মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ডেংগু জ্বৰৰ হোমিঅ’পেথিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডেংগু জ্বৰৰ হোমিঅ’পেথিক চিকিৎসা

ডেংগু জ্বৰৰ হোমিঅ’পেথিক চিকিৎসাৰ বিষয়ে লিখা হৈছে

অসমৰ কেইবাখনো জিলাত কম-বেছি পৰিমাণে ডেংগু জ্বৰত আক্ৰান্ত হোৱা দেখা গৈছে। মানুহ আতংকিত হৈছে। ভয় কৰিছে। ভয় লগা বা আতংকিত হোৱাটো স্বাভাৱিক যদিও ভয় কৰিব লগা একো নাই।

আহকচোন ডেংগু জ্বৰৰ লক্ষণ আৰু ইয়াৰ নিৰাময় কৰাৰ বিষয়ে থোৰতে আলোচনা কৰোঁ।

বাতৰিত প্ৰচাৰ হোৱাৰ দৰে 'ডেংগু’ ৰোগ নহয়। জ্বৰ ‘ৰোগ’ নহয়, লক্ষণহে। ৰোগৰ লক্ষণ। ৰোগৰ লক্ষণ সমষ্টিয়ে জ্বৰ। কোনো ৰোগ বা বেমাৰৰ বহিঃপ্রকাশ লক্ষণেই জ্বৰ। গতিকে ‘ডেংগু ৰোগ’ বুলি নকৈ ডেংগু জ্বৰ বুলি ক’লেহে সমীচীন হ’ব। ডেংগু জ্বৰক ব্ৰেক ব’ন হাড় বিষোৱা জ্বৰ বুলিও কোৱা হয়। স্কটলেণ্ডৰ ডান্দি নগৰত পোনপ্ৰথমে মহামাৰী ৰূপে এই জ্বৰ হৈছিল ডান্দি নগৰত এই জ্বৰ আবিৰ্ভাৱ হোৱাৰ বাবে ইয়াক ডান্দি ফে’ভাৰ বুলি নামকৰণ কৰা হৈছিল। পিছলৈ ডেংগু জ্বৰ নামকৰণ হ'ল। ভাইৰাচৰ দ্বাৰা আক্রান্ত হোৱা এই জ্বৰক অসমীয়া ভাষাত “এক জ্বৰ” বা "ঐকাহিক জ্বৰ” বুলি কোৱা হয়।

ডেংগু জ্বৰ কেইবাপ্ৰকাৰো হ’ব পাৰে। তাৰ ভিতৰত ডেংগু হিম’ৰেজিক জ্বৰ অতি আতংককাৰী। ইহে প্রকৃত মহামাৰী। কাৰণ এই জ্বৰত দেহৰ যিকোনো অংশৰ পৰা ৰক্তক্ষৰণ হৈ ৰোগীৰ বিপদ হোৱাৰ সম্ভাৱনা হ’ব পাৰে।

ডেংগু জ্বৰৰ লক্ষণসমূহ-

 

  • জ্বৰ হঠাৎ আহে, হঠাৎ যায়।
  • জ্বৰ আৰম্ভ হোৱাৰ লগে লগে হাড় (বিশেষকৈ ডাঙৰ হাড়), গাঁঠি, মাংসপেশীসমূহত অতিপাত বিষ অনুভৱ হয়।
  • জ্বৰৰ লগত বিষ বেছি হ'লে ৰোগীৰ অস্থিৰতা, ছটফটনি বেছি হয়।
  • বিষ ইয়াৰ অন্যতম প্রধান লক্ষণ।
  • চকু বিষায়, চকুৰ মণিও বিষায়। ৰঙা পৰে।
  • পাইখানা খোলোচা নহ’ব পাৰে।
  • জ্বৰ উঠাৰ আগমূহুৰ্তত ভীষণ পানী পিয়াহ লাগে। গা, মূৰ, চকুৰ বিষ বেছি হোৱাৰ লগে লগে পানী পিয়াহে বেছি হয়। পানী খালে আৰাম পায়।
  • জ্বৰৰ উত্তাপ বেছি হোৱাৰ লগে লগে সৰ্বশৰীৰ বিষায়। ৰোগীয়ে কেঁকাই-গেঁঠাই থাকে।
  • ৰোগীয়ে দুর্বল অনুভৱ কৰে।
  • বমি বমি ভাব (Nausea) বা বমি হয়।
  • ডাঃ এইচ চি এলেন নামৰ চিকিৎসক বিজ্ঞানীগৰাকীৰ মতে জ্বৰ সাধাৰণতে পুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত (কোমল ৰ’দ থাকোঁতে) উঠে, পিছদিনা দিনৰ ১২ বজাত উঠে।

নিৰাময়ৰ সহজ উপায়-

 

ওপৰত উল্লেখ কৰা লক্ষণসমূহ দেখা পালেই ইউপেট'ৰিয়াম পাৰ্ফ’লিয়েটাম (Eupatorium Perfoliatum-30 বা ২০০ শক্তিৰ ঔষধ অভিজ্ঞ চিকিৎসকৰ পৰামর্শ আৰু বিধানমতে খালেই জ্বৰ সহজে আৰোগ্য হয়। লক্ষণেভেদে অন্য ঔষধ, যেনে— ব্রায়’নিয়া, নেট্ৰাম মিউৰ, বেলাডনা ইত্যাদি প্ৰয়োজন হ’লে চিকিৎসকে বিধান দিব।

বিশিষ্ট চিকিৎসক বিজ্ঞানীৰ মত-

 

ইংৰাজ চিকিৎসক ডাঃ হেলেৰ মতে ডেংগু জ্বৰত হাড়ৰ বিষ, মাংসপেশীৰ বিষ, গাঁঠি বিষ, মূৰ আৰু চকুৰ বিষ, বমিৰ ভাব বা বমি হোৱা প্রধান লক্ষণ। এইকেইটা লক্ষণত E. P-30 ঘনাই খাব লাগে। ডাঃ ডানহাম, ডা: এলোন, ডাঃ কাউপাৰ থোয়েট আদি বিশিষ্ট চিকিৎসক বিজ্ঞানীসকলে ওপৰত উল্লেখ কৰা E.P-30 ঔষধটো ব্যৱহাৰ কৰিলে ডেংগু জ্বৰ অতি সহজে আৰু অতি সোনকালে আৰোগ্য হয় বুলি পৰামৰ্শ দিছে।

প্রতিষেধক-

 

ব্যক্তিগত, ঘৰুৱা, ৰাজহুৱা সকলো ক্ষেত্ৰতে সচেতন, সজাগ, সাৱধান ইত্যাদি স্বাস্থ্যনীতিৰ যাৱতীয় জ্ঞান থাকিলে ডেংগু জ্বৰেই নহয় সকলো ৰোগ ব্যাধি আনকি মহামাৰীৰ পৰাও হাত সাৰি থাকিব পাৰি। সেই বুলি সামাজিক স্বাস্থ্য আৰু আধ্যাত্মিক স্বাস্থ্যনীতিও বাদ দিব নোৱাৰি।

লিখক: ডা: ঘনশ্যামল বৰা, দৈনিক জনমভূমি।

2.7619047619
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top