মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ বিসংগতিৰ ফলত হোৱা ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ বিসংগতিৰ ফলত হোৱা ৰোগ :

থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ বিসংগতিৰ ফলত হোৱা ৰোগৰ বিষয়ে লিখা হৈছে ।

 

আজিকালি থাইৰয়ডৰ অসুখত আক্ৰান্ত লোকৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে। বৰ্তমান বিশ্বত প্ৰায় ৩০ কোটিৰো অধিক লোক এই সমস্যাত ভুগিছে।

বিভিন্ন উপসৰ্গৰে থাইৰয়ডৰ অসুখত ভুগি থাকিলেও ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ নোযোৱা মানুহৰ সংখ্যাও কম নহয়।

আজিকালি থাইৰয়ডৰ পৰা হোৱা সকলো ধৰণৰ অসুখৰে চিকিৎসা ব্যৱস্থা আছে আৰু থাইৰয়ডজনিত সকলো ৰোগেই আৰোগ্য হয়।

কিন্তু সময়মতে চিকিৎসা নকৰিলে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু ৰোগীৰ মৃত্যুও হ’ব পাৰে।

থাইৰয়ড কি?

থাইৰয়ড একপ্ৰকাৰৰ অন্তঃক্ষৰা গ্ৰন্থি। ই মানুহৰ ডিঙিৰ সমুখৰ ফালে স্বৰযন্ত্ৰৰ(লেৰিংক্স) তলৰ অংশত আৰু শ্বাসনলীৰ(ট্ৰেকিয়া) ওপৰৰ ফালে অৱস্থিত। এটা ক্ষুদ্ৰ অংশৰে দুকাষৰ দুডোখৰ বহল অংশক সংলগ্ন কৰা, পখিলা সদৃশ আকৃতিৰ এই গ্ৰন্থি আকাৰত তেনেই ক্ষুদ্ৰ।

পাখিৰ দৰে দুকাষৰ অংশ দুটাৰ দৈৰ্ঘ প্ৰায় ৪ চেন্টিমিটাৰ আৰু বহলে ১-২ চেন্টিমিটাৰ। এই গ্ৰন্থিটোৰ পৰা কেবাবিধো হৰমোন ক্ষৰণ হয়। এইবিলাকৰ ভিতৰত গুৰুত্বপূৰ্ণ হৰমোন দুবিধ হৈছে-

*টি-৩(T3) আৰু

*টি-৪(T4)।

ৰাসায়নিক নাম ক্ৰমে-

*‘ট্ৰাইআয়োডো-থাইৰোনিন’ আৰু

*‘টেট্ৰাআয়োডো-থাইৰোনিন’।

দুয়োবিধ হৰমোনে শৰীৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ কিছুমান প্ৰক্ৰিয়াৰ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। খাদ্য পৰিপাক প্ৰণালী, অজীৰ্ণ, আৱৰ্জনা নিষ্কাশন আৰু বৃদ্ধি আদি প্ৰয়োজনীয় প্ৰক্ৰিয়াবিলাক নিয়ন্ত্ৰণ তথা পৰিচালনা আদিৰ বাবে এই দুবিধ হৰমোনেই মূলতঃ দায়ী।

এই দুবিধ হৰমোনৰ ক্ষৰণত কোনো ধৰণৰ জটিলতা বা সমস্যাই দেখা দিলে শৰীৰত বিভিন্ন বিসংগতিৰ সৃষ্টি হয়। এই ধৰণৰ সমস্যাবিলাককে আমি থাইৰয়ডৰ সমস্যা বুলি কওঁ।

থাইৰয়ডজনিত সমস্যা কেৱল এই দুবিধ হৰমোনৰ কাৰণেই নহয়। আমাৰ দেহৰ সকলো কামেই নিয়ন্ত্ৰণ হয় মস্তিষ্কৰ যোগেদি। এই মস্তিষ্কতে ‘পিটুইটেৰী’ নামৰ আন এটি অন্তঃক্ষৰা গ্ৰন্থি আছে।

এই গ্ৰন্থিৰ পৰা নিঃসৃত হয় টি.এছ.এইচ.(TSH) বা ‘থাইৰোট্ৰপিন ৰিলিজিং হৰমোন’। পিটুইটেৰী গ্ৰন্থিৰ উপৰিও আমাৰ মগজুৰ হাইপোথেলামাছ নামৰ অংশটোৰ পৰা নিঃসৃত হয় টি.আৰ.এইচ.(TRS) বা ‘থাইৰোট্ৰপিন ৰিলিজিং হৰমোন’।

এই দুবিধ হৰমোনে থাইৰয়ড গ্ৰন্থিৰ কাম-কাজ নিয়ন্ত্ৰণ কৰে। যদি কিবা কাৰণত এই দুবিধ হৰমোনৰ উৎপাদন অনিয়মীয়া বন্ধ হয়, তেনেহ’লে থাইৰয়ড গ্ৰন্থিৰ পৰা টি-৩ আৰু টি-৪ নামৰ হৰমোন দুবিধৰ উৎপাদনো বন্ধ হৈ পৰিব পাৰে।

গতিকে দেখা গ’ল যে মগজুৰ হাইপোথেলামাচে নিয়ন্ত্ৰণ কৰে পিটুটেইটেৰী গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে থাইৰয়ড গ্ৰন্থিক। থাইৰয়ড গ্ৰন্থিৰ পৰা হৰমোন ক্ষৰণ প্ৰক্ৰিয়াৰ কাৰণে এক সুন্দৰ আৰু সুশৃংখলিত পদ্ধতি আছে।

সমস্যাবোৰ হয় ক’ত?

থাইৰয়ড গ্ৰন্থিৰ পৰা হ’ব পৰা সমস্যাবিলাক দুই ধৰণেৰে হয়। প্ৰথম সমস্যাটো হয় এই গ্ৰন্থিৰ পৰা বেছি পৰিমাণে হৰমোন নিঃসৃত হ’লে আৰু দ্বিতীয় সমস্যাটো হয় কম পৰিমাণে অৰ্থাৎ প্ৰয়োজনতকৈ কম পৰিমাণত এই হৰমোন নিঃসৃত হ’লে।

শৰীৰৰ বাবে প্ৰয়োজনীয় পৰিমাণত থাইৰয়ড গ্ৰন্থিয়ে হৰমোন উৎপাদন স্বাভাৱিক মাত্ৰাত হ’লে ডাক্তৰী ভাষাত কোৱা হয় ‘ইউথাইৰয়ডিজম’।

যদি বেছি পৰিমাণৰ হৰমোন নিঃসৃত কৰে, তেনেহ’লে তাক ‘হাইপাৰ থাইৰয়ডিজম’ বুলি কোৱা হয়।

মূলতঃ শেষৰ দুটা সমস্যাই হৈছে থাইৰয়ডৰ প্ৰধান সমস্যা।

পৰিসংখ্যাৰ পৰা দেখা গৈছে যে মহিলাসকলেই থাইৰয়ডৰ সমস্যাত বেছিকৈ ভোগে। বহুক্ষেত্ৰত খাদ্যত আয়োডিনৰ অভাৱৰ বাবেই থাইৰয়ডৰ সমস্যাই দেখা দিয়ে। আয়োডিনযুক্ত নিমখ খালে এই সমস্যা বহু পৰিমাণে সমাধান হয়।

থাইৰয়ডৰ পৰা নিঃসৃত হৰমোনবিলাকৰ প্ৰধান উপাদান হৈছে এই আয়োডিন। সাধাৰণতে আমি খোৱা পানী আৰু শস্যজাত খাদ্যৰ পৰাই শৰীৰৰ বাবে প্ৰয়োজনীয় আয়োডিন সংগ্ৰহ কৰা হয়।

শৰীৰৰ অতিৰিক্ত পৰিমাণত আয়োডিন প্ৰৱেশ কৰিলে থাইৰয়ডৰ কাম-কাজত আউল লাগে। আনহাতে কম পৰিমাণত আয়োজিন খালেও শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে।

হাইপাৰথাইৰয়ড কি?

শৰীৰৰ প্ৰয়োজনতকৈ অধিক পৰিমাণত হৰমোন নিঃসৰণ হ’লে বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিব পাৰে। অতিৰিক্ত পৰিমাণত এই গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমোনে শৰীৰত সৃষ্টি কৰা উপসৰ্গবিলাক এনেধৰণৰ।

*শৰীৰলৈ অৱসাদ ভাব আহে। সামান্য পৰিশ্ৰমতে শৰীৰ ভাগৰি পৰে।

*যিকোনো সময়তে অসহ্য মূৰৰ বিষত ভুগিব পাৰে।

*আহাৰ যিমানেই নেখাওক লাগে, শৰীৰৰ ওজন লাহে লাহে কমি আহে।

*হৃদযন্ত্ৰৰ গতি বৃদ্ধি পায়।

*মহিলাৰ ক্ষেত্ৰত ঋতুচক্ৰ অনিয়মীয়া হয়। ঋতুঅস্ৰাৱ নিৰ্দিষ্ট দিনৰ হিচাপ ঠিকে নেথাকে। স্ৰাৱৰ পৰিমাণো হ্ৰাস পায়।

*দেহ শিথিল হৈ পৰা যেন অনুভৱ হয়। বিশেষকৈ বাহু আৰু উৰুৰ পেশী দুৰ্বল হৈ পৰে।

*সামান্য পৰিশ্ৰমতে অতিৰিক্ত ঘাম ওলায়।

*থাইৰয়ড গ্ৰন্থিৰ আকাৰ বৃদ্ধি পায় বা গয়টাৰে(গৰল বা গলগণ্ড) দেখা দিয়ে অৰ্থাৎ ডিঙি ফুলা ৰোগ হয়।

*দৃষ্টিশক্তি কমি আহে। ওচৰ অথবা দূৰৰ যিকোনো বস্তু অস্পষ্ট দেখে। চকু ফুলি উঠে আৰু ৰঙা পৰে।

*সঘনাই পেট চলা ৰোগত ভোগে। শৌচ পৰিষ্কাৰ নহয়। অজীৰ্ণ ৰোগত ভোগে।

*কোনো কথাতে মনোযোগ দিব নোৱাৰা হয়, মনৰ স্থিৰতা হ্ৰাস পায়।

*অনিদ্ৰা ৰোগত ভোগে।

*মন অস্থিৰ হয়। সামান্য কথাতে উত্তেজিত হৈ উঠে। ধৈৰ্য শক্তি নাইকিয়া হয়।

*যিকোনো সময়তে বুকু ধৰফৰাব পাৰে।

*সামান্য গৰমো সহ্য কৰিব নোৱাৰা হয়। গাৰ ছাল অনবৰতে ঘামত তিনি থাকে।

*ইয়াৰ উপৰিও বমিৰ ভাব বা বমি হয়। গাৰ যিকোনো অংগতে খজুৱতি হ’ব পাৰে। হাৰ্ট ফেইলাৰ, ষ্ট্ৰোক বা মানসিক ৰোগো হ’ব পাৰে।

*কেতিয়াবা এনে অসুখত ভোগা লোকৰ অতিৰিক্ত কাম কৰাৰ প্ৰৱণতা দেখা যায়। ৰুগ্ন ব্যক্তিয়ে হীনমন্যতা, নাৰ্ভাছনেচ আদি উপসৰ্গত ভোগে।

*অনাহকতে কেতিয়াবা হাত বা শৰীৰ কঁপিব পাৰে।

হাইপোথাইৰয়ডিজম -

কোনো কাৰণত থাইৰয়ড হৰমোন নিঃসৰণ কম হ’লে বা অভাৱ হ’লে শৰীৰত অন্য কিছুমান উপসৰ্গই দেখা দিয়ে।

এনে অৱস্থাক হাইপোথাইৰয়ডিজম বুলি কোৱা হৈছে শৰীৰৰ মেটাবলিজিম’(বিপাক ক্ৰিয়া) সঠিক অৱস্থাত ৰখা। সেয়ে এই গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমোনৰ পৰিমাণ হ্ৰাস পালে শৰীৰৰ মেটাবলিজম বাধাপ্ৰাপ্ত হয়।

আমেৰিকাৰ দৰে উন্নত আৰু স্বাস্থ্য সচেতন দেশতে প্ৰায় ৮ নিযুত লোক হাইপোথাইৰয়ড ৰোগত ভোগে। ইয়াৰে অধিকাংশই মহিলা।

আমাৰ দেশতো সম্ভৱতঃ ইয়াতকৈ বহুগুণে বেছি সংখ্যক থাইৰয়ড ৰোগী আছে। কিন্তু ইয়াৰে এটি বৃহৎ অংশৰ লোকে এই ৰোগ স্বাভাৱিক বুলি মানি লৈ চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ নিশ্চয় থাকে।

বহুতৰে সঠিকভাৱে ৰোগ নিৰ্ণয় নোহোৱাকৈ থাকে। প্ৰধানতঃ দুটি কাৰণত হাইপোথাইৰয়ড ৰোগত আক্ৰান্ত হ’ব পাৰে।

*থাইৰয়ড গ্ৰন্থিৰ প্ৰদাহৰ(ইনফ্লেমেচন) কাৰণে থাইৰয়ড কোষ বিনষ্ট হয়, আৰু তেনে অৱস্থা হ’ল হৰমোন নিঃসৃত নহয়।

*অস্ত্ৰোপচাৰ বা কোনো কোনো বিশেষ ঔষধ সেৱনৰ ফলত হৰমোন নিঃসৃত নহয়।

*ৰেডিঅ’ আৱৰণ থেৰাপিৰ কাৰণেও এই ৰোগ হ’ব পাৰে।

*কেতিয়াবা কিবা কাৰণত পিটুইটেৰী গ্ৰন্থিৰ অসুখৰ কাৰণে থাইৰয়ড ষ্টিমুলেটিং হৰমোনৰ উৎপাদন নহয় বা পৰিমাণ কম হয়, ফলত থাইৰয়ড হৰমোনৰ উৎপাদন বন্ধ হৈ পৰে।

উপসৰ্গবিলাক:

ক্লান্তি ভাব। পুৱা শুই উঠি টোপনি পূৰা নোহোৱাৰ ভাব থকা। পুনৰ শুবলৈ মন যোৱা।

শৰীৰ অত্যন্ত দুৰ্বল লগা। অলপ পৰিশ্ৰমতে অৱশ হৈ পৰা।

*সামান্য শীতল পৰিৱেশত বেছিকৈ ঠাণ্ডা অনুভৱ কৰা। বিশেষকৈ হাত-ভৰিত বেছিকৈ ঠাণ্ডা লগা।

*হঠাৎ দেহৰ ওজন বাঢ়ি যোৱা অথবা যথেষ্ট খোৱা-বোৱা কৰা সত্ত্বেও শুকাই-ক্ষীণাই যোৱা। চুলি শুকান হৈ সোনকালে সৰিবলৈ আৰম্ভ কৰা।

*কন্ঠস্বৰ পৰিৱৰ্তন হৈ কৰ্কশ হৈ পৰা।

*কাণেৰে কম শুনা।

*ছাল শুকান হৈ বিবৰ্ণ হৈ পৰা।

*নখ শুকাই গৈ ভাগি যোৱা।

*পেশী আৰু হাড়ৰ সন্ধিত বিষ আৰম্ভ হোৱা।

*বহুদিন ধৰি কোষ্ঠবদ্ধতা হৈ থকা।

*চকু, মুখ, হাত আৰু ভৰি ফুলা।

*যৌন উত্তেজনা কমি যোৱা।

*কোনো কাৰণ অবিহনে মহিলাৰ সঘন গৰ্ভপাত আৰু বন্ধ্যাত্ব আহিব পাৰে।

*শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি যায়। খোৱা-বোৱা নিয়ন্ত্ৰণ কৰি, ঔষধ খাই কলেষ্টেৰল কমাব নোৱাৰি।

*স্বাভাৱিকতকৈ বেছি পৰিমাণত হোৱা ঋতুস্ৰাৱ। বেছিদিনলৈ চলা আৰু সময়তকৈ আগতে হোৱা।

*একাৰ্জি, খজুৱতি, ঘামচি বেছি ধৰণেৰে হোৱা। লগতে অন্যান্য চৰ্বৰোগ বৃদ্ধি পোৱা।

*এনিমিয়া(ৰক্তাল্পতা) বা তেজত লোৰ পৰিমাণ অতিৰিক্তভাৱে বৃদ্ধি পোৱা(হেমাক্ৰোমাটোচিচ)।

*কোনো কামতে মনোযোগ দিব নোৱাৰা অৱস্থা হোৱা। চিন্তা কৰিলে মূৰটো গধুৰ গধুৰ লগা। ক্ষীণ দেহ হঠাতে মাংসল হৈ উঠা।

*স্মৃতিভ্ৰম হোৱা ক্ষন্তেক আগৰ কথাকে পাহৰি যোৱা।

*খিংখিঙীয়া স্বভাৱৰ হোৱা। অলপতে খং উঠা।

*হাত আৰু ভৰিৰ পেশী হঠাতে টানি ধৰা।

এই বিসংগতিৰ বাবে হ’ব পৰা বিপদ:

থাইৰয়ড গ্ৰন্থিৰ হৰমোনৰ উৎপাদনৰ পৰিমাণ কমি গ’লে ওপৰৰ উপসৰ্গবিলাক দেখা দিবই। লগতে গলগণ্ড বা ডিঙি ফুলা ৰোগ হ’ব পাৰে।

সময়ত চিকিৎসা নকৰিলে ৰোগী হৃদৰোগত আক্ৰান্ত হ’ব পাৰে। অৱশেষত ৰোগী অচেতন হৈ ‘ক’মা’ অৱস্থালৈ যাব পাৰে বা ডিপ্ৰেছন হৈ হঠাৎ মৃত্যুৰ মুখত পৰিব পাৰে।

ৰোগ নিৰ্ণয় আৰু চিকিৎসা -

বিশেষধৰণৰ ৰক্ত পৰীক্ষাৰ দ্বাৰাহে এই ৰোগ ধৰা পৰে। হাইপাৰথাইৰয়ডিজম আৰু হাইপোথাইৰয়ডিজমৰ দুয়ো ক্ষেত্ৰতে দেখা দিয়া উপসৰ্গবিলাক বেছিভাগৰে সাদৃশ্য আছে অভিজ্ঞ এণ্ডোক্ৰইনোল’জিষ্ট অৰ্থাৎ অন্তঃক্ষৰা গ্ৰন্থি বিশেষজ্ঞই ৰোগৰ সাধাৰণ লক্ষণ দেখি ৰোগ নিচাক্ত কৰিব পাৰে।

তথাপি তেজৰ কিছুমান বিশেষ পৰীক্ষাৰ দৰকাৰ হয়। নিশ্চিতভাৱে ৰোগ নিৰ্ণয় হ’লে এই দুয়োবিধ ৰোগৰে উপযুক্ত চিকিৎসা কৰিব পৰা হয় আৰু ৰোগী সম্পূৰ্ণৰূপে আৰোগ্য হয়।

চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধৰ পৰিমাণ পৰিৱৰ্তন কৰা বা বন্ধ কৰা উচিত নহয়। অৱশ্যে এই ৰোগ হ’লে সমগ্ৰ জীৱন জুৰি ঔষধ খাই থাকিবলগীয়া হয়।

কাৰণ -

থাইৰয়ডৰ অসুখ আজিকালি একপ্ৰকাৰ তেনেই সাধাৰণ অসুখত পৰিণত হৈছে। আজিকালি প্ৰতি দহজন মানুহৰ ভিতৰত দুজনেই এই ৰোগত ভোগে।

থাইৰয়ডৰ অসুখ বিভিন্ন কাৰণত হ’ব পাৰে। সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা বিচাৰ কৰিলে দেখা যায় যে থাইৰয়ডৰ অসুখ হোৱাৰ মূল কাৰণটো হ’ল আয়োডিনৰ অভাৱ।

আয়োডিনৰ অভাৱৰ বাবে গণ্ডগল বা হাইপোথাইৰয়ড নামৰ অসুখটো হয়। আজিকালি বিশ্বৰ প্ৰায় সকলো দেশতে বিভিন্ন উপায়েৰে আয়োডিনৰ অভাৱ পূৰণ কৰা হৈছে।

আমাৰ দেশতো নিমখৰ লগত আয়োডিন মিহলি কৰি এই দ্ৰব্যবিধৰ অভাৱ পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। সেয়ে আয়োডিনৰ পোনপটীয়া অভাৱৰ বাবে এই ৰোগ আজিকালি হোৱাৰ সম্ভাৱনা কৰিছে।

আজিকালি থাইৰয়ড অসুখ হোৱাৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছে অটো-ইমিউনিটি বা শৰীৰৰ স্বয়ংক্ৰিয় ৰোগ প্ৰতিৰোধ ক্ষমতা।

এই ক্ষমতা অন্যহাতে এক প্ৰকাৰৰ শাৰীৰিক ক্ৰুটি। শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই শৰীৰৰ বিভিন্ন প্ৰোটিনৰ বিৰুদ্ধে কিছুমান এন্টিবডি সৃষ্টি কৰে আৰু এই এন্টিবডিবিলাকে শৰীৰৰ প্ৰয়োজনীয় গ্লেণ্ডবিলাকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলায়।

কিন্তু এই অটো ইউমিনিটি ব্যৱস্থাটোৱে থাইৰয়ড গ্লেণ্ডটোক নষ্ট নকৰে, বৰং ইয়াক বেছি সক্ৰিয় কৰিহে তোলে।

ফলত হাইপাৰ থাইৰয়ড নামৰ বিসংগতিয়ে দেখা দিয়ে। অৰ্থাৎ থাইৰয়ড গ্ৰন্থিৰ হৰমোন নিঃসৰণ প্ৰয়োজনতকৈ অধিক মাত্ৰাত হয় আৰু এই ৰোগৰ উপসৰ্গবিলাকে দেখা দিয়ে।

জন্মগত ক্ৰুটিৰ ফলতো থাইৰয়ড গ্ৰন্থিৰ বৃদ্ধি কেতিয়াবা বাধাগ্ৰস্ত হ’ব পাৰে। কোনো কোনো ক্ষেত্ৰত থাইৰয়ড গ্ৰন্থি শৰীৰত নেথাকেই। এই বিসংগতিক ‘আথাৰিয়োচিছ’(Athyreosis) বুলি কোৱা হয়।

কেতিয়াবা আকৌ জন্মগত কাৰণতে থাইৰয়ড গ্ৰন্থি গঠন হ’লেও নিৰ্দিষ্ট স্থানত নেথাকে বা ঠিকমতে সক্ৰিয় নহয়।

ফলত শিশু অৱস্থাতে শৰীৰৰ বৃদ্ধি স্থবিৰ হৈ পৰে বা যৌৱন বা কৌশোৰ অৱস্থাত হ’বলগীয়া শৰীৰৰ স্বাভাৱিক গঠনবিলাক বাধাগ্ৰস্ত হয়।

থাইৰয়ডৰ অসুখ বংশগত নেকি?

থাইৰয়ডৰ অসুখ পিতৃ-মাতৃৰ হ’লেই যে সন্তানৰো হ’ব, তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। অৱশ্যে অটো-ইমিউন প্ৰণালীৰ বিসংগতি কিছু পৰিমাণে বংশগত।

পিতৃ-মাতৃৰ এই সমস্যা থাকিলে ল’ৰা-ছোৱালীৰ থাইৰয়ডৰ অসুখ হোৱাৰ সম্ভাৱনা বেছি হয়।

ৰোগ নিৰ্ণয় আৰু পৰীক্ষা -

উপসৰ্গই দেখা দিলেই টি.এছ.এইচ. থাইৰয়ড ষ্টিমুলেটিং হৰমোন নামৰ তেজৰ পৰীক্ষাটো কৰিবলৈ দিয়া হয়। সাধাৰণ সুস্থ অৱস্থাত মানুহৰ তেজত টি.এছ.এইচ.ৰ পৰিমাণ থাকিব লাগে ০.০ৰ পৰা ৫.৫ এককৰ ভিতৰত।

যদি টি.এছ.এইচ.ৰ মাত্ৰা ৫.৫ বা ৬তকৈ বেছি থাকে, তেনেহ’লেব্যক্তিজনৰ হাইপোথাইৰয়ড আছে বুলি জানিব পাৰি। অৱশ্যে ব্যক্তিভেদে এই মাত্ৰাৰ তাৰতম্যও হ’ব পাৰে।

আনহাতে হাইপাৰথাইৰয়ড বিসংগতিৰ পৰা গ্ৰেভছ ডিজিজ নামৰ অসুখ এবিধ হ’ব পৰে। এই ৰোগ পুৰুষতকৈ মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। গ্ৰেভছ ডিজিজৰ পৰা চকুৰ অসুখো হ’বগৈ পাৰে।

চিকিৎসা -

থাইৰয়ডৰ অসুখ হ’লে ভাল নহয় বুলি বহুতৰে ভুল ধাৰণা আছে। অৱশ্যে হাইপোথাইৰায়ডৰ সমস্যাত ভোগা লোকে সমগ্ৰ জীৱন ধৰি নিয়মিতভাৱে ঔষধ খাই থাকিবলগীয়া হয় আৰু যিসকলে হাইপাৰথাইৰয়ডৰ সমস্যাত ভুগিছে, তেওঁলোকে নিয়মীয়াকৈ ১-২ বছৰ ধৰি ঔষধ খাই থাকিলে এই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰে।

হাইপাৰথাইৰয়ডৰ পৰা হোৱা আনুষংগিক ভালেমান সমস্যাই দেখা দিব পাৰে আৰু এইবিলাক সমস্যাৰ পৰা নিষ্কৃতি পাবৰ বাবে এই গ্ৰন্থিটো অস্ত্ৰোপচাৰৰ যোগেদি সম্পূৰ্ণৰূপে বা আংশিকভাৱে উঠাই পেলোৱা হয়।

অপাৰেচন কৰা অধিকাংশ ৰোগীয়েই থাইৰয়ডৰ ঔষধ খাবলগীয়া নহয়। হাইপাৰ থাইৰয়ডৰ চিকিৎসাৰ বাবে তেজক্ৰিয় আয়োডিনো ব্যৱহাৰ কৰা হয়।

কেপচুল বা তৰল ঔষধৰ ৰূপত ব্যৱহাৰ কৰা এই ঔষধ সাধাৰণতে ২০-২৫ বছৰৰ ওপৰ বয়সৰ লোকৰ ওপৰত প্ৰয়োগ কৰা হয়।

থাইৰয়ড গ্ৰন্থিৰ বিসংগতিৰ ফলত হোৱা ৰোগ -

পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ লোক আয়োডিনৰ অভাৱ থকা অঞ্চলত বাস কৰে। সেইবিলাক অঞ্চলত প্ৰতিদিনে ৫০ ug তকৈ কম আয়োডিন সেৱন কৰা লোকৰ মাজত গৰল(Goiter) ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।

যেতিয়া দৈনিক আয়োডিন সেৱন ২৫ ug তকৈ কমি যায়, তেতিয়া সেই লোকসকলে মাজত জন্মগতভাৱে ‘হাইপো-থাইৰয়ডিজম’ নামৰ ৰোগবিধৰ প্ৰদুৰ্ভাৱ দেখা পোৱা যায়।

আয়োডিন একেবাৰে কম থকা অঞ্চলৰ লোকৰ মাজত চূড়ান্ত আয়োডিনৰ অভাৱত ভোগা লোকৰ সংখ্যা সৰ্বাধিক ৮০ শতাংশ হয়গৈ।

দক্ষিণ পূন এছিয়াৰ পাৰ্বত্য অঞ্চলত বসবাস কৰা লোকসকলৰ মাজতে সৰ্বাধিক মাত্ৰাত আয়োডিনৰ অভাৱত ভোগা লোকৰ সংখ্যা সৰহ।

ইয়াৰ উপৰি লেটিন আমেৰিকা আৰু মধ্য আফ্ৰিকাৰ লোকৰ মাজতো আয়োডিনৰ অভাৱত ভোগা লোকৰ সংখ্যা যথেষ্ট বেছি।

খাদ্যত আয়োডিনৰ অভাৱত ভোগা ৰোগীক খুৱাই থাকিলে ৰোগীৰ ডিঙিৰ গৰল বা গয়টাৰৰ আকাৰ সৰু হয় আৰু গৰল ৰোগ প্ৰতিৰোধ হয়।

ল’ৰা-ছোৱালীৰ আয়োডিনৰ অভাৱত হোৱা বিকাৰ, যেনে- বাঢ়িব নোৱাৰা, বুদ্ধিহীনতা আৰু গাৰ ছাল খহটা হোৱা আদিও প্ৰতোৰোধ হয়।

আয়োডিনৰ অভাৱত ‘নডুলাৰ গয়টাৰ’ হ’ব পাৰে আৰু তাৰ পৰাই ‘থাইৰোটক্সিকোচিছ’ নামৰ বিকাৰ হ’ব পাৰে।

আয়োডিন যোগানৰ ব্যৱস্থাইও ‘থাইৰোটক্সিকোচিছ’ৰ সৃষ্টি কৰিব পাৰে। বিশেষভাৱে ৪০ বছৰৰ তলৰ বয়সৰ আৰু নডুলাৰ গয়টাৰ থকা লোকৰ ক্ষেত্ৰত এনে হ’ব পাৰে।

লেখকা: ডাঃ নীলমাধৱ বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

থাইৰয়ড বা গলগণ্ড ৰোগত অপৰাজিতাৰ ব্যৱহাৰ -

অপৰাজিতা অতি দৰকাৰী বনৌষধি লতা। অপৰাজিতা সাধাৰণতে বগা আৰু নীলা ৰঙৰ ফুলৰ দুবিধ দেখা যায় যদিও আৰু বেলেগ বেলেগ ৰঙৰ ফুল ফুলা অপৰাজিতাও আছে।

ঔষধ হিচাপে অপৰাজিতাৰ শিপা, গছ আৰু পাত সাধাৰণতে ব্যৱহাৰ কৰা হয়।

*হিষ্টিৰিয়া(Histetia) ৰোগত অপৰাজিতাৰ শিপা ৫ গ্ৰাম, পাত ৩০ টা থেতালি চেকি ১ চাহ চামুচ পৰিমাণে ৰস খালে হিষ্টিৰিয়া বেমাৰত মূৰ্ছা যোৱা ভাল হয়। চাৰি-পাঁচ দিন খালে ৰোগ সম্পূৰ্ণ আৰোগ্য হয়।

*বুকু-পিঠিত খোচা-বিন্ধা কৰিলে বা বিষ হ’লে তিনি-চাৰি গ্ৰাম অপৰাজিতাৰ শিপাৰ(নীলা ফুলৰ অপৰাজিতা) চালে বতি তাত অলপ গৰু ঘিউ, অলপ মৌজোল আৰু চেনি মিহলাই ৰাতিপুৱা আৰু আবেলি দিনে দুবাৰকৈ সাত-আঠ দিন খালে বিষ বা পিঠিৰ খোচা-বিন্ধা কমি যায়।

*কামজ উন্মাদ হ’লে অপৰাজিতাৰ(নীলা-বগা) শিপাৰ চাল তিনি গ্ৰাম এক গ্ৰাম ঘিউৰ সৈতে পিহি তাত এচামুচ চাউল ধোৱা পানীৰে খাব লাগে। সাত দিন খালে বেমাৰটো পানীৰে খাব লাগে। সাত দিন খালে বেমাৰটো আৰোগ্য হয়।

*থাইৰয়ড ৰোগত ভোগা ৰোগীয়ে অপৰাজিতাৰ মূলৰ লগত পাঁচ-ছয় গ্ৰাম ঘিউ মিহলাই শিলেৰে পিহি তাত আধা চামুচ মৌজোল মিহলাই খাব লাগে। দহ-পোন্ধৰ দিন খাব লাগে। মূল বা শিপা তিনি গ্ৰাম হ’ব লাগে।

*ঘন ঘনকৈ প্ৰস্ৰাৱ হোৱা ৰোগত নীলা অপৰাজিত লতাৰ শিপাৰ ৰস এক চাহ চামুচ পৰিমাণত দিনে দুবাৰকৈ অলপ গাখীৰ মিহলাই খাব লাগে। তিনি-চাৰি দিন খালে এনে সমস্যা দূৰ হয়।

*মেধাশক্তি বৃদ্ধিৰ বাবে বগা অপৰাজিতাৰ শিপাৰ ৰস আৰু পাতৰ ৰস উলিয়াই আয়ুৰ্বেদীয় ঘিউ তৈয়াৰ কৰি খাব লাগে। দিনে এবাৰকৈ খালে মেধাশক্তি বৃদ্ধি হয়। এইকেইটা মিশ্ৰণৰ ঘিউ প্ৰস্তুত কৰি কিছুদিন ব্যৱহাৰ কৰি স্মৰণ শক্তি বাঢ়ে।

*মাত ভাগিলে লেৰিংচৰ বিসংগতিত বগা বা নীলা অপৰাজিতাৰ সমগ্ৰ লতা, পাত দহ গ্ৰাম থেতালি চেকি পানীখিনিৰে কুলি(Gargle) কৰিব লাগে। পাঁচ মিনিটকৈ দিনে দুই-তিনিবাৰ পাঁচ দিন।

*শুকান কাহত এলাৰ্জিৰ দৰে হ’লে অপৰাজিতাৰ(নীলা বা বগা) শিপাৰ ৰস একে চাহ চামুচ, আধা কাপ গৰম পানী মিহলাই সেই পানী(সহ্য কৰিব পৰা) মুখত দহ মিনিট সময় ৰাখি কুলি কৰিব লাগে। দিনে দুবাৰ কুলি কৰিলে কাহ উপশম হয়। পাঁচ দিন ধৰি এনে ব্যৱস্থা ল’ব লাগে।

*মাইগ্ৰেণ বা আধকপালি ৰোগত নীলা অপৰাজিতাৰ শিপা আৰু ল’তা-পাতসহ একেলগে থেতালি তাৰ ক্ৰস নস্য ল’লে(Inhale) দুই-তিনি দিনৰ ভিতৰত ভাল হয়।

লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top