অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডেংগু আৰু অসমঃ

ডেংগু আৰু তাৰ জটিল ৰূপবোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি ক্ৰমান্বয়ে বাঢ়ি অহা এক আন্তৰ্জাতিক স্বাস্থ্য সমস্যা। এডিচ মহবোৰৰ সিহঁতক নাশ কৰিব পৰা ৰাসায়নিক দ্ৰব্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, বৰ্দ্ধিত জনসংখ্যা, অপৰিকল্পিত নগৰীকৰণ, জল আৰু পেলনীয়া বস্তুৰ অপৰিকল্পিত নিষ্কাশন ব্যৱস্থা , প্ৰাকৃতিক আৰু জৈৱিক বৈচিত্ৰ্যৰ ধ্বংসকৰণ, বৰ্দ্ধিত যাতায়তীকৰণ, জনস্বাস্থ্য বিভাগৰ হেমাহি, জনসাধাৰণৰ অজ্ঞানতা আৰু সচে

 

ডেংগু আৰু তাৰ জটিল ৰূপবোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি ক্ৰমান্বয়ে বাঢ়ি অহা এক আন্তৰ্জাতিক স্বাস্থ্য সমস্যা। এডিচ মহবোৰৰ সিহঁতক নাশ কৰিব পৰা ৰাসায়নিক দ্ৰব্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, বৰ্দ্ধিত জনসংখ্যা, অপৰিকল্পিত নগৰীকৰণ, জল আৰু পেলনীয়া বস্তুৰ অপৰিকল্পিত নিষ্কাশন ব্যৱস্থা , প্ৰাকৃতিক আৰু জৈৱিক বৈচিত্ৰ্যৰ ধ্বংসকৰণ, বৰ্দ্ধিত যাতায়তীকৰণ, জনস্বাস্থ্য বিভাগৰ হেমাহি, জনসাধাৰণৰ অজ্ঞানতা আৰু সচেতনতাৰ অভাৱৰ বাবে সমগ্ৰ বিশ্বতে ১৯৭০ চনৰ পিছৰে পৰা ডেংগুৰ প্ৰভাৱ নাটকীয়ভাৱে বৃদ্ধি পাইছে আৰু প্ৰতি বছৰে ৫০ৰ পৰা ১০০ নিযুত লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে বছৰি প্ৰায় পাঁচ লক্ষ ব্যক্তি চিকিৎসালয়ত  ভৰ্তি হয়। মুঠ আক্ৰান্তৰ প্ৰায় ৯০ শতাংশই পাঁচ বছৰৰ তলৰ বয়সৰ শিশু আৰু ইহঁতৰ প্ৰায় ২.৫ শতাংশ শিশুৱেই মৃত্যুমুখত পৰে। ভাৰত, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, ইণ্ডোনেছিয়া আদি দক্ষিণ-পূৱ এছিয়াৰ দেশবোৰৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ ঘন জনবসতি অঞ্চলবোৰত ডেংগুৰ প্ৰকোপ বেছি যদিও লাহে লাহে ই গ্ৰামাঞ্চললৈ বিয়পিছে। ভাৰতবৰ্ষৰ দিল্লী, পঞ্জাব, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাষ্ট্ৰত ডেংগুৰ প্ৰকোপ বেছি যদিও যোৱা কেইবছৰমানৰ পৰা অসমতো বিশেষকৈ গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আদিতো ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। যিহেতু অসমত গোটেই বছৰজুৰি বৰষুণ হয় আৰু ইয়াৰ বায়ুমণ্ডলৰ উচ্চ আৰ্দ্ৰতাৰ বাবে প্ৰায় ১২ মাহে মহৰ উপদ্ৰৱ থাকে, সেয়েহে অসমত তুলনামূলক বাৰিষা আৰম্ভ হোৱা মে’ মাহৰ পৰা নৱেম্বৰ মাহলৈকে ডেংগুৰ প্ৰাদুৰ্ভাৱ বেছি যদিও বছৰৰ যিকোনো সময়তে ডেংগু ৰোগ হ’ব পাৰে।

বিগত বছৰবোৰত অসমত বহুলোক ডেংগুত আক্ৰান্ত হোৱাৰ উপৰি কেইবাজনো ডেংগু ৰোগীৰ মৃত্যু হৈছিল। ‘নেচনেল ভেক্টৰ বৰ্ণ কণ্ট্ৰোল প্ৰগ্ৰাম’, অসম শাখাৰ তথ্যমতে ২০১০ চনত সমগ্ৰ অসমত ২৩৭ জন ব্যক্তি ডেংগুত আক্ৰান্ত হৈছিল আৰু দুজনৰ মৃত্যু হৈছিল। ২০১১ চনৰ কোনো তথ্য নাই যদিও ২০১২ চনত সমগ্ৰ অসমত ১,০৫৮ জন ব্যক্তি ডেংগুত আক্ৰান্ত হৈ পাঁচজনৰ মৃত্যু হৈছিল, ২০১৩ চনত ৪,৫৬২ জন ব্যক্তি ডেংগুত আক্ৰান্ত হৈ দুজনৰ মৃত্যু হৈছিল। কিন্তু অসম চৰকাৰৰ স্বাস্থ্য বিভাগে অসমত ডেংগু ৰোগ প্ৰতিৰোধ কৰা বিষয়টো চেলেঞ্জ হিচাপে লৈ বিগত বছৰবোৰত নিৰৱচ্ছিন্নভাৱে ডেংগু প্ৰতিৰোধ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা চলোৱা, সঠিক সময়ত মহ ধ্বংসৰ বাবে ফগিঙৰ ব্যৱস্থা কৰা, ডিডিটি ছটিওৱা আৰু মহৰ কামোৰৰ পৰা ব্যক্তিক লক্ষা কৰিবলৈ সময়মতে উপযুক্ত স্থান আৰু ব্যক্তিৰ মাজত কীটনাশক দ্ৰব্য মিহলোৱা আঁঠুৱা বিতৰণ কৰা বাবে ২০১৪ চনৰ পৰা ক্ৰমান্বয়ে অসমত ডেংগু ৰোগীৰ সংখ্যা কমি আহিছে। ২০১৪ চনত সমগ্ৰ অসমত ৮৫ জন ব্যক্তি ডেংগুত আক্ৰান্ত হৈছিল যদিও কোনো ৰোগীৰে মৃত্যু হোৱা নাছিল। ২০১৫ চনত মুঠ ৬৯ গৰাকী ব্যক্তি ডেংগুত আক্ৰান্ত হৈছিল।

এইবছৰো বাৰিষা অহাৰ লগে লগে অসমৰ বিভিন্ন জিলাত ডেংগুৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল আৰু বৰ্তমানো চলি আছে। এই লেখাটি লিখি থকা সময়ত (২৯ নৱেম্বৰ, ২০১৬) সমগ্ৰ অসমতে সৰ্বমুঠ ৩,১৩১ জন ব্যক্তি ডেংগুত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪ জনে মৃত্যুবৰণ কৰিছে। গুৱাহাটী মহানগৰীত ইয়াৰ প্ৰকোপ অধিক হোৱা দেখা গৈছে। এই বছৰ এতিয়ালৈকে কেৱল গুৱাহাটীতে ২,৮৪১ জন লোক ডেংগুত আক্ৰান্ত হৈছে। তথ্য মতে এই বছৰ ২৫ অক্টোৱৰলৈকে ৰাজ্যত ডেংগুত আক্ৰান্ত লোকৰ পৰিসংখ্যা হৈছে বৰপেটাত ৪ জন, কাছাৰত ১ জন, দৰঙত ১৩ জন, বঙাইগাঁৱত ৬ জন, বাগছাত ৪ জন, ধেমাজিত ৭ জন, ধুবুৰীত ২০ জন, ডিব্ৰুগড়ত ৪০ জন, গোৱালপাৰাত ৮ জন, গোলাঘাটত ২ জন, হাইলাকান্দিত ১ জন, যোৰহাটত ৩৬ জন, কামৰূপ (গ্ৰাম্য)ত ১৫ জন, কামৰূপ (মহানগৰ)ত ২,৭৪৬ জন, লক্ষীমপুৰত ৭ জন, মৰিগাঁৱত ৬ জন, নগাঁৱত ১৭ জন, নলবাৰীত ৪০ জন, শিৱসাগৰত ৭ জন, শোণিতপুৰত ৬২ জন, তিনিচুকীয়াত ৪ জন আৰু ওদালগুৰিত ৭ জন। কামৰূপ (মহানগৰ)ত ৩ জন আৰু কামৰূপ (গ্ৰাম্য)ত ১ জন লোকে ডেংগুত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। হয়তো লেখাটি প্ৰকাশ পোৱাৰ সময়লৈকে ইয়াৰ সংখ্যা বাঢ়ি গৈ ভয়াবহ ৰূপো ল’ব পাৰে। এই ৰোগৰ মাৰাত্মকতাৰ বাবে সৰ্বসাধাৰণৰ মনত শংকাৰ জন্ম হৈ আতংকৰ সৃষ্টি হয়। কিন্তু ৰাইজ আতংকিত হোৱাৰ কোনো কাৰণ নাই। অলপ সজাগ হৈ সুস্বাস্থ্য বজাই ৰাখিলে আৰু উপযুক্ত সময়ত ডেংগুৰ বাবে তেজ পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ আৰু ভয়াবহতা কমাব পৰা যায়। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন বাতৰি কাকত, দূৰদৰ্শন আৰু ৰেডিঅ আদিৰ যোগেদি জনসাধাৰণক আগতীয়াকৈ সজাগ হ’বলৈ ডেংগু কি, কিদৰে বিয়পে, ইয়াৰ লক্ষণ, চিকিৎসা আৰু ইয়াক কিদৰে প্ৰতিৰোধ কৰিব পাৰি তাৰ প্ৰচাৰ আৰম্ভ কৰিছে। আমিও এই বিষয়ে তলত কিছু আলোচনা কৰিলো।

ডেংগু ৰোগ কি ?

ফ্লেভিভিৰিডি পৰিয়ালৰ অন্তৰ্ভুক্ত ডেংগু নামৰ ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। ডেংগু ভাইৰাছ DENV-1, DENV-2, DENV-3 আৰু DENV-4 নামে চাৰিধৰণৰ হয়। ১৯৯৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই ডেংগুক ডেংগু জ্বৰ, ডেংগু হেম’ৰজিক জ্বৰ আৰু ডেংগু শ্বক ছিনড্ৰম বুলি তিনিভাগত ভাগ কৰিছিল যদিও ২০০৯ চনত ইয়াক সহজ কৰি ডেংগু জ্বৰ আৰু ডেংগু হেম’ৰজিক জ্বৰ বুলি ভাগ কৰে। ডেংগু হেমৰজিক জ্বৰক DHF, I, II, III, IV বুলি ভাগ কৰি III IVক ডেংগু শ্বক ছ্নিড্ৰম বুলি কয়। ডেংগু জ্বৰ সাধাৰণ ফ্লুৰ দৰেই ৰোগ। হাড় ভাঙিলে যিমান তীব্ৰ বিষ অনুভৱ হয়, ডেংগুতো সিমান তীব্ৰ বিষ অনুভৱ হয় বাবে ডেংগু জ্বৰক ব্ৰেকবন জ্বৰ বুলিও কোৱা হয়। যিকোনো বয়স আৰু লিংগৰ লোক এই ৰোগত আক্ৰান্ত হয় যদিও কেঁচুৱা, শিশু, বৃদ্ধ লোক, গৰ্ভৱতী মহিলা, মেদবহুল ব্যক্তি, নানা ৰোগ (যেনে- পেপটিক আলচাৰ, ডায়েবেটিছ, হৃৎপিণ্ডৰ ৰোগ, উচ্চ ৰক্তচাপ, বৃক্কৰ অচলাৱস্থা, যকৃতৰ ৰোগ, হিমোলাইটিক এনিমিয়া G6PDৰ অভাৱ থকা, থেলেছেমিয়া ৰোগী) আৰু ষ্টেৰ’য়ড অথবা বিষৰ দৰব খোৱা ব্যক্তিৰ ক্ষেত্ৰত ডেংগুৱে জটিলতাৰ সৃষ্টি কৰাৰ আশংকা থাকে। ডেংগু হেম’ৰজিক জ্বৰ আৰু ডেংগু শ্বক ছিনড্ৰম দুয়োবিধেই মানুহৰ মৃত্যু ঘটাব পৰা জটিল ধৰণৰ ৰোগ।

ডেংগু ৰোগ কিদৰে বিয়পেঃ

এডিচ প্ৰজাতিৰ মুখ্যতঃ Aedes aegypti মহে (কমকৈ Aedes albopictus) ডেংগু ৰোগ আৰু ডেংগু হেম’ৰজিক জ্বৰৰ বাহক। প্ৰায় ৫ মিলিমিটাৰ দীঘল, গাত বগা আঁচ টনা কলা ৰঙৰ এই মহবিধে ঘৰৰ ওচৰত থকা কুলাৰ, ড্ৰাম, জগ, ফুলদানি, পানীৰ টেংকি, বটল, টিন, টায়াৰ, ঘৰৰ ছাদ, ফ্ৰীজ, বাঁহৰ টুকুৰা, নাৰিকলৰ খোলা, গছৰ খোৰোং আদিত জমা হৈ থকা বৰষুণৰ পৰিষ্কাৰ পানীত বংশ বৃদ্ধি কৰি মানুহৰ আশে-পাশে ঘৰৰ আন্ধাৰ চুকবোৰত, ওলমাই থোৱা কাপোৰৰ মাজত, ছাতি, আচবাবৰ তলত আৰু ঘৰৰ বাহিৰত ওচৰে-পাঁজৰে বাস কৰে। এই প্ৰজাতিৰ মাইকী মহবিধে দিনৰ ভাগতে বাৰে বাৰে কামুৰি মানুহৰ তেজ খায়। ডেংগু জ্বৰত আক্ৰান্ত ব্যক্তি বা ডেংগু ভাইৰাছ বহন কৰা প্ৰাণীক এই প্ৰজাতিৰ মাইকী মহে কামুৰি তেজ খোৱাৰ ২ৰ পৰা ১০ দিনৰ ভিতৰত মহটো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। সংক্ৰমিত মহটোৰ অন্যান্য কলাৰ লগতে লালাটি গ্ৰন্থিলৈকে এই ভাইৰাছবিধ বিয়পি পৰে। এনে মহে সুস্থ মানুহ এজনক কামুৰিলে, মহটোৰ লালটিৰ সৈতে এই ভাইৰাছো সুস্থ মানুহজনৰ শৰীৰত প্ৰৱেশ কৰে। মানুহৰ শৰীৰৰ ভিতৰত এই ভাইৰাছ বিকাশ হৈ ডেংগু ৰোগৰ সৃষ্টি কৰে। ভয়াবহ কথাটো হ’ল যে ডেংগু ভাইৰাছ সংক্ৰমিত এডিচ মহৰ কণীটো ডেংগু ভাইৰাছ থাকে আৰু এই কণীৰ পৰা হোৱা এডিচ মহটোৱে সুস্থ মানুহক কামুৰিলে ডেংগু ভাইৰাছ সংক্ৰমিত হয়। ইয়াৰ উপৰি ডেংগু অধ্যুষিত অঞ্চলবোৰত ডেংগু ভাইৰাছ থকা ব্যক্তিৰ ৰক্তদান আৰু ডেংগু ৰোগৰ মাতৃয়ে জন্মৰ সময়ত কেঁচুৱালৈ অতি কম হাৰত ডেংগু ভাইৰাছ বিয়পাব পাৰে।

ডেংগু ৰোগৰ লক্ষণ আৰু উপসৰ্গবোৰঃ

সাধাৰণতে জীৱনত প্ৰথমবাৰৰ বাবে ডেংগু ভাইৰাছত সংক্ৰমিত হ’লে সৰহভাগে ৰোগৰ কোনো লক্ষণ বা উপসৰ্গ নেদেখায়। কিছুসংখ্যকেহে ৰোগৰ লক্ষণ দেখায়। এনে ক্ষেত্ৰত সুস্থ মানুহ এজনৰ শৰীৰত ডেংগুৰ প্ৰৱেশ কৰাৰ পৰা ইয়াৰ লক্ষণ স্পষ্ট হয় আৰু লক্ষণবোৰ ৩ৰ পৰা ১৪ দিন সময় লাগে যদিও বেছিভাগ ক্ষেত্ৰতে ৪ৰ পৰা ৭ দিনতে লক্ষণ স্পষ্ট হয় আৰু লক্ষণবোৰ ৩ৰ পৰা ৫ দিনলৈ থাকে। অন্য ভাইৰেল জ্বৰৰ লক্ষণৰ দৰেই জ্বৰ উঠা, শৰীৰৰ বিষ হোৱা, মূৰৰ বিষ হোৱা, ভোক কমি অহা আদি ডেংগুৰ লক্ষণ যদিও হঠাৎ তীব্ৰ জ্বৰ উঠা (জ্বৰ ১০৪ ডিগ্ৰী ফাৰেনহাইট), অতিমাত্ৰা মূৰৰ বিষ হোৱা, চকুৰ পিছফালে বিষ হোৱা, চকু লৰচৰ কৰিলে বা হেঁচি দিলে এই বিষ বেছি হোৱা, চকুৱে পোহৰ সহ্য কৰিব নোৱাৰা হোৱা, মাংসপেশী আৰু গাঁঠিৰ প্ৰচণ্ড বিষ হোৱা, চকু ৰঙা পৰা, ডিঙিৰ সুৰসুৰণি হোৱা, অভোক আৰু অৰুচি হোৱা, বমিভাব, বমি হোৱা, শৰীৰত চকলা-চকল ৰঙচুৱা দাগ পৰা আদি ডেংগু জ্বৰৰ বিশেষ লক্ষণ। শিশুৰ ক্ষেত্ৰত ইয়াৰ লক্ষণ পানীলগা জ্বৰ আৰু গেষ্ট্ৰ’এণ্টাৰাইটিছৰ দৰে একে। অতি কমসংখ্যক ডেংগু ৰোগীৰ ক্ষেত্ৰত এই ৰোগবিধ ডেংগু হেম’ৰজিক জ্বৰত পৰিণত হয়। ডেংগু হেম’ৰজিক জ্বৰৰ লক্ষণ ডেংগু জ্বৰৰ দৰে একেই কিন্তু ইয়াত নাক, মুখ, দাঁতৰ আলু আৰু ছালৰ ঘা অংশৰে তেজ ওলোৱা, তেজ বমি হোৱা, পায়খানাত তেজ যোৱা, ছালত চকলা-চকল ৰঙচুৱা দাগ হোৱা (পিটেকিয়া) আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ হয়। আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে অতিমাত্ৰা পেটৰ বিষ হৈ ক্ৰমান্বয়ে বাঢ়ি যোৱা, ছাল শেঁতা আৰু শীতল হৈ পৰা, টোপনি আৰু অস্থিৰতা ভাব হোৱা, তৃষ্ণা বাঢ়ি গৈ অন্ঠ-কন্ঠ শুকাই যোৱা, মুখমণ্ডল ঘামি অহা, স্নায়ু স্পন্দন দুৰ্বল হোৱা, উশাহ-নিশাহ লওঁতে কষ্ট হয়। সাধাৰণতে দ্বিতীয়বাৰ ডেংগু ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত জটিলতা অধিক হৈ ডেংগু শ্বক ছিনড্ৰম হয়। এনে ক্ষেত্ৰত ৰোগীৰ প্ৰচুৰ ৰক্তক্ষৰণ আৰু কেপিলাৰি লিকেজ ছিনড্ৰম হৈ হোৱা প্লাজমা লিকেজৰ বাবে বিপজ্জনকভাৱে ৰক্তচাপ কমি গৈ ৰোগীজন কমাত যাব পাৰে আৰু বুকু-পেট আদিত পানী জমা হোৱাৰ উপৰি বৃক্ক অচল হৈ প্ৰস্ৰাৱ নোহোৱা, এনকেফেলোপেথী, অৰ্গেন ফেইলাৰ হৈ জটিলতা হ’ব পাৰে। এনে হোৱা ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱা দেখা যায়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top