মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / থ্ৰম্ব’লাইটিক থেৰাপী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থ্ৰম্ব’লাইটিক থেৰাপী

থ্ৰম্ব’লাইটিক থেৰাপীৰ বিষয়ে লিখা হৈছে

মগজুৰ ষ্ট্ৰোক শব্দ দুটা উচ্চাৰণ কৰোতে যিমান সময় লাগে সেই সময়খিনিৰ ভিতৰতে কোনো নহয় কোনো ব্যক্তি ষ্ট্ৰোকত আক্ৰানুত হয়। প্ৰতি ৬ মিনিটত বিশ্বৰ এজনকৈ লোক ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হয়। ষ্ট্ৰোকো হাৰ্ট এটেকৰ দৰেই এক জটিল ৰোগ। কিন্তু এই ষ্ট্ৰোক বা মগজুৰ এটেক মানেনো কি?

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সংজ্ঞা মতে ষ্ট্ৰোক হৈছে মগজুৰ ৰক্তনলীৰ বিজুতিৰ ফলত শৰীৰৰ অংশবিশেষে দেখা দিয়া কিছুমান লক্ষণ, য’ত লক্ষণসমূহ ২৪ ঘন্টাতকৈ বেছি সময় স্থায়ী হয়। আনহাতে এই লক্ষণসমূহ যদি ২৪ ঘন্টাৰ আগেয়ে উপশম হয় তেন্তে তাক ট্ৰাঞ্জিনেন্ট এটেক বা টি আই এ বোলে।

বয়োজ্যেষ্ঠ ব্যক্তিৰ দুৰাৰোগ্য ৰোগৰ প্ৰধান কাৰণ ফৈছে ষ্ট্ৰোক। আনহাতে উন্নয়নশীল দেশসমূহত মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ হৈছে ষ্ট্ৰোক। সমগ্ৰ দেশত বছৰি প্ৰায় ২০ মিলিয়ন(২০০ লাখ) লোক ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হয় আৰু তাৰ ভিতৰত ৫ মিলিয়ন(৫০ লাখ) লোক মৃত্যুমুখত পৰে আৰু আন ৫ মিলিয়নল লোক তেওঁলোকৰ বাকী জীৱনত অকামিলা হৈ পৰে।

ভাৰতবৰ্ষত বছৰি ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১.৫ মিলিয়ন(১৫০ লাখ)। প্ৰতিদিনে প্ৰায় ৩,০০০ৰ পৰা ৪,০০০ ভাৰতীয় লোক ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হয়। ষ্ট্ৰোকৰ পৰা হোৱা মৃত্যুৰ সংখ্যা মেলেৰিয়া, যক্ষ্মা বা এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীতকৈ বেছি।

ষ্ট্ৰোকৰ প্ৰকাৰ:

 

১)তেজৰ নলীৰ ৰাস্তা বন্ধ হৈ হোৱা ইস্কিমিয়া বা ইনফাৰ্ক্সন।

২)মগজুৰ কোষৰ ভিতৰত ৰক্তক্ষণ বা ছাব-এৰেকনইড হিমোৰেজ।

সহজেই চিনাক্ত কৰিব পৰা ষ্ট্ৰোকৰ লক্ষণসমূহ:

১)হঠাতে দেখা দিয়া মুখ, হাত বা ভৰিৰ দুৰ্বলতা বা যিকোনো অস্বাভাৱিকতা প্ৰধানকৈ শৰীৰৰ এফালেহে, সোঁফাল বা বাওঁফালেহে হোৱা দেখা যায়।

২)হঠাতে দেখা দিয়া যিকোনো মানসিক বিকৃতি, কথা কোৱা বা কথা বুজি পোৱাত অসুবিধা হোৱা।

৩)কোনো কাৰণ নথকাকৈ হঠাতে প্ৰচণ্ড মূৰৰ বিষত ভোগা।

৪)এটা বা দুয়োটা চকুত হঠাতে দেখা দিয়া দৃষ্টিশক্তিৰ দুৰ্বলতা।

৫)হঠাতে খোজ কঢ়াত অপাৰগ হৈ পৰা, মূৰ-ঘূৰণি, ভাৰসাম্য হেৰুৱাই পেলোৱা ইত্যাদি।

যদি আপোনাৰ বা আপোনাৰ চিনাকিজনৰ এই লক্ষণসমূহৰ কোনো এটাই দেখা দিয়ে, তেন্তে তৎক্ষণাৎ জৰুৰী সেৱা উপলব্ধ চিটি স্কেন বা এম আৰ আইৰ সুবিধা থকা চিকিৎসালয়ত পৰামৰ্শ লওক। সদায় মনত ৰাখিব, সময়মতে প্ৰদান কৰা চিকিৎসাই ষ্ট্ৰোকৰ দ্বাৰা দেখা দিয়া অক্ষমতাক ৰোধ কৰিব পাৰি।

ষ্ট্ৰোক হৈছে এক আপাতকালীন পৰিস্থিতি, আৰু চিকিৎসা অবিহনে ই মৃত্যুৰ কাৰণো হ’ব পাৰে।

*ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ বাবে প্ৰতিটো ছেকেণ্ড মূল্যৱান, গতিকে সময়ৰ অপব্যৱহাৰ নকৰিব।

*ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ প্ৰতিটো ছেকেণ্ডত প্ৰায় ৩,২০০ মগজুৰ কোষৰ মৃত্যু হয়।

*প্ৰত্যেক মিনিটত প্ৰায় ১৯ মিলিয়ন(৯,১৯০ লাখ) মগজুৰ কোষ মৃত্যুমুখত পৰে। আনহাতে প্ৰতিঘন্টাত ১২০ মিলিয়ন(১২ কোটি) বা এজন লোকৰ আয়ুসৰ ৩.৬ বছৰ ধ্বংস হয়।

*ষ্ট্ৰোকৰ ফলস্বৰূপে এজন ৰোগীয়ে শৰীৰৰ একাংশৰ কাৰ্যক্ষমতা চিৰদিনলৈ হেৰুৱাই পেলাব পাৰে, চিৰদিনলৈ অন্ধ হ’ব পাৰে নাইবা কথা কোৱা আৰু বুজি পোৱাৰ সামৰ্থ্যও নাইকিয়া হৈ যাব পাৰে।

চিকিৎসকসকলে ষ্ট্ৰোকৰ চিনাক্ত কেনেদৰে কৰিব পাৰে:

*শাৰীৰিক পৰীক্ষা।

*চিটি স্কেন বা এম আৰ আইৰ দ্বাৰা।

মনত ৰাখিব, ষ্ট্ৰোকত আক্ৰান্ত হ’লে খুব ক্ষিপ্ৰতাৰে হয় বাবে ইয়াৰ চিকিৎসাও অতিশীঘ্ৰে আৰম্ভ কৰাটো প্ৰয়োজনীয়। সেয়েহে সময়ত প্ৰদান কৰা চিকিৎসাইহে আপোনাক সুস্থক্কৰি তুলিব পাৰিব।

সাধাৰণতে দেখা দিয়া ষ্ট্ৰোকসমূহ আৰ টি পি এ নামৰ এক দৰবৰ দ্বাৰা চিকিৎসা কৰি ৰোগীক সুস্থ কৰি তুলিব পাৰি। এই দৰববিধে ৰক্তনলীৰ ভিতৰত গোট খোৱা তেজৰ চেকুৰা ভাঙি দি তেজৰ চলাচল পুনৰ অব্যাহত কৰি তোলে। কিন্তু চিকিৎসাৰ ক্ষেত্ৰত বিলম্ব হ’লে একাংগী বা মৃত্যুৰ প্ৰৱণতা বৃদ্ধি পায়।

তৎক্ষণাৎ আগবঢ়োৱা উপযুক্ত চিকিৎসা সেৱাৰ দ্বাৰা ষ্ট্ৰোকত আক্ৰান্ত লোকক স্থায়ী অক্ষমতাৰ পৰা ৰক্ষা কৰি পুনৰ সুস্থ-সবল কৰি তুলিব পৰা যায়।

গোট খোৱা তেজৰ চেকুৰাই মস্তিষ্কৰ ৰক্তনলীৰ পথ ৰোধ কৰাৰ ফলস্বৰূপে মগজুৰ কোষ বায়ু বা অক্সিজেনৰ পৰা বঞ্চিত হৈ মৃত্যুমুখত পৰে। আগতে কোৱা হৈছে যে আৰ টি পি এ নামৰ দৰববিধে তেজৰ চেকুৰাটো আঁতৰোৱাত সহায় কৰে। আনহাতে মৃত্যুমুখত পৰা কোষসমূহক আৱৰি থকা মগজুৰ কিছুমান কোষক পেনেমব্ৰা জ’ন বুলি কোৱা হয়। এয়া পিছে বিপদৰ মুখৰ পৰা কোষ, যাক অতি সোনকালে বিপদমুক্ত কৰাব নোৱাৰিলে কোষসমূহ মৃত্যুমুখত পৰাটো নিশ্চিত হৈ পৰে। গতিকে সময় নষ্ট নকৰাকৈ আৰ টি পি এ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। কিন্তু মনত ৰখাটো উচিত যে ষ্ট্ৰোকৰ লক্ষণ দেখা দিয়াৰ ৩ ঘন্টাৰ ভিতৰতহে আৰ আই টি পি এ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। এই সময়সীমা পাৰ হৈ গ’লে চিকিৎসা আগবঢ়ালেও উচিত ফল পোৱা নাযায়।

চিকিৎসালয়লৈ অনাৰ পূৰ্বৰ অৱস্থা নিৰূপণ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ:

চিনচিনাটি প্ৰি-হাস্পতাল ষ্ট্ৰোক স্কেল:

 

এয়া হৈছে ষ্ট্ৰোকৰ তাৎক্ষণিকভাৱে চিনাক্ত কৰিবৰ বাবে ব্যৱহাৰ হোৱা এক প্ৰথা। সংক্ষেপতে ইয়াক FAST শব্দটো ব্যৱহাৰ কৰা হয়। F-Face(মুখ), A-Arm(হাত অথবা ভৰি), S-Speak(কথাৰ ক্ষেত্ৰত দেখা দিয়া যিকোনো বিকৃতি), T-Time সময়ৰ উপযোগিতা। প্ৰাথমিক চিকিৎসাৰে ৰোগীক সামান্য সুস্থিৰ কৰি তৎমূহূৰ্ততে IV লাইন প্ৰতিষ্ঠা আৰু কাৰ্ডিয়াক মনটৰিং কৰি ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা উচিত।

সম্ভাব্য ষ্ট্ৰোক ৰোগীৰ জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ:

 

উচিত:

*সংৰক্ষণ,

*হৃদযন্ত্ৰৰ অৱস্থা নিৰূপণ,

*IV ভেনাছ লাইন,

*ৰোগীক অক্সিজেন মাস্কৰ দ্বাৰা অক্সিজেন প্ৰদান(যদি দেহত অক্সিজেন ৯২ শতাংশতকৈ কম),

*হাইপ’গ্লাইচেমিয়া(দেহত কম গ্লুক’জৰ পৰিমাণ) বৰ্জন,

*আপাতকালীন বিভাগক আগতীয়াকৈ সতৰ্ককৰণ,

*ষ্ট্ৰোকৰ চিকিৎসা উপলব্ধ ভাল চিকিৎসালয়লৈ ৰোগীক দ্ৰুত প্ৰেৰণ।

অনুচিত:

*আই ভি ডেকষ্ট্ৰ’জ প্ৰদান কৰা অনুচিত(যদি ৰোগী হাইপ’গ্লাইচেমিক নহয়),

*দ্ৰুতগতিত ৰক্ত চাপ হ্ৰাস কৰা,

*অধিক হাৰত আই ভি ফ্লুইড প্ৰদান।

সম্ভাব্য ষ্ট্ৰোক ৰোগীৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক পৰীক্ষা:

 

*নন-কনষ্ট্ৰাষ্ট চিটি স্কেন বা মগজুৰ এম আৰ আই।

*তেজত গ্লুক’জৰ পৰিমাণ।

*ছেৰাম ইলেক্ট্ৰ’লাইট। কিডনী ফাংচন টেষ্ট।

*ইস্কিমিক হাৰ্ট ডিজিজ নিৰ্ধাৰণৰ বাবে নিৰ্দিষ্ট টেষ্ট।

*ই চি জি।

*সম্পূৰ্ণ হিম’গ্ৰাম টেষ্ট।

*প্ৰথ্ৰম্বিন টাইম।

*এক্টিভেটেড পাৰ্চিয়েল থোম্বোপ্লাষ্টিনল টাইম।

বিশেষ কিছুমান ৰোগীৰ বাবে ব্যৱহৃত টেষ্ট:

 

*লিভাৰ ইফাংচন টেষ্ট।

*আৰ্টাৰিয়েল ব্লাড গেছ টেষ্ট।

*বুকুৰ এক্স-ৰে’।

*লাম্বাৰ পাংচাৰ(চিটি স্কেনত ধৰা পৰা সম্ভাব্য ছাব-এৰেকনইড ব্লিড ৰোগীৰ ক্ষেত্ৰত)।

চিটি স্কেনত যদি কোনো ৰক্তক্ষৰণ দেখা নাযায় আৰু যোগ্যাযোগ্যৰ ভিত্তিত যদি ৰোগী উপযুক্ত বুলি বিবেচিত হয়, তেন্তে তৎমূহূৰ্তত ৰোগীক থ্ৰম্ব’লাইছিছ কৰা উচিত।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ মানস ঘোষ, ডাঃ হিমজ্যোতি গোস্বামী)

2.82352941176
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top