মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / তেজৰ ইউৰিক এচিড বৃদ্ধিৰ ফলত হোৱা Gout (বাতৰক্ত)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তেজৰ ইউৰিক এচিড বৃদ্ধিৰ ফলত হোৱা Gout (বাতৰক্ত)

তেজৰ ইউৰিক এচিড বৃদ্ধিৰ ফলত হোৱা Gout (বাতৰক্ত)



প্ৰাচীন কালৰে পৰাই এই বেমাৰটোক ৰজাৰ বেমাৰ (the disease of kings) বুলি নাম দিয়া হৈ আহিছে কাৰণ সেই সময়ত বা সেই যুগত এই বেমাৰটো ৰজা বা ৰজা ঘৰীয়া মানুহৰ মাজত বেছিকৈ দেখা গৈছিল, যিহেতু এই ৰজা বা ৰজাঘৰীয়া মানুহ বিলাকে নিজৰ খাদ্যাভাস অনুপাতে শাৰিৰীক পৰিশ্ৰম নকৰিছিল।
গাউট বেমাৰক এবিধ আৰ্থাটিচ (Arthritis) বেমাৰৰ প্ৰকাৰ হিচাপে ধৰা হয়। ই হ'ল শৰীৰৰ এনেকুৱা এটা অৱস্থা য'ত তেজৰ ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায় আৰু ইয়াক হাইপাৰইউৰিচেমিয়া (hyperuricemia) বুলি জনা যায়। এই বৰ্ধিত ইউৰিক এচিডৰ এবিধ স্ফটিক বা crystal উৎপন্ন হয় যাক আমি মন' ছডিয়াম ইউৰেত (MSU) ক্ৰিষ্টেল বুলিও জানো। এই স্ফটিক বিলাক যেতিয়া আমাৰ শৰীৰৰ গাঁঠিবিলাকৰ ভিতৰখন আৱৰি ৰখা শ্লেষ্মাৱৰন বা চাইনোভিয়েল মেম্ব্ৰেন বিলাকত গৈ জমা হয় আৰু এই ক্ৰিষ্টেলবিলাক জোঙা হোৱা বাবে তাত বেজীয়ে খোঁচাৰ নিচিনা বিষ আৰু প্ৰদাহৰ সৃষ্টি কৰে। ইয়াকে আমি gout বা সকলোৱে ইউৰিক এচিড বঢ়া বুলি কওঁ। আয়ুৰ্বেদত ইয়াক বাতৰক্ত বেমাৰৰ লগত তুলনা কৰা হয় কাৰণ ইয়াৰ লক্ষণ আৰু উৎপত্তিৰ কাৰণৰ সাদৃশ্যতা দেখা যায়।
আয়ুৰ্বেদত কোৱা হৈছে যে যদি আমি প্ৰায়েই তীক্ষ্ণ, মছলাযুক্ত, টেঙা জাতীয় খাদ্য বেছিকৈ সেৱন কৰো তেন্তে ইয়াৰ ফলত আমাৰ ৰক্ত দূষিত হয় আৰু সেই সময়তে যদি আমাৰ আহাৰ বিহাৰৰ ফলত বাত দোষো প্ৰকূপিত হয় তেনেহলে বাতৰক্ত বেমাৰৰ সৃষ্টি হয়। আধুনিক চিকিৎসা বিজ্ঞানত যেনেকৈ এই বেমাৰটো প্ৰথমতে ভৰিৰ বুঢ়া আঙুলিত আৰম্ভ হোৱা বুলি কোৱা হয় তেনেকৈ আয়ুৰ্বেদতো ইয়াৰ উৎপত্তি ভৰিৰ বুঢ়া আঙুলিৰ পৰা হোৱা বুলি কোৱা হৈছে। ঠাণ্ডা বাতাবৰণ আৰু শৰীৰৰ যি ঠাইত ৰক্ত সঞ্চালন কমকৈ সেই ঠাইত ইউৰিক এচিডৰ পৰা মন'ছডিয়াম ইউৰেটৰ স্ফটিক বা ক্ৰিষ্টেলৰ উৎপন্ন হোৱাৰ বাবে উপযুক্ত পৰিবেশ পায়। যিহেতু আমাৰ ভৰিৰ বুঢ়া আঙুলি শৰীৰৰ অন্য অংশৰ তুলনাত ঠাণ্ডা হয় আৰু তাত ৰক্তৰ সোঁত কমকৈ হয় গতিকে স্ফটিক বিলাক প্ৰথমতে ভৰিৰ বুঢ়া আঙুলিত জমা হৈ গাউট বেমাৰৰ লক্ষণ হিচাপে দেখা দিয়ে। উপযুক্ত সময়ত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণ নকৰিলে ই শৰীৰৰ অন্য গাঠি যেনে: আঠু, মনিবন্ধ, কিলাকুটি, সৰুগাঠি ইত্যাদিক আক্ৰান্ত কৰি গাঠিৰ বিষ উৎপন্ন কৰিব পাৰে।
ওপৰত ৰক্ত কেনেকৈ দূষিত হয় তাৰ কথা কোৱা হ'ল। এতিয়া আহো বাত দোষ কেনেকৈ প্ৰকূপিত হয় তাৰ বিষয়ে জানিবলৈ। বাত দোষ সাধাৰণতে বাত প্ৰকোপক আহাৰ, বিহাৰ আৰু মানসিক কাৰণৰ প্ৰভাৱত প্ৰকূপিত হয়। আহাৰৰ ভিতৰত অধিক তীক্ষ্ণ, শুকান, preservative যুক্ত খাদ্যৰ অত্যধিক ব্যৱহাৰ। বিহাৰৰ ভিতৰত ৰাত্ৰিজাগৰণ, অধাৰণীয় বেগ যেনে: মলমূত্ৰৰ বেগ বহু সময়লৈকে ধৰি ৰখাৰ ফলত ইত্যাদি। মানসিক কাৰণৰ ভিতৰত অত্যধিক মানসিক চাপ, উদ্বেগ ইত্যাদিৰ ফলত বাত দোষ প্ৰকূপিত হৈ আমাৰ গোটেই শৰীৰৰ বিপাক ক্ৰিয়া প্ৰভাৱিত কৰে।
শৰীৰত ইউৰিক এচিড বঢ়াৰ কাৰণ:- মূখ্যতঃ দুটা মাধ্যমৰ যোগেদি শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ে। এটা হ'ল যিকোনো কাৰণতেই নহওক কিয় শৰীৰত অত্যধিক ইউৰিক এচিড উৎপন্ন হোৱাৰ ফলত। মূখ্যতঃ প্ৰটিনজাতীয় খাদ্য যেনে- চয়াবিন, মাংস, মাছ ৰূম, তেলাল মাছ, কণী, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য, পনীৰ, দাইল ইত্যাদিৰ অধিক সেৱন, এলকহল, ফুলকবি, বিলাহী, ময়দাৰ দ্বাৰা বনোৱা খাদ্য আদিৰ অধিক সেৱনৰ ফলত দেহত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যাব পাৰে। লগতে শাৰীৰিক বা মানসিক যিকোনো কাৰণতে শৰীৰৰ কোষ বিলাকত ভাঙনৰ ফলতো ইউৰিক এচিড বাঢ়ি যাব পাৰে। কাৰণ বিলাকৰ ভিতৰত অধিক হাৰত কৰা উপবাস, অনশন, শৰীৰত পোৱা কিবা আঘাত বা কোনো অস্ত্ৰোপচাৰ, কৰ্কট ৰোগত ব্যৱহাৰ কৰা কেমো থেৰাপী ইত্যাদিৰ ফলত আমাৰ শৰীৰৰ কোষবিলাকল স্বাভাবিকতকৈ অধিক হাৰত ধ্বংসপ্ৰাপ্ত বা ভাঙি গলেও শৰীৰত অধিক ইউৰিক এচিডৰ উৎপত্তি হয়। অত্যধিক মানসিক চাপ বা টেনচনৰ ফলতো আমাৰ শৰীৰ দুৰ্বল হৈ গৈ শৰীৰৰ অংগ প্ৰত্যংগ বিলাকৰ কাৰ্য্যক্ষমতা হ্ৰাস পাবলৈ ধৰে আৰু ইয়াৰ পৰাও অধিক ইউৰিক এচিডৰ সৃষ্টি হব পাৰে।
শৰীৰত ইউৰিক এচিডৰ বৃদ্ধিৰ অন্য এটা মাধ্যম হ'ল দেহত ইউৰিক এচিড স্বাভাৱিক পৰিমানতে উৎপন্ন হয় যদিও শৰীৰৰ পৰা পেচাবৰ সহায়ত ওলাই যোৱাত বাধা প্ৰাপ্ত হোৱা। সাধাৰণতে কিডনিৰ সমস্যা বা কিছুমান ঔষধৰ সেৱনৰ ফলত এনে ঘটিব পাৰে। কিডনিৰ যদি কাৰ্য্যক্ষমতা হ্ৰাস পায় ই তেজৰ পৰা ইউৰিক এচিড সথিক পৰিমানত উলিয়াই দিব নোৱাৰে। ফলত শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়। আনহাতে কিছুমান ঔষধৰ সেৱনৰ ফলত যেনে- হৃদৰোগীয়ে ব্যৱহাৰ কৰা এছপিৰিন, কিছুমান পেচাব উৎপন্নকাৰী (diuretics) ঔষধ ইত্যাদিয়ে ইউৰিক এচিডক মূত্ৰৰ জড়িয়তে শৰীৰৰ পৰা ভালদৰে উলিয়াই দিয়া ক্ষমতা কমাই দিয়ে। ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। অত্যধিক এলকহল সেৱনৰ ফলতো শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কাৰণ এলকহল সেৱনৰ ফলত শৰীৰত যথেষ্ট জৈৱিক এচিডৰ (organic acid) ৰ উৎপত্তি হয়। যক্ষ্মা ৰোগৰ বাবে ব্যৱহাৰ কৰা ঔষধ সেৱনৰ ফলতো ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
লব লগীয়া সাবধানতা :- ইউৰিক এচিড বঢ়া ৰোগীয়ে তলৰ খাদ্যবিলাক পৰিত্যাগ কৰিব লাগে। যেনে-
* বিয়াৰ আৰু অন্য এলকহল, মাংস, সাগৰীয় খাদ্য, গাখীৰেৰে বনোৱা খাদ্য , অধিক নিমখ, ফুলকবি,দাইল (সপ্তাহত দুদিন খাব পাৰে), সেউজীয়া মটৰ, মাছ ৰূম, পালেং, ময়দাৰ দ্বাৰা বনোৱা খাদ্য, ফাষ্ট ফুড, জাংক ফুদ, শীতল পানীয় ইত্যাদি ।
* ঠাণ্ডা খাদ্য আৰু ঠাণ্ডা বাতাবৰণ পৰিহাৰ কৰিব লাগে।
* সাধাৰণতে মেদবহুলতাও ইউৰিক এচিড হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। গতিকে শৰীৰৰ ওজন আৰু মেদবহুলতা কমোৱাৰ ব্যৱস্থা কৰা উচিত। সেইবাবে কম কেলৰিযুক্ত খাদ্য খোৱা উচিত। যথেষ্ট পৰিমাণে পানী সেৱন কৰা উচিত। দৈনিক ১১৩ৰ পৰা ১৭০ গ্ৰাম প্ৰটিনজাতীয় খাদ্য সেৱন কৰা উচিত। চৰ্বীজাতীয় খাদ্য কম পৰিমানে সেৱন কৰা উচিত।
*গধূৰ ব্যায়াম পৰিত্যাগ কৰা উচিত ।
*দৈনিক ৰাতিপুৱা খালি পেটত এটা নেমুৰ আধা ফালৰ ৰস এগিলাচ কুহুমীয়া গৰম পানীৰ লগত মিহলাই সেৱন কৰিলে সুফল পোৱা যায় ।গাউট ৰোগীয়ে আপেল, বীট, গাজৰ, চেৰী, তিয়ঁহ, নহৰু, মেথি, আদা, দালচেনী ইত্যাদি সেৱন কৰিব পাৰে।
ইউৰিক এচিডৰ সাধাৰণ পৰিমাণ :- স্বাভাৱিক অৱস্থাত মানুহ এজনৰ শৰীৰৰ ৰক্তত তলত দিয়া পৰিমাণৰ ইউৰিক এচিড থাকিব লাগে। মাইকী মানুহৰ ক্ষেত্ৰত ২.৪-৬ মিলিগ্ৰাম /ডেচিলিটাৰ আৰু মতা মানুহৰ ক্ষেত্ৰত ৩.৪-৭ মিলিগ্ৰাম /ডেচিলিটাৰ। সাধাৰণ তেজ পৰীক্ষাৰ দ্বাৰা শৰীৰত ইয়াৰ উপস্থিতি ধৰা পেলাব পাৰি।
চিকিৎসা :- আধুনিক চিকিৎসা বিজ্ঞানত এইৰোগৰ বাবে বহুতো বিষ নাষক ঔষধ লগতে এলোপুৰিনল, কোলচিচিন, প্ৰবেনেচিদ ইত্যাদি ঔষধৰ ব্যৱহাৰ কৰা হয়। কিন্তু এই সকলোবোৰ ঔষধে ৰোগটো দমন কৰিহে ৰাখে। উপযুক্ত বাতাবৰণ পালে এই ৰোগ বিধ পুনৰ হব পাৰে আৰু বাৰে বাৰে হব পাৰে। কিন্তু আয়ুৰ্বেদত এই বেমাৰৰ সম্পূৰ্ণ চিকিৎসা আছে। আয়ুৰ্বেদীক পঞ্চকৰ্ম চিকিৎসাৰ দ্বাৰা ইয়াৰ চিকিৎসা আগবঢ়োৱা হয় , য'ত ৰোগীজনৰ শোধন চিকিৎসা কৰা হয়। শোধন মানে বাৰে বাৰে বস্তি আৰু বিৰেচনৰ দ্বাৰা শৰীৰৰ শুদ্ধিকৰণ কৰা হয়। লগতে কৈসোৰ গুগ্গুল, মহা বাটবিধ্বমসন ৰস, নিত্যানন্দ ৰস, সাৰিবাদ্যাৰিষ্ট, মন্জিস্টাদি ক্বাথ ইত্যাদি আয়ুৰ্বেদীক ঔষধী ব্যৱহাৰ কৰা হয়। লগতে ফুলি থকা গাঠি বিলাকত সৈন্ধৱাদি তেল, মহাবিষগৰ্ভ তেল ইত্যাদি লগাব দিয়া হয়।


ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top