মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / তেজৰ ইউৰিক এচিড:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তেজৰ ইউৰিক এচিড:

তেজৰ ইউৰিক এচিডৰ বিষয়ে লিখা হৈছে

ইউৰিক এচিড ৰোগৰ উপসৰ্গ:

 

ইউৰিক এচিড সফটিক আকাৰত থাকে। তেজত ইউৰিক এচিড বৃদ্ধি ওহ’লে ইউৰিক এচিডৰ সফটিক শৰীৰৰ গাঁঠি নাইবা জোৰাত সঞ্চিত হ’বলৈ ধৰে। ক্ৰমান্বয়ে বাতৰক্ত বা GOT নামৰ গাঁঠি ফুলা আৰু বিষোৱা ৰোগ হয়। প্ৰথমে ভৰিৰ বুঢ়া আঙুলিত বিষ আৰম্ভ হয় আৰু শেষলৈ হাত-ভৰিৰ বিভিন্ন গাঁঠি ফুলি বিষাবলৈ ধৰে। তদুপৰি, ইউৰিক এচিডৰ সফটিক কিডনীত সঞ্চিত হৈ কিডনী ষ্ট’ন গঠন কৰে।

আহাৰ-বিহাৰ:

 

ইউৰিক এচিড নিয়ন্ত্ৰণ কৰি সুস্বাস্থ্য ৰক্ষাৰ বাবে আহাৰ ৬বাৰ খাব লাগে। দুপৰীয়া আৰু ৰাতি আহাৰ ১৫-২০ শতাংশ কমাই খাব। পুৱা, আগবেলা, আবেলি আৰু সন্ধিয়া লঘু আহাৰ খাব। এইদৰে আহাৰ খালে লিভাৰ, অগ্নাশয় আদিত অত্যধিক চাপ নপৰে বাবে বিপাকত আউল নালাগে। মাংস, কণী, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত প্ৰোটিন আৰু চৰ্বিযুক্ত আহাৰ কমকৈ খাব। বেঙেনা, বিলাহী, ফুলকবি, তিয়ঁহ, পালেং, ৰঙালাও নাখাব। বহুতে ভয়তে মচুৰ নাখাব। বহুতে ভয়তে মচুৰ দাইল নাখায়, কিন্তু মচুৰ দাইল খালে ইউৰিক এচিড নাবাঢ়ে। সেইদৰে কণীৰ বগা অংশ খালেও ইউৰিক এচিড নাবাঢ়ে। পানী চাৰি লিটাৰ খাব। শাৰীৰিক পৰিশ্ৰম কৰিব।

চিকিৎসা:

 

এই ৰোগৰ কাৰণ আৰু উপশম ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে। লিভাৰ আৰু কিডনী সুস্থ-সবল কৰাৰ লগতে বিষ উপশমৰ চিকিৎসা কৰিলেহে সম্পূৰ্ণ ভাল হয়।

১)লিভাৰ সুস্থ-সবল কৰাৰ বাবে Arogya vardhani দুটাকৈ তিনিবাৰ খাব। Kumaryasav নাইবা Rohitakarista নামৰ আয়ুৰ্বেদিক লিভাৰ ঔষধ চাৰি চামুচকৈ দিনে তিনি বাৰ আহাৰৰ পাছত খাব। আয়ুৰ্বেদিক পেটেন্ট ঔষধ Liv52, Livomyn, Amlycure, Beeliv, Livfit আদি ঔষধো খাব পাৰে।

২)কিডনী সুস্থ-সবল কৰি ৰখাৰ বাবে Chandra prabha vati অথবা vangeswar ras দুটাকৈ দিনে তিনিবাৰ খাব। Chandanasav নাইবা Punarnawarista কিডনী সুৰক্ষাৰ বাবে ভাল ঔষধ, চাৰি চামুচকৈ দিনে তিনিবাৰ খাব।

৩)গাঁঠিৰ বিষ উপশমৰ বাবে Kaishore gugulu নাইবা Yogaraj gygyu দুটাকৈ দিনে তিনিবাৰ খাব।

৪)গাঁঠিৰ বিষ উপশমৰ বাবে saindhabadi toil নাইবা Vishagarbha toil দিনে তিনি-চাৰি বাৰ মালিচ কৰিব।

উল্লেখযোগ্য যে আয়ুৰ্বেদিক চিকিৎসাত ইউৰিক এচিড ৰোগী সম্পূৰ্ণ ভাল হয়।

কাৰণ আৰু প্ৰতিকাৰ:

 

তেজত ইউৰিক এচিড বৃদ্ধিৰ সৈতে লিভাৰ আৰু কিডনীৰ প্ৰত্যক্ষ সম্পৰ্ক আছে যদিও আন কিছুমান ৰোগ গৌণভাৱে জড়িত হৈ থাকে। এই ৰোগৰ কাৰণ আৰু প্ৰতিকাৰসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল-

১)ঘৰচীয়া জন্তুৰ মাংস, ব্ৰইলাৰ মুৰ্গী, কণী, গাখীৰৰ পৰা উৎপাদিত খাদ্য অত্যধিক পৰিমাণে খোৱা আৰু কোনোধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰিলে বিপাকৰ অন্তত তেজত ইউৰিক এচিড বাঢ়ে। এইক্ষেত্ৰত লিভাৰ সুস্থ অৱস্থাত থাকে যদিও উপচিতিৰ বাবে ইউৰিক এচিড বাঢ়ে। সেয়েহে শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তিয়ে এইধৰণৰ খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে।

২)আজিকালি চালানী মাছৰ পয়োভৰতা দিনক দিনে বাঢ়িব ধৰিছে। চালানী মাছ নেগেলিব আৰু নপচিবৰ বাবে ফৰ্মেলডিহাইড মাছৰ দেহত সানি সংৰক্ষণ কৰে। এই বিষাক্ত চালানী মাছ খালে লিভাৰ আৰু কিডনীৰ নানানটা ৰোগ হয়। লিভাৰ আৰু কিডনী আক্ৰান্ত হ’লে শৰীৰত হঠাতে ইউৰিক এচিড বাঢ়ে।

৩)ফেটি লিভাৰ অথবা নানান ধৰণৰ পুৰণি লিভাৰ ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত উপৰিউক্ত খাদ্যসমূহ স্বাভাৱিক পৰিমাণে খালেও বিপাকত বিসংগতি আহি পৰে। ফলস্বৰূপে তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িবলৈ ধৰে। সেয়েহে লিভাৰৰ ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত এইধৰণৰ খাদ্য বৰ্জন কৰিব লাগে।

৪)ৰঙালাও কিছুমান মানুহৰ অতি প্ৰিয় খাদ্য। ৰঙালাওত পিউৰিন নামৰ পদাৰ্থ বেছিকৈ থাকে আৰু বিপাকৰ অন্তত পিউৰিক পদাৰ্থবিদ ইউৰিক এচিডলৈ পৰিৱৰ্তন হৈ তেজত সঞ্চিত হ’বলৈ ধৰে। সেয়েহে সদায় আৰু অত্যধিক পৰিমাণে ৰঙালাও নাখাব।

৫)বেঙেনা, বিলাহী, ফুলকবি, পালেং শাক, বীট, বীনজাতীয় পাচলি এক লাভজনক খেতি। বেছিকৈ লাভ কৰাৰ উদ্দেশ্যে খেতিয়কে জোখ-মাখ নোহোৱাকৈ জধে-মধে অতি বিষাক্ত আৰু স্বাস্থ্য হানিকাৰক ৰাসায়নিক সাৰ তথা কীটনাশক ঔষধ প্ৰয়োগ কৰে। এনেধৰণৰ পাচলি খালে লিভাৰ আৰু কিডনীৰ ক্ষতি কৰাৰ লগতে তেজত ইউৰিক এচিড বাঢ়িবলৈ ধৰে। পৰাপক্ষত এনেধৰণৰ পাচলি খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব। হাইব্ৰীড পাচলি ক্ষতিকাৰক হোৱাৰ বিপৰীতে থলুৱা পাচলি বহুত উপকাৰী।

৬)ৰঙা চাকি আটা ইউৰিক এচিড বৃদ্ধিৰ এটা মুখ্য কাৰণ বুলিও ক’ব পাৰি। সেউজ বিপ্লৱৰ নামত আজিকালি জধে-মধে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰা হয়। প্ৰায় ৭ শতাংশ ৰাসায়নিক সাৰ তথা কীটনাশক শস্যৰ বীজত সঞ্চিত হয়। শস্য সামৰাৰ পাছত পোক-পৰুৱাই নাখাবৰ বাবে তথা নপচিবৰ কাৰণে পুনৰ অতি বিষাক্ত পদাৰ্থ ডিডিটি, মালাথিয়ান ইত্যাদি ঘেঁহুত মিহলি কৰে। এই ঘেঁহু নোধোৱাকৈ বা শোধন নকৰাকৈ আটা বনোৱা হয়। এই আটা ব্যৱহাৰ কৰিলে লিভাৰ আৰু কিডনীৰ নানা ধৰণৰ জটিল ৰোগ হোৱাৰ লগতে তেজত ইউৰিক এচিড বৃদ্ধি হোৱআৰ উপৰি কেন্সাৰ ৰোগ হয়। সেয়েহে আটা বৰ্জন কৰি থলুৱা জা-জলপান ব্যৱহাৰ কৰিব।

৭)কিনা আচাৰ, চচ, কাসুন্দী ইত্যাদিত বেছি পৰিমাণে ভিনেগাৰ দিয়া থাকে। ভিনেগাৰ হৈছে এচিটিক এচিড, এই এচেটিক এচিড খোৱাৰ পাছত শৰীৰৰ তেজত ইউৰিক এচিড বাঢ়িবলৈ ধৰে। পৰাপক্ষত এইধৰণৰ কিনা বস্তু নাখাব, ঘৰতে বনাই খাব।

৮)ক্ৰনিক ৰিনেল ফেইলাৰ, নেফ্ৰাইটিছ আদি কিছুমান কিডনী ৰোগ হ’লে ভালদৰে তেজ শোধন কৰিব নোৱাৰে। ফলস্বৰূপে তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িবলৈ ধৰে। গতিকে, কিডনী ৰোগৰ লক্ষণসমূহ দেখা মাত্ৰেই চিকিৎসকৰ লগত পৰামৰ্শ কৰিব।

৯)আমাৰ শৰীৰত দুই-তৃতীয়াংশ পানী থাকে। সেয়েহে শৰীৰটো ভালদৰে শোধন হ’বলৈ প্ৰতিদিনে প্ৰায় তিনি-চাৰি লিটাৰ পানী খাব লাগে। পানী বেছিকৈ খালে বেছিকৈ প্ৰস্ৰাৱ হয় আৰু অতিৰিক্ত ইউৰিক এচিড নিৰ্গত হয়। কম পানী খোৱা ব্যক্তিৰ তেজত ইউৰিক এচিড বঢ়াৰ উপৰি কিডনী ষ্ট’ন ৰোগত আক্ৰান্ত হয়। সেয়েহে সদায় প্ৰচুৰ পৰিমাণে পানী খালে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

১০)বংশগতভাৱে তেজত ইউৰিক এচিড বাঢ়িলে তাক নিৰাপদ কৰাটো সম্ভৱপৰ নহয়। সেয়েহে এইসকল ব্যক্তি খোৱা-বোৱাৰ ক্ষেত্ৰত অধিক সচেতন হৈ থাকিব।

১১)হঠাতে শৰীৰৰ ওজন হ্ৰাস, শৰীৰৰ পদ্ধতিগত ৰোগ, ৰক্তহীনতা, জটিল অস্ত্ৰোপচাৰ, ৰক্ত কেন্সাৰ, হৰিকন ৰোগ, লচিকা গ্ৰন্থিৰ কৰ্কট আদি ৰোগত আক্ৰান্ত হ’লেও ০তেজত ইউৰিক এচিড বাঢ়ে।

১২)ঠাণ্ডা ঠাইত বহুত দিন থাকিলে অথবা একেৰাহে বহুত দিন শৰীৰত ঠাণ্ডা লগোৱা কাম কৰাৰ ফলত ইউৰিক এচিড বাঢ়ে।

১৩)বহুত দিন মূত্ৰল ঔষধ(diureties) খাই থাকিলেও তেজত ইউৰিক এচিড বৃদ্ধি পায়। গতিকে, জধে-মধে মূত্ৰল ঔষধ নাখাব।

১৪)শোথৰোগ(সৰ্বশৰীৰ ফুলা), উচ্চ ৰক্তচাপ আদি ৰোগত আক্ৰান্ত হু’লেও তেজত ইউৰিক এচিড বৃদ্ধি হয়। এই ৰোগত আক্ৰান্ত হ’লে চিকিৎসা গ্ৰহণ কৰিব।

১৫)সদায় বেছিকৈ মদ্যপান কৰা, কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা আৰু প্ৰায়েই উপবাস কৰা ব্যক্তিৰ শৰীৰত জৈৱিক এচিড উৎপন্ন হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে জৈৱিক এচিড ইউৰিক এচিডলৈ পৰিৱৰ্তন হৈ তেজত সঞ্চিত হয়। পৰাপক্ষত মদ্যপান, কঠোৰ পৰিশ্ৰম আৰু অপ্ৰয়োজনীয় উপবাসৰ পৰা বিৰত থাকিব। একেলগে মদ আৰু মাংস খোৱাটো অধিক ক্ষতিকাৰক।

১৬)গেষ্ট্ৰিক ৰোগৰ বাবে খোৱা পেন্ট্ৰোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেট আৰু বিষনাশক ঔষধ বেছিকৈ ব্যৱহাৰ কৰিলে কিডনী ফেইলাৰ নামৰ কিডনী ৰোগ হয়। এই ৰোগত আক্ৰান্ত হ’লে শৰীৰৰ তেজ ভালকৈ শোধন হ’ব নোৱাৰে আৰু শৰীৰত ইউৰিক এচিড দিনক দিনে বাঢ়িবলৈ ধৰে। উল্লেখযোগ্য যে নিউয়ৰ্কৰ বেছেট মেডিকেল চেন্টাৰৰ প্ৰখ্যাত গৱেষক চিকিৎসক চৰত থংপ্ৰায়ুনে চলোৱা গৱেষণামূলক অধ্যয়ন মতে গেষ্ট্ৰিকৰ ঔষধ পেন্ট্ৰোপ্ৰাজল আৰু ৰবিপ্ৰাজল টেবলেট বেছিকৈ খোৱা ব্যক্তিৰ ৩৩ শতাংশ কিডনী ফেইলাৰ আৰু দুও-তৃতীয়াংশৰ পাকস্থলীৰ কেন্সাৰ হয়।

লেখক: ডাঃ মনোজ কুমাৰ শইকীয়া(দেওবৰীয়া সুকন্যা)

2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top