মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ ৰোগ :

থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

থাইৰয়ড নামৰ অন্ত:ক্ষৰণ গ্ৰন্থিটো (Endocrine Gland) আমাৰ ডিঙিৰ সন্মুখত শ্বাসনলীৰ (Trachea) সন্মুখ আৰু দুয়োফাল আগুৰি থাকে । শৰীৰৰ অইন অন্ত:ক্ষৰণ গ্ৰন্থিৰ নিচিনাকৈ এই গ্ৰন্থিৰ পৰা নি:সৰণ হোৱা থাইৰক্সিন নামৰ হৰমোন পোনে পোনে তেজত সোমায়গৈ । এই হৰমোনে শৰীৰৰ বিভিন্ন বিপাক ক্ৰিয়াত অংশগ্ৰহণ কৰি বিভিন্ন অংগৰ কাৰ্যত সহায় কৰে ।

পাতল ৰঙা ৰঙৰ পখিলা সদৃশ প্ৰায় ২৫ গ্ৰাম ওজনৰ এই গ্ৰন্থিটোৰ দুটা ত্ৰিভুজাকৃতিৰ অংশ শ্বাসনলীৰ দুয়োফালে থাকে আৰু এই অংশ দুটাক এটা ঠেক কোষপিণ্ডৰে শ্বাসনলীৰ সন্মুখেৰে সংলগ্ন কৰে । ডিঙিৰ সন্মুখৰ উঠি অহা অংশ আৰু তলৰ গাঁতসদৃশ অংশৰ মাজতে এই গ্ৰন্থিটো থাকে । ইয়াক এখন পাতল আৱৰণে ঢাকি ৰাখে। সাধাৰণ অৱস্থাত ইয়াক হাতেৰে চুই ইয়াৰ অৱস্থিতি ধৰিব নোৱাৰি । থাইৰয়ড গ্ৰন্থিৰ ভিতৰখন বহুতো কোষেৰে গঠিত । এই কোষবোৰ কিছুমান  ঠাইত একগোট হৈ থাকি কোষসমষ্টিৰ সৃষ্টি কৰে । এই কোষ সমষ্টিবোৰেই হ’ল ফলিকল (Folicle) । এই কোষবোৰেই হৰমোন নি:সৰণ কৰে । কিছুমান ঠাইত থাইৰয়ড হৰমোন তৈয়াৰ কৰিব পৰা প্ৰোটিন জাতীয় পদাৰ্থৰে ভৰি থাকে । এইবোৰকে কলইড (Colloid) বোলা হয় ।

থাইৰয়ড হৰমোন -

থাইৰয়ড গ্ৰন্থিয়ে তেজত তিনিধৰণৰ হৰমোন নি:সৰণ কৰে । থাইৰক্সিন (Thyroxin T4), ট্ৰাই আয়োডো  থাইৰোনিন (Trilodo Thyronin T13)আৰু কেলচিটোনিন (Calcitonin) । ইয়াৰ ভিতৰত থাইৰক্সিন হ’ল অতি আৱশ্যকীয় আৰু সক্ৰিয় হৰমোন । প্ৰথম দুবিধ হৰমোন থাইৰয়ডৰ ফলিকুলাৰ কোষবোৰে তৈয়াৰ কৰে আৰু শেষৰ বিধ পৰা ফলিকুলাৰ কোষবোৰে উৎপন্ন কৰে । কেলচিটোনিনে শৰীৰত কেলচিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে । থাইৰক্সিন আৰু ট্ৰাইআয়োডো থাইৰোনিন উৎপন্ন কৰিবলৈ থাইৰয়ড গ্ৰন্থিক আয়োডিনৰ প্ৰয়োজন । আয়োডিনে টাইৰোচিন (Tyrosin) নামৰ এমাইনো এচিদৰ লগত ৰাসায়নিক ক্ৰিয়া কৰি শেষত থাইৰক্সিন উৎপন্ন কৰে । থাইৰয়ড গ্ৰন্থিৰ বাবে অতি প্ৰয়োজনীয় এই আয়োডিন শৰীৰে খোৱা পানীৰ পৰা আহৰণ কৰে । পিছে হিমালয়ৰ পাদদেশত থকা নদীবোৰত আয়োডিনৰ পৰিমাণ অতি কম । সেয়েহে কাশ্মীৰৰ পৰা অৰুণাচলৈ এইবোৰ অঞ্চলৰ লোকে পৰ্যাপ্ত পৰিমাণে আয়োডিন নাপায় । ফলত এনেধৰণে আয়োডিন কমি থকা লোকে থাইৰয়ড গ্ৰন্থিৰ নিম্নকাৰ্যক্ষমতাত (Hypothyroidism) ভোগে। আয়োডিনৰ অভাৱ হ’লে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন তৈয়াৰ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়, ফলত এই গ্ৰন্থিত থকা প্ৰতিটো ফলিকুলাৰ কোষে ফুলি উঠে । ইয়াৰ ফলত গোটেই থাইৰয়ড গ্ৰন্থিটো ফুলি উঠি ডিঙিত টেমুনাসদৃশ ৰোগৰ সৃষ্টি কৰে । ইয়াকে গৰল বা গইটাৰ (Goitre) বোলা হয় । এই ৰোগ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে আজিকালি নিমখৰ লগত আয়োডিন মিহলি কৰি বজাৰত উলিয়াই দিছে (Iodised Salt) ।

থাইৰক্সিন হৰমোনৰ আৱশ্যকতা -

গাড়ী এখন চলিবলৈ হ’লে যেনেকৈ পে’ট্ৰল বা ডিজেলৰ লগত মবিল মিহলি কৰিবলগীয়া হয় , তেনেকৈ শৰীৰৰ বিপাক ক্ৰিয়াবোৰ নিমজভাৱে চলি থাকিবলৈ হ’লে কোষে উৎপাদন কৰা এ টি পি নামৰ শক্তিৰ লগতে থাইৰয়ড হৰমোন নহ’লেই নহয় ।

ক) বিপাক ক্ৰিয়াসমূহত ক্ৰিয়া :- থাইৰয়ড হৰমোনে শৰীৰৰ বিপাক ক্ৰিয়াসমূহ ত্বৰান্বিত কৰে। খাদ্যৰ হজম প্ৰক্ৰিয়া উন্নত কৰে , ক্ষুদ্ৰান্তৰ পৰা গ্লুকোজৰ অৱশোষণ (Absorption), কোষৰ দ্বাৰা গ্ৰহণ আৰু ইয়াৰ ভাঙন প্ৰক্ৰিয়াতো সহায় কৰে । ই তেজত কোলেষ্টোৰেলৰ পৰিমাণ কমোৱাতো সহায় কৰে ।

খ ) ৰক্ত সঞ্চালন আৰু শ্বাসতন্ত্ৰত ক্ৰিয়া :- হৃদপিণ্ডৰ স্পন্দনৰ গতি আৰু শক্তি বৃদ্ধি কৰে । উশাহত অক্সিজেন লোৱা আৰু কোষৰ দ্বাৰা ইয়াৰ ব্যৱহাৰ প্ৰক্ৰিয়াত থাইৰক্সিনে সহায় কৰে । ফলত ৰক্ত সঞ্চালন আৰু শ্বাস-প্ৰশ্বাসৰ ক্ৰিয়াৰ উন্নতি সাধন হয় ।

গ) থাইৰক্সিনে শিশুসকলৰ সামগ্ৰিক গঠন প্ৰক্ৰিয়াত সহায় কৰে । ই মগজুৰ গঠনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ।

ঘ) থাইৰক্সিনে যৌন কাৰ্যকলাপ সুস্থভাৱে চলাই ৰখাত সহায় কৰে আৰু মহিলাসকলৰ মাহেকীয়া ঋতু প্ৰক্ৰিয়াতো প্ৰভাৱ পেলায় ।

থাইৰয়ড গ্ৰন্থিয়ে থাইৰয়ড হৰমোন উৎপন্ন কৰাত মগজুৰ ভিতৰত থকা পিটুইটাৰী গ্ৰন্থি নামৰ আন এবিধ অন্ত:ক্ষৰণ গ্ৰন্থিয়ে প্ৰভাৱ পেলায় । থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন কমকৈ উৎপন্ন কৰিলে মগজুৰ ভিতৰত থকা পিটুইটাৰী গ্ৰন্থি নামৰ মূল অন্ত:ক্ষৰণ গ্ৰন্থিটো প্ৰভাৱিত হয় । ফলত এই গ্ৰন্থিয়ে, থাইৰয়ড ষ্টিমুলেটিং হৰমোন (Thyroid Stimulating Hormone TSH) নামৰ আন এবিধ হৰমোন উৎপাদন কৰি তেজত মিহলাই দিয়ে । এই টি এছ এইচ নামৰ হৰমোনে থাইৰয়ড গ্ৰন্থিক থাইৰক্সিন উৎপন্ন কৰিবলৈ উদ্ধুদ্ধ কৰে । আনহাতে, থাইৰক্সিনৰ পৰিমাণ তেজত বাঢ়ি গ’লে পিটুইটাৰী গ্ৰন্থিয়ে থাইৰয়ড ষ্টিমুলেটিং হৰমোন উলিয়াই দিয়া বন্ধ কৰে বা কমাই দিয়ে । ফলত থাইৰক্সিন উৎপন্ন কৰাত বাধাৰ সৃষ্টি হয় । ইফালে এই দুয়োট গ্ৰন্থিৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ মগজুৰ ভিতৰত আন এটি হাইপোথেলামাছ (Hyopthalamas) নামৰ অংশ আছে । মগজুৰ এই অংশই থাইৰোট্ৰপিন ৰিলিজিং হৰমোন (Thyrotropin Releasing Hormone TRH) নামৰ এবিধ হৰমোন নি:সৰণ কৰে, যিয়ে পিটুইটাৰী গ্ৰন্থিক থাইৰয়ড ষ্টিমুলেটিং হৰমোন নি:সৰণ কৰিবলৈ উদ্ধুদ্ধ কৰে । আন কথাক ক’বলৈ গ’লে হাইপোথেলামাচে  পিটুইটাৰী আৰু থাইৰয়ড, এই দুয়োটা গ্ৰন্থিৰ কাম প্ৰভাৱন্বিত কৰে । সেয়েহে হাইপোথেলামাচ আৰু পিটুইটাৰী গ্ৰন্থিৰ ৰোগতো থাইৰয়ড গ্ৰন্থিৰ কাম বাধাপ্ৰাপ্ত হয় ।

কেলচিটোনিন :- ইতিমধ্যে উনুকিওৱা হৈছে যে থাইৰয়ড গ্ৰন্থিৰ পেৰা ফলিকুলাৰ কোষবোৰে কেলচিটোনিন নামৰ আন এবিধ হৰমোন তৈয়াৰ কৰে । এইবিধ হৰমোনে তেজত কেলচিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে । হাড়বোৰ সুস্থ ৰাখিবলৈ কেলচিয়ামৰ প্ৰয়োজন । সেয়েহে কেলচিটোনিনে তেজৰ পৰা কেলচিয়াম উলিয়াই হাড়ৰ ভিতৰলৈ সুমুৱাই দিয়ে । অৱশ্যে কেলচিয়ামৰ বিপাক ক্ৰিয়া ঠিকমতে চলাই ৰাখিবলৈ থাইৰয়ড গ্ৰন্থিৰ গাতে লাগি থকা পেৰাথাইৰয়ড নামৰ গ্ৰন্থিয়ে উৎপন্ন কৰা পেৰাথ হৰমোনহে বেছি আৱশ্যক ।

থাইৰয়ড গ্ৰন্থিৰ ৰোগসমূহ -

থাইৰয়ড নিম্ন সক্ৰিয়তা (Hypothyroidism) :-

থাইৰয়ড গ্ৰন্থিয়ে কিছুমান বিশেষ কাৰণত থাইৰয়ড হৰমোন উৎপন্ন কৰিব নোৱাৰে বা কম পৰিমাণে উৎপন্ন কৰে । ইয়াৰ ফলত শৰীৰত নানা বিসংগতিয়ে দেখা দিয়ে । থাইৰয়ড গ্ৰন্থিৰ নিম্নসক্ৰিয়তা ৰোগ সাধাৰণতে মহিলাসকলৰ বেছিকৈ হোৱা দেখা যায় । সমগ্ৰ পৃথিৱীতে এক কোটিতকৈও অধিক লোকে আয়োডিনৰ অভাৱত ভোগে । পিছে এওঁলোকৰ ভিতৰত কিমানে থাইৰয়ড গ্ৰন্থিৰ নিম্নসক্ৰিয়তাত ভোগে, সঠিককৈ কোৱা টান । উন্নত দেশবোৰত শতকৰা ৪.৩ ৰ পৰা ৮.৫ শতাংশ লোকে কোনো লক্ষণ দেখা নিদিয়াকৈ থাইৰয়ড গ্ৰন্থিৰ নিম্ন সক্ৰিয়তাত ভোগে । ইয়াৰ শতকৰা আশীভাগৰে টি এছ এইচৰ পৰিমাণ প্ৰতি লিটাৰত ১০ মিলিইউনিটৰ তলত থাকে আৰু এওঁলোকক সাধাৰণতে কোনো চিকিৎসাৰ প্ৰয়োজন নাথাকে । মাত্ৰ এনে ঠাইত শতকৰা ০.৩ ৰ পৰা ০.৪ লোকেহে সঁচাকৈ থাইৰয়ড গ্ৰন্থিৰ নিম্ন সক্ৰিয়াত ভোগে ।

ৰোগৰ কাৰণসমূহ :-

ক) শৰীৰত আয়োডিনৰ অভাৱ ৰোগ :- আয়োডিন স্বাভাৱিকতে পানীত থাকে । আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিলিটাৰ খোৱা পানীত ৪ ৰ পৰা ১৮ মাইক্ৰোগ্ৰাম আয়োডিন থাকে । অৱশ্যে পানীৰ বাহিৰেও বহুতো শাক-পাচলি যেনে আলু, বিলাহী, গাজৰ, পিয়াঁজ, তিঁয়হ আৰু গাখীৰ, চিজ, দৈ, কণী আদিতো আয়োডিন থাকে । এজন প্ৰাপ্তবয়স্ক লোকক সাধাৰণতে দৈনিক ৮০ ৰ পৰা ১৫০ মাইক্ৰো গ্ৰাম আয়োডিনৰ প্ৰয়োজন । পৃথিৱীৰ বহুতো ঠাইত পানীত আয়োডিন কম পৰিমাণে থাকে । এনে ঠাইবোৰৰ ভিতৰত ভাৰতবৰ্ষত কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈ হিমালয় পৰ্বতৰ পাদদেশৰ নদীবোৰৰ পানীত আয়োডিনৰ পৰিমাণ কম থাকে । ফলত এই অঞ্চলৰ লোকসকলে আয়োডিনৰ পুষ্টিহীনতাত ভোগে আৰু থাইৰয়ড গ্ৰন্থিৰ নিম্নসক্ৰিয়তাৰ লক্ষণবোৰ বেছিভাগ লোকৰ ক্ষেত্ৰত দেখা দিয়ে ।

খ ) হাছিমোটোৰ ৰোগ (Hashimoto’s Thyroiditus):- ই এবিধ স্বপ্ৰতিৰোধী থাইৰয়ড গ্ৰন্থিৰ ৰোগ । এই ৰোগত থাইৰয়ড গ্ৰন্থিৰ ভিতৰৰ কোষবোৰ ধ্বংসপ্ৰাপ্ত হৈ থাইৰক্সিন উৎপন্ন কৰিব নোৱৰা হয় । এই ৰোগত থাইৰয়ড গ্ৰন্থিটো ফুলি উঠি ডিঙিৰ সন্মুখত টেমুনাৰ সৃষ্টি কৰে ।

গ) প্ৰসূতিজনিত থাইৰইডাইটিচ (Post partum Thyroiditis) :- শতকৰা পাঁচভাগ প্ৰসূতিৰ ক্ষেত্ৰত থাইৰয়ড গ্ৰন্থিয়ে নিম্ন সক্ৰিয়তাত ভোগা দেখা যায় ।

ঘ) অস্ত্ৰোপচাৰ কৰি থাইৰয়ড গ্ৰন্থিৰ বেছিভাগ বা সম্পূৰ্ণৰুপে উলিয়াই দিলে থাইৰক্সিন উৎপাদন নহয় আৰু ৰোগীয়ে নিম্নসক্ৰিয়তাত ভোগে ।

ঙ) ৰেডিঅ’ আয়োডিন চিকিৎসা পোৱা অথবা কিছুমান দৰবৰ বাবেও থাইৰয়ড গ্ৰন্থিয়ে নিম্ন সক্ৰিয়তাত ভুগিব পাৰে । উভয় ক্ষেত্ৰতে থাইৰয়ড গ্ৰন্থিৰ কোষবোৰ নিষ্ক্ৰিয় অথবা ধ্বংসপ্ৰাপ্ত হ’ব পাৰে ।

চ) হাইপোথেলামাচ নামৰ মগজুৰ অংশটোৱে থাইৰোট্ৰপিন ৰিলিজিং হৰমোন নামৰ এক হৰমোন উৎপন্ন কৰে । এই হৰমোনে মগজুৰ তলৰ অংশতে থকা পিটুইটাৰী নামৰ অন্ত:ক্ষৰিত গ্ৰন্থিক উদ্ধুদ্ধ কৰি থাইৰয়ড ষ্টিমুলেটিং হৰমোন (TSH) নামৰ আন এবিধ হৰমোনে শেষত থাইৰয়ড গ্ৰন্থিক প্ৰভাৱিত কৰি থাইৰক্সিন হৰমোন নি:সৰণ কৰে । যদি মগজুৰ কোনো ৰোগে হাইপোথেলামাচক আক্ৰান্ত কৰে , থাইৰোট্ৰপিন ৰিলিজিং হৰমোন উৎপন্ন নহয়, ফলত গোটেই প্ৰক্ৰিয়াতো বাধাগ্ৰস্ত হয় আৰু থাইৰয়ড গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণে থাইৰক্সিন তৈয়াৰ কৰিব নোৱাৰে।

ছ) একেধৰণে পিটুইটাৰী গ্ৰন্থিৰ ৰোগতো থাইৰয়ড ষ্টিমুলেটিং হৰমোন (TSH) নথকা বাবে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন তৈয়াৰ কৰিব নোৱাৰে । তেজত আয়োডিন কম পৰিমাণে থাকিলে থাইৰয়ড গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণে থাইৰক্সিন তৈয়াৰ কৰিব নোৱাৰে । সেয়েহ থাইৰয়ড গ্ৰন্থিৰ ভিতৰত থকা ফলিকুলবোৰে যথেষ্ট পৰিশ্ৰম কৰি থাইৰক্সিন তৈয়াৰ কৰিবলগীয়া হয় । ফলত এইবোৰ ফুলি উঠে আৰু ডিঙিৰ সন্মুখত টেমুনাৰ দৰে ফুলি উঠা দেখা যায় (Goitre) ।

ৰোগৰ লক্ষণ :-

থাইৰয়ড গ্ৰন্থিৰ নিম্ন সক্ৰিয়তাত ভোগা বহুতো ৰোগীয়ে প্ৰথম অৱস্থাত কোনোধৰণৰ অসুবিধা অনুভৱ নকৰে । কেৱল মাত্ৰ তেজ পৰীক্ষা কৰিহে এওঁলোকে এনে ৰোগত ভোগা বুলি গম পায়। পাছত এনে ৰোগীয়ে কাম কৰিলে বেছিকৈ ভাগৰ লগা, বেছিকৈ ঠাণ্ডা লগা আৰু কথাবোৰ পাহৰি যোৱা বা ভালদৰে কোনো কথাতে মনোযোগ দিব নোৱৰা লক্ষণবোৰত ভোগে । ৰোগ বাঢ়ি যোৱাৰ লগে লগে ৰোগীৰ ভোক নলগা হোৱা, শৌচ কচা হোৱা, ওজন বাঢ়িবলৈ ধৰা, উশাহত কষ্ট অনুভৱ কৰা আৰু মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱত বেছিকৈ ৰক্তক্ষৰণ হোৱা আদি লক্ষণে দেখা দিয়ে । এনে ৰোগীক চিকিৎসকে পৰীক্ষা কৰিলে সহজে উঠিবলৈ ইচ্ছা নকৰা, শকত আৰু ভাবলেশবিহীন এজন ৰোগী দেখা পায় । ৰোগীজনৰ শুকান আৰু খহতা ছাল, ফুলি থকা ভৰি দুখন আৰু লেহেমীয়া নাড়ীৰ স্পন্দনে এই ৰোগ নিৰ্ণয়ত সহায় কৰে । যিসকল ৰোগীৰ ৰোগ ইতিমধ্যে বহুতো আগবাঢ়িছে, তেওঁলোকৰ পেট, বুকু আৰু হৃদপিণ্ডৰ আৱৰণৰ ভিতৰতো পানী জমা হ’ব পাৰে ।

মহিলাৰ ক্ষেত্ৰত থাইৰয়ড গ্ৰন্থিৰ নিম্ন সক্ৰিয়তাই অনুৰ্বৰ কৰিব পাৰে । পিছে গৰ্ভধাৰণ কৰাসকলৰো ভৰি-হাত ফুলা ৰোগ, গৰ্ভপাত, গৰ্ভস্থ সন্তানৰ মৃত্যু আদি নানাধৰণৰ জটিলতাই দেখা দিব পাৰে ।

সদ্যোজাত শিশুৰ যদি থাইৰয়ড গ্ৰন্থিৰ নিম্নসক্ৰিয়তা থাকে, তেতিয়াহ’লে শিশুটি জন্মতে দেখাত স্বাভাৱিক হ’লেও বুদ্ধিমত্তা কম হ’ব পাৰে । কিছুমানৰ আকৌ মূৰটো দেখাত ডাঙৰ হ’ব পাৰে , হাত-ভৰি ভালদৰে লৰচৰ কৰিব নোৱৰা, জিভাখন অস্বাভাৱিকভাৱে ডাঙৰ, পেটটো ডাঙৰ আৰু খোৱাত অসুবিধা পোৱা আদি নানাধৰণৰ জটিলতাই দেখা দিয়ে । এনে শিশুৰ পাছলৈ কথা কোৱাত আৰু দাঁত ওলোৱাত পলম হ’ব পাৰে ।

কিশোৰ অৱস্থাত এনে ৰোগ হ’লে ৰোগীয়ে বয়স অনুপাতে নাবাঢ়ে, ওখ নহৈ শকত হয় আৰু অতি লেহুকা আৰু ভাগৰুৱা হয় । ৰুক্ষ ছাল আৰু ঘন গাৰ নোম থকা এনে কিশোৰে ঠাণ্ডা সহ্য কৰিব নোৱাৰে আৰু অতি দুৰ্বল হয় । ছোৱালীৰ মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হয় আৰু এওঁলোকৰ যৌৱনাৰম্ভ পলমকৈ হয় ।

ৰোগ নিৰ্ণয় :-

থাইৰয়ড নিম্ন সক্ৰিয়তা নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা তেজৰ পৰীক্ষাসমূহ কৰাটো বাঞ্চনীয় -

ক) থাইৰক্সিন (T4) :- সাধাৰণতে ইয়াৰ পৰিমাণ তেজত কমি যায় ।

খ) ট্ৰাইআয়োডোথাইৰোনিন (T3) :-ইয়াৰ পৰিমাণো কম হয় ।

গ) থাইৰয়ড ষ্টিমুলেটিং হৰমোন (TSH) :- থাইৰয়ডৰ নিম্ন সক্ৰিয়তা ৰোগত এই হৰমোনৰ পৰিমাণ বাঢ়ে । কাৰণ থাইৰক্সিন কমকৈ তৈয়াৰ হ’লে পিটুইটাৰী গ্ৰন্থিয়ে টি এছ এইচ হৰমোন বেছি পৰিমাণে উৎপন্ন কৰে । সেয়েহে থাইৰয়ড গ্ৰন্থিৰ নিম্ন কাৰ্যক্ষমতাত এই হৰমোনৰ পৰিমাণ বাঢ়ি যায় । অৱশ্যে ইয়াৰ লগতে থাইৰক্সিন আৰু ট্ৰাইআয়োডোথাইনিনৰ পৰিমাণো একেলগ উলিয়ালে এই ৰোগ নিৰ্ণয় কৰাটো সহজ হয় । যদি থাইৰক্সিন আৰু ট্ৰাইআয়োডোথাইনিনৰ পৰিমাণ স্বাভাৱিক হৈ থাকে, কিন্তু টি এছ এইচৰ পৰিমাণ বাঢ়ি যায়, ইয়াক ছাব-ক্লিনিকেল হাইপোথাইৰইডিজিম বোলা হয় । এইক্ষেত্ৰত ৰোগীয়ে ৰোগৰ একো লক্ষণ নেদেখুৱায় । স্বাভাৱিক অৱস্থাত তেজত টি এছ এইচৰ পৰিমাণ প্ৰতি লিটাৰত ০.৪ ৰ পৰা ৪ মিলি ইউনিটৰ ভিতৰত থাকে ।ই বাঢ়ি গৈ ১০ মিলি ইউনিট হ’লেও বিশেষ চিন্তা কৰিবলগীয়া নাথাকে ।

প্ৰতিৰোধ :- থাইৰয়ড গ্ৰন্থিৰ নিম্নসক্ৰিয়তা প্ৰতিৰোধ কৰিবলৈ পৃথিৱীৰ ১৩০ খন দেশত নিমখৰ লগত আয়োডিন মিহলি কৰি দিয়াৰ প্ৰথা আছে । সেয়েহে পৃথিৱীৰ শতকৰা ৭০ শতাংশ লোকে এতিয়া আয়োডিন মিহলোৱা নিমখ খাই থাকে । আনহাতে, বহুতো দেশত সদ্যোজাত শিশুসকলৰ তেজত টি এছ এইচৰ পৰিমাণ নিয়মিতভাৱে জোখা হয় , যাতে অতি সোনকালে থাইৰয়ডৰ নিম্ন সক্ৰিয়তা ধৰা পেলাই ইয়াৰ ফলপ্ৰসূ চিকিৎসা কৰিব পৰা হয় ।

চিকিৎসা :- এই ৰোগ ধৰা পৰিলে একমাত্ৰ চিকিৎসা হ’ল দীঘলীয়া সময়ৰ বাবে কাম কৰা থাইৰক্সিনৰ টেবলেট (Levo Thyroxin)ৰোগীক খাবলৈ দিয়া । এই টেবলেট ৰোগীয়ে দীঘলীয়া সময়ৰ বাবে খাই থাকিব লগীয়া হয় । অৱশ্যে দৰব খাই থাকোঁতে এক-ডেৰ মাহৰ অন্তত তেজত থাইৰক্সিন আৰু টি এছ এইচৰ পৰিমাণ চাই থাকিব লাগে । তেতিয়াহ’লে প্ৰয়োজন অনুসৰি দৰবৰ পৰিমাণ কম-বেছি কৰিব পাৰি । যিসকল ৰোগীৰ কোনোধৰণৰ ৰোগৰ লক্ষণ নাথাকে  (Sub Clinical Hypothyrodism) তেওঁলোকক এই দৰব অতি কম পৰিমাণত আৰম্ভ কৰি প্ৰয়োজন অনুসৰি বঢ়াই দিয়া হয় । অৱশ্যে ব্ৰিটিছ আৰু আমেৰিকান থাইৰয়ড এছ’চিয়েশ্বনৰ মতে তেজত টি এছ এইচৰ পৰিমাণ প্ৰতি লিটাৰত ১০ মিলি ইউনিটলৈকে কোনো চিকিৎসাৰ প্ৰয়োজন নাই । তেনে লোকক কেৱল নিৰীক্ষণ কৰি থাকিব লাগে । আনহাতে, লক্ষণ দেখা দিয়া ৰোগীক দৰবৰ পৰিমাণ আৰম্ভণিৰ পৰাই অধিক পৰিমাণে দিবলগীয়া হ’ব পাৰে । এই দৰব ৰোগীয়ে পুৱা জলপান খোৱাৰ আধা বা আধাঘণ্টা আগতে খালী পেটতে খালে ই ভালদৰে কাম কৰে ।

লেখক : ডা: ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা

উৎস :- আমাৰ অসম পূৰ্বাঞ্চল

 

2.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top