অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থাইৰয়ড গ্ৰন্থিৰ বিকাৰৰ বিষয়ে আলোচনা

মানুহৰ ডিঙিৰ অগ্ৰভাগত তলৰ ফালে অৱস্থিত থাইৰয়ড গ্ৰন্থিৰ মূল বিকাৰসমূহৰ বিষয়ে আজি কিছু লাগতিয়াল কথা সহজভাবে আলোচনা কৰিম৷মানুহৰ শৰীৰত সংঘটিত ৰাসায়নিক লাগতিয়াল ক্ৰিয়াসমূহক মেটাবলিজম বোলে৷মেটাবলিজম হ'ল দুই প্ৰকাৰৰ ক্ৰীড়াৰ সমষ্টি৷কেটাবলিজম - অৰ্থাৎ শক্তি উৎপাদনৰ বাবে কোষৰ বিঘটন ঘটোৱা৷এনাবলিজম - কোষৰ বাবে লাগতিয়াল তত্বসমূহ উৎপন্ন কৰা৷এই মেটাবলিজমক নিয়ন্ত্ৰণ কৰে থাইৰয়ড হৰমোনে৷থাইৰয়ড গ্ৰন্থিয়ে  কেলচিটচিন নামৰ আৰু এবিধ হৰমোন উৎপাদন কৰাৰ ওপৰিও প্ৰটিন সৃষ্টি কৰে৷থাইৰয়ড নামৰ উৎপত্তি গ্ৰীক শব্দৰ পৰা হৈছে,যাৰ অৰ্থ হ'ল ঢাল আৰু থাইৰয়ড গ্ৰন্থিৰ আকৃতি দৰাচলতে এখন ঢালৰ দৰেই৷মস্তিষ্কৰ পিটিউটেৰি  গ্ৰন্থিৰ পৰা ওলোৱা থাইৰয়ড ষ্টিমুলেটিং হৰমোনে (টি এচ এইচ)  থাইৰয়ডৰ  হৰমোনৰ উৎপাদনক নিয়ন্ত্ৰণ কৰে৷ আকৌ হাইপোথেলামাচৰ পৰা নিৰ্গত হোৱা থাইৰোট্ৰপিন ৰিলিজিং হৰমোনে (টি আৰ এইচ) পিটিউটেৰিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে৷থাইৰয়ডৰ পৰা নিৰ্গত হোৱা থাইৰয়ড হৰমোন দুবিধৰ নাম হ'ল- ট্ৰাইআয়োডোথাইৰোনিন (টি-৩) আৰু টেট্ৰাআয়োডোথাইৰোনিন (টি-৪ বা থাইৰস্কিন)৷আয়োডিন আৰু টাইৰোচিন নামৰ এমাইনো এচিডৰ দ্বাৰা টি-৩ আৰু টি-৪ সৃষ্টি হয়৷ইয়াৰে টি-৩ হ'ল সক্ৰিয় ৰূপ, আৰু টি-৪ৰে টি-৩লৈ ৰূপান্তৰিত হৈহে ক্ৰিয়া কৰে৷থাইৰয়ড হৰমোন কমি গলে পিটিউটেৰীৰ পৰা থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) বেচিকৈ উৎপন্ন হয় আৰু ইয়াৰ বিপৰীতে থাইৰয়ড হৰমোন বাঢ়ি গলে থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) কমকৈ উৎপন্ন হয়৷গতিকে থাইৰয়ডৰ ৰোগ চিনাক্ত কৰিবলৈ তেজত টি এচ এইচৰ পৰিমাণ পৰীক্ষা কৰাটো অপৰিহাৰ্য্য৷

হায়পোথাইৰয়ডিজম

শৰীৰত থাইৰয়ড হৰমোনৰ কম উৎপাদন হলে আৰু টি এচ এইচ বেচি হলে হায়পোথাইৰয়ডিজম ৰোগৰ লক্ষণে দেখা দিয়ে৷

সাধাৰণতে তলৰ কাৰণসমূহৰ বাবে হাইপোথাইৰয়ডিজম হয় : -

১) থাইৰয়ডৰ জন্মগত বিকৃতি

২) অট' ইমিউন বিজুতি যেনে হাচিমট'চ থাইৰয়ডাইটিচ, প'ষ্টপাৰ্টাম থাইৰয়ডাইটিচ

৩) থাইৰয়ডৰ কেঞ্চাৰ বা আন অসুখত  অপাৰেচন কৰি থাইৰয়ডৰ অংশ কাটিলে

৪) বিভিন্ন ঔষধ - মানসিক ৰোগৰ বাবে ব্যৱহৃত লিথিয়াম, হৃদৰোগত ব্যৱহৃত এমিঅ'ডাৰন, হায়পাৰথাইৰয়ডিজমৰ বাবে  ব্যৱহৃত  মেথিমাজল আৰু প্ৰপাইলথায়োইউৰাচিল, হাঁপানি-ব্ৰংকাইটিচ আৰু থাইৰয়ডৰ বিভিন্ন চিকিৎসাত ব্যৱহৃত  পটেচিয়াম আয়োডায়েড

৫) মস্তিষ্ক,ডিঙি আৰু থাইৰয়ডৰ কেঞ্চাৰত ৰেডিঅ'থিৰাপি ললে

৬) খাদ্যত আয়ডিনৰ অতিমাত্ৰা অভাৱ হলে (উদাহৰণ -হিমালয়ৰ পাদদেশ, জাইৰে, দক্ষিণ আমেৰিকাৰ চাইল, এণ্ডিচ আদি অঞ্চল)

৭) শ্বিহান চিণ্ড্ৰমত গৰ্ভৱতী মহিলাৰ ৰক্তস্ৰাৱ হয় আৰু পিটুইটেৰিৰ বিজুতি ঘটে

৮) পিটুইটেৰিৰ টিউমাৰ

৯) কাচিৎ হাইপোথেলামাচৰ বিজুতি হলে

১০) শেহতীয়াকৈ সংযোজন হৈছে - অতিমাত্ৰা ষ্ট্ৰেচ (Stress)

অটো-ইমিউনিটি (অৰ্থাৎত শৰীৰৰ নিজৰ অংশকে শৰীৰে পৰ বুলি ভবা ক্ৰিয়া), জেনেটিকচ্ আৰু পাৰিপাৰ্শ্বিক পৰিবেশৰ ওপৰত থাইৰয়ডৰৰোগ (হাইপো আৰু হাইপাৰ-দুয়োটাই ) বহু পৰিমাণে নিৰ্ভৰশীল৷সেই কাৰণে একেটা পৰিয়ালত কেইবাজনকো বা যমজ সন্তানৰ উভয়কে একেটা ৰোগত ভোগা দেখা যায়৷সংখ্যাগত দিশৰ পৰা হাইপোথাইৰয়ডিজমত মহিলাই বেচিকৈ ভোগা দেখা যায়৷

অধিক টেনচনে হায়পোথাইৰয়ডিজম কৰে বুলি প্ৰমাণিত হৈছে৷শাৰীৰিক আৰু মানসিক ষ্ট্ৰেচ উভয়েই এড্ৰিনেল গ্লেণ্ডৰ ওপৰত ক্ৰিয়া কৰাৰ কৰ্টিচন হৰমোন ওলোৱা কথাটো সকলোৱে জানে৷ হৰমোনৰ অস্থিৰতাই হায়পোথেলামাচ আৰু পিটুইটৰিৰ সম্বন্ধত ব্যাঘাত জন্মায়, তদুপৰি টি-৪ক সক্ৰিয় টি-৩লৈ ৰূপান্তৰিত হোৱাত বাধা দিয়ে আৰু অটো-ইমিউনিটিৰ সম্ভাৱনা বঢ়ায়-যাৰ ফলত হাইপোথাইৰয়ডিজম উৎপন্ন হয়৷

হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ

  • শীত সহ্য কৰিব নোৱৰা
  • শৌচ কচা হোৱা
  • অলপতে ভাগৰুৱা হোৱা,শাৰীৰিক দূৰ্বলতা
  • ওজন বঢ়া
  • ঘাম কমকৈ ওলোৱা
  • হৃদগতি কমি যোৱা
  • হাঁডৰ আৰু মাংসপেশিৰ বিষ হোৱা,
  • ডিপ্ৰেচন,মানসিক অৱসাদগ্ৰস্ততা, অমনোযোগিতা, স্মৃতিহ্ৰাস
  • শেঁতা শুকান ডাঠ ছাল, ভংগুৰ নখ আৰু চুলি, পাতল চেলাৱৰি(হাৰ্টোঘি চাইন)
  • ভৰি ফুলা
  • অনিয়মীয়া মাহেকীয়া বা অতিস্ৰাব
  • বেচি টোপনি অহা
  • কোনো কাৰণ নোহোৱাকৈ হঠাতে গাতো বেয়া লগা
  • মাত ভঙা
  • পুৰুষৰ যৌনশক্তি কমি যোৱা, গায়ন'কোমেষ্টিয়া
  • যি কোনো কামৰ গতি লেহেমীয়া হোৱা
  • খোৱাৰ ৰুচি আৰু ঘ্ৰাণ শক্তি হ্ৰাস পোৱা
  • তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পোৱা
  • লো ভল্টেজ ইচিজি
  • তেজৰ চুগাৰৰ পৰিমাণ কমি যোৱা
  • শ্ৰবণশক্তি কমি যোৱা
  • জিভাখন ডাঠ শকত হোৱা

চিকিৎসাৰ লাগতিয়াল কথা

  • ৰোগ চিনাক্ত হোৱাৰ পিছত থাইৰয়ড হৰমোনৰ পিল (যেনে থাইৰোনৰ্ম,এলট্ৰস্কিন) চিকিৎসকে নিৰ্ধাৰিত কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব৷
  • থাইৰয়ড হৰমোনৰ ঔষধ পুৱা খালি পেটত খোৱা ভাল৷ অন্য ঔষধ কমেও এঘন্টাৰ পিছতহে খাব৷
  • চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰমোন ব্যৱহাৰ কৰাটো বিচাৰে,কিন্তু তাৰ ড'জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২৷৩মাহৰ মূৰে মূৰে তেজৰ হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়৷পিছলৈ বেচি সময়ৰ ব্যৱধানত পৰীক্ষা কৰিলেও চলিব৷কিন্তু আপুনি আপোনাৰ চিকিৎসকৰ নজৰত পৰাপক্ষত সকলো সময়তে থাকিব৷
  • কিছুমান ঔষধে (যেনে এন্টাচিড,কলচিয়ম,আইৰন) থাইৰয়ড হৰমোন পিলৰ ক্ৰিয়াত ব্যাঘাট জন্মায় -গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব নাখাব৷
  • হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোতে বুকুৰ ধপধপনি হলে,বৰ্দ্ধিত ওজন অতিদ্ৰুতভাবে হ্ৰাস হলে,বেচিকৈ ঘামিলে,কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাওঁক - আপুনি জোখতকৈ বেচিকৈ দৰব সেৱন কৰাৰ ফলত এনে হৈছে৷
  • হাইপোথাইৰয়ডিজমৰ চিকিৎসা নকৰিলে তেজত কলেষ্টৰল আৰু এল ডি এল নামৰ অপকাৰী চৰ্বি বাঢ়ি গৈ থাকিলে হৃদৰোগ উৎপন্ন হব৷গৰ্ভৱতী মহিলাৰ বিকলাংগ শিশু জন্ম হব৷ৰোগ একেবাৰে গৰুতৰ হলে মিস্কিডিমা ক'মা হৈ প্ৰাণৰ সংশয় হব৷
  • ভয় নাখাব বিশ্বৰ তিনিৰ পৰা পাঁচ শতাংশ লোক হাইপোথাইৰয়ডিজমত ভূগি আছে৷ৰোগৰ সঠিক চিকিৎসাত সহজতেই সুফল লাভ কৰিব পাৰি৷কিছুমান ৰোগী আকৌ লক্ষণবিহীনো থাকিব পাৰে৷কিবা কাৰণত যেনে কোনো অস্ত্ৰোপচাৰৰ বাবে ফিটনেচ চাওঁতে হাইপোথাইৰয়ডিজম ধৰা পৰে৷
  • বহু অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষতকৈ মহিলাৰ আৰু সৰু ল'ৰা-ছোৱালীতকৈ আদহীয়া, বুঢ়া মানুহৰ থাইৰ'ইডৰ সমস্যাত ভোগাৰ আশংকা বেছি। বিশেষকৈ ৪০ বছৰতকৈ বেছি বয়সৰ মহিলা আৰু ৬০ বছৰতকৈ বেছি বয়সৰ পুৰুষৰ এই আশংকা বেছি। কিছুমান অধ্যয়নে অৱশ্যে এই কথাটো নাকচ কৰিছে।
  • মেন'পজ (মাহেকীয়া বন্ধ) হোৱা মহিলাৰ ভাগৰ লগা, বিষণ্ণতা, মুড ঘনাই সলনি হোৱা, টোপনি বেয়া হোৱা আদি লক্ষণ দেখা দিব পাৰে - ইয়াক 'মেনপজেল চিনড্ৰম' বোলা হয়৷

সেই একেকেইটা লক্ষণ আকৌ হাইপ'থাইৰ'ডিজমতো হ'ব পাৰে। গতিকে মেন'পজ হোৱা মহিলাই থাইৰ'ইডৰ পৰীক্ষা কৰাব লাগে বুলি চিকিৎসকসকলে মত পোষণ কৰে।এক সমীক্ষামতে বিশ্বৰ ৬শতাংশ গৰ্ভপাতৰ কাৰণ হ'ল হাইপোথাইৰয়ডিজম৷গতিকে সঘনাই বা একাধিকবাৰ গৰ্ভপাত হোৱা মহিলাই থাইৰয়ড হৰমোনৰ পৰীক্ষা কৰোৱাটো বাঞ্চনীয়৷

হায়পাৰথাইৰয়ডিজম (আন নাম থাইৰোট'স্কিকোচিচ) : থাইৰয়ড হৰমোন বেচি হোৱা অৱস্থাৰ কাৰণসমূহ হ'ল -

১) অটোইমিউন গ্ৰেভচ ডিজিজ

২) টস্কিক এডিনমা

৩) টস্কিক মাল্টি-নডিউলাৰ গয়টাৰ বা বিষাক্ত গৰল

৪) থাইৰয়ডাইটিচ -হাচিমটচ,পষ্টপাৰ্টাম আৰু চাব-একিউট

৫) বেচিকৈ থাইৰয়ড হৰমোন সেৱন কৰা

৬) হৃদৰোগত ব্যৱহৃত দৰব যেনে এমিডাৰন

হায়পাৰথাইৰয়ডিজমৰ লক্ষণসমূহ

  • ভোক বেচি কিন্তু ওজন হ্ৰাস হোৱা
  • অস্থিৰতা
  • গৰম সহ্য কৰিব নোৱৰা
  • কঁপনি
  • বুকুৰ ধপধপনি
  • চুলি সৰা
  • ভাগৰ,দূৰ্বলতা
  • গাৰ বিষ
  • প্ৰসাৱ বেচি হোৱা আৰু পিয়াহ বেচি লগা
  • অনিয়মীয়া মাহেকীয়া
  • পুৰুষৰ স্তন ডাঙৰ হোৱা (গায়ন'কমেষ্টিয়া)
  • তেজৰ চুগাৰ আৰু কলেষ্টৰলৰ পৰিমাণ কমি যোৱা
  • চকু দুটা টেলেকাহৈ বাহিৰলৈ ওলাই অহা

ৰোগ চিনাক্ত হলে চিকিৎসাৰ বাবে এন্টিথাইৰয়ড দৰব (যেনে কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল)লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়৷কিছুমানৰ অপাৰেচন কৰি থায়ৰয়ডৰ অংশ কাটি পেলোৱা হয় আকৌ কিছুমানক ৰেডিঅ'আয়ডিনেৰে চিকিৎসা দিয়া হয়৷

এতিয়া থাইৰয়ডৰ ৰোগত খাদ্যৰ বিষয়ে কিছু লাগতিয়াল কথা আলোচনা কৰিম৷

হাইপো আৰু হাইপাৰথাইৰয়ডিজম দুয়োটাৰে খাদ্য তালিকাত নিষেধাজ্ঞা পৃথক পৃথক ৷

চমুকৈ হায়পোথাইৰয়ডিজমৰ ৰোগীৰ বাবে বন্ধাকবি,ফুলকবি,ব্ৰুকলি,বীন,মটৰ,মিঠা আলু, কাঠ আলু, গোমধান, চালগোম,চালাড পাত,কটাৰী ডবুৱা মাহ,বাজৰা,সৰিয়হ পাত, মূলা, পালেংশাক, বাঁহগাজ অপকাৰী৷এইবিলাকত গয়টাৰোজেনিক তত্ব থাকে৷অৰ্থাৎ গৰল বা গয়টাৰ উৎপন্ন কৰাৰ সম্ভাৱনা থকা পদাৰ্থ থাকে যাৰ ফলত থাইৰয়ডে আয়ডিন আহৰণ কৰাত বাধা পায়৷উল্লেখিত খাদ্যসমূহত থকা চালফাৰেও আয়ডিন আহৰণত বিজুতি ঘটায়৷ আয়ডিনৰ অভাব হলে থাইৰয়ড হৰমোনৰ উৎপাদন বাধাপ্ৰাপ্ত হয় আৰু হাইপোথাইৰয়ডিজমে দেখা দিয়ে৷ এই খাদ্যসমূহ সিজাই খালে অনিষ্টকাৰী প্ৰভাৱ কিছু কমিব পাৰে৷কিন্তু যিমানে বেচিকৈ সিজাব সিমানে এইবিলাকৰ খাদ্যগুণ হ্ৰাস পাব৷

অট' ইমিউনিটিৰ থাইৰয়ড ৰোগৰ লগত সম্বন্ধ আছে বুলি আগতে উল্লেখ কৰা হৈছে৷ঘেঁহু, বাৰ্লিজাতীয় গ্লুটেনযুক্ত খাদ্য কিছুমান বাবে এলাৰ্জিৰ কাৰক৷তেনেলোকৰ বাবে এনে খাদ্যই অট' ইমিউনিটি উৎপন্ন কৰিব পাৰে৷

চয়াবীন আৰু চয়াবীনৰ পৰা বনোৱা গাখীৰ, কটাৰী ডবোৱা মাহত থকা ৰাসায়নিক পদাৰ্থই আয়ডিন

থাইৰয়ডলৈ যোৱাত বাধা দিয়ে৷ ইয়াৰ ওপৰিও এইবিলাকত থকা আইচ'চায়ানাইডৰ বাবে থাইৰয়ড মেটাবলিজমত ব্যাঘাট জন্মোৱা আন খাদ্যৰ তালিকাত আছে - আহোমবগৰী, প্লাম, ষ্ট্ৰবেৰী, পাইনৰ গুটি, মটৰমাহ৷

আনহাতে হাইপাৰথাইৰয়ডিজম ৰোগীৰ বাবে চাহ,কফি,চকলেট,নাৰিকল,আভাকাডো হ'ল অপকাৰী৷

অধিক টেনচনে হায়পোথাইৰয়ডিজম কৰে বুলি প্ৰমাণিত হৈছে৷ মাংস বিশেষকৈ ৰঙামাংস আৰু কণীত চিষ্টিন নামৰ এমাইনো এচিড থাকে৷ চিষ্টিনযুক্ত খাদ্য হায়পাৰথায়ৰইডিজমৰ ৰোগীয়ে পৰিহাৰ কৰি চলিব লাগে৷

মোখনিত ইমানেই কম যে থায়ৰয়ড গ্ৰন্থিৰ বিকাৰসমূহৰ এইয়া এক চমু টোকাহে পাঠকৰ জ্ঞাতাৰ্থে প্ৰস্তুত কৰিলোঁ৷সময় সুবিধা পালে পাঠকৰ মনৰ সংশয় বা ব্যক্তিগত প্ৰশ্নৰ যথাযথ উত্তৰ দিবলৈ নিশ্চয় প্ৰয়াস কৰিম৷

ডা০ ভূপেন শইকীয়া : ৰচনাকাল মাৰ্চ ২০১৩

ডোহা, কাটাৰ;  ফোন ০৭৪-৩৩৭৩৮৭২২

ই-মেইল : drbksaikia@gmail.com

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate