিন্ন হোৱা দেখা যায় । সেই ভিন্নতা অনুযায়ী কোনো ব্যক্তিয়ে দৈনিক শৰীৰৰ বাবে প্ৰয়োজন হোৱা পৰিমাণতকৈ কম পানী গ্ৰহণ কৰিলে ডিহাইড্ৰেচনত ভুগিব পাৰে । আনহাতে ব্যক্তি এজনে গৰম পৰিবেশত কাম বা ব্যায়াম কৰিলে, অথবা গৰমত থাকিলে শৰীৰৰ পৰা ঘামৰ ৰুপত পানী ওলাই যোৱাৰ পৰিমাণ বাঢ়ে আৰু তেতিয়া যদি অধিক পানী গ্ৰহণ কৰা নাযায়, তেন্তে ব্যক্তি এজনৰ ডিহাইড্ৰেচন হ’ব পাৰে । তদুপৰি বমি, জ্বৰ, কলেৰা বা ডায়েৰিয়াজনিত পনীয়া শৌচ, জ্বলা বা পোৰা আঘাত, এম্ফিটামিনজাতীয় ঔষধৰ ব্যৱহাৰ, উপবাস আদিয়ে ডিহাইড্ৰেচন কৰিব পাৰে । বেক্টেৰিয়া অথবা ভাইৰাছৰ দ্বাৰা ইণ্টেষ্টাইন আক্ৰান্ত হৈ ডায়েৰিয়া আদি হ’লে ইণ্টেষ্টাইনত পানী শোষণ কৰিব পৰা ক্ষমতা কমি যায়, কিন্তু পানী নিৰ্গত হোৱা ক্ষমতা বাঢ়ি যায় । সেয়েহে ডায়েৰিয়াজনিত ৰোগত পানী অধিক নাখালে মানুহৰ ডিহাইড্ৰেচন হ’ব পাৰে । মাদক দ্ৰব্য আৰু ভাং আদি সেৱন কৰাৰ পিচতো ব্যক্তি এজনৰ ডিহাইড্ৰেচন হ’ব পাৰে । কেঁচুৱা, শিশু, কম বয়সৰ ল’ৰা-ছোৱালী , বৃদ্ধ, মধুমেহ ৰোগী আৰু হতাশাগ্ৰস্ততাত ভোগা লোকৰ ডিহাইড্ৰেচনত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হয় ।

ডিহাইড্ৰেচনৰ লক্ষণ -

সাধাৰণতে মানুহৰ শৰীৰত থকা পানীৰ পৰিমাণ ২ ৰ পৰা ৩ শতাংশ কমি গ’লেও শৰীৰে সহ্য কৰিব পাৰে । এনে সাধাৰণ ডিহাইড্ৰেচন অৱস্থাত কেৱল পানীৰ পিয়াহ লাগে । কিন্তু ইয়াতকৈ বেছি পৰিমাণৰ পানী শৰীৰত কমি গৈ ডিহাইড্ৰেচন অৱস্থাৰ সৃষ্টি হ’লে , বিভিন্ন শাৰীৰিক আৰু মানসিক অস্বাভাৱিকতাই দেখা দিবলৈ ধৰে । প্ৰথমাৱস্থাত ব্যক্তিগৰাকীৰ অস্বস্তি ভাব হয় আৰু প্ৰচুৰ পিয়াহ লাগে । মূৰৰ বিষ, মূৰৰ কামোৰণি বা মূৰ ঘুৰণি হ’ব পাৰে । ডিহাইড্ৰেচন বাঢ়ি অহাৰ লগে লগে ভাগৰুৱা অনুভৱ হয় । অলসতা বাঢ়ে । ব্যক্তিগৰাকী অধিক তৃষ্ণাতুৰ হয় । খোৱাৰ ৰুচি কমি আহে । ছাল শুকান আৰু নীলা বৰণীয়া হয় । প্ৰস্ৰাৱৰ পৰিমাণ কমি আহে আৰু ৰঙচুৱা প্ৰস্ৰাৱ হ’বলৈ আৰম্ভ কৰে । অত্যধিক ডিহাইড্ৰেচন হ’লে ব্যক্তিগৰাকীৰ অতিপাত পানীৰ পিয়াহ লাগে । মুখ আৰু জিভা শুকাই থাকে । চকু গাঁতত সোমায় তথা ব্যৱহাৰ খিংখিঙীয়া হয় । টোপনি টোপনি লাগি থাকিলেও টোপনি ভালদৰে নাহে । মাংসপেশী দুৰ্বল হয় আৰু সময়ত খামুচি ধৰে । বুকুৰ ধপধপনি বাঢ়ে । উশাহ-নিশাহ লোৱাত কষ্ট হয় । চকুৰে জলক-তবক দেখে । থিয় দিব নোৱৰা হৈ পৰে । পালছ দুৰ্বল আৰু খৰতকীয়া হয় । ৰক্তচাপ একেবাৰে কমি আহে । এনে অৱস্থাত তেজ পৰীক্ষা কৰালে তেজত ক্ৰিয়েটিনিন আৰু ইউৰিয়া অধিক হোৱা দেখা যায় । আনহাতে ইলেক্ট্ৰলাইটৰ পৰিমাণ কমি আহে । কেঁচুৱা আৰু শিশুৰ কান্দিলেও চকুপানী নোলোৱা হয় । আনকি চকুৰ পতা আৰু মুখমণ্ডলকে ধৰি শৰীৰ ফুলিবলৈ আৰম্ভ কৰে । যিহেতু কেঁচুৱা, শিশু আৰু বৃদ্ধ লোকসকলৰ তৃষ্ণা-চেতনা কম, সেয়েহে তেওঁলোকৰ ক্ষেত্ৰত অন্য লক্ষণবোৰ চাই ডিহাইড্ৰেচনৰ মাত্ৰা থিৰাং কৰিব লাগে । অত্যধিক ডিহাইড্ৰেচন হৈ শেষলৈ হাইপোভোলোমিক শ্বক হোৱা বাবে ৰোগী চেতনাহীন হৈ পৰিব পাৰে ।

প্ৰতিৰোধৰ উপায় -

*ডিহাইড্ৰেচন প্ৰতিৰোধ কৰাৰ সহজ উপায় হ’ল নিয়মিত সময়ৰ ব্যৱধানত উপযুক্ত পৰিমাণে পানী খোৱা ।

*এবাৰতে বহুত পানী খোৱাৰ সলনি কম কমকৈ ঘনাই খোৱা উচিত ।

*গ্ৰীষ্মকালত অধিক পানী খাব লাগে । খোৱাপানীৰ বটল এটা লগত ৰখা উচিত ।

*ৰ’দত বা গৰমত কাম কৰিলে সঘনাই পানী খাই থাকিব লাগে ।

*ব্যায়াম অথবা শাৰীৰিক শ্ৰম কৰিবলৈ আৰম্ভ কৰাৰ আধা ঘণ্টামান আগতে পানী খাই লোৱাৰ উপৰি মাজে মাজে পানী খাই থাকিব লাগে আৰু শেষতো খাব লাগে ।

*ডায়েৰিয়া, ডিচেণ্ট্ৰী, বমি আদি হ’লেই পানী সৰহকৈ খাব লাগে ।

*স্বাভাৱিক  অৱস্থাত প্ৰতিদিনে মানুহৰ তিনি-চাৰিবাৰ প্ৰস্ৰাৱ হয় । ইয়াতকৈ কম হ’লেই অধিক পানী খাব লাগে ।

*এনেবোৰ কৰিলে ডিহাইড্ৰেচন সহজতে প্ৰতিৰোধ কৰিব পাৰি ।

লেখক:- ডা: ধৰ্মকান্ত কুম্ভকাৰ

উৎস :- দেওবৰীয়া সম্ভাৰ

 

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top