অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজ পৰীক্ষাই চিনাক্ত কৰিব ৮ প্ৰকাৰৰ কৰ্কট ৰোগ

তেজ পৰীক্ষাই চিনাক্ত কৰিব ৮ প্ৰকাৰৰ কৰ্কট ৰোগ

 

শেহতীয়াভাৱে বিজ্ঞানী আৰু চিকিৎসা বিজ্ঞানৰ গৱেষকসকলে ঘোষণা কৰিছে যে, মাত্ৰ এটি সাধাৰণ তেজ পৰীক্ষাৰ দ্বাৰা ৮ প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰাৰ এক সফল গৱেষণা চলি আছে। এই পৰীক্ষাৰ নাম হ’ব ‘কেনচাৰছিক’। এই গৱেষণাৰ সহায়ত চিকিৎসা বিজ্ঞান যেন এঢাপ আগুৱাই গ’ল।

কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়ত চিনাক্ত হ’লে তাৰ চিকিৎসা তথা নিৰাময়ৰ সম্ভাৱনীয়তা অধিক হয়। পিচে আঠ প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত মুঠ পাঁচ প্ৰকাৰৰ ক্ষেত্ৰতে পূৰ্বে ৰোগ চিনাক্ত কৰাৰ কোনো পদ্ধতি উদ্ভাৱন হোৱা নাছিল। তাৰ মাজত অন্যতম হ’ল অগ্নাশয়ৰ কৰ্কট ৰোগ।

এই কৰ্কট ৰোগৰ লক্ষণ পূৰ্বৰ পৰা বুজিব নোৱাৰি আৰু বহু পলমকৈ ইয়াৰ চিনাক্তকৰণ হয়। সেইবাবেই এই কৰ্কট ৰোগত আক্ৰান্ত হোৱা পাঁচগৰাকী ৰোগীৰ ভিতৰত চাৰিগৰাকীৰ মৃত্যু হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনছ হপকিনছ ইউনিৰ্ভাছিৰ্টীৰ বিজ্ঞানীৰ এটা দলে আঠ প্ৰকাৰৰ কৰ্কট ৰোগেই পূৰ্বে চিনাক্ত কৰিবৰ বাবে ফলপ্ৰসূ হোৱা এক সাধাৰণ তেজৰ পৰীক্ষাৰ ওপৰত গৱেষণা কৰি সফলতা লাভ কৰে।

সফলতাৰ হাৰ বৰ্তমান ৭০%। আমেৰিকাৰ বিজ্ঞানীসকলে এই সফল গৱেষণাক ‘অত্যন্ত আগ্ৰক উদ্দীপক’ বুলি উল্লেখ কৰিছে। বিজ্ঞানীসকলৰ লক্ষ্য- প্ৰতিবছৰে এবাৰকৈ এই পৰীক্ষা কৰাৰ মাধ্যমেৰে কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰি জীৱন ৰক্ষা কৰা।

উক্ত তেজ পৰীক্ষাৰ সহায়ত ১৬ বিধ পৰিৱৰ্তিত জিন আৰু আঠ প্ৰকাৰৰ প্ৰ’টিন চিনাক্ত কৰাৰ মাধ্যমেৰে কৰ্কট ৰোগ নিৰ্ণয় কৰিব পাৰিব।

*ডিম্বাশয়,

*যকৃৎ,

*পাকস্থলী,

*অগ্নাশয়,

*কন্ঠনলী,

*মলাশয়,

*হাওঁফাওঁ আৰু

*স্তনৰ কৰ্কট ৰোগ- এই আঠ প্ৰকাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ১৫০০ গৰাকী ৰোগীক লৈয়ে কেনচাৰছিক পৰীক্ষাটো কৰা হৈছিল।

তেওঁলোকৰ ৰোগ অন্য টিছ্যুলৈ বিয়পা নাছিল। উক্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৭০% ক্ষেত্ৰত উক্ত তেজৰ পৰীক্ষা সফল।

জন হপকিনছ ইউনিভাৰ্ছিটী স্কুল অব মেডিচিনৰ চিকিৎসক ক্ৰিষ্টিয়ান টোমাছেটিৰ ভাষ্য- কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।

আমাৰ বিশ্বাস, উক্ত তেজ পৰীক্ষাই কৰ্কট ৰোগৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ হাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব।

কৰ্কট ৰোগ যিমানেই পূৰ্বে ধৰা পৰে, চিকিৎসাৰ সহায়ত তাক নিৰাময় কৰাৰ সুযোগ সিমানেই অধিক। পূৰ্বে মুঠ পাঁচ প্ৰকাৰৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত পূৰ্নে চিনাক্তকৰণৰ কোনো স্ক্ৰিনিং পদ্ধতি নাছিল।

এতিয়াৰ পৰা চিকিৎসকৰ পৰামৰ্শ অনুসৰি যিকোনো ব্যক্তিয়েই উক্ত পৰীক্ষা কৰাই চাব পাৰে। উক্ত পৰীক্ষাত কৰ্কট ৰোগ চিনাক্ত হ’লে অনতিপলমে চিকিৎসা সেৱা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পাৰে।

এই পৰীক্ষাৰ সন্দৰ্ভত বিজ্ঞান সাময়িকীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে- এই পৰীক্ষা অভিনৱ। এই পৰীক্ষাৰ সহায়তেই পৰিৱৰ্তিত ডি এন এ আৰু প্ৰ’টিন দুয়োৰে বিচাৰ কৰা হ’ব। ৰোগীৰ জীৱন ৰক্ষা এতিয়া সহজ হৈ পৰিব।

 

মানুহৰ আয়ুস ১৫০ বছৰ হ’ব -

অনন্তকাল জীয়াই থাকিবলৈ মানুহে যুগ যুগ ধৰি নানান চেষ্টা কৰি আহিছে। যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট মেডিকেল স্কুল হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ সাম্প্ৰতিক এক গৱেষণাত মানুহ দীৰ্ঘজীৱী হোৱাৰ চেষ্টাত কিছু আশাৰ ৰেঙনি দেখা গৈছে।

গৱেষণাটি সফল হ’লে মানুহৰ এই চেষ্টাৰ বহুখিনি হাতৰ মুঠিত আহি পৰিব। মানুহৰ আয়ুস বাঢ়ি ১৫০ বছৰ পৰ্যন্ত হ’ব পাৰে। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ ৱেবছাইটত যোৱা মাৰ্চ মাহত এই গৱেষণাৰ কথা প্ৰকাশ হৈছে।

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এই যুগান্তকাৰী গৱেষণাৰ নেতৃত্ব দিছিল ডেভিদ চিনক্লেয়াৰে। এন্দুৰৰ ওপৰত পৰীক্ষা চলাই তেওঁলোকে সফলতা লাভ কৰিছে। সম্প্ৰতি মানৱদেহত এই চিকিৎসা প্ৰয়োগৰ চেষ্টা কৰিছে। তেওঁলোকে।

গৱেষকসকলে দাবী কৰিছে যে, বাৰ্ধক্য প্ৰতিৰোধী গৱেষণা সফল হ’লে শৰীৰৰ বিকল হৈ যোৱা অংগ-প্ৰত্যংগৰ কোষ ব্যৱহাৰ কৰি নতুন অংগ প্ৰস্তুত কৰা হ’ব। ২০২০ চনৰ ভিতৰতে মানুহৰ শৰীৰত এই চিকিৎসা প্ৰয়োগ কৰা হ’ব।

ডেভিড চিনক্লেয়াৰৰ ভাষ্য অনুসৰি, আমাৰ বয়স বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে আমাৰ শৰীৰৰ ভিতৰত থকা সৰু সৰু ৰক্ত নলীৰো আয়ুস বৃদ্ধি পায়। এটি পৰ্যায়ত সেই ৰক্তনলীসমূহ একেবাৰে শুকাই যায়।

ফলত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ তথা পেশীসমূহলৈ ৰক্ত প্ৰবাহৰ পৰিমান কমি যায়। মানুহৰ শৰীৰত দেখা দিয়া অনেক ৰোগ-ব্যধিৰ মূল কাৰণেই হ’ল এই ৰক্তনলীসমূহৰ বাৰ্ধক্য। বিশেষকৈ হৃদৰোগ তথা স্নায়ৱিক ৰোগ ইয়াৰ বাবেই হয়।

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষক দলে এই বিষয়ৰ ওপৰত গৱেষণা চলাইছে, যাৰ সহায়ত ৰক্তনলীৰ বাৰ্ধক্য ৰোধ কৰাটো সম্ভৱ হৈ উঠিব। তাৰ ফলত বহু ৰোগ-ব্যাধি-নিৰাময় কৰাটোও সম্ভৱ হৈ উঠিব। এই গৱেষণাৰ কেন্দ্ৰীয় বিষয় হ’ল ৰক্তনলী আৰু মাংসপেশীৰ সম্পৰ্ক।

মানুহৰ ৰক্তনলীৰ ভিতৰত দেৱালত এনডোথেলিয়াল কোষৰ এক আৱৰণ থাকে। ৰক্তনলীক সজীৱ কৰি ৰখাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। এই এনডোথেলিয়াল কোষৰ বয়স বৃদ্ধি পালেই ৰক্তনলীৰ বাৰ্ধক্য বৃদ্ধি পায়। নিয়মীয়া শৰীৰ চৰ্চা বা ব্যায়ামৰ দ্বাৰা এই প্ৰক্ৰিয়া স্তিমিত কৰিব পাৰি।

এটা বয়সৰ পিচত শৰীৰ চৰ্চাইয়ো ইয়াক বাধা দিব নোৱাৰে। গৱেষক দলৰ মুৰব্বী ডেভিদ চিনক্লেয়াৰে জনায়- এন এ ডি নামৰ এটি অণু আৰু চাৰ্ট ওৱান নামৰ প্ৰ’টিনে এই ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

ৰক্তনলীত এন ডিৰ মূল কাম হ’ল চাৰ্ট ওৱানৰ উপস্থিতি বঢ়াই তোলা। আনহাতে চাৰ্ট ওৱানে ৰক্তনলী আৰু পেশী কলাৰ মাজত সংযোগ স্থাপন কৰে। পিচে বয়স বৃদ্ধি পালে ৰক্তনলীৰ মাজৰ এন এ ডি আৰু চাৰ্ট ওৱান কমিবলৈ ধৰে।

তাৰ ফলত ৰক্তনলী আৰু মাংসপেশীৰ মাজৰ যোগাযোগো কমিবলৈ ধৰে। তেওঁ জনায়- সেইবাবেই প্ৰথম অৱস্থাত এন্দুৰৰ শৰীৰত এন এম এন নামৰ এক ৰাসায়নিক যৌগ প্ৰয়োগ কৰা হৈছিল।

ই এন্দুৰৰ ৰক্তনলীৰ এনডোথেলিয়াল কোষসমূহ কাৰ্যক্ষম হৈ পৰে। আচৰিতভাৱে এই গৱেষণাই নাটকীয়ভাৱে সাফল্য লাভ কৰিছে।

 

দূৰ হ’ব মানৱদেহত অংগ সংস্থাপনৰ বাধ -

মানুহৰ শৰীৰত সংস্থাপনৰ বাবে প্ৰায়ে অংগৰ নাটনি হোৱাৰ কথা উত্থাপিত হয়। এই নাটনি দূৰ কৰিবৰ বাবে সৰ্বোচ্চ জিনগত সংস্কাৰ কৰা ৩৭ টা গাহৰি জন্ম দিয়া হৈছে। শেহতীয়াভাৱে মাৰ্কিন গৱেষকসকলে এই কথা জানিবলৈ দিছে।

বিজ্ঞানীসকলে গাহৰিৰ ডি এন এত লুকাই থকা ভাইৰাছবোৰ অপসাৰণ কৰি ক্ল’নিঙৰ মাধ্যমেৰে উক্ত ৩৭ টা গাহৰি জন্ম দিছে। ইয়াৰ ফলত গাহৰিৰ অংগ মানুহৰ শৰীৰত সংস্থাপনৰ ক্ষেত্ৰত দেখা দিয়া অন্যতম এক বাধা দূৰ হ’ল।

জিনৰ সংস্কাৰ সন্দৰ্ভত কাম কৰা প্ৰতিষ্ঠান ই জেনেছিছৰ বিজ্ঞানীয়ে জনায়- মানুহৰ শৰীৰত গাহৰিৰ অংগ মানি ল’ব পাৰে হোৱা নাছিল। ইয়াৰ সমাধান কৰাটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বান। গাহৰিৰ ডি এন এৰ পৰা ভাইৰাছবোৰ মুক্ত কৰা বিষয়টি প্ৰথম চাঞ্চল্যকৰ এক পদক্ষেপ। বিজ্ঞান সাময়িকীত শেহতীয়াভাৱে এক গৱেষণা প্ৰতিবেদন প্ৰকাশিত হৈছে।

গাহৰিৰ ছালৰ কোষৰ ওপৰত কৰা হয় এই গৱেষণা। সেই কোষ পৰীক্ষা কৰি দেখা যায়- গাহৰিৰ জেনেটিক কোডত ২৫ টি পাৰ্ভছ(পৰছিন এনডোজেনাছ ৰেট্ৰোভাইৰাছ) লুকাই থাকে। পৰৱৰ্তী সময়ত গাহৰিৰ সেই কোষৰ মানুহৰ কোষৰ সৈতে মিলোৱা হয়।

দেখা যায় যে, গাহৰিৰ কোষত থকা ভাইৰাছে মানুহৰ টিছ্যুবোৰক সংক্ৰমিত কৰিছে। পৰৱৰ্তী সময়ত জিন সংস্কাৰ প্ৰযুক্তি ছি আৰ আই এছ পি আৰ ব্যৱহাৰ কৰি গাহৰিৰ কোষৰ পৰা সেই ২৫ টি পাৰ্ভছ দূৰ কৰা হয়।

তাৰ পিছত ক্ল’নিং প্ৰযুক্তি ব্যৱহাৰ কৰি সংস্কাৰ কৰা কোষৰ পৰা নতুন ভ্ৰূণ তৈয়াৰ কৰা হয়। এই জটিল প্ৰক্ৰিয়াৰ দ্বাৰা ৩৭ টা সুস্থ গাহৰি পোৱালি জন্ম হয়।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক আৰু ইজেনেছিছৰ ডাঃ লুহান ইয়াঙে বি বি চিৰ এক সাক্ষাৎকাৰত কয়- এই গাহৰি হৈছে প্ৰথম পাৰ্ভমুক্ত গাহৰি। তদুপৰি এই গাহৰিয়েই জিনগত সৰ্বোচ্চ সংস্কাৰ কৰা প্ৰাণী।

ভিন্ন প্ৰজাতিৰ প্ৰাণীসমূহৰ মাজত অংগ বা টিছ্যু প্ৰতিষ্ঠাপনক জেনোট্ৰান্সপ্লেনটেশ্বন বুলি অভিহিত কৰা হয়। এই পদ্ধতি কাৰ্যকৰী হ’লে অংগ সংস্থাপনৰ বহুদিনীয়া অপেক্ষা দূৰ হ’ব।

আমেৰিকাত বৰ্তমান এক লাখৰো অধিক লোকক অংগ সংস্থাপনৰ প্ৰয়োজন। সমগ্ৰ বিশ্বত এই পৰিমাণ অকল্পনীয়। এই পদ্ধতিয়ে সমূহ ব্যক্তিৰ অংগৰ অভাৱ দূৰ কৰিব বুলি আশা কৰা হৈছে।

অন্য প্ৰাণীৰ তুলনাত গাহৰিৰ অংগই মানুহৰ শৰীৰত জেনোট্ৰান্সপ্লেনটেশ্বন কৰা সম্ভৱ বুলি আশা কৰা হয়। কিয়নো গাহৰিৰ অংগৰ আকাৰ মানুহৰ অংগৰ দৰেই একেই। তদুপৰি গাহৰিৰ জন্মৰ হাৰো অধিক।

তাৰ ফলত গাহৰিৰ ভাইৰাছ দূৰ কৰি মানৱ শৰীৰত গাহৰিৰ অংগ সংস্থাপন এতিয়া সম্ভৱ হ’ব। কেন্ট বিশ্ববিদ্যালয়ৰ জেনেটিছৰ প্ৰবক্তা ডেৰেন গ্ৰিফিনে এই সন্দৰ্ভত কয়- জেনোট্ৰান্সপ্লানটেশ্বন বাস্তৱত সম্ভৱপৰ কৰি তোলাৰ ক্ষেত্ৰত ই এক অতিকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ। পিচে এই ক্ষেত্ৰত হয়তো অধিক বাধাৰ সন্মুখীন হ’বলগীয়া হ’বও পাৰে। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ইয়ান মেকৰ ভায্য- ৰেটাভাইৰাছ দূৰ কৰি গাহৰি পোৱালি জন্ম দিয়া বিষয়টো অতি প্ৰশংসনীয়। ইয়াৰ বাবে নিৰাপদ অংগ সংস্থাপন সম্ভৱপৰ কৰি তোলা হ’ব, সেয়া নিশ্চিত।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate