বৰ্তমান সময়ত থাইৰয়েডৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি হ’ব ধৰিছে।পুৰুষেই হওঁক বা মহিলাই হওঁক সকলোৱে এই বেমাৰত ভূক্তভোগি হোৱা দেখিবলৈ পোৱা গৈছে। সৰ্ব্বসাধাৰনতে চাবলৈ গলে এই থাইৰয়েড বহুত ভয়ঙ্কৰ বেমাৰো নহয়।
কিন্তু যদি ইয়াৰ চিকিৎস্যা সঠিক সময়ত কৰোৱা নহয় ই মানুহৰ মৃত্যু ঘটাব পাৰে। লগতে এই থাইৰয়েডৰ সমস্যাই আমাৰ শৰীৰ একেবাৰে কামনোহোৱা কৰি পেলোৱাৰ লগতে বিভিন্ন বেমাৰৰ ভাণ্ডাৰলৈ ৰোপান্তৰ কৰি পেলাব পাৰে।
গতিকে এই এই লিখাটোত আজি আপোনালোকক অতি সহজভাৱে এই ঠাইৰয়েডৰ বিষয়ে অৱগত কৰিম। এই থাইৰয়ড কি? কেনেকৈ হয়? ইয়াৰ লক্ষণ আৰু ইয়াৰ ঘৰুৱা চিকিৎস্যাৰ বিষয়েও উল্লেখ কৰা হৈছে। যাতে আপোনালোক সকলোৱে এই বেমাৰৰ পৰা বাছি থাকিব পাৰে। এই সমস্যা আমাৰ শৰীৰৰ ভিতৰতে উৎপন্ন হয়।
বৰ্তমান যান্ত্ৰিকতাৰ যুগত মানুহে বিভিন্ন কামৰ মাজত নিজৰ যত্ন লবলৈ আহৰি নাপায়। অনিয়মীয়া খোৱা লোৱা পৰীৱৰ্তীত জীৱন শৈলীৰ বাবেই এই বেমাৰৰ উৎপত্তি হয়। সেইবাবে আজি কালি এই সমস্যা দ্ৰুত গতিত বাঢ়িব ধৰিছে। এই বেমাৰ সাধাৰণতে মহীলাসকলৰ বেছি হোৱা দেখা গৈছে। আজি কালি এই বেমাৰ সৰু ল’ৰা-ছোৱালীৰো হোৱা পৰিলক্ষিত হৈছে।
থাইৰয়েড আচলতে ৰোগ নহয়। আমাৰ দেহৰ এটা গ্ৰন্থিৰ নাম। যাৰ বাবে এই ৰোগ হয়। ডিঙিৰ স্বাস নলীৰ ওপৰত আৰু স্বৰ যন্ত্ৰৰ দুয়োফালে আৱৰি থকা গ্ৰন্থিটোকে থাইৰয়েড বুলি কোৱা হয়। এই থাইৰয়েড গ্ৰন্থিটো ত্ৰিভূজ আকাৰৰ। ইয়াৰ পৰা হোৱা বেমাৰকো থাইৰয়েড বুলি কোৱা হয়। এই থাইৰয়েড এনে ৰোগ যি সম্পূৰ্ণ হৰমনৰ উপৰত নিৰ্ভৰশীল।
আমাৰ থাইৰয়েড গন্থীয়ে শৰীৰৰ পৰা আইয়ডিন শোষন কৰি ইয়াক তৈয়াৰ কৰে। আৰু এই থাইৰয়েড গন্থীৰ পৰা বিশেষ ভাৱে T3,T4 আৰু TSH উপন্ন হয়। যাৰ বাবে আমাৰ শৰীৰৰ মেটাবলিজিম সঠিক থাকে আৰু শৰীৰৰ কোষিকাসমূহ যাতে সঠিক ভাবে কাম কৰিব পাৰে তাৰ বাবে এই হৰমনে অত্যন্ত জৰুৰী হয়।
যেতিয়া আমাৰ থাইৰয়েড গন্থীয়ে সঠিক ভাৱে কাম কৰিব নোৱাৰে আৰু আমাৰ শৰীৰৰত প্ৰয়োজন অনুযায়ী T3T4 আৰু TSH হৰমন যদি আৱশ্যক অনুযায়ী শৰীৰে যোগান নাপায় তেতিয়া থাইৰয়েডে বেমাৰ উৎপত্তি হয়। T3 T4 আৰু TSH হৰমনৰ সন্তুলন হীনতাৰ বাবেই শৰীৰত এই থাইৰয়েডে বেমাৰৰ উৎপত্তি হয়।
hypothyroidism আৰু hyperthyroidism. যেতিয়া hypothyroidism হয় তেতিয়া আমাৰ থাইৰয়েড গন্থীয়ে সঠিক ভাৱে কাম কৰিব নোৱাৰে। কাৰ্য প্ৰণালী বাধা প্ৰাপ্ত হয়। আৰু প্ৰয়োজনীয় হৰমন T3 T4 উৎপন্ন কৰিব নোৱাৰা হয়।
Hyperthyroidism ত থাইৰয়েড গন্থীয়ে দ্ৰুত গতিত কাৰ্য কৰিবলৈ ধৰে আৰু T3, T4 হৰমন অধিক মাত্ৰাত উৎপন্ন কৰিবলৈ লয় আৰু TSH ৰ মাত্ৰা কমি যায়।বেছি ভাগ লোকৰ hypothyroidism ৰ সমস্যা হয়। এই দুই ধৰনৰ সমস্যাতেই স্বাস্হ্য ব্যাপক ক্ষতি হয়।
আৰম্ভনিতে এই বেমাৰে কোনো ধৰনৰ লক্ষণ দেখা পোৱা নাযায়। যেতিয়া লাহে লাহে ৰোগী বিভান্ন ধৰনৰ সমস্যা আৰম্ভ হবলৈ ধৰে তেতিয়াহে এই বেমাৰৰ লক্ষণ প্ৰকাশ হয়। কিন্তু এই লক্ষণ সমূহ কিবা সৰু সৰু সমস্যা বুলি মানুহে অৱহেলা কৰি থাকে। যাৰ বাবে এই বেমাৰ বৃদ্ধি হবলৈ সুবিধা পায়। সাধাৰনতে এই বেমাৰৰ লেখত লবলগীয়া গুৰুত্ব পূৰ্ন লক্ষন নাথাকে।
HYPOTHYROIDISMৰ লক্ষন:
HYPOTHYROIDISM:
এই সমূহ হল থাইৰয়েডৰ লক্ষণ আৰু থাইৰয়েডৰ পৰা হোৱা সমস্যা। এই সমূহ লক্ষণ বা অসুবিধা আপোনাৰ যদি হয়, তেনেহলে আপোনি নিশ্চিত হব যে আপোনাৰ থাইৰয়েডৰ সমস্যা হৈছে।
এতিয়া আহো থাইৰয়েড হোৱা কাৰণ সমূহলৈঃ- সৰ্ব্বপ্ৰথমে খাদ্যত আয়ডিনৰ পৰিমান কম হোৱা বা অত্যাধিক হোৱা।
এতিয়া আহো চিকিৎসালৈ:
মই আগতেই কৈছো এই বেমাৰ এক সাধাৰন বেমাৰ। আৰম্ভনিতে যদি আপোনি সময় মতে পুষ্টিকৰ খাদ্য খায়, নিয়মিত ব্যাম কৰে তেনেহলে এই বেমাৰ নিজেই ঠিক হৈ যায়। তথাপিওঁ এই থাইৰয়েড সহজে ভাল কৰিব বাবে আপোনা লোকে ঘৰুৱা কিছুমান উপায় কৰিব পাৰে।
১)ৰঙা পিয়াজ:
অত্যন্ত ফলপসু। এটা ৰঙাপিয়াজ আধা কাটি ৰাতি শুবৰ সময়ত আপোনাৰ থাইৰয়েড গণ্ঠীৰ আশে পাশে মাচাজ কৰক আৰু নোধোৱাকৈ ৰাতি শুই যাওঁক। ইয়াৰ পৰা আপোনি যথেষ্ট উপকাৰ পাব।
২)পুষ্টিৰ খাদ্য:
ঘৰুৱা ভাৱে তৈয়াৰ কৰা পুষ্টিকৰ খাদ্য খাওঁক। বাহিৰৰ হোটেলৰ খাদ্য আৰু আনহাইজেনিক খাদ্য নাখাব। কেঁছা ধনীয়া, কেঁছা হালধী দিয়া গাখীৰ খাওঁক, পিয়াজ, বিলাহী, জালুক, অশ্বগন্ধা, সেউজীয়া শাক-পাচলী,গাজৰ আদি পুষ্টিকৰ খাদ্য খাব লাগে।
নিতৌ ২ গিলাছ জাতিলাওঁৰ ৰস অথবা ফল মূলৰ ৰস খাব লাগে। নাৰিকলৰ পানী খাব। থাইৰয়েডৰ সমস্যা সোন কালে ভাল হব।
৩)পানী:
দিনত কমেও ৩ লিটাৰ পানী খাওঁক। পানী খালে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়।
৪)ব্যায়াম:
নিতৌ পোৱা কোমল ৰদত নিয়মীত ব্যায়াম কৰক। চাব যাতে ব্যায়াম কৰা সময়ত শৰীৰৰ পৰা ঘাম বাহিৰ হয়। লগতে অনুলোম বিলোম প্ৰনায়াম আৰু আশন কৰক। তেতিয়া থাইৰয়েড সহজে নিয়ন্ত্ৰন হব। এই সমূহ ঘৰুৱা যতনৰ দ্বাৰা যদি আপোনাৰ থাইৰয়েডৰ সমস্যা আৰম্ভনি অৱস্থাত আছে তেনে হলে নিশ্চিত ভাবে সমস্যা সমাধান হব।
যদি আপোনাৰ থাইৰয়েডৰ সমস্যা বহুত বাঢ়ি গল আৰু তাৰ বাবে আপোনি বহু সমস্যাত ভূগি আছে তেনেহলে আপোনি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।আৰু সঠিক চিকিৎসা কৰাওঁক। মেডিচিনৰ লগতে এই সমূহ ঘৰুৱা উপায় অৱলম্বন কৰক।
তেতিয়া থাইৰয়েড সহজে নিয়ন্ত্ৰন হব। মনত ৰাখিব থাইৰয়েড হলে চাহ, কফি, সাগৰীয় মাছ, নিমখ, এলকহল, বনস্পতি ঘিঁ, ৰেডমিট আৰু অধিক আয়ডিন যুক্ত খাদ্য কেতিয়াও নাখাব। এই বোৰ পৰা থাইৰয়েড বৃদ্ধি হয়।
লেখক: ডাঃ হৰিকান্ত দাস
ফোন নং: 9954340102
অতি সুন্দৰ ভাবে বুজাইছে ।
ধন্যবাদ