মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / তেজৰ কলেষ্টেৰল:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তেজৰ কলেষ্টেৰল:

তেজৰ কলেষ্টেৰলৰ বিষয়ে লিখা হৈছে

 

মানুহৰ শৰীৰৰ কোষত থকা কোমল, চৰ্বিসদৃশ পদাৰ্থকে কলেষ্টেৰল বুলি কোৱা হয়। শৰীৰৰ বাবে এই পদাৰ্থবিধ দৰকাৰী যদিও অপৰিমিত কলেষ্টেৰলে দেহৰ ক্ষতিহে কৰে। কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি আমি হৃদপিণ্ডৰ নানান সমস্যা সমাধান কৰিব পাৰো। সাধাৰণতে মুঠ কলেষ্টেৰলৰ ১ শতাংশ হ্ৰাস কৰিব পাৰিলে হাৰ্ট এটেকৰ আপেক্ষিক আশংকা ২ শতাংশ কমে। উদাহৰণস্বৰূপে তেজৰ কলেষ্টেৰলৰ পৰিমাণ ২৫০ মিলিগ্ৰাম/১০০ মিলিলিটাৰৰ পৰা ২০০ মিলিগ্ৰাম/১০০ মিলিলিটাৰ কমাব পাৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা ৪০ শতাংশ হ্ৰাস পায়।

কলেষ্টেৰলৰ উৎস:

 

দুটা উৎসৰ পৰা কলেষ্টেৰলৰ সৃষ্টি হয়। স্বাভাৱিক প্ৰক্ৰিয়াত মানুহৰ লিভাৰত প্ৰধানকৈ কলেষ্টেৰলৰ উৎপন্ন হয়। আনহাতে মানুহে গ্ৰহণ কৰা খাদ্য, যেনে- মাংস, দুগ্ধজাত সামগ্ৰী, কণীৰ কুহুম আদিত যথেষ্ট পৰিমাণে কলেষ্টেৰল থাকে। উল্লেখ্য যে শাক-পাচলি বা উদ্ভিদজাত খাদ্য-সামগ্ৰীত কলেষ্টেৰল নাথাকে।

ট্ৰাইগ্লিচাৰইড: আমি প্ৰকৃতিৰ পৰা প্ৰচুৰ পৰিমাণে ট্ৰাইগ্লিচাৰইড আহৰণ কৰো আৰু ইয়ে চৰ্বিৰ উৎস। আহাৰৰ পৰা চৰ্বি হয় যদিও মানুহৰ দেহটোত স্বয়ংক্ৰিয়ভাৱে চৰ্বিৰ উৎপন্ন হয়। কলেষ্টেৰলৰ সৈতে মিলি এইবোৰে হাৰ্ট এটেকৰ কাৰক হৈ পৰে। সেয়ে দেহৰ পৰা ট্ৰাইগ্লিচাৰইড কমোৱাটো দৰকাৰী।

ভাল-বেয়া কলেষ্টেৰল:

 

তেজত অতিৰিক্ত LDL কলেষ্টেৰল থকাৰ ফলত ধমনীত তেজৰ চলাচলত ব্যাঘাত জন্মে। এনে কলেষ্টেৰলক বেয়া কলেষ্টেৰল বুলি কোৱা হয়। ইয়াৰ বিপৰীতে HDL এ ধমনীৰ পৰা কলেষ্টেৰল আঁতৰাই লিভাৰলৈ ঘূৰাই নিয়ে। তদুপৰি HDL-এ অতিৰিক্ত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি সম্ভাব্য বিপদৰ পৰা মানুহক ৰক্ষা কৰে। সেয়ে ইয়াক ভাল কলেষ্টেৰল বুলি কোৱা হয়। ইয়াতে মনত ৰাখিব লাগিব যে HDL ৰ পৰিমাণ কমি গ’লে হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে।

তেজৰ কলেষ্টেৰল কমিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে:

 

বিভিন্ন তথ্য অনুসৰি তেজৰ কলেষ্টেৰলৰ পৰিমাণ কমিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে। আনহাতে, কলেষ্টেৰলৰ পৰিমাণ পৰিমিত হ’লে এথেৰোস্কোৰোছিছ প্ৰতিৰোধ কৰিব পাৰি। সেয়েহে কলেষ্টেৰলৰ পৰিমাণ কম হ’লে খুবেই ভাল। উচ্চ কলেষ্টেৰল হাৰ্ট এটেকৰ প্ৰধান কাৰক।

কলেষ্টেৰলৰ সংখ্যা মানে কি:

 

২০ বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন ব্যক্তিয়ে কলেষ্টেৰলৰ চেক আপ কৰিব লাগিব। ই এটা তেজৰ সাধাৰণ পৰীক্ষা। পৰীক্ষাৰ ফলাফল চিকিৎসকৰ লগত আলোচনা কৰাটো ভাল। mg/dl(mg)/100 ml এককত কলেষ্টেৰল নিৰ্ণয় কৰা হয়।

সামগ্ৰিক কলেষ্টেৰল:

 

সামগ্ৰিক কলেষ্টেৰল

শ্ৰেণী বিভাজন

200 mg/dl তকৈ কম

বাঞ্ছনীয়

200-239 mg/dl

বিপদৰ সম্ভাৱনা

240-239 mg/dl বা তাতোধিক

বিপজ্জনক

 

LDL কলেষ্টেৰল:

 

কলেষ্টেৰলৰ সামগ্ৰিক পৰিমাণৰ তুলনাত এলডিএলৰ পৰিমাণ হাৰ্ট এটেকৰ ভৱিষ্যদ্বাণী ভালদৰে লাভ কৰিব পাৰি।

LDL স্তৰ নিম্নলিখিতধৰণে হ’ব লাগে

LDL কলেষ্টেৰল

শ্ৰেণী বিভাজন

অনাধিক 130 mg

বাঞ্ছনীয়

130 mg-159 mg/dl

বিপদৰ সম্ভাৱনা

160 mg/dl বা তাতোধিক

বিপজ্জনক

 

ওপৰোক্ত তালিকাখন সাধাৰণ ব্যক্তিৰ বাবেহে। হাৰ্ট এটেক, ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ বা বংশগতভাৱে হাৰ্টৰ আন কিবা ৰোগ থাকিলে ইয়াৰ পৰিমাণ কম হোৱাটো প্ৰয়োজনীয়। LDL যিমানেই কম থাকে সিমানেই ভাল।

হৃদৰোগৰ আনুষংগিক কাৰণসমূহ: উচ্চ ৰক্তচাপ, ধূমপান, ৫৫ বছৰ হোৱাৰ আগতে হাৰ্ট এটেকৰ পাৰিবাৰিক ধাৰা, ডায়েবেটিছ, মেদবহুলতা, ৰক্ত পৰিবাহিকাৰ ব্যাধি, আলস্যপূৰ্ণ জীৱনশৈলী।

HDL কলেষ্টেৰল:

 

এজন পুৰুষৰ দেহত গড়ে 40-50 mg/dl আৰু এগৰাকী মহিলাৰ দেহত 50-60 mg/dl পৰিমাণৰ HDL থাকে। এই পৰিমাণ 35 mg/dl ৰ তললৈ নামিলে হৃদৰোগ হ’ব পাৰে। বাঞ্ছনীয় স্তৰটো হ’ল 45 mg/dl ৰ অধিক। HDL স্তৰৰ উন্নতি ঘটাবলৈ হ’লে ধূমপান পৰিহাৰ কৰক। ওজন নিয়ন্ত্ৰণ কৰক আৰু শাৰীৰিকভাৱে কৰ্মতৎপৰ হৈ থাকক।

ট্ৰাইগ্লিচাৰইড:

 

স্তৰ

শ্ৰেণী বিভাজন

অনাধিক 200 mg/dl

স্বাভাৱিক

200-400 mg/dl

বিপদৰ সম্ভাৱনা

400-1000 mg/dl

বিপজ্জনক

 

যিসকলৰ ট্ৰাইগ্লিচাৰইড 300-400 mg/dl তকৈ অধিক তেওঁলোকৰ গৰিষ্ঠসংখ্যকৰে বংশগত ব্যাধি থাকে। তেওঁলোকৰ বাবে অন্যতম চিকিৎসা হ’ল জীৱনশৈলীৰ সালসলনি, শৰীৰৰ ওজন নিয়ন্ত্ৰণ, চৰ্বিজাতীয় আহাৰ কমকৈ খোৱা, নিয়মীয়া ব্যায়াম, ধূমপান বৰ্জন, মদ্যপান কমোৱা আদি।

খাদ্যাভ্যাস সলনি কৰক:

 

কলেষ্টেৰলজনিত কাৰণত হোৱা বিপদৰ পৰা হাত সাৰি থাকিবলৈ হ’লে প্ৰথমে কলেষ্টেৰলৰ মাত্ৰা কমাব পৰা খাদ্য খাব লাগিব। তাকে কৰিবলৈ হ’লে আপোনাৰ প্ৰথম কামটো হ’ল কম মাত্ৰাত কলেষ্টেৰল থকা খাদ্যহে খাব। শাক-পাচলি, ফল-মূলজাতীয় খাদ্য-সামগ্ৰী অধিক পৰিমাণে খাব লাগে। আনহাতে চৰ্বিজাতীয় খাদ্যসমূহ কমাই খোৱাটো উচিত।

লেখক:ডা:অনুপ কুমাৰ বড়ো(অসমীয়া প্ৰতিদিন)

2.90476190476
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top